’জীৱন সুৰভি’ : ১ ইউনিট ৰক্তত ব্যয় ২,৮১৬টকা !

ৰক্তদান মহান দান। এই মহান কাম কৰিবলৈ লোৱা প্ৰচেষ্টা আৰু উদ্যোগৰ বাবে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ ধন্যবাদৰ যোগ্য। জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ১৮ নৱেম্বৰ ২০২৫ত ৰাজ্যজুৰি এই কাম সম্পন্ন কৰিলে বিজেপিয়ে।

New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (5)

মৃদুল কুমাৰ সন্দিকৈ

ৰক্তদান মহান দান। এই মহান কাম কৰিবলৈ লোৱা প্ৰচেষ্টা আৰু উদ্যোগৰ বাবে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ ধন্যবাদৰ যোগ্য। জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ১৮ নৱেম্বৰ ২০২৫ত ৰাজ্যজুৰি এই কাম সম্পন্ন কৰিলে বিজেপিয়ে।

এয়া এক দলীয় উদ্যোগ আছিল। মুঠ ৫৩টা স্থানত বিজেপিয়ে ৫,৪০১ ইউনিট ৰক্ত সংগ্ৰহ কৰি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ ৰক্ত ভঁৰাললৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ৰক্তদান শিবিৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাজনো মন্ত্ৰী আৰু নেতাই ৰক্তদান কৰিলে।

এই ৰক্তদানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য ব্যক্ত কৰিছিল যে জীৱিতকালত জুবিন গাৰ্গে নিজৰ গাঁঠিৰ ধন খৰচ কৰি চিনাকি- অচিনাকি হাজাৰজন দুৰ্গত লোকক সহায় কৰিছিল। তেনে মানৱীয় প্ৰমূল্যবোধৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ ৰাজ্যৰ ৫৩ স্থানত বিজেপিৰ উদ্যোগত বি পি এফ আৰু অ গ পকে ধৰি আন এন ডি এৰ সহযোগি দলৰ সহযোগত এই ৰক্তদান শিবিৰ আয়োজন কৰা হৈছিল। 

বিজেপিয়ে উক্ত ৰক্তদান শিবিৰৰ নাম দিছিল ’জীৱন সুৰভি’। জুবিন গাৰ্গবিহীন জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিনত অন্যতম উত্তম কাম বুলি উল্লেখ কৰিলে এই কামতোৰ কথাই ক’ব পাৰি। জীৱনৰ সৈতে যুঁজি থকা এজন ৰোগীৰ বাবে সময়ত এটোপাল তেজ অমূল্য হৈ পৰে।

ভাৰতীয় জনতা পাৰ্টীয়ে যি ৫৩ স্থানত এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছিল, সেই স্থানবোৰ আছিল- বাক্সাৰ দুটা স্থানত ক্ৰমে- বাথৌপুৰী ষ্টেডিয়াম আৰু জালাহ ৰাসখোলা। এই স্থান দুটাত ক্ৰমে ৫৩জন আৰু ১০০ জন বিজেপি কৰ্মীয়ে ৰক্তদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। 

তেনেকৈ বৰপেটাত মিলেনিয়াম পাৰ্কত ১০০ জন, বিশ্বনাথত কমলাকান্ত নাট্য সমাজত ১০০ জন, বঙাইগাঁৱত বিজেপি জিলা কাৰ্যালয়ত ১০০ জন, কাছাৰৰ নাৰ্চিংতোলা ফিল্ডত ১০০জন, লক্ষীপুৰ চাহ বাগানৰ খেলপথাৰত ১০০ জন, চিৰাঙত কাজলগাঁও পেৰেড গ্ৰাউণ্ডত ৫৩জন, দৰঙত চি ডি এছ কাৰ্যালয় খেলপথাৰত ১০০ জন, সনাতন ধৰ্ম সভাত ১০০জন, ধেমাজিত ডনি প’ল কালচাৰেল প্ৰকল্পত ১০০জন, ধুবুৰীৰ লাইন্স ক্লাৱত ১০০জন, ডিব্ৰুগড়ত মাল্টি ইউটিলিটি বিল্ডিঙত ১০০জন, ৰঙালী- ৰূপালী মঞ্চত ১০০জন, মৰাণ পিয়লি নগৰত ১০০জন, ডিমাহাচাও লাল ফিল্ডত ৫৩জন, গোৱালপাৰাৰ দুধনৈ জনমন্দিৰ প্ৰাংগণত ১০০ জন, গোলাঘাট এনাজৰী বিবাহ ভৱনত ১০০ জন, বোকাখাত অ’পেন ষ্টেজ অ’ডিট’ৰিয়ামত ১০০জন আদি।

এই নিৰ্ধাৰিত লক্ষ্য অৱশ্যে বহু স্থানত পূৰণ নহ’ল। উদাহৰণস্বৰূপে ধেমাজিত ১০০ ৰক্তদাতাই ৰক্তদান কৰিব বুলি কোৱা হৈছিল যদিও ৩৬জন মান ৰক্তদাতাইহে ৰক্তদান কৰে। ৰক্তদানৰ বাবে বিজেপিয়ে প্ৰতিটো কেন্দ্ৰৰ বাবে একোজনকৈ তত্বাৱধায়কক বিশেষভাৱে দায়িত্ব দিয়া হৈছিল তদাৰকৰ বাবে। 

তেনে কেইবাজনো তদাৰকৰ সৈতে যোগাযোগ কৰি জানিব পৰা মতে গৰিষ্ঠসংখ্যক কেন্দ্ৰতে নিৰ্ধাৰিত ৰক্তদাতাৰ বিপৰীতে ৰক্তদান কৰা লোকৰ সংখ্যা কম আছিল। বাক্সাৰ বাথৌপুৰি ষ্টেডিয়ামত ৫৩জন ৰক্তদাতাই ৰক্তদান কৰা কথা আছিল যদিও তাত ৩২জন ৰক্তদাতাইহে ৰক্তদান কৰে। 

একেদৰে সেই জিলাখনৰ জালাহ ৰাসখোলাত অনুষ্ঠিত হোৱা ৰক্ত শিবিৰত ১০০ জন ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহৰ লক্ষ্য লৈছিল যদিও তাত মাত্ৰ ৩৯জন ৰক্তাদাতাইহে ৰক্তদান কৰে। কাৰিকৰী বা আন কাৰণ সেই সংখ্যা ইফাল- সিফাল হোৱাতো স্বাভাৱিক।

এই মহৎ কাম সম্পন্ন কৰি বিজেপিয়ে জুবিন গাৰ্গৰ জন্মদিনৰ দিনা যি বাৰ্তা আৰু নিদৰ্শন প্ৰেৰণ কৰিছিল, সেয়া আৰু ইতিবাচক হ’লহেতেঁন আন কিছু কাম নকৰা হ’লে। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল শাসক পক্ষৰ বা ৰাজনৈতিক নেতাৰ কৰ্মীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰি ভণ্ডামি কৰাতো।

এই ৰক্তদান শিবিৰ যদিও বিজেপিৰ এক দলীয় কাৰ্যসূচী আছিল, কিন্তু ইয়াত চৰকাৰী ধন ব্যৱহাৰ কৰিহে অনুষ্ঠিত কৰা হৈছে। আসাম ষ্টেট ব্লাড ট্ৰেন্সফাৰেচন কাউন্সিলৰ সঞ্চালক তথা সদস্য সচিবে ১১ নৱেম্বৰ ২০২৫ত এটা নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ নম্বৰ আছিল- AS BTC/ BTS/ VBD/ 2025/ 2196/ 10। এই নিৰ্দেশনাত কোৱা হৈছিল যে, ১৮ নৱেম্বৰত ৫৩টা ব্লাড কেম্পৰ বাবে প্ৰতিটো কেম্পক ১লাখ টকাকৈ পুঁজি আগবঢ়োৱা হ’ব। গুৱাহাটীৰ খানাপাৰত আয়োজিত কেন্দ্ৰীয় বিনামূলীয়া ৰক্তদান শিবিৰৰ বাবে অৱশ্যে ৫লাখ টকা মুকলি কৰি দিয়া হৈছিল।

এই শিবিৰটোত মুঠ ৫৩০জন লোকে ৰক্তদান কৰিব বুলি তেওঁলোকে নিৰ্ধাৰণ কৰিছিল আৰু সেই লক্ষ্য পূৰণ হোৱা বুলি বিজেপি সূত্ৰই জানিবলৈ দিছে। তাৰ বাহিৰে আন স্থানবোৰত লক্ষ্য পূৰণ নহ’লেও চৰকাৰী ধন ব্যয়েৰে স্বেচ্ছাসেৱী ৰক্ত শিবিৰ অনুষ্ঠিত হৈ যায়। 

এই ৰক্তদান শিবিৰৰ বাবে চৰকাৰী পুঁজিৰ পৰা মুঠ ৫৭লাখ টকা ব্যয় কৰা হয়। ৫ হাজাৰ ৪শ ১ ইউনিট ৰক্ত সংগ্ৰহৰ বাবে যাৱতীয় মানৱ আৰু কাৰিকৰী সমৰ্থন আগবঢ়াইছিল স্বাস্থ্য বিভাগে। পুৱা ৯-০০ বজাৰ পৰা আৰম্ভ হোৱা ৰক্তদান শিবিৰবোৰ এটা ৰাউণ্ডত ৩০ মিনিটকৈ ১০টা ৰাউণ্ডত অনুষ্ঠিত হ’ব বুলি পৰিকল্পনা কৰা হৈছিল। 

৫,৪০১ ইউনিট ৰক্ত সংগ্ৰহ কৰাৰ লক্ষ্য ল’লেও ৰাজ্যজুৰি ৩,৫০০ ইউনিটমানহে ৰক্ত সংগ্ৰহ কৰাতো সম্ভৱ হ’ল। স্বাস্থ্য বিভাগৰ সকলো সমৰ্থন, চিকিৎসক, চিকিৎসা কৰ্মীৰ সহযোগত চৰকাৰী পুঁজিৰ পৰা ব্যয় হ’ল ৫৭ লাখ টকা। বাক্সাত ৭১ ইউনিট ৰক্ত সংগ্ৰহৰ বাবে দুটা শিবিৰত ব্যয় হ’ল ২লাখ টকা। জিলাখনত ১ ইউনিট ৰক্তৰ বিনিময়ত ব্যয় হোৱা ধনৰ পৰিমাণ ২,৮১৬টকা। 

এই ধন আছিল চৰকাৰৰ ধন। বিজেপিয়ে এটা ভাল মনলৈ স্বেচ্চামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল বুলি ধৰি লৈও উক্ত দলীয় অনুষ্ঠানৰ বাবে দলটোৱে কিয় নিজৰ দলীয় পুঁজি ব্যৱহাৰ নকৰিলে, সেই প্ৰশ্ন কিন্তু ৰৈ যাব। কাৰণ জুবিনৰ নামত জুবিনৰ জন্মদিনৰ দিনা ১ ইউনিট তেজৰ বিনিময়ত ২,৮১৬টকা কৈ চৰকাৰী ধন ব্যয় কৰাতো উচিত আছিল জানো ? চৰকাৰে ৰাজনীতি আৰু দলীয় স্বাৰ্থৰ ঊৰ্দ্ধলৈ গৈ এই কাম সকলোৱে অংশগ্ৰহণ কৰিব পৰাকৈ এক অৰাজনৈতিক স্বেচ্চামূলক ৰক্তদান শিবিৰ আয়োজন কৰিব পাৰিলেহেতেঁন !

ড০ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ অসম বিজেপি