/asomiyapratidin/media/media_files/2025/08/25/ap-bikhekh-lekha-dgnjdgfj-2025-08-25-15-56-04.png)
মৃদুল কুমাৰ সন্দিকৈ
খবৰবোৰ বৰ বিচিত্ৰ। যিবোৰ ‘খবৰ‘ খবৰ হ’ব লাগে, সেইবোৰ খবৰ ‘খবৰ‘ নোহোৱাটোহে এতিয়া এটা ডাঙৰ ‘খবৰ’। আনহাতে এনে কিছু খবৰ থাকে যিবোৰক ‘খবৰ‘ৰূপত তুলি ধৰিব নোৱাৰি। কিন্তু সেই খবৰবোৰৰ মাজেৰে প্ৰতিফলিত হয় সাম্প্ৰতিক সময়ৰ এখন ছবি।
তেনে এটা খবৰ আহিছিল ৰাজ্যৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা। খবৰটো আজিৰ তাৰিখত তেনেই এটা সাধাৰণ খবৰ। বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই বন্ধ হৈ থকা এটা গাৰ্লছ হোষ্টেলত চাফাই অভিযান চলাইছিল।
সেই সময়ত উদ্ধাৰ হয় কেইবাবস্তা সুৰাৰ বটল। কথাটোৱে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক চিন্তিত কৰি তুলিলে অলপ হ’লেও। কিন্তু সেয়া আজিৰ দিনত তেনেই সাধাৰণ কথা হৈ পৰিছে। বহু ল’ৰাৰ দৰে বহু ছোৱালীয়েও এতিয়া দৈনিক সুৰাপান কৰাতো নিয়মত পৰিণত হৈ পৰিছে।
তেনেস্থলত এই খবৰৰ বিশেষ গুৰুত্ব থকা যেন বোধ নহয়। খবৰৰ সত্যতা বিচাৰি বিশ্ববিদ্যালয়খনৰ এক উৎসৰ সৈতে যোগাযোগ কৰাত তেওঁ খবৰটো সঁচা বুলি স্বীকাৰ কৰি সেয়া যে এটা খবৰ হয় এই কথা তেওঁ মানি ল’ব নিবিচাৰিলে।
তেওঁৰ মতে, সেয়া এজনী ছাত্ৰীৰ অতি ব্যক্তিগত বিষয়। হোষ্টেল জীৱনত উপভোগ নকৰি কেতিয়া কৰিব বুলিও তেওঁ যুক্তি দিলে। দিল্লীৰ বিশ্ববিদ্যালয়সমূহত কি চলে তাৰো কিছু আভাস দাঙি ধৰিলে। আমিও তেনেদৰে কথাবোৰ ভবাৰ অৱকাশ পালো।
এই ব্যক্তিগত আৰু সামাজিকত বিভক্ত কৰা শ্ৰেণী বিভাজনে বহু কথা আমাক এৰা-ধৰাৰ মাজত ল’বলৈ শিকাইছে বা বাধ্য কৰাইছে। নিজৰ কথা বা ব্যক্তিগত বিষয় বুলি আমি এতিয়া ইমান ব্যক্তিকেন্দ্ৰিক হৈ পৰিছো যে, আমাৰ সামাজিক দায়ৱদ্ধতা হেৰাই গৈছে।
এতিয়া কেৱল উদযাপনৰ সময়। জীৱন কেৱল উদযাপিত লোকৰ বাবে সমৰ্পিত। লেট নাইট পাৰ্টী, বাৰত ডেন্স, মাজনিশা লং ড্ৰাইভ, হাতত জলন্ত চিগাৰেট লৈ ফুটপাথত বা ৰাস্তাৰ কাষত ৰৈ থকা যুৱতী দেখিলেও মহানগৰীৰ লোকে আচহুৱা অনুভৱ নকৰে।
আমি সভ্য হৈ গৈছো নে অসভ্য হৈ অধিকাৰৰ দাবীত নিজক নিঃশেষ কৰিছো- সেই বিচাৰ কৰাৰ কাৰো সময় আৰু সুযোগ নাই এতিয়া। চৌদিশে কেৱল উৎসৱমুখৰ পৰিৱেশ। সেই উৎসৱৰ ৰঙীণ মায়াত নিজক এৰি দি যিকোনো প্ৰকাৰে ধন ঘটি যান্ত্ৰিকতাৰ মাজত আন্তৰিকতাক বিসৰ্জন দিয়াটোৱেই এতিয়া বিলাস বা আভিজাত্য নহয়।
সন্মুখত এনেবোৰ কাৰবাৰ দেখি আন দহজনেও সেই জীৱনত বিশ্বাসী হ’লে উপাইহীন হৈ পৰে অভিভাৱকসকল। তাৰ মাজতে দুই- একে এই ৰূঢ় বাস্তৱৰ বিৰুদ্ধে যুঁজ দিয়ে। কেতিয়াবা হতাশ হয় আৰু কেতিয়াবা নতুন উদ্যমেৰে ইয়াক দায়িত্ব হিচাপে ল’ব বিচাৰে।
তেওঁলোকৰ মনতো আত্মবিশ্বাসৰ এক ধাৰাবাহিক প্ৰবাহৰ স্ৰোত নাথাকে। যুঁজি যুঁজি ভাগৰি নপৰা জনেই আচলতে জয়ী হয়। যুঁজি ভাগৰি পৰা জন মাজবাটতে হেৰাই যায়। মানুহৰ এতিয়া কেইবাখনো যুঁজ চলি থাকে নিজৰ মাজতে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰায় সকলো মানুহে বিচাৰে।
সেই সুযোগ গ্ৰহণ কৰা হয় এতিয়া পৰোক্ষ- প্ৰত্যক্ষভাৱে। এতিয়াটো ৩৬৫ দিনতে ৩৬৬ টা উৎসৱৰ দিন। প্ৰতিটো দিনেই বিশেষ ৰূপত উদযাপন কৰাৰ বাবে মানুহ ৰৈ থাকে। আনহে নালাগে প্ৰেমৰ নামত এতিয়া সপ্তাহজোৰা প্ৰেমৰ দিন চলে। সেই সকলোবোৰৰ আঁৰত থাকে ব্যৱসায়িক অংক। মাতৃ- পিতৃৰ বাবে একো একোটা দিন, বন্ধুৰ বাবে পৃথকে এদিন, নাই কিহৰ দিন ?
উদযাপন কৰিবলৈ কেৱল আমাক এটা অজুহাত লাগে। শ্ৰমিকৰ অধিকাৰৰ বাবে যুঁজ দিয়া দিনটোও এতিয়া উদযাপিত এটা সাধাৰণ দিন হৈ পৰিল। অধিকাৰৰ বাবে পালন কৰা খিলঞ্জীয়াৰ বিশেষ দিনটো কোনো অনুষ্ঠানৰ সভা পতা এটা উপলক্ষ হৈ পৰিল।
শেষত সকলো একেই হয়। সলনি হৈছে মানুহৰ চৰিত্ৰ। পাহৰি গৈছে মানুহে নিজক। অহংকাৰ আৰু মদ্গৰ্বিতাই এনেদৰে মানুহৰ মাজত ক্ৰিয়া কৰিছে যে, মানুহে কেনে ব্যৱহাৰ কৰা উচিত সেই কথাও ভাবি নাচাই এচামে।
তিনিআলি- চাৰিআলিত টিঘিল-ঘিলাই ঘূৰি আড্ডা দিয়া চেঙেলীয়া ল’ৰাই কথাৰ মাজতহে আগতে লগৰ কাৰোবাক বুঢ়া আঙুলি দেখুৱাই কৈছিল- ঘেণ্টা কৰিবি ! এতিয়াতো এনে বুঢ়া আঙুলি অতি দায়িত্বশীল লোকসকলেও দেখুৱাই ফুৰে অতি সাধাৰণভাৱে।
এয়া আচৰণৰ হয়তো বিৱৰ্তন। হোষ্টেলৰ সেই সুৰাপায়ী ছোৱালীবোৰক দোষ দি লাভ কি ? এইবোৰ খবৰতকৈ বিষম মানুহৰ এনে পৰিৱৰ্তনৰ খবৰ। মানুহ অমানুহৰ পথেৰে গতি কৰা খবৰবোৰতকৈ সেই খবৰবোৰেইচোন উত্তম। যদিও তেনে হ’ব নালাগিছিল।
এতিয়া আচলতে আমাক সঁচাকৈয়ে এটা দিৱসৰ প্ৰয়োজন। বছৰত ৩৬৫ দিনেই সকলোৱে উদযাপন কৰিব পৰাকৈ এই দিৱস আমি আমাৰ বাবে ধাৰ্য কৰি ল’ব লাগিব। সেই দিৱসটো হ’ল- অবাটে গতি কৰা মানুহবোৰ সুবাটে আহিবলৈ উদযাপন কৰা মানুহ হোৱাৰ দিৱস। তেতিয়া দেখিব এনে বহু খবৰ নিজেই নোহোৱা হ’ব।