/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/0f314b7d-e3ca-4d77-ae5b-e44f86f0e49b.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
সেমেকা পূজা! পূজা মানেই বেলেগ পৰিবেশ। উৎসাহ-উদ্দীপনাৰে ভৰা এক উৎসৱ। চৌদিশে কেৱল আনন্দময় পৰিৱেশ। বাটে-পথে গান-বাজনা, স্তুতি, আৰাধনা, মানুহৰ সীমাহীন সমাগম। গুৱাহাটীত পূজা ষষ্ঠীৰ এসপ্তাহ আগৰপৰাই লাগে। কাপোৰৰ বজাৰত মানুহৰ ভিৰ বাঢ়ে। পূজা মানেইতো নতুন চোলা, নতুন কাপোৰ, নতুন চেণ্ডেল।
পূজাতেই প্ৰিয়জনক দিয়া হয় উপহাৰ। কাৰোবাক কাপোৰ, কাৰোবাক চেণ্ডেল, কাৰোবাক পূজাৰ পুতলা। এই উপহাৰৰ আমেজ বেলেগ। প্ৰিয়জনক নি নতুন কাপোৰ বা এযোৰ জোতা-চেণ্ডেল কিনি দিয়াৰ হাবিয়াস পূজাৰ বতৰত সকলোৰে হয়। সেয়াইতো প্ৰাপ্তি, মৰমৰ অভিব্যক্তি।
পূজা সকলোৰে বাবে নাহে। পূজা আহে কিন্তু তেওঁলোকৰ বাবে পূজাৰ ব্যস্ততা বাঢ়ে। ট্ৰেফিক পইণ্টত ৰৈ থকা আৰক্ষী কনিষ্টবলজনৰ বাবে পূজা মানেই বোজা। মানুহৰ ভিৰ ৰাষ্টাত বাঢ়ে। দুপৰ নিশালৈকে ট্ৰেফিক পইণ্টত ৰৈ হুইচেল বজাব লাগে। আনে ফূৰ্তি কৰে আৰু তেওঁ দুখ-ভাগৰে মাজ ৰাতি কৰ্তব্য সামৰে। এনে বহু লোক আছে যাৰবাবে পূজা আহিও নাহে।
মহানগৰীত বাটে-পথে ঘূৰি ফুৰা অঘৰী লোকসকলৰ বাবেও পূজা নাহে। পূজা আৰু আনদিনৰ মাজত তেওঁলোকৰ কোনো পাৰ্থক্য নাথাকে। বৈভৱময় জীৱন তেওঁলোকে ঢুকি নাপায়। দেখে কেৱল জাক-জমক পৰিবেশ। মলিয়ন চোলা বা উদং গাৰে তেওঁলোক ঘূৰি ফুৰে সেই ৰঙীণ পৰিবেশৰ মাজত।
বিদ্যুৎ বিভাগৰ লোকসকলৰ বাবেও পূজা মানেই ব্যস্ততা। তেনেদৰে চাফাই কৰ্মীবোৰৰ বাবেও পূজা আহিলে কাম বাঢ়ে। ৰাষ্টা-পদূলি জাৱৰেৰে ভৰি পৰে। চিকিৎসকৰ বাবেও পূজা মানে বন্ধ নহয়। সাংবাদিকৰ বাবেও পূজা মানেই বাতৰিবিহীন এক জীৱন নহয়। অত্যাৱশ্যকীয় সেৱা, প্ৰশাসনীয় দিশ চোৱাচিতা কৰা লোকসকলৰ বাবে পূজাই ব্যস্ততা বঢ়ায়।
পূজাৰ বতৰত বহুতৰে ভাল ব্যৱসায় হয়। মানুহ ঘৰৰ পৰা যিমানেই ওলাই, বজাৰত বিক্ৰী সিমানেই বাঢ়ে। সেইসকল লোকৰ বাবেও পূজাই সুযোগ আনে। কিন্তু তেওঁলোকে পূজা উপভোগ কৰিব নোৱাৰে। খোজকাঢ়ি লগ-সংগৰ সৈতে পূজা চোৱাৰ মজাই বেলেগ।
মহানগৰীত পূজা বুলি ক'লেই অন্য এক পৰিবেশে বিৰাজ কৰে। ষষ্ঠীৰ আগদিনা সেই ব্যস্ততা আৰু ৰঙীন মহানগৰীৰ জীৱন, ঠাণ্ডা বতাহ, মুকলি আকাশ সকলো মিলি এক মাদকতাপূৰ্ণ পৰিবেশে গঢ় লৈ উঠে। দেৱীক প্ৰতিষ্ঠা কৰাৰ পূৰ্বেই মণ্ডপ সাজু কৰা হয়। ৩০-৪০লাখ টকীয়া এই মণ্ডপবোৰত ৰং-বিৰঙৰ আলোকসজ্জাই মানুহৰ মন মোহাচন্ন কৰি ৰাখে। কিন্তু এইবাৰৰ পূজা যেন আন বাৰৰ পূজাতকৈ ব্যতিক্ৰম। পূজা আহিছে এই শৰতৰ বতৰতে। কিন্তু সেই আনন্দময় পৰিৱেশৰ মাজত এক সেমেকা বাতাবৰণ। পূৰ্বৰ দৰেই ৰঙীণ আলোকসজ্জাই চানি ধৰা নাই মহানগৰীৰ পূজা মণ্ডপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/chandmari-colony-puja.jpg)
চানমাৰি কলনীৰ পূজাৰ পৰিবেশ এয়া। ৰঙীণ লাইট জ্বলিছে যদিও, পূজাৰ বাজেট পূৰ্বতকৈ কমিছে। মানুহৰ সমাগম বাটে-পথে নাই। বজাৰ-সমাৰতো এক খালী পৰিৱেশ। লাখ টকাৰ কাপোৰ কিনা ব্যৱসায়ীবোৰৰ মনত হতাশা। পূজা আহিল কিন্তু দোকানলৈ আহিব বুলি ভবা ধৰণে মানুহ নাহিল।
মহানগৰীৰ এখন ব্যস্ত পূজাস্থলী হ'ল গীতানগৰ পূজাস্থলী। কলকাতাৰ এটা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইখন পূজা। ২৫ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/geetanagar-puja-5.jpg)
পূজাৰ সেই ব্যস্ততাৰ উমান লৈ মহানগৰীৰ কেবাখনো পূজাস্থলীত পূৰ্বৰ দৰে উৎসাহৰ পৰিৱেশ পিছে দেখা পোৱা নগ'ল। যি কাৰণতেই নহওঁক, সেই পৰিবেশে বিৰাজ কৰা নাই এই পূজাস্থলীবোৰত। পূজাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অস্থায়ী দোকানৰ গৰাকীবোৰেও দিলে এক ইংগিত- এইবাৰ পূজাৰ ভাল লক্ষণ দেখা। মানুহবোৰৰ গাত পূজা লগা নাই।
মালিগাঁও, জু-ৰোড, গণেশগুৰি, বেলতলা কোনো এখন পূজা মণ্ডপতেই পূৰ্বৰ সেই প্ৰাণচঞ্চল পৰিবেশ পূজাৰ আগদিনা বিৰাজ কৰা পৰিলক্ষিত নহ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/maligaon-raliway-puja2.jpg)
তাৰমাজতেই কিছু ব্যতিক্ৰম মালিগাঁও। ৰেষ্টকেম্প, সাৰ্বজনীন পূজা মন্দিৰ, আমেৰিকান কলনী আদি ঠাইত মানুহৰ সমাগম পূজাৰ আগদিনাৰ পৰাই হৈছে। যথেষ্ট সংখ্যক লোক পূজা চাবলৈ ওলাই আহিছে। সেই পৰিবেশৰ মাজত থাকি অনুভৱ হ'ল পূজা সঁচাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/restcamp-kalibari-puja-6.jpg)
এইবাৰ পূজাত এনে এক নিষ্টেজ পৰিবেশ কিয়? কিহৰ অভাৱ পূজাত? কি কাৰণে পূজা মণ্ডপসমূহত নাই পূৰ্বৰ দৰে জাক-জমকতা। কোনোমতে পূজা অনুষ্ঠিত কৰাতেই তেওঁলোক থমকি ৰ'ব লগা হৈছে নেকি? মহানগৰীৰ কেবাখনো পূজা মণ্ডপৰ কৰ্মকৰ্তাই সেই কথা স্বীকাৰ কৰিলে। পূজা বুলি ক'লেই যি পৰিমাণে মুক্তহস্তে মানুহে দান-বৰঙণী দিয়ে তেনে লোকৰ সংখ্যা কমিছে। আগতে ১০ হাজাৰ টকা দিয়া বহু লোকে এতিয়া পূজাৰ চান্দা বিচাৰি গ'লে হাতত তুলি দিয়ে ৫০০ টকা। সেয়েহে বাধ্যত পৰি পূজাৰ জাক-জমকতা পৰিহাৰ কৰি, বাজেট কমাই পূজা পাতিব লগা পৰিবেশ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/american-colony-puja.jpg)
পূজাৰ সময়ত তিতলিৰ প্ৰভাৱ পৰিব বুলি ভবা হৈছিল। ইতিমধ্যে সেই আশংকা কমিছে। বতৰ ফৰকাল। কিন্তু মানুহৰ মনবোৰ ফৰকাল নহয়। অজান আশংকাত পূজাৰ প্ৰতি মানুহৰ পূৰ্বৰ আগ্ৰহ হেৰাই গৈছে। পূজাত সাধাৰণতে গুৱাহাটীতে থকা বহু মানুহ বন্ধ কটাবলৈ ঘৰলৈ গুচি গৈছে। পূজাৰ বতৰত খাম, ফূৰ্তি কৰিম সেই ধাৰণাৰ পৰা মানুহ ওলাই আহিছে। ইয়াক বন্ধৰ ৰূপত সময় অতিবাহিত কৰাৰ কেইটামান দিন বুলি গণ্য কৰি গাঁৱৰ ঘৰলৈ গুচি গৈছে। লক্ষণীয়ভাৱে এই পূজাত গুৱাহাটীত মানুহ কমিছে।
পূজাৰ দুদিনৰ আগত মহানগৰীত বিস্ফোৰণ। এই বিস্ফোৰণৰ পাছত পূজাৰ নিৰাপত্তাক লৈ আৰক্ষী তথা প্ৰশাসন চিন্তিত। একেদৰে চিন্তিত হৈছে সাধাৰণ মানুহবোৰো। ক'ত কেতিয়া কি ঘটি যায় একো ঠিক নাই। সেয়েহে বহুজনে পূজাত ঘৰতে বহি সময় অতিবাহিত কৰাৰ পৰিকল্পনা কৰিছে।
এইদৰে এতিয়া গুৱাহাটীত চলিছে পূজাৰ প্ৰস্তুতি। ষষ্ঠীৰ আগদিনাৰ পৰিবেশ এয়া। সেমেকা বতাহজাকে চুই গৈছে। তল সৰা শেৱালিৰ সুগন্ধ বিয়পিছে। কিন্তু সেমেকা ঠাণ্ডা বতাহজাকৰ মাজত পূজাৰ গৰম পৰিবেশ এতিয়া নাই। উদং বাট-পথত নিশা দেখা পোৱা গ'ল কেইখনমান বাহন। য'ত মা দুৰ্গাৰ সৈতে মহিষাসুৰ আৰু দেৱ-দেৱীৰ মূৰ্তি উঠাই পূজাস্থলীলৈ সেইবোৰ লৈ যোৱা হৈছে।
বিমুদ্ৰাকৰণ, জি এছ টি আদি সকলোৰে প্ৰভাৱ পৰিছে পূজাত। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত সেয়ে যে এইবাৰ পূজা কিছু ম্লান পৰিছে। তথাপিও পূজা আহিছে আনন্দৰ বতৰা লৈ। দুখৰ মাজত সুখ বিলাবলৈকে শৰতৰ আগমন। সেই শাৰদীয় স্নিগ্ধ জোনাকত মন-প্ৰাণ পুলকিত কৰা এক পৰিবেশ প্ৰকৃতিয়ে দিছে।
যি কাৰণতেই নহওঁক, পূজাৰ প্ৰতি যেন মানুহৰ কিছু আগ্ৰহ কমিছে। মহানগৰীত এইবাৰ পূজাৰ সংখ্যাও হ্ৰাস পাইছে। হ্ৰাস পাইছে পূজাৰ নামত ব্যয় কৰা ধন। পূজাত দান দিয়া সকলেও হাত উজাৰি পূজাৰ বাবে অৰিহণা আগবঢ়াবলৈ সংকোচ কৰিছে। এইবোৰ প্ৰতিবন্ধকতাৰ মাজতেই শাৰদীয় অনাবিল সুখ-অনুভূতি দিবলৈকে শৰতৰ আগমন ঘটিছে।
সময় সলনি হৈছে। পৰিৱৰ্তন হৈছে সময়ৰ সৈতে মানুহৰ ইচ্ছা আৰু ভালপোৱাৰ। পূৰ্বতে পূজাৰ সৈতে আছিল বেলুনৰ সু-সম্পৰ্ক। পূজা মানেই বেলুন, জেলেপি ইত্যাদি। পূজাৰ বতৰত জেলেপি খাবলৈ ইচ্ছা যায়। লগ-বন্ধুৰ সৈতে আড্ডা মাৰি জেলেপি খোৱাৰ সোৱাদেই অনন্য। এইবাৰো পূজাত বেলুন উলাইছে। কিন্তু সেইবোৰ অন্য ৰূপত। ছুইটচ দিলেই জ্বলি উঠে ৰঙীণ বেলুন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/maligaon-raliway-puja.jpg)
এইবোৰ বেলুনৰ একো একোটাৰ মূল্য ১০০-১৫০টকা। মানুহে নিকিনাকৈ থকা নাই তথাপিও। পূৰ্বতে একোটা বেলুনৰ মূল্য আছিল ৫০ পইচা-১ টকা। মূল্যবৃদ্ধিৰ প্ৰভাৱ বেলুনতো পৰিছে। হাজাৰ সমস্যাৰ মাজতো পূজা আহিছে। কাৰোবাৰ আগ্ৰহ কমিলেও সময়মতে পূজা আহিব-যাব। ষষ্ঠীৰ পৰা দশমীলৈকে দেৱী পৃথিৱীত থাকিব। ধূপ-ধূনা, নৈবেদ্যৰে দেৱীৰ আৰাধনা চলিব। পূজা এক সাৰ্বজনীন উৎসৱ। ই লৈ আহে সুখৰ বতৰা। সেয়েহে পূজাৰ বতৰত সকলোলৈ শাৰদীয় শুভেচ্ছা।