আকৌ অভি-নীল…

আকৌ অভি-নীল…

এই ক্ষেত্ৰত সংবাদমাধ্যমৰ ভূমিকাও আছে। চোৰ এটা ধৰিলেই সংবাদমাধ্যমে চোৰটোক মাৰধৰ কৰা দৃশ্য লাইভ দেখুওৱাৰ নামত যি নাটক সৃষ্টি কৰে, ই সমাজৰ হিতৰ বাবে নহয়। এটা চেনেলৰ পাছত আন এটা চেনেলৰ সাংবাদিকে সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে বাৰে বাৰে একেখিনি মানুহে চোৰটোক প্ৰহাৰ কৰি সেই 'চোৰক প্ৰহাৰ লাইভ' নামৰ নাটকখনৰ পুনৰাবৃত্তি কৰে। যাৰফলত বুদ্ধিৱান চোৰে আনকি এনেকৈও ক'বলগীয়া হয়- 'দাদা, প্ৰথমে আটাইকেইটা চেনেলকে মাতক। তাৰ পাছত এবাৰে মোক পিটক।' অৱশ্যে এনেবোৰ ঘটনা যদি নিউজ চেনেলবোৰে প্ৰচাৰ নকৰে তেনেহ'লে ইয়াৰ বিৰুদ্ধে জনমত গঠনো নহ'লহেতেন। অভি-নীলৰ ক্ষেত্ৰতেই এইবোৰ দৃশ্য সম্প্ৰচাৰ হোৱাৰ পাছতেই জনমত সৃষ্টি হৈছিল আৰু তাৰফলত প্ৰশাসন বা আৰক্ষীয়ে অপৰাধীক ধৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছিল। এই দুয়োটা দিশেই কিন্তু গুৰুত্বপূৰ্ণ।

 মৃদুল কুমাৰ সন্দিকৈ

চিঞৰি চিঞৰি কান্দিলেও তেওঁলোক আৰু ঘূৰি নাহে। কাৰোবাক ফাঁচী দিলেও দুজন সুঠাম যুৱকে আহি মাক-দেউতাকৰ শূন্য বুকু পুৰাব নোৱাৰে। কিন্তু তেওঁলোকৰ বাবে অচিন জনেও কান্দিছিল, সেই নৰপিশাচ সদৃশ অপৰাধীক ফাঁচী দিয়াৰে দাবী উঠিছিল। সেইদিনা আছিল ৮জুন,২০১৮। দুজন যুৱক ওলাই গৈছিল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। নাম নীলোৎপল আৰু অভিজিৎ। দুয়ো আছিল অভিন্ন বন্ধু। ডকমকাৰ কাংথিলাংছ' জলপ্ৰপাতৰ সৌন্দৰ্য পাণ কৰি দুয়ো উভতি আহিছিল। তাৰ পাছতেই ঘটি গৈছিল অঘটন। সেই চিঞৰ আজিও বহুতৰে কাণত লাগি আছে।

কি ভুল কৰিছিল এই দুই যুৱকে? উৰা বাতৰিৰ এক ফল আছিল সেয়া। কোনোবাই প্ৰচাৰ চলাইছিল, সিহঁত দুয়ো হেনো সোপাধৰা। তাৰ পাছত আগ-গুৰি নগণি নিৰ্মমভাৱে এই কাণ্ড সংঘটিত কৰা হৈছিল। বৰ্বৰ হিটলাৰেও হয়তো তেওঁলোকৰ আৰ্তনাদ শুনি এবাৰলৈ হ'লেও ভাবিলে হয়! যেতিয়া নীলোৎপলে চিঞৰি চিঞৰি নিজকে অসমীয়া বুলি পৰিচয় দি প্ৰাণভিক্ষা কৰিছিল, তেওঁৰ দেউতাকৰ নাম, মাকৰ নাম কৈ নিজকে শিল্পীৰ পৰিচয় দি হাতযোৰ কৰি চিঞৰিছিল তেতিয়া তাত উপস্থিত থকা কাৰোৱে বুকুত সামান্য অনুকম্পা সৃষ্টি কৰিব পৰা নাছিল।

ইয়াৰ ফলশ্ৰুতিত পিছদিনা দুটা নিথৰ দেহ আহি দুয়োৰে ঘৰ পাইছিল। মানুহে সেই দৃশ্য দেখা পাই নিজকে প্ৰশ্ন কৰিছিল- মানুহো ইমান বৰ্বৰ হ'ব পাৰেনে? এয়া কোনো নিৰ্দিষ্ট গোষ্ঠীগত লোকৰ আক্ৰমণ নাছিল। এয়া আছিল এচাম অমানুহে সংঘটিত কৰা অসমৰ ইতিহাসৰ অন্যতম নিকৃষ্ট আৰু আদিম কাণ্ড।

সেইদিনাৰ পাছত অভিজিৎ আৰু নীলোৎপলক লৈ কিছুদিনলৈ চৰ্চা চলিছিল। অন্ধবিশ্বাস, উৰা বাতৰি এইবোৰৰ বিৰুদ্ধে এক আৱেগিক আৰু তাৎক্ষণিক প্ৰতিবাদে বিভিন্ন মাধ্যমত গা কৰি উঠিছিল। কিন্তু সেয়া স্থায়ী নহ'ল। নীলোৎপল বা অভিজিৎৰ পিতৃ-মাতৃৰ শূন্যতা কোনো কালেই কোনোৱেই পূৰাব নোৱাৰে। অসমৰ বাহিৰত থকা নীলোৎপলৰ ঘৰখনত সেই দিন কেইটাত মানুহেৰে ভৰি আছিল। অভিজিতৰ ঘৰতো একেই পৰিৱেশ। মাছ পুহি ভাল পাইছিল অভিজিতে। ঘৰৰ এটা কোঠা একুৰিয়ামেৰে ভৰাই দিছিল। এটা মৰমৰ কুকুৰ আছিল অভিজিতৰ।

যিদিনা অভিজিতৰ মৃতদেহ ঘৰলৈ আহিছিল, মানুহেৰে ঘৰ ভৰি পৰিছিল। সেইদিনা অভিজিতৰ সেই মৰমৰ পোহনীয়া কুকুৰটোৱেও কান্দিছিল। নীলোৎপলৰ ঘৰৰ ভিতৰত কেৱল নীলোৎপলৰ স্মৃতি। প্ৰতিখন ৱালত কেৱল নীলোৎপলৰ শিল্পী মনৰ স্বাক্ষৰ। ডাইনিং টেবুলখনৰ সন্মুখত নীলোৎপলে এটা কলাজ বনাইছিল। বিভিন্ন দেশলৈ যোৱা স্মৃতি আৰু দেশবোৰৰ নামেৰে সেই কলাজ সজাইছিল। মৃত্যুৰ কেইদিন মানৰ পাছতেই বিদেশলৈ যোৱাৰ কথা আছিল নীলোৎপলৰ। থলুৱা বাদ্যযন্ত্ৰক লৈ পৰীক্ষা নিৰীক্ষা কৰি ভাল পাইছিল নীলোৎপলে। সেইবোৰ সপোন, সপোন হৈয়ে ৰ'ল।

অভি-নীল কাণ্ড বিভিন্ন দৃষ্টি কোণৰ পৰা গুৰুত্বপূৰ্ণ আছিল। কেৱল দুজন যুৱকক হত্যা কৰা সাধাৰণ ঘটনা নাছিল এয়া। নীলোৎপলৰ দেউতাকে সেই দিনটোৰ কথা সুঁৱৰি কৈছিল- 'সেইদিনা সি কৈছিল, দেউতা আমি অলপ ফুৰি আহো। মই সুধিছিলো ক'ত যাবি? সিহঁতি কাৰ্বি আংলঙলৈ যোৱাৰ কথা কৈছিল। মই কি কামত যাবি আৰু অকলে তহঁতি নাযাবি বুলি বাধা দিছিলো। সি মোক বুজাইছিল, সেইবোৰ ঠাইৰ মানুহেই ভাল। সহজ-সৰল, সাধাৰণ মানুহ।' সেই যে গ'ল আৰু উভতি নাহিল নীলোৎপল ঘৰলৈ।

অভিজিৎ আছিল ঘৰখনৰ একমাত্ৰ সন্তান। দুয়ো ফুৰিবলৈ ওলাই যোৱা সময়ত কোনোৱে কল্পনা কৰিব পৰা নাছিল, সন্মুখত এনে এক বিপদ যে ৰৈ আছে। অসমত দীৰ্ঘদিন ধৰি অন্ধবিশ্বাস আৰু অপপ্ৰচাৰ চলি আহিছে। অন্ধ বিশ্বাস, অপপ্ৰচাৰৰ বলি হৈ বহুতেই বহু হেৰুৱাইছে। ডাইনীকাণ্ড অন্ধবিশ্বাসৰ চূড়ান্ত ফল। এইবোৰ সমস্যা একে দিনাই সমাধান কৰিব নোৱাৰি। ডাইনী কাণ্ড প্ৰতিৰোধৰ বাবে কেতিয়াবাই বিধেয়ক গৃহীত হ'ল। কিন্তু সেই আইন আজিও নহ'ল।

অন্ধ বিশ্বাস, অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই সমাজৰ পিছপৰা শ্ৰেণীটোক বিজ্ঞানমনস্কতাৰে গঢ়ি তুলিবলৈ আজিও চৰকাৰৰ নিৰ্দিষ্ট ব্যৱহাৰিক কাৰ্য পন্থা নাই। বহু শিক্ষিত মানুহেই এই ধৰণৰ অন্ধবিশ্বাস, অপ-সংস্কৃতিৰ বাহক হৈ সমাজত এনেবোৰ ঘটনাৰ কাৰক হোৱাৰো উদাহৰণ আছে। শিক্ষিত ঘৰৰ বোৱাৰীয়েকক শিক্ষিত শাহুৱেক তথা পৰিয়ালে এনে অন্ধবিশ্বাসৰ গইনা লৈ অত্যাচাৰ কৰা উদাহৰণ বিৰল নহয়। তেন্তে কাৰ পৰা আমি এই ধৰণৰ সংস্কাৰবাদী প্ৰৱণতাৰে পুষ্ট এখন সঠিক আৰু সুস্থ সমাজ আশা কৰিম?

যিসকল লোকে অভি-নীলৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁলোকৰ মাজত শিক্ষিত লোকৰ সংখ্যা হাতত গণিব পৰা আছিল। সেই সমাজখনক কেৱল অপৰাধী দৃষ্টিকোণেৰে বিচাৰ কৰিলে নহ'ব। তেওঁলোকৰ মাজৰ যিসকলে এই কাণ্ড কৰিছে, সেইসকলে উপযুক্ত শাস্তি পোৱাতো সকলোৱে বিচাৰে।

যাতে কোনেও ভৱিষ্যতে এনেধৰণৰ কাণ্ড কৰিবলৈ ১০ বাৰ ভাবিলগীয়া হয়। অসমত অতি শেহতীয়াকৈ মানুহৰ মাজত এক আদিম মানসিকতা গঢ় লৈ উঠিছে। অপৰাধীক কৰায়ত্ত কৰি আইনী বিচাৰলৈ বাটেই নাচায়। বৰ্বৰ ভাৱে আক্ৰমণ চলোৱা ঘটনা দিনকদিনে বৃদ্ধি পাইছে। এই মানসিকতাই এতিয়া এক অপ-সংস্কৃতিৰূপে গঢ় লৈ উঠিছে। কি নগৰ, কি চহৰ, সকলোতেই একেই ঘটনা।

ডকমকা কাণ্ডৰ অভিযোগনামা শনিবাৰ অৰ্থাৎ ১ ছেপ্টেম্বৰ, ২০১৮ত দাখিল কৰা হ'ল। আৰক্ষীয়ে দাখিল কৰা এই অভিযোগনামা আছিল ৮৪৪পৃষ্ঠাৰ। ভাৰতীয় দণ্ডবিধি ৩০২, ৩৪২, ৪২৭, ১৪৩, ১৪৪, ১৪৯ চি আৰ পি চি ১০৯ ধাৰা সন্নিবিষ্ট কৰা হৈছে অভিযোগনামাত।

এই গোচৰৰ তদন্তৰ বাবে গঠন কৰা হৈছিল এটা বিশেষ তদন্তকাৰী গোট। সেই গোটটোৰ তদন্তকাৰী বিষয়া আছিল কমলচন্দ্ৰ ৰাজবংশী। মুঠ দুটাকৈ গোচৰ ৰুজু হৈছিল এই ঘটনা সন্দৰ্ভত। ১০৪ পৃষ্ঠাৰ কেচ ডায়েৰী, ৪৮জন অভিযুক্তৰ জাবানবন্দী, ৭১জন সাক্ষীৰ সাক্ষ্যদানেৰে আশা কৰা হৈছে এই কাণ্ডৰে জড়িত প্ৰকৃত দোষীয়ে অচিৰেই উপযুক্ত শাস্তি পাব।

আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ পাছত আদালতত এই গোচৰৰ বিচাৰ হ'ব। ন্যায়ালয়ত দোষী কোন, নিৰ্দোষী কোন বিচাৰ হ'ব। তাৰ সমান্তৰালকৈ এই ধৰণৰ ঘটনা প্ৰতিৰোধৰ বাবে, সাধাৰণ শ্ৰেণীৰ মানসিকতা সলনি কৰা হেতু চৰকাৰে বা দল-সংগঠনে কিবা ব্যৱস্থা লৈছেনে? সেইটোহে হ'ব আন এক উল্লেখযোগ্য দিশ। ডিফুৰ চহৰত অট'ভাড়া বেছিকৈ লোৱাৰ বাবে ঝংকাৰ নামৰ এজন যুৱকে প্ৰতিবাদ কৰিছিল। পিতৃৰ সন্মুখতেই মৰিয়াই হত্যা কৰা হৈছিল ঝংকাৰক। এই কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কিন্তু স্থবিৰ হৈয়ে ৰোৱাৰ অভিযোগ তুলিছিল পৰিয়ালে।

কিছুদিনৰ পূৰ্বে গহপুৰত অনুৰূপ এক কাণ্ড সংঘটিত হৈছিল। এজন গাহৰি ব্যৱসায়ীক গৰু চোৰৰ সন্দেহত অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। সেই ঘটনাৰ উচিত তদন্ত অভি-নীলৰ দৰে ক্ষীপ্ৰতাৰে হ'বনে?

সমাজত সংঘটিত এই ঘটনাবোৰে মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বহুতে চেষ্টা কৰে। সেই অপশক্তিবোৰৰ বিৰুদ্ধে থিয় দি এনে ঘটনাক কেৱল আৱেগিকভাৱে বিচাৰ বিশ্লেষণ কৰা অনুচিত। অপৰাধীৰ কোনো জাতি থাকিব নোৱাৰে। অপৰাধীৰ এটাই পৰিচয়, সেয়া হ'ল অপৰাধী। অন্ধবিশ্বাস, কুসংস্কাৰৰ কৱলত পৰি থকা আমাৰ সমাজ ব্যৱস্থাক শিক্ষাৰ পোহৰেৰে, যুক্তিবাদী চিন্তা-চৰ্চাৰে প্ৰগতিশীল মনৰ গৰাকী কৰাব নোৱাৰিলে এইবোৰ ঘটনাৰ কেতিয়াও অন্ত নপৰে।

এইটোও ঠিক, তেনে কাণ্ড সংঘটিত কৰা সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহি এই নিদৰ্শন থৈ যাব লাগিব, যাতে তেনে কথা মনলৈ আহিলেই সেই শাস্তিৰ কথা মনত পৰে। উশৃংখল সমাজ ব্যৱস্থাত আধুনিকতাৰ পৰশ লাগি আমি সাধাৰণ কিছু মানৱীয়তাক হেৰুৱাই পেলাইছো। এতিয়া সৰহ সংখ্যকৰ চিন্তা-চেতনাত কেৱল প্ৰতিহিংসাৰ জুই আছে। লাহে লাহে এই উগ্ৰ চেতনা প্ৰবাহে মানুহক পশুতকৈ অধম তূল্য কৰি পেলাইছে। সঠিক মূল্যায়নৰ প্ৰেক্ষাপটত সামাজিক আৰু আৰ্থিক ব্যৱস্থাৰ লগতে মানুহৰ মানসিক প্ৰমূল্যবোধৰ বাস্তৱিক উত্তৰণ ঘটিব লাগিব।

এই ক্ষেত্ৰত সংবাদমাধ্যমৰ ভূমিকাও আছে। চোৰ এটা ধৰিলেই সংবাদমাধ্যমে চোৰটোক মাৰধৰ কৰা দৃশ্য লাইভ দেখুওৱাৰ নামত যি নাটক সৃষ্টি কৰে, ই সমাজৰ হিতৰ বাবে নহয়। এটা চেনেলৰ পাছত আন এটা চেনেলৰ সাংবাদিকে সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে বাৰে বাৰে একেখিনি মানুহে চোৰটোক প্ৰহাৰ কৰি সেই 'চোৰক প্ৰহাৰ লাইভ' নামৰ নাটকখনৰ পুনৰাবৃত্তি কৰে। যাৰফলত বুদ্ধিৱান চোৰে আনকি এনেকৈও ক'বলগীয়া হয়- 'দাদা, প্ৰথমে আটাইকেইটা চেনেলকে মাতক। তাৰ পাছত এবাৰে মোক পিটক।' অৱশ্যে এনেবোৰ ঘটনা যদি নিউজ চেনেলবোৰে প্ৰচাৰ নকৰে তেনেহ'লে ইয়াৰ বিৰুদ্ধে জনমত গঠনো নহ'লহেতেন। অভি-নীলৰ ক্ষেত্ৰতেই এইবোৰ দৃশ্য সম্প্ৰচাৰ হোৱাৰ পাছতেই জনমত সৃষ্টি হৈছিল আৰু তাৰফলত প্ৰশাসন বা আৰক্ষীয়ে অপৰাধীক ধৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছিল। এই দুয়োটা দিশেই কিন্তু গুৰুত্বপূৰ্ণ।

আজি অভিজিৎ আৰু নীলোৎপলৰ এই ঘটনাৰ গইনা লৈ আমি এনেবোৰ ইতিবাচক কথাৰে আৱেগবৰ্জিতভাৱে সমাজখনৰ প্ৰতি দায়ৱদ্ধতাৰে কিছু নতুন চিন্তা কৰাৰ সময় আহি পৰিছে। কেৱল ৰাজপথত হত্যাকাৰীক ফাচী দিয়ক বা হত্যাকাৰীৰ উচিত বিচাৰ হওঁক বুলি শ্লগান দিলেই সমাজলৈ পৰিৱৰ্তন নাহে। মানুহৰ ইতিবাচক মনৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ বা তাৰ প্ৰেক্ষাপট ৰচনা কৰিবলৈ এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হয়।

কেতিয়াবা সমাজ জীৱনলৈ এনেবোৰ অমাৱস্যা আহিব খুজিলেও, এই ধৰণৰ ঘটনাৰ পৰা শিক্ষা ল'লে সেই অমাৱস্যা নহাকৈয়ে আমি এখন সুস্থ সমাজ গঢ়িব পাৰিম। অভিজিৎ আৰু নীলোৎপলৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওঁক। তাৰ লগে লগে এই ঘটনাৰ পৰা সমাজ তথা চৰকাৰেও শিক্ষা লওঁক। আমি এনে এখন সমাজৰ সপোন দেখো, য'ত সোণতকৈ মানুহৰ দাম অলপ হ'লেওঁ বেছি আছে…।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in