/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3dd6cd30-21c5-4075-96ee-145ce860c4ab/AP_FOR_WEB_NEW____bikhekh_lekha_kati_bihu.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সেউজীয়া পথাৰ খনত কৃষকৰ পৰিশ্ৰমৰ অন্তত জীপাল হোৱা সময় এয়া। অসমীয়া সমাজ জীৱনৰ অন্যতম বিহু কাতি বিহু। তুলসীৰ তলত চাকি-বন্তি জ্বলাই শঁইচ, ধন সম্পত্তিৰে উভয়নদী হোৱাৰ কামনাৰে প্ৰাৰ্থনা কৰাৰ সময় এয়া।
কাতি বিহুৰ সেই স্বকীয়তা আছে জানো এতিয়া? পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সেই ৰীতি-নীতি আৰু পৰম্পৰা এতিয়া বহুতৰ বাবে স্মৃতিহে মাঁথো।চকুৰ সন্মুখতে হেৰাই গৈছে ইখনৰ পাছত সিখন পথাৰ।
গোহালিত এতিয়া গৰু নাই। গেৰেজত থাকে ট্ৰেক্টৰ। বহু পৰিয়ালৰ পৰা হেৰাই গৈছে ভৰাল। আগতে কি আছিল। কাতি বিহু বুলি দিনটোৰ ব্যস্ততা। চোতালৰ তলত বোকা লেপি ইটা পাৰি সজা থাপনাৰ মাজত ৰুৱা হৈছিল তুলসীৰ পুলি।
এতিয়া ক'ত মাটি? টাবত তুলসী গুজি কোনো কোনোৱে কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰা চেষ্টা কৰে।কাতি বিহুৰ প্ৰতি মানুহৰ আগ্ৰহহীনতা বহু কাৰণ আছে। খেতি কৰিবলৈ পাহৰা সকলৰ বাবে কাতি বিহুৰ প্ৰয়োজনীতাই বা কিমান?
চহৰতো এতিয়া কাতি বিহু পাতে। অনুষ্ঠিত হয় কাতি বিহু মেলা। বুট, মগু নৈবদ্যৰে চাকি-বন্তি জ্বলাই ঘৰে ঘৰে । আছে জানো তাত প্ৰকৃত কাতি বিহুৰ তাৎপৰ্য আৰু মাদকতা? গাঁওবোৰত মানুহবোৰ এলেহুৱা হ'ল। এতিয়া কৃষক নহয় হিতাধিকাৰী হ'ব খোজে সকলোৱে।
খেতি কৰি ধান চপোৱা কষ্ট এতিয়া কৰিব নোখোজে। শাওনৰ বোকাত গুজি থৈ অহা সজাল ধান বোৰ চাবলৈ পথাৰলৈ যোৱা খেতিয়কৰ প্ৰফুল্লিত মনবোৰ কৰবাত হেৰাই গ'ল। চাউল আহে ৰজা ঘৰৰ পৰা । মাহেকত চৰকাৰে দিয়ে একাউন্টত ধন ভৰাই।
সেই কাতি বিহু এতিয়া মাদকতাবিহীন হৈ পৰিছে গাঁওবোৰতো। চাকি জ্বলাবলৈ পথাৰলৈ যোৱাৰ প্ৰয়োজন নাই। আগতে হোৱা হ'লে সেই সেউজীয়া পথাৰ বোৰৰ ধানৰ দীঘল পাতবোৰৰ ফাকে ফাকে জিলিকি উঠিল হয় চাকি বন্তিৰ পৰা প্ৰতিফলিত হোৱা পোহৰ।
পৰম্পৰা এনেকৈয়ে সলনি হয়। সময়ে সকলো কৰিবলৈ মানুহক বাধ্য কৰে। পুৰণি দিনৰ কাতি বিহুৰ সেই দৃশ্যবোৰে বহুতক আমনি কৰে। এক মায়াময় পৰিৱেশ । চোতালত ফুলি থকা শেৱালি বোৰ, শীতৰ ঠাণ্ডা বতাহ জাক, আকাশৰ নীলা মেঘবোৰে এতিয়াও সেই পৰিৱেশ যেন বিচাৰি ফুৰে।
এসময়ত চৌদিশে আছিল পথাৰ। সেই পথাৰবোৰত লাহে লাহে থিয় হৈ উঠিছে বিশাল অট্টালিকা তথা মানুহৰ ঘৰ, উদ্যোগ আদি। বিপুল সম্ভাৱণা কঢ়িয়াই ফুৰা, নাঙলৰ শিৰলুত মাটিৰ কামনা বিয়পাই দিয়া দিনবোৰ এতিয়া বিচাৰিলেও পোৱা কঠিন।
কপালৰ ঘাম মাটিত পৰিছিল। পথাৰবোৰ সেউজীয়া হৈ প্ৰাণময় জীৱনৰ মাদকতা বিলাইছিল। কঠোৰ সাধনাৰ সাক্ষী হৈছিল এই পথাৰবোৰ। চকুৰ সন্মুখত হেৰাই যোৱা পথাৰবোৰৰ কথা কোনো কেতিয়াও ভবাৰ অৱকাশেই বিচাৰি পোৱা নাই।
তেনে পৰিস্থিতিত কেনেকৈ কৃষিগত পৰম্পৰাৰে উদযাপন কৰা কাতি বিহু তিষ্টি থাকিব। কেৱল তুলসী পুলি এটা ৰুই, চাকি এগজ জ্বলাই তাৰ আনুষ্ঠানিকতা ধৰি ৰাখিছো আমি।
দুই এক ঠাইত আগৰ কাতি বিহু কাতি বিহু হৈয়ে আছে। কিন্তু কিমান দিনলৈ থাকিব তাৰ সন্দেহ ৰৈ যায়। গোলকীকৰণ, ডিজিটাইলেজেশ্যন, হিতাধিকাৰী আঁচনি সকলো উপসৰ্গই কাতি বিহুক আক্ৰমণ কৰিছে। চৰকাৰেও মাজতে কাতি বিহুৰ বন্ধ উঠাই দি ইয়াৰ প্ৰয়োজনীয়তাক লঘু কৰি তুলিছিল। এনেকৈয়ে অসমীয়া জাতীয় উৎসৱ ৩ বিহুৰ ভিতৰত কাতি বিহু জীয়াই আছে।