লিখিব দিয়ক তেওঁলোকক : ভয়- ঠাট্টা কিয়...

অসমত আজিও লেখা- মেলা কৰাতো পেছা হৈ পৰা নাই। দুই- এগৰাকীৰ বাদে লিখি খাব নোৱাৰা লেখকৰ তালিকাখনেই দীঘল। তাৰ মাজত এই সকল যুৱ লেখকে এই পৃথিৱীখনত ভৰি থৈ আগবাঢ়ি গৈছে, তেওঁলোকক কটাক্ষ নহয়, অনুপ্ৰেৰণা দিয়াহে সময় এয়া।

New Update
WhatsApp Image 2025-12-27 at 12.51.29 PM

মৃদুল কুমাৰ সন্দিকৈ

এজন লিখক সদায় স্বাধীন। এজন লিখক সদায় সমাজৰ প্ৰতি দায়ৱদ্ধ। সেই জনেই প্ৰকৃত লিখক, যি সত্য- শুদ্ধ আৰু যুক্তিসংগতভাৱে তথ্যসহকাৰে বাস্তৱক প্ৰতিফলিত কৰিবলৈ সাহস কৰে। কবিতা, গল্প, প্ৰৱন্ধ, উপন্যাস যিকোনো মাধ্যমতে লিখকৰ সেই স্বাধীনতাৰ অন্বেষণ কৰে পাঠকে।

যদি পাঠকে কোনো এজন লেখকৰ লেখা বা সৃষ্টিত পঢ়াৰ আত্মসন্তুষ্টি আৰু পতিয়নযোগ্য সমল নাপায়, তেন্তে তেওঁৰ বাবে সেই লেখকৰ কোনো মূল্য নাথাকে। এনেবোৰ কাৰণতে এজন লেখক পাঠকৰ প্ৰিয়- অপ্ৰিয় হ’ব পাৰে ! অৱশ্যে ইয়াত পাঠক- লিখকৰ ভিন্নমুখী চিন্তা- চেতনাৰ সংযোগে ইয়াৰ পৰিধি নিৰ্ণয় কৰে।

শেহতীয়াকৈ অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত নিৰ্বাচিত ৮শতাধিক লেখকক ‘যুৱ লেখক সন্মান ২০২৫’ৰে সন্মানিত কৰিলে। ইয়াক কেন্দ্ৰ কৰি বহুতে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমত ইমান যুৱ লেখক আছে জানো বুলি প্ৰশ্ন তুলিছে। লগতে কিছু কিছু এই সন্মানপ্ৰাপ্ত লেখকৰ সৃষ্টি কি বুলি প্ৰশ্ন উত্থাপন কৰিছে। 

আনকি ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সন্মানৰ বাবদ দিয়া ২৫ হাজাৰকৈ টকাৰ প্ৰসংগ টানি তেওঁলোক হিতাধিকাৰী লেখক হৈ গ’ল বুলি তুচ্ছ- তাচ্ছিল্য কৰাও দেখা গৈছে। সামাজিক মাধ্যমতে এই বিষয়বোৰক লৈ আলোচনা চলিছে। এনে সমালোচনা কৰাসকলে এবাৰো ভবাৰ অৱকাশ পোৱা নাই যে, এই উৎসাহ আৰু প্ৰেৰণাই যুৱ লেখকসকলক কি পৰ্যায়ত অনুপ্ৰাণিত কৰিছে।

ৰজাঘৰৰ পৰা তেওঁলোকে এই সন্মান লোৱাৰ বাবে উত্থাপন কৰা প্ৰশ্ন মূল্যহীন। দেশৰ প্ৰতিষ্ঠিত সাহিত্যৰ সন্মানবোৰ ৰজাঘৰৰ পৃষ্ঠপোষকতাতে প্ৰদান কৰি অহা হৈছে। অৱশ্যে এইটো ঠিক যে এই সন্মান পোৱাৰ বাবেই তেওঁলোকৰ কলম কেতিয়াও শাসকপক্ষৰ প্ৰশংসা আৰু তৈলমৰ্দন কৰাৰ আহিলা হৈ পৰিব নালাগে। তেওঁলোকৰ সৃষ্টি বৰঞ্চ আৰু উদ্দীপ্ত হোৱাৰ লগতে সমাজমুখী হওঁক যাতে ৰজাঘৰে তেওঁলোকৰ কলমক ভয় কৰিবলৈ বাধ্য হয়।

লিখকসকলক এই সন্মান প্ৰদান কৰা অনুষ্ঠানত কোনোবাই পৰামৰ্শ দিব পাৰে যে, জুই লগোৱা লেখা লিখকসকলে লিখাৰ পৰা আঁতৰি থাকিব লাগে। সেই ৰজাঘৰে এইষাৰ কথা লিখকসকলক কোৱাৰ আগেয়ে নিজৰ গাত চিকুটি চোৱাৰ প্ৰয়োজন আছিল। 

সমাজৰ অনিষ্ট হ’ব পৰা, সমন্বয়ত ব্যাঘাত জন্মিব পৰা, ক্ষতিকাৰক জুই লেখকে নজ্বলায়। প্ৰকৃত লেখকে, প্ৰকৃত শিল্পীয়ে লেখাত এনে জুইহে জ্বলাই, যি জুয়ে ধ্বংসৰ বিপৰীতে নিৰ্মল এক বাতাৱৰণ সৃষ্টি কৰিবলৈ শাসকপক্ষক সকিয়াই দিয়ে। 

লেখকৰ লেখাত জুই থাকেই, শিল্পীৰ গানত জুই জ্বলেই। সেই জুই অপশাসকৰ বিৰুদ্ধে জনতাৰ মনত জ্বলা ক্ষোভৰ জুই। তাৰ বিপৰীতে সাম্প্ৰদায়িকতা আৰু ব্যক্তিগত তথা দলীয় ৰাজনৈতিক স্বাৰ্থত এচাম নেতাই সদায় জুই জ্বলাবলৈ চেষ্টা কৰি থাকে।

শাসকগোষ্ঠীয়ে লেখকক শ্ৰুতলিপি দিব নালাগে যে, লেখকে কি লিখিব, কি নিলিখিব। লেখকৰ বাবে তেওঁলোকে কোনো লক্ষ্মণৰেখাও টানি দিব নালাগে। নিজৰ লক্ষ্মণৰেখা লেখকে নিজেই টানি ল’ব জানে। দিশপুৰৰ পৰা টানি দিয়া এই লক্ষ্মণৰেখা সমাজৰ স্বাৰ্থত লিখকে অতিক্ৰম কৰিবই লাগিব। নহ’লে লিখকসকল হৈ পৰিব চোকহীন কলমৰ গৰাকী হোৱা একোজন স্তাৱক।

আজি নতুন প্ৰজন্মৰ লেখকৰ সৃষ্টিত নতুনত্ব আছে। নব্য মাধ্যমৰ সহায় লৈ লিখকে নিজৰ সৃষ্টিক আগুৱাই নিব পাৰে। কাৰো ওপৰত নিৰ্ভৰশীল হ’ব লগা নহয় লিখক। তাৰ মাজত ভালখিনি উজলি থাকিব, স্থায়ী হৈ ৰৈ যাব আৰু বেয়াখিনি সময়ৰ সোঁতত হেৰাই পৰিব। লিখকক লৈ কাৰো মূৰকামোৰণি হ’ব নালাগে। দায়ৱদ্ধতাৰে যি সকল লেখকে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে, কচৰৎ আৰু অধ্যয়নেৰে নিজক আগুৱাই নিছে, তেওঁলোক নিশ্চিতভাৱে সফল হ’ব। 

অসমত আজিও লেখা- মেলা কৰাতো পেছা হৈ পৰা নাই। দুই- এগৰাকীৰ বাদে লিখি খাব নোৱাৰা লেখকৰ তালিকাখনেই দীঘল। তাৰ মাজত এই সকল যুৱ লেখকে এই পৃথিৱীখনত ভৰি থৈ আগবাঢ়ি গৈছে, তেওঁলোকক কটাক্ষ নহয়, অনুপ্ৰেৰণা দিয়াহে সময় এয়া।

অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ অসম চৰকাৰ যুৱ লেখক