/asomiyapratidin/media/media_files/2025/12/22/ap-for-web-new-bikhekh-lekha-new-2025-12-22-19-47-18.jpg)
মৃদুল কুমাৰ সন্দিকৈ
গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। অৱশ্যে সেই প্ৰতিবাদ শান্তিপূৰ্ণ হ’ব লাগিব। ধ্বংসাত্মক হ’ব নালাগিব। প্ৰতিবাদকাৰীৰ দাবীৰ প্ৰতি চৰকাৰ বা সংশ্লিষ্ট পক্ষৰ উপযুক্ত সঁহাৰি প্ৰদান কৰাতো গণতান্ত্ৰিক ব্যৱস্থাৰে এক পৰম্পৰা।
কোনোৱে যদি প্ৰতিবাদকাৰীক মষিমূৰ কৰিবলৈ বল প্ৰয়োগ আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰাই অত্যাচাৰ কৰে, তেন্তে সেই প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ কথা ইতিহাসে সোঁৱৰাই দিয়ে। তাৰ পাছতো সকলো পক্ষই সংযমতা আৰু দায়িত্বশীলভাৱে আলাপ- আলোচনাৰ মাজেৰে সমস্যাবোৰৰ সমাধান কৰাতো গণতন্ত্ৰৰ বাবে কাম্য আৰু মংগলজনক।
২২ ডিচেম্বৰ ২০২৫ত কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পশ্চিম কাৰ্বিআংলঙত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। একাংশ প্ৰতিবাদকাৰীয়ে আকস্মিকভাৱে কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাদী সদস্য তুলিৰাম ৰংহাংৰ ডোংকামোকামত থকা বাসগৃহতো প্ৰতিবাদৰ নামত অগ্নি সংযোগ কৰে।
প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে চেষ্টা কৰোতে ৩জন প্ৰতিবাদকাৰী আৰু কেইবাজনো নিৰাপত্তাৰক্ষী আহত হয়। এইধৰণৰ হিংসাত্মক ঘটনাই হঠাৎ ছানি ধৰিলে পশ্চিম কাৰ্বিআংলং জিলাত। খবৰ অনুসৰি এই ঘটনাৰ পাছতো ৰুদ্ৰ ৰূপ লোৱা প্ৰতিবাদকাৰীয়ে স্বায়ত্বশাসিত পৰিষদখনৰ আন এজন কাৰ্যবাহী সদস্য পৱন কুমাৰৰ ঘৰ লণ্ড- ভণ্ড কৰাৰ লগতে অন্য কেইবা স্থানতো অগ্নি সংযোগ কৰিলে।
কাৰ্বিআংলঙত অনা কাৰ্বি লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰায় ডেৰ বছৰমান পূৰ্বৰে পৰাই এক প্ৰতিবাদৰ সূচনা হৈছিল। শেহতীয়াকৈ যোৱা ৭দিন ধৰি কাৰ্বি পাহাৰত কাৰ্বি লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দাবীৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক দীঘলীয়া প্ৰতিবাদ চলি আছে।
সেই প্ৰতিবাদকাৰীসকলৰ সৈতে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ আলোচনাৰ প্ৰয়োজন আছিল যদিও এই প্ৰতিবাদক তেওঁলোকে বিশেষ গুৰুত্বসহকাৰে লোৱা নাছিল। স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা এখন পত্ৰযোগে আলোচনা কৰা হ’ব বুলি কোৱা হৈছিল যদিও নিৰ্ধাৰিত হোৱা নাছিল কোনো তাৰিখ।
তাৰ মাজতে অনশন আৰু ধৰ্মঘট কৰি থকা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে ২১ ডিচেম্বৰ ২০২৫ত গ্ৰেপ্তাৰ আৰু আটক কৰাক লৈ উত্তেজিত হৈ পৰিছিল প্ৰতিবাদকাৰী। এই ঘটনাৰ পাছতেই তুলিৰাম ৰংহাঙে সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে।
লগতে ক’লে- আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰা নাছিল। অনশনত বহা প্ৰতিবাদকাৰীসকলক চিকিৎসালয়লৈহে নিয়া হৈছিল। এয়া বাসগৃহত অগ্নি সংযোগ কৰাৰ পাছত তুলিৰামৰ প্ৰতিক্ৰিয়া। প্ৰতিবাদকাৰীসকলৰ মতে, তুলিৰাম ৰংহাঙে এইবোৰ মন্তব্যৰে নিজক ৰক্ষা কৰাৰ চেষ্টা কৰিছে।
এইখিনিতে উল্লেখযোগ্য কথাটো হ’ল- কাৰ্বি আংলঙত সংৰক্ষিত চৰনীয়া পথাৰত অনা অসমীয়া লোকৰ অবৈধ আৰু অসাংবিধানিকভাৱে বসতি কৰা প্ৰসংগ ২০২৪ৰ প্ৰথম ভাগৰ পৰাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰফেচনেল গ্ৰেছিং ৰিজাৰ্ভ চমুকৈ (পি জি আৰ)ত ১১,৬০৭ বিঘা মাটি কিছু অনা অসমীয়া আৰু অ-কাৰ্বি লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল।
স্বায়ত্বশাসিত পৰিষদখনৰ অন্তৰ্গত ভি জি আৰ আৰু পি জি আৰৰ মাটি মূলতঃ বিহাৰী আৰু বাংলাভাষী লোকে দখল কৰা বুলি কাৰ্বি জাতীয় দল- সংগঠনৰ নেতৃত্বই সেই মাটিত উচ্ছেদ চলাবলৈ দাবী উত্থাপন কৰি আহিছে। পৰিষদৰ তৰফৰ পৰা অবৈধভাৱে ভূমি অধিকাৰ লৈ বসতি স্থাপন কৰা কিছু লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নহ’ল।
সেই হিন্দীভাষী লোকসকলক প্ৰতিনিধিত্ব কৰা এটা সংগঠনে তেওঁলোকৰ বসতিস্থলত আইনী স্বীকৃতি বিচাৰি ৰাষ্ট্ৰপতিক স্মাৰকপত্ৰ দিয়াৰ পাছত জাতীয় সংগঠনৰ সৈতে সংঘাত তুংগত উঠে। ২০২৪ৰ ১৫ ফেব্ৰুৱাৰীত সেই হিংসাত্মক পৰিস্থিতিৰ বাবেই ১১ জন লোক আহত আৰু ১৭ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
কাৰ্বি জাতীয় সংগঠনৰ নেতৃত্বৰ মতে এয়া তেওঁলোকৰ পূৰ্ব পুৰুষৰ মাটি আৰু সংবিধানে দিয়া অধিকাৰ। সেয়েহে তেওঁলোকৰ এই ভূমিত কাকো বসতি কৰিবলৈ দিয়া নহ’ব। বিষয়টো গৈ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ।
কেইবাখনো আবেদন ন্যায়ালয়ত দাখিল কৰাৰ পাছত ২০২৫ৰ ২৪ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পি জি আৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এক নিৰ্দেশনা দিছিল। মূলতঃ এই নিৰ্দেশনা আছিল পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰণি প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভক লৈ।
গোচৰ নম্বৰ WP(C)/ 3524/202 শুনানি লৈ ন্যায়ালয়ে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ ৪সপ্তাহৰ ভিতৰত বিষয়টোৰ সন্দৰ্ভত শপতনামা দাখিলৰ বাবে নিৰ্দেশ দিছিল। ন্যায়ালয়ত দিয়া আবেদনত আবেদনকাৰীয়ে উল্লেখ কৰিছিল যে, খেৰণি, ডংকা ৰাজহচক্ৰৰ অন্তৰ্গত ১১,৬০৭ বিঘা মাটিৰ ভিতৰত প্ৰায় ২২.২৬ শতাংশ মাটিতে অনা কাৰ্বি লোকে অবৈধভাৱে দখল কৰি আছে।
সেই আইনী প্ৰক্ৰিয়া আদালতত চলি থকা সমান্তৰালভাৱে কাৰ্বি জাতীয় দল- সংগঠনসমূহেও প্ৰতিবাদ অৱ্যাহত ৰাখিছিল। তুলিৰাম ৰংহাঙে প্ৰতিবাদকাৰীসকলক বিষয়টোৰ সন্দৰ্ভত নিশ্চিয়তা প্ৰদান কৰিব নোৱাৰৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে গণৰোষৰ সৃষ্টি হোৱাৰ আশংকা কৰা গৈছে।
কাৰ্বিআংলং জিলাখন এখন সংবেদনশীল জিলা। এইবোৰ ঘটনাৰ আলমত যাতে পৰিস্থিতিৰ অধিক অৱনতি নঘটে তাৰ বাবে সকলো পক্ষৰ সংযমতা আৰু সহনশীলতাৰ অতি প্ৰয়োজন হৈ পৰিছে। কাৰ্বি ভূমিপুত্ৰসকলে তেওঁলোকৰ অধিকাৰ হৰণ- ভগন হোৱাতো নিবিচাৰিব। তেনে নহয় বুলি দিশপুৰে, কাৰ্বি স্বায়ত্বশাসিত পৰিষদে পতিয়নযোগ্য এক পৰিৱেশ গঢ়ি তুলিব পাৰিব লাগিব।
অতীতে সোঁৱৰাই দিয়ে, তেনে বহু দুৰ্ভাগ্যজনক ঘটনাৰ কথা। এই খেৰণিতে এটা সৰু ঘটনাৰ আলমত সংঘটিত হৈছিল গোষ্ঠীগত সংঘৰ্ষ। য’ত ৪০ৰো অধিক লোকে একেদিনাই প্ৰাণ হেৰুৱাইছিল, ৫০০ ৰো অধিক লোকৰ বাসগৃহ জ্বলি গৈছিল।
অপশাসনৰ প্ৰতি মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে যিকোনো ঘটনাৰ আলমত। এই ঘটনাৰ সন্দৰ্ভত অৱশ্যে উপযুক্ত আৰু নিৰপেক্ষ তদন্তৰ অন্ততহে পোহৰলৈ আহিব, কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল।
তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহ আক্ৰমণৰ ঘটনা নিন্দনীয়। কিন্তু এই কথাও নেতা বা ক্ষমতাশালী লোকসকলে বুজা উচিত যে, জনতাক সদায় অৱজ্ঞা কৰিব নোৱাৰি। লাহ- বিলাসত মচগুল হৈ যদি কোনোবাই জনতাক এৰাই চলে , তেন্তে জনতাই যিকোনো মুহূৰ্ততে উগ্ৰ ৰূপ ধাৰণ কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us