/asomiyapratidin/media/media_files/2026/02/22/whatsapp-imag-2026-02-22-14-20-15.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘিলামৰালৈ প্ৰায় ৪৩০কিলোমিটাৰ। পুৱাই সেই ঘিলামৰাৰ পৰাই ৰাওঁনা হৈছিল গুৱাহাটীৰ অভিমুখে এখন বাছ। বাছখনত প্ৰায় ৫০জনৰো অধিক লোক আহিছিল ২১ফেব্ৰুৱাৰী, ২০২৬ৰ ৰাতিপুৱা।
শনিবাৰে আবেলি ভাগতেই লক্ষ্য স্থান পালেহি বাছখন। গাড়ীত আহি থাকোতেই বহুতে আওৰাই আহিছিল ভাওনাৰ বচন। ঘিলামৰাৰ এখন সাংস্কৃতিক গাওঁ - ঘাঁহি গাওঁ। সেই গাওঁখনৰে এটা অনুষ্ঠান- ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠী।
অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকে ভাওনা কৰি ঘূৰি ফুৰে। সেয়া তেওঁলোকৰ পেচাও, নিচাও। ঘিলামৰাৰ এই গাওঁখনৰ সাংস্কৃতিকৱান যুৱক-যুৱতীৰ সৈতে আছিল ঢকুৱাখনা আৰু যোৰহাটৰো দুজনমান যুৱক।
বাছখনৰ ভিতৰত তেওঁলোকে লৈ আহিছিল ভাওনাৰ বাবে প্ৰয়োজনীয় পোচাক, লাইট, চাইণ্ড চিষ্টেম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী। ৪২গৰাকী ভাওৰীয়াই অভিনয় কৰিব লগা ‘কুমৰ হৰণ- হৰিহৰৰ যুদ্ধ’ নামৰ ভাওনাখন পৰিৱেশন কৰিবলৈ তেওঁলোক আহিছিল সোণাপুৰত থকা জুবিন সমাধি ক্ষেত্ৰলৈ।
তেওঁলোকে নিজাকৈয়ে এই উদ্যোগ লৈছিল। সমাধিক্ষেত্ৰ পৰিচালনা কৰা লোকৰ সৈতে আলোচনা কৰি ভাওনাৰে জুবিনৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধা নিবেদিবলৈ এই কথা ভাৱিছিল। ঘিলামৰাৰ পৰা অহাৰ বাবে হাতত কিছু সময় লৈ সন্ধিয়া প্ৰায় ৭মান বজাৰ পৰা ভাওনা পৰিৱেশনৰ পৰিকল্পনা কৰিছিল যদিও কেইবা ঘন্টাৰ পূৰ্বে আহি পোৱাত সন্ধিয়া ৫বজাৰ পৰা তেওঁলোকে ভাওনা পৰিৱেশন কৰিবলৈ সাজু হৈছিল।
প্ৰস্তুতি কৰি থকাৰ মাজতে জুবিন সমাধি ক্ষেত্ৰৰ বিদ্যুত সংযোগ কৰ্তন হোৱাত এই ভাওনা দলটো অসুবিধাত পৰিল। স্থানীয় এজন লোকে দলটোক সহায় কৰিবলৈ আগবাঢ়ি আহি সমাধিক্ষেত্ৰ পৰিচালনা সমিতিৰ এগৰাকী বিষয়-ববীয়াৰ সৈতে যোগাযোগ কৰিলে।
সেই সময়ত তেওঁ বাহিৰত আছিল। সমাধিক্ষেত্ৰত থকা জেনেৰেটৰটো ব্যৱহাৰ কৰি ভাওনা কৰাত সহায় কৰিবলৈ অনুৰোধ কৰাত প্ৰথমে তেওঁ জনালে ইয়াৰ বাবে প্ৰয়োজনীয় ডিজেলৰ ব্যৱস্থা ভাওনা কৰিবলৈ অহা দলটোৱে নিজাকৈ বহন কৰিব লাগিব।
কিছু অসুবিধা হ’লেও ইমান দূৰ জুবিনৰ হেপাঁহত সমাধি ক্ষেত্ৰলৈ অহা দলটোৱে নিজাকৈ ধন ব্যয় কৰি ডিজেলৰ ব্যৱস্থা কৰিলে। তাৰ পাছত সমস্যা হ’ল জেনেৰেটৰটোৰ ষ্টাৰ্ট কৰাক লৈ। পৰিচালনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়া মতে, এইবোৰ কাম চোৱাচিতা কৰিবলৈ এজন অভিজ্ঞ লোকক দায়িত্ব দিয়া হৈছিল যদিও তেওঁৰ বাবে কোনেও পাৰিতোষিকৰ ব্যৱস্থা নকৰাত সেই দায়িত্বৰ পৰা তেওঁ তিনিমাহৰ পূৰ্বে আঁতৰি গৈছে।
কোনো এক স্থানত বিদ্যুত সংযোগ ব্যাহত হ’ব পাৰে। কিন্তু তাৰ বিকল্প ব্যৱস্থা থকাতো সমানেই বাঞ্চনীয় বা প্ৰয়োজনীয়। কোনো লোকে সমাধিক্ষেত্ৰৰ চৌহদৰ জাঁবৰ জ্বলাই দিয়াৰ ফলত মাটিৰ তলেৰে অনা বিদ্যুত সংযোগী তাঁৰ বিচ্চিন্ন হোৱাৰ বাবেই এই অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল।
এই বিষয়ে ডিমৰীয়া সমজিলাৰ প্ৰশাসনৰ মুৰব্বী গৰাকীৰ সৈতেও যোগাযোগ কৰা হৈছিল। কিন্তু তেওঁ এগৰাকী মহিলাৰ নম্বৰ দি বিষয়টোৰ পৰা আঁতৰি গ’ল। এনেকৈয়ে প্ৰায় ডেৰ-দুঘন্টা অন্ধকাৰত থাকিল জুবিন সমাধি ক্ষেত্ৰ। কোনেও কোনো দায়িত্ব গ্ৰহণ কৰিব নিবিচৰা এক পৰিৱেশৰ মাজত ভাওনা কৰিবলৈ অহা দলটো বিচলিত হ’ল।
দলটোৱে প্ৰায় সিদ্ধান্ত ল’লে যে, তেওঁলোকে ভাওনা নকৰে। সাজ-পোচাক খুলি মেকআপ গুচাবলৈ সাজু হওঁতেই বিদ্যুত সংযোগ হ’ল। এয়া ভাওনা কৰিবলৈ ঘিলামৰাৰ পৰা অহা দলটোৱে সন্মুখীন হোৱা অভিজ্ঞতা। কিছু সময় থকাৰ পাছত আকৌ বিদ্যুত সংযোগ বিচ্ছিন্ন হ’ল।
অৱশেষত আধা ঘন্টা মানৰ পাছত বিদ্যুত আহিল। কিন্তু এজন লোকে ষ্টাৰ্ট দিয়া জেনেৰেটৰটো এইবাৰ বন্ধ কৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হ’ল। সেইবোৰ প্ৰত্যাহ্বান নেওঁচি পলমকৈ হ’লেও ভাওনাখন জুবিন গাৰ্গৰ বাবেই পৰিৱেশন কৰি দলটোৱে স্থানীয় কেইজনমান লোকৰ অনুগ্ৰহত নিশা ১বজাত এসাঁজ খাই ঘিলামৰাৰ অভিমুখে ৰাতিয়েই গুচি গ’ল।
সেই খবৰে ব্যাপক চৰ্চা লাভ কৰিলে যে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত বিদ্যুত কৰ্তন কৰা হৈছে। যাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কি কাৰণত সেই পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই তথ্য সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিব লগা হৈছিল।
ঘিলামৰাৰ পৰা যিটো দল জুবিন সমাধিক্ষেত্ৰলৈ আহিছিল, সেই দলটোৰ অনুভৱ সমাধিক্ষেত্ৰত বিদ্যুত সংযোগ বিচ্ছিন্ন হোৱাক লৈ নহয়। তেওঁলোকে দেখিলে যে, আঁতৰৰ পৰা যিধৰণে জুবিন নামৰ ঈশ্বৰ পুত্ৰজনক মানুহে আৰাধনা কৰে, সমাধি ক্ষেত্ৰত তাৰ এখন বিপৰীত ছবি।
কোনো ব্যৱস্থাপনাই দেখা নাপালে সমাধিক্ষেত্ৰত। নেদেখিলে ইমানদিনে সমাধিক্ষেত্ৰৰ আন্তঃগাথঁনি নিৰ্মাণ কৰাৰ প্ৰস্তুতি। আনহে নালাগে সমাধি ক্ষেত্ৰত ভাওনা কৰিবলৈ অহা দলটোৱে প্ৰস্ৰাৱ কৰিবলৈ কোনো ব্যৱস্থা নথকাত ভাওনাৰ পোচাক পিন্ধিয়ে পথৰ আঁতৰলৈ গৈ সেই কাম সমাধা কৰিব লগা হৈছিল।
নিতৌ সমাধি ক্ষেত্ৰলৈ হাজাৰ হাজাৰ লোক আহে। এই লোকসকলৰ বাবে ইমানদিনে কোনেও সেই কথাতো ভাৱিব নোৱাৰাতো তেওঁলোকৰ দৃষ্টিত এক আচৰিত আৰু অৱজ্ঞাজনক কথা। পলিথিন তৰি যি দুই এটা প্ৰস্ৰাৱগাৰ প্ৰথমতেই নিৰ্মাণ কৰি দিয়া হৈছিল যদিও সেই কেইটাৰ ভিতৰত মানুহ সোমাব নোৱাৰে।
জুবিন গাৰ্গৰ প্ৰতি এয়াই নেকি আমাৰ আন্তৰিকতা। জুবিন গাৰ্গৰ প্ৰতি এয়াই নেকি আমাৰ দায়ৱদ্ধতা। যি জুবিন গাৰ্গৰ মৃত্যুত জাতিয়ে কান্দিছিল, সেইজন মানুহৰ সমাধি ক্ষেত্ৰক লৈ কিয় ইমান অৱহেলা? কোনোবাই ক’ব জুবিনক লৈ ৰাজনীতি নকৰো কাৰনেই যোৱা নাই জুবিন ক্ষেত্ৰলৈ। যদি সচাঁই সেইসকলে ৰাজনীতি নকৰেই তেনেহ’লে দায়ৱদ্ধতাৰে এই সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ বাবে কাৰ্যব্যৱস্থা হাতত লোৱাতো কিয় মানুহৰ দৃষ্টিত পৰা নাই।
ঘিলামৰাৰ পৰা অহা ভাওনা পৰিৱেশন কৰা দলটোৱে এটা উদাহৰণহে মাত্ৰ। এই দলটোৰ সদস্যসকলে ভাওনা কৰি পোৱা টকাৰ পৰা প্ৰতিজনে ১০০০টকাকৈ বৰঙণি দি, শুভাকাংক্ষীৰ পৰা কিছু ধন সংগ্ৰহ কৰি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ আহিছিল।
তেওঁলোকৰ স্বাৰ্থ এটা আছিল, জুবিন গাৰ্গৰ সেই পৱিত্ৰ সমাধিক্ষেত্ৰত গুৰুজনাৰ সৃষ্টি ভাওনাৰে শ্ৰদ্ধা নিবেদন কৰা। বিনিময়ত তেওঁলোকে পালে ভাৱিব নোৱাৰা তিক্ততা। ইয়াৰ বাবে বাৰু কোন জগৰীয়া? আজিকালি দিল্লীৰ পৰা অহা ডাঙৰ ডাঙৰ নেতা মুখতো নুফুঁটে জুবিনৰ নাম।
জুবিন গাৰ্গ সমাধি ক্ষেত্ৰলৈ যোৱা দৰ্শনাৰ্থীসকলে সেৱা লওঁতে উছৰ্গা কৰি আহিছে ধন। প্ৰথমে এটা বাকচ কোনো লোকে সেই স্থানত স্থাপন কৰাক লৈ বিৰ্তকৰ সূত্ৰপাত হৈছিল। বিগত দিনবোৰত এনেদৰে ৰাইজে দিয়া ধনবোৰ ক'ত জমা আছে আৰু সেইবোৰ ধনেৰে প্ৰাথমিক আন্তঃগাথঁনি নিৰ্মাণ কৰিব নোৱাৰাতো অন্য এক দুভাৰ্গ্যজনক বিষয়।
মায়াৱিনী গাই সেই আৱেগিক মূৰ্হূতত মানুহৰ মন জয় কৰা, বিধানসভাত জুবিনৰ প্ৰশস্তিৰে উপচাই পেলোৱা সকলে নিৰ্বাচনৰ দোহাই নি ঈশ্বৰ পুত্ৰক এনেদৰে অৱজ্ঞা কৰিলে জানো মানি ল’ব পাৰি? সাধাৰণ মানুহৰ দৃষ্টিত জুবিন গাৰ্গ ৰাজনীতিতকৈ বহু উৰ্ধৰ এক বিশাল সত্তা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us