কটনকে ধৰি ৰাজ্যৰ শিক্ষানুষ্ঠানৰ নিৰ্বাচনৰ ফলাফলে কিহৰ ইংগিত দিছে আজি?

কটনকে ধৰি ৰাজ্যৰ শিক্ষানুষ্ঠানৰ নিৰ্বাচনৰ ফলাফলে কিহৰ ইংগিত দিছে আজি?

author-image
asomiyapratidin
New Update
কটনকে ধৰি ৰাজ্যৰ শিক্ষানুষ্ঠানৰ নিৰ্বাচনৰ ফলাফলে কিহৰ ইংগিত দিছে আজি?

► মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ভাৰতৰ ৰাজনীতিত ছাত্ৰৰ ৰাজনীতিৰ প্ৰভাৱ স্বাধীনতাৰ আগৰে পৰা আছে। স্বাধীনতা আন্দোলনত ছাত্ৰ শক্তি আছিল এক প্ৰভাৱশালী শক্তি। শেহতীয়াকৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ বিশেষকৈ মহাবিদ্যালয়সমূহৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ পৰৱৰ্তী ৰাজনৈতিক সমীকৰণৰ সন্দৰ্ভত কিছু ইংগিত দি গৈছে। অতি শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনত কোনো এক বিশেষ শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী বিজয়ী হোৱাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদত ছাত্ৰ মুক্তিৰ প্ৰাৰ্থী জয়ী হৈছে।

তেনেদৰে সহকাৰী সাধাৰণ সম্পাদক, কটনীয়ান আদি পদত জয়ী হৈছে আছু সমৰ্থিত প্ৰাৰ্থী। এইবছৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনৰ ফলাফল সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে লক্ষ্য কৰা যায় যে কোনো এক শক্তিয়ে বিশেষ সফলতা ৰাজ্যজুৰি লাভ কৰিব পৰা নাই। কটনক ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ কেন্দ্ৰবিন্দু বুলি ধৰা হয়। সেয়েহে এই শিক্ষানুষ্ঠানখনৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত দৃষ্টি থাকে সকলোৰে। ৰাজ্যৰ বাকী শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতো ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল বহুধা শিবিৰত বিভক্ত হৈছে।

কোনো এক ছাত্ৰ সংগঠনে এই নিৰ্বাচনবোৰত চকুত লগাকৈ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।তাৰ বিপৰীতে এটা কথা লক্ষণীয় হৈছে যে, শাসনত অধিষ্ঠিত বিজেপিৰ ছাত্ৰ সংগঠনৰূপে পৰিচিত এ বি ভি পিয়েও বিশেষ প্ৰভাৱ পেলাব পৰা নাই নিৰ্বাচনবোৰত। কেন্দ্ৰত চাৰি বছৰ আৰু ৰাজ্যত দুবছৰ শাসনত থকা বিজেপিৰ ছাত্ৰ সংগঠনৰূপে যুৱ শক্তি তথা ছাত্ৰ সমাজ এ বি ভি পিৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও, কম দিনৰ ভিতৰতে সেই ভেটি খহা যেন অনুভৱ হৈছে।

এয়া শাসকীয় দলটোৰ বাবে অশনি সংকেতো হ'ব পাৰে। কিয়নো যুৱ শক্তিক আধাৰ কৰি লৈ শাসনৰ গাদীলৈ আহিছিল বিজেপি। সেই যুৱ শক্তিৰ সমৰ্থন আৰু শাসকীয় দলটোৰ প্ৰতি থকা টান কিমান সেয়া এই নিৰ্বাচনবোৰৰ ফলাফলত প্ৰতিফলিত হয়। অৱশ্যে এই কথাও সত্য যে বহুধা শিবিৰত বিভক্ত হোৱা ছাত্ৰ সমাজৰ এই শেহতীয়া স্থিতিয়ে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিয়াৰ দৰে ৰাজ্যৰ জাতীয় সংগঠনসমূহৰ ছাত্ৰ শক্তিৰ অস্তিত্বক লৈও প্ৰশ্ন উত্থাপন হয়। আছু, ছাত্ৰ মুক্তি এই শক্তিসমূহ কোনো দিনেই এক নহয়। তেনেস্থলত ইয়াৰ সহায়ত আগন্তুক নিৰ্বাচনৰ ফলাফলত যুৱ সমাজে কি ভূমিকা পালন কৰিব পাৰে বা তেওঁলোকৰ ভূমিকাৰ ফলাফল কি হ'ব পাৰে সেই ছবি স্পষ্ট নহয়।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজনৈতিক পৰিৱৰ্তনৰ মূল কাৰণ আছিল নতুন প্ৰজন্মৰ পৰিৱৰ্তনৰ প্ৰতি আগ্ৰহ। অসমতো সেয়াই হৈছিল। কিন্তু পুনৰ ছিণ্ডিকেটৰাজৰ প্ৰসংগ, আৰু সেই ছিণ্ডিকেটৰ সৈতে শাসকীয় কিছু লোক জড়িত হোৱা খবৰে যুৱ সমাজক বিচলিত নকৰা নহয়। লক্ষণীয় কথাতো হ'ল, এই নিৰ্বাচনত বিৰোধী শক্তি এন এছ ইউ আইকো নাকচ কৰিছে। ছাত্ৰ সমাজে এনে সন্ধিক্ষণত বিকল্পৰ সন্ধান কৰিছে নেকি সেয়াও ভাবিব লগা কথা।

অসমত সদায় ছাত্ৰ সমাজে মূলখুটি ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰিৱৰ্তনৰ ঢৌ স্থিতাৱস্থাত বাহাল ৰখাৰ লগতে আদৰ্শগতৰ সংঘাতে যুৱ সমাজক বিভাজন কৰা এই ছাত্ৰ ৰাজনীতিৰ ফলাফলে এতিয়ালৈকে কোনো স্পষ্ট ধাৰণা দিব নোৱাৰিলেও এই কথা সত্য যে, ৰাজ্যৰ ৰাজনীতিত এতিয়া কোনো সাংঘাতিক ধৰণে প্ৰাসংগিক হৈ থকা নাই।

স্বাধীনতা আন্দোলনৰ সৈতে ছাত্ৰ ৰাজনীতিৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছিল। সৰ্বভাৰতজুৰি সেই ছাত্ৰ ৰাজনীতিৰ প্ৰভাৱ আজিও আছে। অসমতো স্বাধীনতা আন্দোলনত ছাত্ৰ সমাজে অংশগ্ৰহণ কৰিছিল। ১৯৫৫-৫৭ চনলৈ চলা তেল শোধনাগাৰ স্থাপন আন্দোলনৰ অন্যতম শক্তি আছিল ছাত্ৰ শক্তি। এই কথা ১৯৫৭ চনৰ ২৫ মে'ত 'সাপ্তাহিক অসমীয়া' নামৰ কাকতখনৰ সম্পাদকীয়ত উল্লেখ কৰি গৈছে। এই কাকতখনৰ সম্পাদকীয়ত লিখিছিল- 'কেন্দ্ৰই কলকাতাত শোধনাগাৰ স্থাপনৰ বাবে আগ্ৰহ কৰাৰ বিপৰীতে অসমত ছাত্ৰ সমাজে অংশ লৈ এই আন্দোলনত নতুন মূৰ দিলে।'

১ আগষ্ট, ১৯৫৬ত সিদ্ধান্ত হৈছিল- ২ আগষ্ট, ১৯৫৬ত নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত এখন সভা হ'ব। এই সভাৰ সভাপতিত্ব কৰিছিল প্ৰাণেশ্বৰ দাসে। পি এছ পি নেতা হৰেশ্বৰ গোস্বামীয়ে অংশ লৈ এই সভাতে ছাত্ৰ সমাজক এনে আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল।

১৯৬০চনৰ ভাষা আন্দোলনৰো ছাত্ৰ শক্তিয়েই আছিল চালিকা শক্তি। এদিন অসমীয়া ভাষাৰ চৰকাৰী ভাষা কৰিবলৈ অসম জাতীয় মহাসভা আৰু অসমীয়া সংঘই তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক স্মাৰক পত্ৰ দিছিল। এই স্মাৰক পত্ৰ প্ৰদান কৰিছিল অসম জাতীয় মহাসভাৰ হৈ অম্বিকাগিৰি ৰায় চৌধুৰীয়ে। ইফালে অসমীয়া সংঘৰ সভাপতি চন্দ্ৰকান্ত ফুকনে সেই সময়ত 'আছাম ফ'ৰ আছামিজ' বুলি শ্ল'গান দিছিল।

১৯৬০ৰ ভাষা আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱাইছিল ৰঞ্জিৎ বৰপূজাৰীৰ দৰে ছাত্ৰই। সেই সময়ত ছাত্ৰ সকলে যাতে আন্দোলনত নামিব নোৱাৰে তাৰ বাবে এক বিশেষ নিৰ্দেশ জাৰি কৰিছিল। ছাত্ৰ শক্তি জড়িত হৈ পৰাৰ ফলতেই এই আন্দোলনৰ প্ৰতি চৰকাৰ অতি সংশয়ৰ সন্মুখীন হৈছিল। যাৰ বাবে ছাত্ৰ সমাজক এনেদৰে আন্দোলনত নমাত বাধা দিয়াৰ লগতে ১৯৬০চনৰ ১৮ জুলাইত গুৱাহাটীলৈ অহা জৱাহৰলাল নেহৰুৱে ছাত্ৰ সমাজক আন্দোলন পৰিহাৰ কৰি দেশ নিৰ্মাণ কাৰ্যত ব্ৰতী হ'বলৈ আহ্বান জনাইছিল।  লগতে ৰঞ্জিৎ বৰপূজাৰীৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেহৰুৱে কৈছিল- 'He blameless. It is a matter of sorrow'

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ শেহতীয়া নিৰ্বাচনত সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় ছাত্ৰ মুক্তিৰ প্ৰাঞ্জল কলিতা। লক্ষণীয়ভাৱে এই নিৰ্বাচনত অধিক সংখ্যক পদত আছুৰ প্ৰাৰ্থী নিৰ্বাচিত হয়। তাৰ  ভিতৰত সহকাৰী সাধাৰণ সম্পাদক পদত মধুস্মিতা দাস, সাংস্কৃতিক বিভাগৰ সম্পাদকৰ পদত যোগ্যজ্যোতি সোণোৱাল, উপসভাপতি পদত ভায়লিনা ডেকা আদি আছিল অন্যতম।

কটনৰ বিপৰীতে ৰাজ্যৰ আন মহাবিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলতো বিশেষকৈ এ বি ভি পিৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। ৬ অক্টোবৰত অনুষ্ঠিত ডবকাৰ হাজী আনফৰ আলী কলেজত মূলতঃ আছু আৰু এন এছ ইউ আইৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হৈছিল। একেদৰে ৰাজ্যৰ আন এখন মহাবিদ্যালয় কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল আছিল এনে ধৰণৰ- মহাবিদ্যালয়খনৰ মুঠ ১৪টা পদৰ ভিতৰত সভাপতি, সম্পাদককে ধৰি ১৩ টা পদতে আছুৱে জয়লাভ কৰে। এন এছ ইউ আইয়ে দখল কৰে মাত্ৰ এটা পদ। ৩ অক্টোবৰত সেইদৰে অনুষ্ঠিত হৈছিল বেলতলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনা। এই নিৰ্বাচনতো কোনো এক সংগঠনে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। ভোটগণনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতি। 

নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ ছাত্ৰ একতা সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ২৯ ছেপ্টেম্বৰত। এই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাক নেতৃত্ব দিব পৰাকৈ আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছিল। ক'ৰবাত যদি আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে, আন ক'ৰবাত নিৰ্দলীয় আৰু কেতিয়াবা ছাত্ৰ মুক্তিৰ প্ৰাৰ্থীয়ে সফলতা বুটলিছে।

তেনেকৈ লখিমপুৰ জিলাতো ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঘিলামৰা বালিকা মহাবিদ্যালয় আদিত আছু সমৰ্থিত প্ৰাৰ্থীয়ে এইবাৰ প্ৰভাৱ বিস্তাৰ কৰিছে।  ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঘিলামৰা বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰায় কেইটা গুৰুত্বপূৰ্ণ পদত বিজয় সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্মথিত প্ৰাৰ্থীয়ে। ঘিলামৰা বালিকা মহাবিদ্যালয়টো সাধাৰণ সম্পাদিকাকে ধৰি বহুকেইটা পদত বিজয় সাব্যস্ত কৰে আছু সৰ্মথিত প্ৰাৰ্থীয়ে।

এই সৰু সৰু ঠাইবোৰত এতিয়া শাসকীয় বিজেপিৰ নেতা-কৰ্মীৰ যথেষ্ট প্ৰভাৱ আছে। কিন্তু এই অঞ্চলৰ মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ ছাত্ৰ একতা সভা নিৰ্বাচনত সেই শাসকীয় দলৰ ছাত্ৰ সংঘঠনৰ প্ৰভাৱ বিশেষভাৱে পৰা নাই। যিহেতু ৰাজ্যৰ ৰাজনীতিত এই শাসনাধিষ্ঠ দলটোৰ প্ৰতি যুৱ প্ৰজন্মৰ এদিন আস্থা জন্মিছিল। তেনেক্ষেত্ৰত যুৱ সমাজ তথা ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা মহাবিদ্যালয় নিৰ্বাচনত তেওঁলোকৰ প্ৰভাৱ যিদৰে পৰিব লাগিছিল সেইদৰে পৰা নাই। নামনি অসমৰ গোৱালপাৰা মহাবিদ্যালয়। এই মহাবিদ্যালয়খনৰ শেহতীয়া ছাত্ৰ একতা সভা নিৰ্বাচনত ছাত্ৰ মুক্তিৰ আধিপত্য দেখা পোৱা গ'ল।

সৰু সৰু ঠাই বা চহৰবোৰত শিক্ষানুষ্ঠানৰ এই ফলাফলৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ এইবাৰৰ ফলাফলত ১৪টা পদৰ ভিতৰত ১৩টা পদতে আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হয়। মাত্ৰ এটা পদত জয়ী হয় এন এছ ইউ আই প্ৰাৰ্থী। ছাত্ৰ ৰাজনীতিৰ প্ৰভাৱ ৰাজ্য বা দেশৰ ৰাজনীতিত যথেষ্ট পৰে। সেই কথা ৰাজনৈতিক দলবোৰেও জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নিৰ্বাচনত আছুৰ আধিপত্য দেখা পোৱা গ'ল যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৰহ সংখ্যক নিৰ্দলীয় প্ৰাৰ্থীহে জয়ী হ'ল।

২২ ছেপ্টেম্বৰ, ২০১৮ত বোকাখাতৰ জে ডি এছ জি কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই কলেজখনৰ নিৰ্বাচনতো মূল প্ৰতিদ্বন্দ্বিতা হৈছিল আছু আৰু এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীৰ মাজত। তাতো দেখা পোৱা গ'ল এটা পদতো এ বি ভি পি সমৰ্থিত প্ৰাৰ্থী জয়ী নহ'ল। অৱশ্যে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হয়। ৭ টাকৈ গুৰুত্বপূৰ্ণ পদত নিজৰ আধিপত্য বিস্তাৰ কৰে এবিভিপিয়ে ।

ৰাজ্যৰ লগতে দেশৰ আন ৰাজ্যতো ছাত্ৰ ৰাজনীতিত বহু পৰিৱৰ্তন আহিছে যোৱা কিছু দিনত। ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত এ বি ভি পিক হৰুৱাই বাও ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে বিপুল জয়লাভ কৰিছিল। ছাত্ৰৰ ৰাজনীতিৰ এই পৰিৱৰ্তিত ফলাফলে কোনো ৰাজনৈতিক দলক ভৱিষ্যতৰ ফলাফলৰ এক আভাস দি যায়। বিশেষকৈ এতিয়া সন্মুখত লোকসভা নিৰ্বাচন আছে। সেয়েহে অসমৰ শিক্ষানুষ্ঠানসমূহৰ এই ছাত্ৰ ৰাজনীতিয়ে এক পৰিৱৰ্তনকামী চিন্তা-চৰ্চাৰ ইংগিত বহন কৰে।

পৰিবৰ্তনৰ যি বতাহে নতুন প্ৰজন্মৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছিল, সেই বতাহ যেন ক্ৰমশ স্মৃত হ'বলৈ ধৰিছে। শেহতীয়া কটনৰ ফলাফলৰ পৰা আৰম্ভ কৰি ধুবুৰীৰপৰা  শদিয়ালৈকে এই সৰু-ডাঙৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ একতা সভাৰ ফলাফলে কাৰোবাৰ বাবে অশনি সংকেত কঢ়িয়াই আনিবও পাৰে। কিন্তু সেই সংকেত শাসকীয় দলৰ প্ৰতি হ'লেও ইয়াত বিৰোধী দল হিচাপে কংগ্ৰেছৰ উৎসাহিত হ'বলগা কোনো কাৰণ নাই। কিয়নো যুৱ প্ৰজন্মৰ এই ৰায় শাসকীয় দলৰ বিপৰীতে হ'লেও তেওঁলোকে কিন্তু তাৰ বিকল্প হিচাপে নতুনত্বৰ সন্ধান কৰিছে।