ৱাহঃ ওস্তাদ, ৱাহঃ...

কোটি কোটি লোকৰ কাণত আজি স্বতঃস্ফূৰ্তভাৱে বাজি উঠিছে তবলাৰ মিঠা সুৰযুক্ত শব্দ। সেই সুৰৰ মূৰ্চনাত নাচি উঠা তেওঁৰ দীঘল চুলিবোৰ, মিঠা হাঁহিটোৱে আমনি কৰিছে মন। ইমান মধুৰ জানো হ’ব পাৰে তবলাৰ শব্দ ? হাতৰ আঙুলিত যাদু নাথাকিলে কেনেকৈ সম্ভৱ এই সুৰ ?

New Update
dxzhh

কোটি কোটি লোকৰ কাণত আজি স্বতঃস্ফূৰ্তভাৱে বাজি উঠিছে তবলাৰ মিঠা সুৰযুক্ত শব্দ। সেই সুৰৰ মূৰ্চনাত নাচি উঠা তেওঁৰ দীঘল চুলিবোৰ, মিঠা হাঁহিটোৱে আমনি কৰিছে মন। ইমান মধুৰ জানো হ’ব পাৰে তবলাৰ শব্দ ? হাতৰ আঙুলিত যাদু নাথাকিলে কেনেকৈ সম্ভৱ এই সুৰ ?

Advertisment

তেওঁৰ আঙুলিৰ পৰশত তবলাই কথা কয়। সংগীতৰ ভাষাত তবলাত বাজি উঠা শব্দত মানুহ মন্ত্ৰমুগ্ধ হৈ ৰয়। সেই বাবেই তেওঁক কোৱা হয় চাগৈ ওস্তাদ। ১৯৫১ চনৰ ৯  মাৰ্চত মুম্বাইত জন্ম হৈছিল তেওঁৰ। জন্মৰ সেই সময়তো তেওঁৰ তবলাৰ ওস্তাদ পিতৃয়ে কৰিছিল এক অদ্ভূত প্ৰাৰ্থনা।

পিতৃৰ এই প্ৰাৰ্থনাৰ কথা তেওঁ নিজে কৈ গৈছিল। জন্মৰ সময়ত সন্তানক প্ৰথমবাৰ কোলাত লৈ পিতৃয়ে প্ৰাৰ্থনা কৰাৰ নিয়ম। মাকৰ হাতৰ পৰা পুত্ৰক নিজৰ কোলাত লৈ তেওঁ সদ্যজাত পুত্ৰৰ কাণত মুখ থৈ মুখেৰে আওৰাইছিল তবলাৰ ৰিডম্।

আচৰিত হৈ পত্নীয়ে কৈছিল- তবলাৰ ৰিডম্ নহয়, এফাঁকি প্ৰাৰ্থনাহে গাব লাগে। এইবোৰ আপুনি কি কৰিছে ? দেশৰে অন্যতম প্ৰসিদ্ধ তবলাবাদক তথা সংগীতশিল্পী অল্লা ৰাখাই পত্নীক উত্তৰ দিছিল এয়াই মোৰ বাবে ডাঙৰ প্ৰাৰ্থনা আৰু সাধনা।

এনেকৈয়ে পৃথিৱীলৈ অহা প্ৰথম দিনটোতেই তেওঁ তবলাৰ শিক্ষাৰ আদি পাঠ ল’ব লগা হৈছিল। ৩বছৰ বয়সত আনুষ্ঠানিকভাৱে তবলাৰ তালিম লৈ সেই জগতখনত প্ৰৱেশ কৰিছিল। পিতৃয়েই আছিল তেওঁৰ গুৰু, তেঁওৰ মেণ্টৰ।

তবলাৰ সৈতে তেওঁৰ এই প্ৰেম গাঢ় হৈ পৰিছিল পৰৱৰ্তী সময়ত। সকলো সময়তে লগত ৰাখিছিল তবলাযোৰ। আনকি শুৱাৰ সময়ত বিচনাৰ সংগী হৈছিল তবলা। অৱশ্যে ক্ৰিকেটৰ প্ৰতিও তেওঁৰ এক হাবিয়াস আছিল। পিতৃয়ে সেই হাবিয়াস পূৰণ হ’বলৈ নিদিলে। বুজালে কেনেবাকৈ খেলোতে যদি দুখ পোৱা যায়, তবলা শিকাত অসুবিধা হ’ব।

তাৰ পাছত তবলায়েই সপোন, তবলায়েই দিঠক হৈ পৰিল। ১২ বছৰ বয়সত পিতৃৰ সৈতে জীৱনৰ প্ৰথমটো কনচাৰ্টত অংশ ল’লে। তেওঁৰ মতে সেই কনচাৰ্টত অংশ লৈ পোৱা মাননিৰ সমান মাননি আৰু পোৱা নাই। বহু লাখ টকা একোটা অনুষ্ঠানৰ পৰাই পাব পাৰে, কিন্তু সেইবোৰৰ মূল্য প্ৰথম কনচাৰ্টত পোৱা ৫টকাটোতকৈ বহু কম।

৭০ দশকত তেওঁ গুচি গৈছিল বিদেশলৈ। বিদেশী প্ৰতিষ্ঠিত সংগীতজ্ঞৰ সৈতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ সংমিশ্ৰণেৰে বিশ্ব সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিছিল। সেয়ে হয়তো তেওঁৰ কৃৰ্তি জগতজুৰি বৈ গৈছিল। মূলতঃ ভাৰতীয় ক্লাছিকেল সংগীতৰ সৈতে জড়িত হৈও এজন বিশ্বৰ সংগীত জগতৰ তাৰকাৰূপে উদ্ভাষিত হৈ পৰিছিল।

আমেৰিকাত তেওঁ প্ৰথম শিক্ষকৰূপে জীৱিকাৰ পাতনি মেলিছিল। ছাত্ৰক সংগীত শিকাইছিল। সেইবোৰ কথা তেওঁ নাচৰিন মুন্নি কবীৰক কৈছিল। জীৱনৰ বহু কথা নাচৰিনক দিয়া সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল। ২০১৬ চনৰ পৰা ২০১৭ চনলৈ দৈনিক প্ৰায় দুঘণ্টাকৈ তেওঁ ১৫টা সাক্ষাৎকাৰ দিছিল নাচৰিণক। সেই সাক্ষাৎকাৰৰ ভিত্তিতেই নাচৰিণে যুগুত কৰিছিল তেওঁ বিষয়ক এখন গ্ৰন্থ। নাম আছিল- “জাকিৰ হুছেইনঃ এ লাইফ ইন মিউজিক।”

ভাৰতৰ বহু প্ৰসিদ্ধ সংগীতশিল্পীৰ সৈতে তেওঁ তবলা সংগত কৰিছিল। তবলাতে তেওঁ ঘোঁৰা দৌৰাব পাৰিছিল, বৰষুণ নমাই আনিছিল। তবলাত ডম্বৰুৰ শব্দ তুলি সন্মুখত বহি থকা দৰ্শকক আধ্যাত্মিকতাত ডুবাই শিৱৰ কাষলৈ লৈ গৈছিল।

সেই ধ্বনিৰ পৰিভাষা শুনিলেহে অনুভৱ কৰিব পাৰি। কাষত থকা সহ শিল্পীয়ে মোহচ্ছন্ন হৈ তেওঁৰ হাতৰ আঙুলি তবলাত নাচি উঠিলে, তেওঁৰ মুখলৈ চাই আপোন পাহৰা হৈছিল।

এনে প্ৰতিষ্ঠা আৰু সংগীত জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবেই ৩৭ বছৰ বয়সতে তেওঁলৈ যঁচা হৈছিল পদ্মশ্ৰী সন্মান। বিশ্ব সংগীতৰ অন্যতম সন্মানীয় সন্মান তেওঁৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমাত ৫বাৰ লাভ কৰাতো কম কৃতিত্ব নাছিল। এটা নিশাতে তেওঁ ৩টাকৈ গ্ৰেমী লাভ কৰা প্ৰথমজন ভাৰতীয় সংগীতশিল্পী আছিল।

তবলাত তেওঁ হাতৰ আঙুলিৰ পৰশ লাগিলে মানুহৰ মুখত স্বতঃস্ফূৰ্তভাৱে ওলাইছিল- ৱাহঃ ওস্তাদ, ৱাহঃ। ব্যস্ততাৰ মাজতো তেওঁ শিষ্যক তবলাৰ তালিম দিছিল। বছৰত ৬-৮ সপ্তাহ ইয়াৰ বাবে ৰাখিছিল। বিশ্বৰ যি প্ৰান্ততে তেওঁৰ অনুষ্ঠান আয়োজন হৈছিল, সেই অনুষ্ঠানৰে টিকট চ’ল্ড আউট হৈ গৈছিল বহু দিনৰ পূৰ্বে।

সেয়েহে এবাৰ তেওঁক সোধা হৈছিল- কিহৰ বাবে আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ টিকট চ’ল্ড আউট হৈ যায় ? আপোনাৰ তবলা বজোৱাৰ শৈলীৰ বাবে নে আন কিবা কাৰণ আছে ? বিনম্ৰতাৰে তেওঁ সেইদিনা উত্তৰ দিছিল- তবলা বজাব জনা মানুহৰ অভাৱ নাই। সংগীতৰ এক শক্তি আছে। সেই শক্তিয়ে মানুহক টানি আনে। মই সেই সংগীতৰ এজন সাধাৰণ পূজাৰী। 

ইমানেই বিনম্ৰ আছিল তেওঁ। অতি সৰলতাৰে জীৱনক আগুৱাই নিছিল। ব্যস্ততাৰ বাবে ৰেয়াজ কৰিবলৈ তেওঁৰ সময় কমি আহিছিল। পূৰ্বতে দিয়াৰ দৰে ৰেয়াজত সময় দিব পৰা নাছিল। কিন্তু তেওঁ মনৰ ৰেয়াজ কৰিছিল। প্ৰতিটো ক্ষণতে মনৰ ভিতৰত আওৰাইছিল- তবলাৰ স্বৰ। সম্পৰীক্ষা কৰিছিল মনতে আওৰাই আওৰাই তবলাৰ সুৰ, তাল, মান আৰু লয়।

তেওঁ নিজকে জীৱনজুৰি শিকি থকা এজন সাধাৰণ ছাত্ৰ বুলিয়েই জ্ঞান কৰিছিল। সাধনাই তেওঁক মহৎ কৰি তুলিছিল। সংগীতক তেওঁ শক্তি আখ্যা দিছিল। ইতিবাচক সেই শক্তিয়ে বিশ্বজুৰি শান্তি আনিব পাৰিব বুলি বিশ্বাস ৰাখিছিল। সেই বিশ্বাসে তেওঁক উত্তৰণৰ শিখৰলৈ লৈ গৈছিল।

 এবাৰ ইউৰোপৰ এখন দেশলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে গৈছিল। বিমান বন্দৰত তেওঁক ইমিগ্ৰেছন বিষয়াই একাষৰীয়া কৰি নিছিল। নাম আৰু কিয় সেই দেশলৈ গৈছে সুধি পাৰপত্ৰ পৰীক্ষা কৰি একপ্ৰকাৰৰ অতিষ্ঠ কৰিছিল।

তেওঁ ভাৰতীয় সংগীতৰ এগৰাকী বিশিষ্ট শিল্পী বুলি জানি তেওঁক সুধিছিল- ৰবি শংকৰৰ পাছত ভাৰতত দুই নম্বৰ সংগীতজ্ঞ কোন ? পাৰপত্ৰ পৰীক্ষা কৰি থকা বিষয়াজনে তেওঁৰ বিষয়ে গুগলত চাৰ্চ কৰিছিল। তাৰ পাছত গম পাইছিল তেওঁ কোন হয়। সসন্মানেৰে তেওঁক যাবলৈ অনুমতি দিয়াৰ সময়ত তেওঁ কৈ গৈছিল- মোৰ দৰে ভাৰতত আৰু ১০-১৫ জন তবলাবাদক আছে...।

এইজন বিশ্ব বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে চিৰ বিদায় ল’লে আমেৰিকাৰ ছানফ্ৰেন্সিছকোৰ এখন চিকিৎসালয়ত। ৭৩ বছৰীয়া এক অধ্যায়ৰ অন্ত পৰিল। মানুহৰ কাণত সেয়েহে বাজি উঠিছে তেওঁৰ আঙুলিয়ে তবলাত তোলা সেই মধুৰ সুৰবোৰ। ভাহি উঠিছে স্মৃতিৰ মানসপটত সেই পুৰণি বিজ্ঞাপন। চাহৰ বিখ্যাত সেই বিজ্ঞাপনতো তেওঁ তবলা বজাইছিল। সহ তবলাবাদকজনৰ তবলাবাদন দেখি তেওঁ কৈছিল- ৱাহঃ ওস্তাদ। বিজ্ঞাপনত সহযোগী তবলাবাদকজনে তেওঁক উদ্দেশ্যি কৈছিল- আৰে ওস্তাদ, ৱাহ তাজ বুলিয়ে। 

সেয়া বিজ্ঞাপনৰ কথা আছিল। বাস্তৱত মানুহে তেওঁৰ তবলাবাদন দেখি, শুনি কেৱল ৱাহঃ হে বুলিছিল। এজন যাদুকৰী সংগীতজ্ঞৰ তবলাৰ বাদনত অভিভূত হৈ মনৰ সন্তুষ্টি আৰু প্ৰাপ্তি প্ৰকাশ কৰিবলৈ ইয়াতকৈ আৰু ভাল ভাষা নাছিল। পৃথিৱীৰ পৰা বিদায় ল’লেও, জাকিৰ হুছেইনৰ তবলাৰ শব্দই যুগে যুগে মোহচ্চন্ন কৰি ৰাখিব আমাক।

তবলাবাদক জাকিৰ হুছেইন