/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-2026-01-15-20-15-47.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
২০২৪ৰ লোকসভা নিৰ্বাচনৰ বতৰ। সেইদিনা চানমাৰিৰ অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ আহিছিল ৰাজ্যৰ তিনিটা পুৰুষক প্ৰতিনিধিত্ব কৰিব পৰা ৪জন বিশিষ্ট সাংবাদিক। সেইসকলৰ ভিতৰত আছিল প্ৰবীণ সাংবাদিক- সম্পাদক প্ৰদীপ বৰুৱা, জ্যেষ্ঠ সাংবাদিক ৰনেন কুমাৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আৰু এগৰাকী যুৱ সাংবাদিক ।
অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা নিৰ্বাচন নিৰীক্ষণৰ ১৭ সংখ্যক এই আলোচনাৰ বাবে আহিছিল এইকেইগৰাকী অতিথি। সেইদিনা নিৰ্ধাৰিত সময়তকৈ ৫মিনিটৰ পূৰ্বে আহি উপস্থিত হৈছিলহি প্ৰদীপ বৰুৱা। মুখত সেই পৰিচিত ধুনীয়া হাঁহি, মাৰ্জিত পোচাক পৰিধান কৰি অহা প্ৰবীণ সাংবাদিক তথা সম্পাদকগৰাকীয়ে এই আলোচনাত অংশ লৈ সাম্প্ৰতিক সময়ত গণতন্ত্ৰ আৰু ৰাজনীতিৰ অৱস্থাৰ বিষয়ে প্ৰথমে কিছু কথা আলোকপাত কৰিছিল।
প্ৰসংগক্ৰমে তেওঁ কৈছিল সংবাদ মাধ্যমৰ ওপৰত শাসক পক্ষৰ দমন আৰু আক্ৰমণৰ কিছু কথা। ১৯৪৯ত কিদৰে গোপীনাথ বৰদলৈ চৰকাৰে অসমত দ্য আসাম ট্ৰিবিউন কাকতখন নিষিদ্ধ কৰিছিল, সেই কাহিনী তেওঁ কৈ গৈছিল। কাকতখনে গোপীনাথ বৰদলৈ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এটা সম্পাদকীয় প্ৰকাশ কৰিছিল।
সেই খঙতে বৰদলৈ চৰকাৰে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত নিষিদ্ধ কৰিছিল দ্য আসাম ট্ৰিবিউন কাকতখন। সেই সময়ত কাকতখনৰ স্বত্বাধিকাৰী ৰাধা গোবিন্দ বৰুৱাই গোপীনাথ বৰদলৈক শিক্ষা দিবলৈকে ফ’ৰ্ড কোম্পানীৰ পৰা এখন নতুন গাড়ী কিছুদিনৰ বাবে লৈ গাড়ীখনৰ ওপৰত ডাঙৰকৈ দ্য আসাম ট্ৰিবিউন লিখি লৈছিল। গাড়ীখন তেওঁ গুৱাহাটীৰ পৰা শ্বিলংলৈ নি পুৱাই বৰদলৈ অহা- যোৱা কৰা বাটটোত ৰখাই থৈ দিছিল।
গাড়ীখন থৈ তেওঁ সেই স্থানৰ পৰা আঁতৰি গৈছিল। বাসগৃহৰ পৰা মুখ্যমন্ত্ৰী বৰদলৈ যেতিয়া ওলাই আহিছিল, তেতিয়া গৈ নতুন গাড়ীখন দেখি বৰদলৈয়ে হেনো মনতে ভাবিছিল- কাকতখনক শিক্ষা এটা দিওঁ বুলি কাকতখন নিষিদ্ধ কৰিলো যদিও ৰাধা গোবিন্দ বৰুৱাই দোখোন নতুন গাড়ীহে কিনিছে।
তাৰ পাছতে বৰদলৈয়ে কাকতখনৰ ওপৰত জাৰি কৰা নিষিদ্ধকৰণৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছিল। গণতন্ত্ৰত সংবাদ মাধ্যমৰ ওপৰত হোৱা আক্ৰমণ, শাসকীয় পক্ষৰ দমন আৰু ভিতীপ্ৰদৰ্শনৰ কথা ক’বলৈ গৈ প্ৰদীপ বৰুৱা সেইদিনা এই কাহিনটো কৈছিল।
সংবাদ মাধ্যমৰ চৰিত্ৰ সময়ৰ সৈতে হোৱা পৰিৱৰ্তন গণতন্ত্ৰৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু অতি সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ কথা এই সাক্ষাতকাৰটোত সেইদিনা তেওঁ বৰ সুন্দৰকৈ তুলি ধৰিছিল। আনকি তেওঁ নৱবৰ্ষৰ দিনটোত দিশপুৰতে ৰজাঘৰীয়াক জবাবদিহি কৰি মুকলিকৈ অতি ভদ্ৰ ভাষাত কঠোৰ সমালোচনা কৰিব পাৰিছিল।
এক স্বাধীনচেতিয়া মন আৰু জাতিৰ প্ৰতি থকা স্বভিমানৰ বাবে তেওঁ ৰজাঘৰীয়াৰ দুৱাৰডলিত গৈ আঁঠু লোৱা নাছিল। প্ৰান্তিক আলোচনীখনত যুক্তিনিষ্ঠ, বিজ্ঞানসন্মত, পঠনযোগ্য আৰু স্বাৱলম্বীৰূপত প্ৰতিষ্ঠা কৰি এক বিপ্লৱৰ সূচনা কৰিছিল।
দ্য আসাম ট্ৰিবিউন কাকতত সাংবাদিকতা আৰম্ভ কৰি প্ৰান্তিকৰ জৰিয়তে ড০ ভবেন্দ্ৰ নাথ শইকীয়াক লগত লৈ জাতীয় দায়িত্ব পালন কৰাৰ লগতে সামাজিক আৰু আৰ্থিক, ৰাজনৈতিক বুনিয়াদৰ সবল ভেঁটি তৈয়াৰ কৰা মানুহজন আছিল প্ৰদীপ বৰুৱা।
তেওঁৰ ভাষাত ড০ ভবেন্দ্ৰ নাথ শইকীয়া তেওঁৰ গুৰু আছিল। সেই দৃষ্টি আৰু সৃষ্টিৰে এখন আলোচনীৰ জৰিয়তে কেইবাটাও প্ৰজন্মক বিভিন্ন দিশত তৈয়াৰ কৰি এটা যুগৰ অন্যতম স্ৰষ্টা আছিল তেওঁ। জাতীয় জীৱন লৈ সংকট আহিলেই তেওঁ সদায় আগত থিয় হৈছিল। নীৰৱে, ধীৰ- স্থিৰে, আৱেগ বৰ্জিতভাৱে তেওঁ মৃত্যুপৰ্যন্ত সেই স্থানত থাকি গ’ল।
নিৰ্ভয়ে ক’ব লগাবোৰ কৈ যোৱাৰ বাবে ৰজাঘৰে তেওঁক প্ৰাপ্য সন্মান জীৱিতকালতো নিদিলে আৰু মৃত্যুৰ পাছতো একেই কৰিলে। ১৪ জানুৱাৰী ২০২৬ত ৮৭ বছৰ বয়সত তেওঁ ইহসংসাৰ এৰি গুচি গ’ল। নৱগ্ৰহত ১৫ জানুৱাৰী ২০২৬ত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ’ল।
এই মানুহজনৰ বাবে অভাৱ হ’ল ৰজাঘৰৰ সেই সকল নেতা-মন্ত্ৰীৰ এপাহ ফুল, এটা শোকৰ বাণীৰ। একেদৰে বিৰোধী পক্ষৰ নেতাসকলেও আজৰি নাপালে তেওঁৰ নশ্বৰদেহৰ কাষলৈ গৈ এইগৰাকী বৰণ্য অসমীয়াক শেষ সন্মানকণ যাচিবলৈ।
বহু জাতীয় অনুষ্ঠানেও তেওঁক শেষ সন্মানকণ দিয়াত কৃপণালি কৰিলে। বহুতে ইয়াক লৈ ক্ষোভ উজাৰিলেও হয়তো ঠিকেই হ’ল তেওঁলোক নগ’ল তেওঁৰ কাষলৈ শেষবাৰৰ বাবে। এইবোৰ তেওঁ কোনোদিনেই বিচৰা নাছিল। সেইসকলৰ কৃত্ৰিম শ্ৰদ্ধা আৰু শোকৰ বাণীত সৎ হৈ ৰোৱা মানুহজনৰ নশ্বৰদেহতো দাগ নালাগিল।
তেওঁক জনা, বুজা মানুহবোৰে নীৰৱে তেওঁৰ বিয়োগত মৰ্মাহত হৈ টুকা চকুপানীবোৰেই তেওঁৰ আচল মৰ্যাদা। নালাগে তেওঁক ৰজাঘৰৰ শেষ শ্ৰদ্ধা। এনেকৈয়ে তেওঁ ৰৈ যাব মানুহৰ মনত। প্ৰান্তিকেই সোঁৱৰাই থাকিব তেওঁৰ কথা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us