/asomiyapratidin/media/media_files/2025/05/27/SExfmFUa5MPDyinh1RgL.jpg)
৪০বছৰ হ’ল..
আমি আশাবাদী মানুহ। ভাল আৰু পৰিৱৰ্তনৰ আশা আমি বন্দী। এদিন তেনে আশাই অসমৰ ৰাইজে দেখিছিল। সেয়া আজিৰ পৰা ৪০ বছৰৰ আগৰ কথা। ১৯৮৫ চন। বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা জনতা ভৱনলৈ এদল ছাত্ৰ নেতা গৈছিল শাসনৰ বাঘজৰী হাততলৈ।
মানুহে যে কিমান সপোন দেখিছিল ! এখন সোণৰ অসমৰ সপোন দেখুৱাইছিল তেওঁলোকে। নেতৃত্বত আছিল ১৯৫৫ চনত জন্মগ্ৰহণ কৰা নগাঁৱৰ কলিয়াবৰৰ বেঙেনাআটী সত্ৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱকান্ত মহন্তৰ পুত্ৰ। নাম আছিল তেওঁৰ প্ৰফুল্ল কুমাৰ মহন্ত।
মাত্ৰ ১৮টকা দৰমহাৰে শিক্ষক পিতৃয়ে পৰিয়াল চলাইছিল। অতি কষ্টৰে ডাঙৰ- দীঘল হৈছিল তেওঁ। মাতৃৰ নাম আছিল লখিমী মহন্ত। কলিয়াবৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লৈছিল মহন্তই।
নগাঁও আইন মহাবিদ্যালয়তো অধ্যয়ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ শেষ বৰ্ষৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থাকোতেই তেওঁ কান্ধত লৈছিল গধুৰ দায়িত্ব। মানুহে তেওঁক দেৱতাৰ দৰে পূজা কৰিছিল। তেওঁৰ কিবা হ’লে নিজ ঘৰৰ থাপনাত বন্তি জ্বলাইছিল।
ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্বৰ অন্তত তেওঁ ২৪ ডিচেম্বৰ ১৯৮৫ত নেহৰু ষ্টেডিয়ামত জনতাক সাক্ষী কৰি মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল। তেওঁৰ সংগী হিচাপে আছিল ভৃগু কুমাৰ ফুকন। বয়স তেতিয়া তেওঁৰ আছিল ২৯ বছৰ মাত্ৰ।
সদৌ অসম ছাত্ৰ সন্থাৰ ১৯৭৯চনত শিৱসাগৰত হোৱা অধিৱেশনত তেওঁক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল। সেইখন আছিল ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন। ১৯৮৫ চনৰ ১৪ অক্টোবৰলৈকে এই দায়িত্বত থকা ভৃগু কুমাৰ ফুকনে স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত।
তাৰ পাছত শিৱসাগৰৰ জয়সাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছিল এম এ পঢ়িবলৈ। তেওঁ হৈছিল প্ৰফুল্ল মহন্তই নেতৃত্ব দিয়া নতুন মন্ত্ৰীসভাখনৰ গৃহ দপ্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী।
সেই মন্ত্ৰীসভাত পুৰণি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সিংহপুৰুষ আখ্যা দিয়া ললিত ৰাজখোৱাও আছিল। ১৯৫০ চনত জন্ম হোৱা ললিত ৰাজখোৱাই জাঁজী এইছ এন এছ কলেজৰ পৰা ডিগ্ৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰিছিল।
খাদ্য আৰু অসামৰিক যোগান, পৰিবহণ, সমবায় আৰু গ্ৰাম্য উন্নয়নৰ কেবিনেট মন্ত্ৰীৰূপে স্থান পোৱা ৰাজখোৱাও তেতিয়া আছিল আইনৰ স্নাতক মহলাৰ ছাত্ৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৮০-৮১ বৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
সুবক্তা, সাহসী নেতা ৰাজখোৱাই অসম আন্দোলনৰ সময়ত এবাৰ এন এছ এ আৰু মুঠ ৬৯বাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰবৰণ কৰিছিল। অসম আন্দোলনৰ সময়ছোৱাতে অন্যতম বিতৰ্কিত ব্যক্তি হিচাপে খ্যাত অতুল বৰাক দিয়া হৈছিল গৰকাপ্তানি বিভাগকে ধৰি গাঁও পৰিকল্পনা বিভাগৰ দায়িত্ব।
১৯৭২চনৰ মাধ্যম আন্দোলনৰ এজন অদম্য ছাত্ৰ নেতা বৰা আছিল ১৯৭০-৭২ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। ১৯৭৭ চনৰ পৰা তেওঁ পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সৈতে জড়িত আছিল যদিও ১৯৭৯- ৮৩ৰ সময়ছোৱাত তেওঁ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ অন্যতম আহ্বায়কৰ দায়িত্বত আছিল।
তেতিয়াৰ ৩৫ বছৰ বয়সীয়া এজন তেজপুৰৰ যুৱকো কেবিনেট মন্ত্ৰী হৈছিল। মাধ্যম আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱা এইজন নেতা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি। মহন্তৰ মন্ত্ৰীসভাত তেওঁ আছিল শিক্ষা, বিজ্ঞান- প্ৰযুক্তিবিদ্যা আৰু পাৰিপাৰ্শ্বিকতা বিভাগৰ কেবিনেট মন্ত্ৰী। ধীৰ- স্থিৰ এই যুৱনেতাৰ নাম আছিল বৃন্দাবন গোস্বামী। মন্ত্ৰীসভাত ৰাজহ, সাহাৰ্য, পুনৰসংস্থাপন আদি বিভাগৰ কেবিনেট মন্ত্ৰীৰূপে স্থান পাইছিল গুৱাহাটী বি বৰুৱা কলেজত অধ্যাপনা কৰা এজন অধ্যাপকে।
১৯৩৯চনত জন্মগ্ৰহণ কৰা সেই অধ্যাপকজনৰ নাম আছিল থানেশ্বৰ বড়ো। এই মন্ত্ৰীসভাত আটাইতকৈ কনিষ্ঠ কেবিনেট মন্ত্ৰীজনৰ বয়স আছিল ২৬বছৰ। তেওঁৰ হাতত উদ্যোগ, শক্তি, খনিজ আৰু জনস্বাস্থ্য অভিযান্ত্ৰিকৰ দায়িত্ব দিয়া হৈছিল। অসম আন্দোলনৰ অন্যতম সক্ৰিয় সেই ছাত্ৰ নেতাজনৰ নাম আছিল দ্বিগেন বৰা।
২৭বছৰীয়া ভৰত নৰহো সেইবাৰ কেবিনেট মন্ত্ৰী হৈছিল। ১৯৭৯চনৰ পৰা ১৯৮৫চনলৈ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল। তেতিয়াৰ সুপ্ৰতিভ ছাত্ৰ নেতা হিচাপে খ্যাতি অৰ্জা নৰহ মটৰ দুৰ্ঘটনাত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈয়ে তেওঁ নিৰ্বাচনত জিকিছিল। তেওঁক দিয়া হৈছিল বান নিয়ন্ত্ৰণ, জলসিঞ্চন আৰু ভৈয়াম জনজাতীয় উন্নয়নৰ দায়িত্ব।
ভবানীপুৰ সমষ্টিৰ পৰা জয়ী হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সুৰেন্দ্ৰ নাথ মেধিক আইন আৰু ন্যায় বিভাগ অৰ্পন কৰা হৈছিল। ১৯৩৫ত জন্মগ্ৰহণ কৰা মেধি আছিল পি ইউ চি এল অসমৰ উপ- সভাপতি আৰু সদৌ অসম আইনজিৱী সন্থাৰ কোষাধ্যক্ষ।
নগেন শৰ্মাও সেইবাৰ মন্ত্ৰী হৈছিল। পশুপালন, ৰেচম, বস্ত্ৰশিল্প আৰু বয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী হোৱা শৰ্মাৰ জন্ম হৈছিল ১৯৫২চনত। সদৌ অসম ছাত্ৰ সন্থাৰ ১৯৭৭-৭৯ কালৰ সাধাৰণ সম্পাদক আছিল তেওঁ।
মাহমৰা সমষ্টিৰ পৰা নিৰ্বাচিত চন্দ্ৰ আৰন্ধৰা আছিল গড়গাঁও কলেজৰ অধ্যাপক। অসম আন্দোলনত জড়িত হোৱাৰ বাবেই তেওঁক ১৯৮২চনতে চাকৰিৰ পৰা নিলম্বিত কৰিছিল। আৰন্ধৰা হৈছিল মহন্তৰ মন্ত্ৰীসভাৰ পঞ্চায়ত আৰু সম্প্ৰদায় উন্নয়ন বিভাগৰ মন্ত্ৰী।
চাহ শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি হিচাপে এই মন্ত্ৰীসভাত স্থান পাইছিল বাৰ্কিপ্ৰসাদ তেলেঙাই। চাহ মজদুৰ সমাজৰ পৰা ওলাই অহা তেলেঙা আছিল ১৯৭৭-৭৮চনৰ সময়ছোৱাত চাহ মজদুৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। তেওঁক দিয়া হৈছিল শ্ৰম আৰু নিয়োগ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব।
বৰাক উপত্যকাৰ পৰা ছহিদুল আলম চৌধুৰীয়ে এই মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হৈছিল। ৩৬বছৰীয়া চৌধুৰীয়ে আলগাপুৰ সমষ্টিৰ পৰা অসম গণ পৰিষদৰ সমৰ্থনত বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল। গোলাঘাটৰ ৰাজনৈতিক অভিৱৰ্তনত যোগ দিয়া তেওঁ আছিল কাছাৰৰ অন্যতম নেতা। তেওঁক পৌৰ প্ৰশাসন, হজ কমিটী আৰু ৱাকফ সম্পত্তিৰ দায়িত্ব দিয়া হৈছিল।
আমেৰিকাত গৱেষণা কৰি আছিল অসমৰ এজন কৃষি স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে। অবিভক্ত দৰং জিলাৰ এজন প্ৰাক্তন ছাত্ৰ কৰ্মীও আছিল তেওঁ। আমেৰিকাৰ নিউ জাৰ্চিৰ কুক কলেজলৈ ১৯৮৩চনত তেওঁ গৱেষণাৰ বাবে গৈছিল। তাৰ পূৰ্বে তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক আছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক নীলমণি দাসে গৱেষণাৰ মাজতে কিছুদিনৰ ছুটীত ঘৰলৈ আহিছিল।
ৰাইজে ধৰিলে যে, মঙলদৈ বিধানসভা সমষ্টিত অগপ প্ৰাৰ্থী হ’ব লাগে। ৰাইজৰ হেঁচাত নিৰ্বাচন খেলিলে আৰু জয়ী হৈ মহন্তৰ মন্ত্ৰীসভাত কৃষি আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী হ’ল। মুখ্যমন্ত্ৰীৰ উপৰিও এই ১৩জন আছিল কেবিনেট মন্ত্ৰী।
ৰাজ্যিক মন্ত্ৰী হিচাপে প্ৰদীপ গগৈ, অনিৰুদ্ধ সিংহ চৌধুৰী, ৰেখাৰাণী দাস বড়ো, যতীন মালী, পদ্মেশ্বৰ দলে, মতিৰাম দাস, দ্বীপেন তাঁতীয়ে স্থান লাভ কৰিছিল। প্ৰদীপ গগৈ সেই সময়ত আছিল অধিবক্তা। অনুৰুদ্ধ সিংহ চৌধুৰী মহন্তৰ মন্ত্ৰীসভাৰ আটাইতকৈ জ্যেষ্ঠতম সদস্য আছিল।
১৯২৪চনত জন্মগ্ৰহণ কৰা সিংহ চৌধুৰীয়ে গৌৰীপুৰ সমষ্টিৰ পৰা জয়ী হৈ আহিছিল বিধানসভালৈ। ৰেখাৰাণী দাস বড়ো মহন্তৰ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা সদস্যা আছিল। ২৭ বছৰীয়া দাস বড়ো মহিলা আৰু সমাজকল্যাণ, হস্তশিল্প, বস্ত্ৰ, ৰেচম আৰু বয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। ২৭ বছৰীয়া দাস বড়ো আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণী ছাত্ৰ সন্থাৰ আলোচনীৰ সম্পাদিকা।
যতীন মালীক স্বাস্থ্য- শিশু আৰু পৰিয়াল কল্যাণৰ দায়িত্ব দিয়া হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মালী উত্তৰ- পূৰ্বাঞ্চলীয় ছাত্ৰ সন্থাৰ সভাপতি আছিল। মাজুলীৰ পৰা নিৰ্বাচিত হোৱা ৩৫ বছৰীয়া পদ্মেশ্বৰ দলে উদ্যোগ, শক্তি আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হৈছিল।
জাগীৰোডৰ পৰা নিৰ্বাচিত হৈ কৃষি আৰু মীন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হোৱা মতিৰাম দাসৰ তেতিয়া বয়স আছিল ৩০ বছৰ। লাহোৱাল বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত ৩১বছৰীয়া দ্বীপেন তাঁতী হৈছিল পৰিবহণ আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৮৫ৰ নিৰ্বাচনত এইসকল মন্ত্ৰী হোৱাৰ উপৰিও ৬১বছৰ বয়সত হাজোৰ পৰা কামাখ্যাচৰণ চৌধুৰী বিধায়ক হৈছিল। তেওঁ আছিল সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি। তামুলপুৰৰ পৰা ৬০বছৰ বয়সত ভবেন নাৰ্জী জিকি আহিছিল। উত্তৰ কৰিমগঞ্জৰ পৰা চিৰাজুল হক চৌধুৰীয়ে নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়লাভ কৰি অগপত যোগদান কৰিছিল।
সৰুক্ষেত্ৰীৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীনবন্ধু চৌধুৰী এই নিৰ্বাচনত জিকিছিল। বৰছলাৰ পৰা জিকিছিল প্ৰফুল্ল গোস্বামী। বৰক্ষেত্ৰীৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পুলকেশ বৰুৱা জয়ী হৈ আহিছিল। পাটাছাৰকুছিত জয়ী হৈছিল পূৰ্বাঞ্চল লোক পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক পবিন্দ্ৰ ডেকা।
ৰহাত জয়ী হৈছিল ২৯বছৰীয়া উমেশ চন্দ্ৰ দাস, বোকাখাতত বলভদ্ৰ তামুলী জয়ী হৈছিল। গুৱাহাটী পূবত বিৰাজ কুমাৰ শৰ্মা, সোণাৰিত ভদ্ৰেশ্বৰ বৰগোহাঁই, দেৰগাঁৱত ভবেন্দ্ৰ নাথ ভৰালী, খুমটাইত প্ৰবীণ গগৈ, লখিমপুৰত উৎপল দত্ত, তিতাবৰত দেৱকুমাৰ বৰা, আমগুৰিত প্ৰদীপ হাজৰিকা, শদিয়াত জ্যোৎস্না সোণোৱাল, বৰপেটাত কুমাৰ দীপক দাস, জোনাইত ফণী টায়েং, গুৱাহাটী পশ্চিমত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলপুৰত ময়দুল ইছলাম বৰা, চতিয়াত ৰবীন শইকীয়া, সৰুপথাৰত বিনোদ গোৱালা, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, ছিপাঝাৰত জয়নাথ শৰ্মা, দুধনৈত অকণ ৰাভা, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, বৈঠালাংছুত হলিৰাম টেৰাং, বঢ়মপুৰত গিৰীন্দ্ৰ কুমাৰ বৰুৱা, মৰিগাঁৱত হৰেন্দ্ৰ বৰা আদি জয়ী হৈছিল।
এই নিৰ্বাচনত অসম গণ পৰিষদে মুঠ ১০৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ৬৪টা সমষ্টিত জয়লাভ কৰিছিল। অসম আন্দোলনৰ সেই ঢৌৰ মাজতো অগপৰ ১৭জন প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাইছিল। কংগ্ৰেছে ১২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ২৫খন আসন লাভ কৰিছিল। দলটোৰ ৪৮জন প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছিল।
সংখ্যালঘু মৰ্চাই ৫৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১৭খন আসনত জয়লাভ কৰিছিল। ২৯জন প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাইছিল। বিজেপিয়ে ৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। দলটোৰ ৩৩জন প্ৰাৰ্থীৰে আমানতৰ ধন বাজেয়াপ্ত হৈছিল। চি পি এমে ২খন, পি টি চিয়ে ৩খন, কংগ্ৰেছ(স) ৪খন লাভ কৰিছিল এই নিৰ্বাচনত।
সময় অতিবাহিত হ’ল। সেই সময়ৰ নতুন ছাত্ৰ নেতাসকলৰ বহুতে চিৰবিদায় ল’লে। জীৱিতসকলো এতিয়া প্ৰবীণ ৰাজনীতিবিদৰ শাৰীলৈ উঠিল। মুষ্টিমেয় কেইজনমানহে এতিয়া সক্ৰিয় হৈ আছে ৰাজনীতিত। কিন্তু এইখনে অসমত জাতীয়তাবাদী চিন্তাৰে পুষ্ট আঞ্চলিক দলৰ প্ৰথমখন চৰকাৰ আছিল।