পি. জি. বি.

কিছুমান মানুহ ব্যক্তিত্ব আৰু মেধাৰ জৰিয়তে উজলি উঠে। তেনে ব্যক্তিত্বৰ মাজেৰে এক স্বকীয় পৰিচয় থকাৰ পাছতো তেওঁলোক নীৰৱে আঁৰতে থাকি নিজৰ কাম কৰি যায়। ইয়াৰ বাবে তেওঁলোকে কোনো দিনেই স্বীকৃতি নিবিচাৰে।

New Update
WhatsApp Image 2025-12-15 at 2.33.56 PM

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান মানুহ ব্যক্তিত্ব আৰু মেধাৰ জৰিয়তে উজলি উঠে। তেনে ব্যক্তিত্বৰ মাজেৰে এক স্বকীয় পৰিচয় থকাৰ পাছতো তেওঁলোক নীৰৱে আঁৰতে থাকি নিজৰ কাম কৰি যায়। ইয়াৰ বাবে তেওঁলোকে কোনো দিনেই স্বীকৃতি নিবিচাৰে।

তেনে এজন প্ৰজ্ঞাৰে প্ৰজ্বলিত লোকে অসমৰ এটা সংবাদ গোষ্ঠীক ৬দশকৰো অধিক কাল নেতৃত্ব দিছিল। সেই নেতৃত্ব বহন কৰোতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু জাতীয় জীৱনৰ বহু উত্থান- পতনৰ সাক্ষী হৈ ৰৈছিল। 

ইচ্ছা কৰা হ’লে তেওঁ স্বদেশ- স্বজাতিৰ কথা নাভাবি, ৭০ দশকত অসমলৈ ঘূৰি নাহি বিশ্বজনীন এক কেৰিয়াৰৰ কথা চিন্তা কৰিব পাৰিলেহেতেঁন ! সেই সুযোগ থকাৰ পাছতো অসমৰ দৰে এখন ৰাজ্যত সংবাদ মাধ্যমক আগুৱাই নিবলৈ কঠোৰ পৰিশ্ৰমেৰে এক বুনিয়াদ তৈয়াৰ কৰিবলৈ কান্ধত দায়িত্ব গ্ৰহণ কৰিছিল।

৯৪বছৰ বয়সত ১৪ ডিচেম্বৰ ২০২৫ত তেওঁ ইহসংসাৰ ত্যাগ কৰিলে যদিও, তেওঁৰ কৰ্মৰাজি অসমৰ সমাজ-জীৱনত, সাংবাদ মাধ্যমৰ ইতিহাসত এক সোণালী অধ্যায় হৈ ৰৈ যাব। অসম আন্দোলনৰ সময়ত জাতিৰ প্ৰতি অহা প্ৰত্যাহ্বান উপলব্ধি কৰিয়েই তেওঁ নেতৃত্ব দিয়া সংবাদ গোষ্ঠীটোক ইয়াৰ বাবে উছৰ্গা কৰাতো আছিল অন্যতম উল্লেখযোগ্য ঘটনা। 

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ তিনি সুযোগ্য সন্তাৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান। নাম প্ৰফুল্লগোবিন্দ বৰুৱা। বহুতৰ বাবে তেওঁ আছিল পি জি বৰুৱা বা পি জি বি। ধীৰ আৰু গহীন- গম্ভীৰভাৱে জীৱন-চৰ্যাক আগুৱাই নিয়া প্ৰফুল্ল গোবিন্দ বৰুৱাৰ জন্ম হৈছিল ডিব্ৰুগড়ত। 

তাতেই তেওঁ গ্ৰহণ কৰিছিল স্কুলীয়া শিক্ষা। ১৯৩৩চনৰ ২৬জুলাইত জন্মগ্ৰহণ কৰা বৰুৱাই ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হিচাপে কটন কলেজত অধ্যয়ন কৰিলে, পৰৱৰ্তী সময়ত তেওঁ হৈছিল গৈ কলকাতত অৰ্থনীতি আৰু আইনৰ ছাত্ৰ। সেই সময়তে তেওঁক সহপাঠী হিচাপে পাইছিল বিশ্ব বিখ্যাত অৰ্থনীতিবিদ অমর্ত্য সেনক। 

শ্ৰেণীকোঠাত সেনৰ সৈতে একেখন বেঞ্চতে বহি অৰ্থনীতি বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল। দুয়োৰে মাজৰ সেই বন্ধুত্ব স্থায়ী হৈ ৰৈছিল। কলকাতাৰ পৰাই আইন বিষয়ক স্নাতক পাঠ্যক্ৰমত কলকাতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সুনাম আনিছিল। 

লণ্ডনৰ বিখ্যাত লণ্ডন স্কুল অৱ ইক’নমিকছত অধ্যয়নৰ সুযোগ পায়ো পিতৃৰ নিৰ্দেশ মৰ্মে অসমলৈ ঘূৰি আহি তেওঁ ১৯৬৪চনত আসাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে গ্ৰেট বৃটেইনৰ থমছন ফাউণ্ডেশ্যনৰ পৰা সাংবাদিকতা আৰু ছপাৰ প্ৰযুক্তিৰ প্ৰশিক্ষণ লৈ এই বৃত্তিৰ বাবে তেওঁ নিজকে সাজু কৰি আনিছিল।

একেদৰে ৰাষ্ট্ৰীয় কাকতৰ সম্পাদকীয় পৃষ্ঠাত কাম কৰাৰ অভিজ্ঞতাৰে তেওঁ অভিজ্ঞ আছিল। ১৯৬৪ৰ পৰা মৃত্যুপৰ্যন্ত আসাম ট্ৰিবিউন গোষ্ঠীক কৰ্ণধাৰ হিচাপে তেওঁ দায়িত্ব পালন কৰি গৈছিল। তাৰ মাজতে ১৯৬৫ চনত এই গোষ্ঠীৰ পৰা প্ৰকাশ পোৱা দৈনিক অসম কাকতৰ তেওঁ আছিল অন্যতম ৰূপকাৰ। যিখন কাকত পৰিস্থিতিগত কাৰণত কিছুদিনৰ পূৰ্বে মালিকীস্বত্ব বিক্ৰী কৰি দিয়া হৈছিল। 

সাংবাদিক আৰু সংবাদকৰ্মীৰ প্ৰতি গভীৰ দায়িত্ববোধ প্ৰদৰ্শন কৰিছিল তেওঁ। তেওঁৰ বৰ্ণিল জীৱনৰ বহু কথা লিখি গৈছিল ৯১বছৰ বয়সত। ‘সোঁৱৰণীৰ বাটে বাটে’ নামৰ এই আত্মজীৱনীখন আছিল প্ৰফুল্লগোবিন্দ বৰুৱাৰ কৰ্মময় জীৱনৰ দলিল। যিখন জীৱনীত আছে উপন্যাসৰ দৰে কাহিনীৰ গতি, বহু ঘটনা প্ৰবাহৰ স্মৃতিৰ চিকমিকনি। 

১৯৬০ চনৰ ২৫ ছেপ্তেম্বৰত তেখেত বিবাহপাশত আৱদ্ধ হৈছিল ৰেখা দেৱীৰ সৈতে। দুই কন্যা ক্ৰমে- ববিতা ৰাজখোৱা আৰু বনিতা বৰুৱা তেওঁৰ উত্তৰাধিকাৰী। তুলসী গোবিন্দ বৰুৱা তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰান্তিকৰ সম্পাদক তথা স্বত্বাধিকাৰী প্ৰদীপ বৰুৱা তেওঁৰ কনিষ্ঠ ভাতৃ।

বৌদ্ধিক হতাশা আৰু স্খলিত চেতনাৰ বিপৰীতে সদায় এক প্ৰেৰণাময় শক্তি হৈ আছিল তেওঁ। ১৯৯৭ চনৰ পৰা তেওঁ আসাম ট্ৰিবিউনৰ সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰিব লগা হৈছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা আছিল- এজন প্ৰবীণ সাংবাদিক- সম্পাদক আৰু এটা উত্তৰ- পূৰ্বাঞ্চলৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। 

এই সংবাদ গোষ্ঠীটোৰ পৰাই প্ৰকাশ পাইছিল- অসম বাণী। সংবাদ মাধ্যমক জাতীয় চেতনাৰে সম্বৃদ্ধ কৰি জাতিটোৰ সমস্যা, দাবী তুলি ধৰিবলৈ তেওঁ সদায় চেষ্টা কৰিছিল আৰু সুযোগ দিছিল। সেই জন অভিভাৱককে হেৰুৱালো আমি। নাছিল তেওঁৰ কোনো প্ৰদৰ্শনকামী মনোভাব, নীৰৱে কামতে সদায় ব্যস্ত কৰি ৰাখিছিল নিজক।

news