সৃষ্টিৰ পৃথিৱীত তেওঁলোকৰ সন্ধান বিচাৰি…

সৃষ্টিৰ পৃথিৱীত তেওঁলোকৰ সন্ধান বিচাৰি…

author-image
asomiyapratidin
New Update
সৃষ্টিৰ পৃথিৱীত তেওঁলোকৰ সন্ধান বিচাৰি…

► মৃদুল কুমাৰ সন্দিকৈ 

Advertisment

হঠাৎ গুৱাহাটীৰ পদপথত লগ পালো ৰামধেনু যুগৰ কবি-সমালোচক ৰবীন্দ্ৰ বৰাক। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত তেওঁৰ কুশল বাৰ্তা লওঁতেহে গম পালো, তেখেত অসুস্থ হৈ আছিল বহুদিন। কিডনীত পাত্থৰ হৈছিল। অসহ্য যান্ত্ৰনাত চটফটাই ফুৰিছিল। কেইদিন মানৰ পূৰ্বে চিকিৎসাৰ অন্তত তেখেত কিছু সুস্থ হৈ আবেলি অলপ ওলাই আহিছিল। আগৰ দৰে তেওঁৰ দেহত সেই প্ৰাণৱন্ত সতেজতা নাই। নিস্তেজ মন, দুৰ্বল শৰীৰ আৰু উদাস দৃষ্টি তেওঁৰ চকুত।

কিছু দিনৰ পূৰ্বে তেওঁৰ কবিতা সমগ্ৰ আৰু এখন গল্প সংকলন প্ৰকাশ পাইছিল। পুৰণি লেখাৰে নতুন কিতাপ। নতুন কবিতা লিখিছে নেকি বুলি সুধোতে, তেওঁ সেই নিস্তেজ হাঁহিৰে উত্তৰ দিছিল- 'দেহাই নটনা হৈছে।' এদিন এই কবিয়ে কলমেৰে নিৰবিচ্চিন্নভাৱে শব্দৰ খেলা কৰিছিল। গ্ৰাম্য জীৱনবোধ আৰু পৰিৱৰ্তনশীল সমাজ চেতনাক তেওঁ কবিতাত ধৰি ৰাখিছিল। সময় পাৰ হ'ল। লাহে লাহে সেই সৃষ্টিৰ বোৱতী সুতি শুকাবলৈ ধৰিলে।

এদিন ৰ'দৰ চৰাইৰ দৰে কাব্যসংকলন আসন্ন জীৱনৰ মাজতেই বাস্তৱক ধৰি ৰাখি ভৱিষ্যতৰ দিনৰ সপোন ৰচনা কৰিছিল। আজি সেইবোৰ সপোন। কলম হয়তো তেওঁ এৰা নাই। কলমটো ধৰি ৰখাৰ হেঁপাহ আজিও আছে। কিন্তু সেই হেঁপাহক বয়সে বাধা দিয়ে। সৃষ্টিশীল মনক জীৱনৰ জটিলতা আৰু বয়সৰ অলসতাই ধৰি ৰাখে। কবিয়ে মুকলিকৈ ক'লে সেই কথা।

কেৱল তেওঁৰেই নহয়, এনে বহু সৃষ্টিশীল লোকৰ সৃষ্টিৰাজিত এতিয়া পূৰ্বৰ সেই মাদকতা পোৱা নাযায়। তাৰ কাৰণ বয়সৰ লগে লগে তেওঁলোক সৃষ্টিৰ সেই পৃথিৱীত নতুনত্বৰ সন্ধানৰ বাবে পূৰ্বৰ দক্ষতাক যেন ক'ৰবাত হেৰুৱাই পেলাইছে। নামঘৰীয়াৰ সেই বিখ্যাত কাহিনীৰ স্ৰষ্টাজন এতিয়া ক'ত? ৰাখিছে জানো কোনোবাই খবৰ? বহু গল্প আৰু উপন্যাসে অসমীয়া পাঠকক মোহাচন্ন কৰি ৰাখিছিল এইগৰাকী বিশিষ্ট লিখকে। এতিয়া তেওঁৰ বিচনাই ঠিকনা।

অথচ তজবজীয়া ৰঙা-বগা মানুহটোৰ কলমত যাদু আছে। হাতী ধৰা সেই কাহিনী কলমেৰে তেওঁ লিখা নাছিল, এখন যেন ছবিহে আঁকিছিল! বৈভৱ বিলাপ, আশ্ৰয় আদি আছিল তেওঁৰ গল্প সংকলন। গল্পৰ কথন শৈলীৰ বাবে পাঠকৰ মাজত বিশেষভাৱে পৰিচিত নামঘৰীয়া এই স্ৰষ্টাগৰাকী মহানগৰীৰ হাতীগড়ৰ বাসগৃহত দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছে।

তেওঁ কলম ধৰিব নোৱাৰে এতিয়া। জীৱনৰ বহ্নিবেলাত সৃষ্টিৰ তাড়না এতিয়া তেওঁ হেৰুৱাই পেলাইছে। অতুলানন্দ গোস্বামীৰ দৰে গল্পকাৰৰ গল্প, উপন্যাস এতিয়া বহুদিন ধৰি পাঠকে পঢ়িবলৈ পোৱা নাই।

কলমৰ চোক তেওঁৰ আছিল তীক্ষ্ণ। ১৯৩২চনত জন্মগ্ৰহণ কৰা এইগৰাকী বিশিষ্ট লেখিকাই অসমীয়া সাহিত্যক সমৃদ্ধি কৰিছে গল্প-উপন্যাস তথা চিন্তাশীল লিখনীৰে। নব্বৈ গৰকা এইগৰাকী বিশিষ্ট লেখিকাই 'দিনৰ পাছত দিন', 'হৃদয় এটা নিৰ্জন দ্বীপ', 'কেকটাছ ফুল', 'অন্য জীৱন', 'অভিযাত্ৰী', 'বিশ্বাস আৰু সংশয়ৰ মাজেদি' আদি অনেক গ্ৰন্থ অসমীয়া পাঠকক উপহাৰ দিছিল। নব্বৈ বছৰ বয়সতো তেওঁৰ কলম চলি আছে।

কিন্তু পূৰ্বৰ সেই সৃষ্টিৰ মাদকতা যেন হ্ৰাস পাইছে। অথচ তেওঁ আছিল অসমীয়া সাহিত্যৰ অন্যতম ধ্বজ্জাবহনকাৰী। স্বাস্থ্য তেওঁৰ আজি ভাল, কালি বেয়া। তেওঁৰ গদ্যৰ শৈলী আৰু চিন্তাৰ বিশালতাত পাঠকে বিচৰণ কৰি ভাল পায়। সেই বিচৰণ ভূমি সংকোচিত হৈ আহিছে আজি। এয়া সময়ৰ ভুল। বয়সে জাপি দিয়া ভৰৰ ফল। সদায় একেই গতিত নচলে কলম।

ইমৰাণ শ্বাহ। অসমীয়াৰ গল্পৰ বাদছাহ। চুটি চুটি বাক্যৰে লিখা গল্পৰ কাহিনীৰ লগতে শব্দৰ চাতুৰ্যতাই চুই যায় পাঠকৰ মন। এক প্ৰকাৰৰ নিসংগ এতিয়াও তেওঁ। তেওঁৰ কলমৰো চিঞাহী শুকাইছে। সৃষ্টি উৰ্বৰ ভূমি লাহে লাহে গ্ৰাস কৰিছে মৰুভূমিয়ে। লিখে যদিও, পূৰ্বৰ সেই গল্পবোৰৰ দৰে জীৱন্ত চৰিত্ৰবোৰ হেৰাই গৈছে।

কাৰ্বিভূমিৰ পৰা সাহিত্যৰ চৰ্চা কৰি অসমীয়া সাহিত্যলৈ অমূল্য বৰঙণি আগবঢ়োৱা আন এগৰাকী বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙৰো সাস্থ্য ভাল নহয়। স্বাস্থ্য, বয়স সকলো মিলি 'ৰংমিলিৰ হাঁহি' স্ৰষ্টাজনৰ সৃষ্টিৰ গতি ক'ৰবাত যেন থমকি ৰৈছে। তেওঁৰ মুখৰ সেই পৰিচিত হাঁহিটো পাঠকৰ বাবে তেওঁৰ লিখনীৰ দৰেই অতি পৰিচিত আছিল। দীৰ্ঘদিন ধৰি পাঠকে এইগৰাকী বিশিষ্ট লেখকৰো নতুন সৃষ্টি বিচাৰি বিফল হৈছে।

অসমীয়া ভাষা-সাহিত্যৰ বাবেই জীৱন উৎসৰ্গা কৰা এজন মহীৰূহ গোলোকচন্দ্ৰ গোস্বামী। বয়সৰ বাবেই তেওঁৰ এতিয়া বহু সমস্যা। অসমীয়া ভাষাৰ ব্যাকৰণ, ভাষাৰ চৰ্চাৰ জৰিয়তে অসমীয়া ভাষাক এক বিশেষমাত্ৰা প্ৰদান কৰি জীৱনৰ অস্তমিত বেলাত তেখেত আজিও থিয় দি আছে সূৰ্যৰ দৰে। কাৰোবাৰ সহায় নহ'লে তেওঁ ওলোৱা-সোমোৱা কৰিব নোৱাৰে। কাণেৰেও কমকৈ শুনে।

অৱশ্যে চকুৰে তেওঁ দেখে। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহত সাধাৰণভাৱেই এই অসাধাৰণ মানুহজনে বাস কৰে। তেওঁৰ ব্যক্তিত্ব ইমান বিশাল যে, সেই দেহাৰেই আলহীক বিদায় দিবলৈ আগবাঢ়ি আহে দুৱাৰমুখলৈ। তেওঁক সন্মান জনাই প্ৰদান কৰা বঁটাৰ ধন ঘূৰাই দি সেয়া অসমীয়া ভাষাৰ-সংস্কৃতিৰ বাবে ব্যয় কৰিবলৈ উৎসৰ্গা কৰে। এনে মহান ব্যক্তিত্বৰ উপস্থিতিয়ে সমাজখন উজ্বলাই ৰাখে। কিন্তু সেই পোহৰেৰে আমি আলোকিত হৈ থাকিম আৰু কিমান দিন?

কবিতাৰ পৃথিৱীত তেওঁ নক্ষত্ৰ। গোট গোট সৰু সৰু আখৰেৰে লেখিছিল- কোন নদীয়েদি নামি আহে সূৰ্য? কলাৰসিক এইজন কবি। তেওঁৰ কবিতাত প্ৰাণ আছে, আছে জীৱনৰ গভীৰতা। সেই গভীৰতাত ডুব যায় পাঠক। যি গভীৰতাই দি যায় জীৱনৰ বহুমাত্ৰিক অভিজ্ঞতাৰে গঢ়ি উঠা বাস্তৱ জীৱনৰ সন্ধান। তত্ব আৰু সাধনাৰে কবিতাক উচ্চ আসনত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ নাম নীলমণি ফুকন। 'মানস-প্ৰতিমা', 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'ফুলি থকা সূৰ্যমুখী ফুলটোৰ পিনে' আদি তেওঁৰ কাব্য সংকলন।

১৯৩৩চনত এই কবিৰ জন্ম হৈছিল। তেওঁৰো বয়সে নব্বৈ গৰকিছে। ধিৰ-স্থিৰ, বগা কামিজ-চুৰীয়া পৰিহিত এইগৰাকী বিশিষ্ট কবিৰ আছে কলা-সংস্কৃতিৰ প্ৰতি গভীৰ টান। ছবি তেওঁ ভাল পায়। সেই ভালপোৱা তেওঁৰ প্ৰাণত আছে। সেই ভালপোৱা আছে তেওঁৰ কবিতাত। কিন্তু এতিয়া তেওঁ মনৰ জগতত বিচৰণ নকৰে হয়তো পূৰ্বৰ দৰেই কবিতাৰ জীয়া সুঁতি।

অসমীয়া সমাজ জীৱনক তুলি ধৰা আন এটা নাম অনিল ৰয় চৌধুৰী। স্বীকৃতি তেওঁ বিচৰা নাছিল। স্বীকৃতিয়েও তেওঁক নিবিচাৰিলে। অথচ তেওঁ স্বীকৃতি পাব লগাকৈ যোগ্য আছিল। এটা সৰু কোঠাত বহি কেৱল অধ্যয়নৰ মাজেৰে অসমীয়া ভাষা-জাতিৰ হকে চিন্তা কৰি গ'ল। এতিয়া তেওঁক স্বীকৃতি বা সন্মানে চুব নোৱাৰে। অসমীয়া সাহিত্যত এনে বহু নাম আছে।

যিসকলে ভাষা-সংস্কৃতিৰ প্ৰতি নীৰৱে নিজৰ কৰণীয়খিনি কৰি গৈছে। অনিমা গুহ, তোষপ্ৰভা কলিতা, প্ৰফুল্লপ্ৰাণ মহন্ত, নগেন ঠাকুৰ আদিৰ খবৰ ৰাখিবলৈ আজি কাৰ আজৰি আছে? কিন্তু তেওঁলোকে এদিন অসমীয়া ভাষা-সংস্কৃতিক তুলি ধৰিছিল।

শিলপুখুৰীৰ এটা ঘৰ। প্ৰায় সকলোৰে চিনাকি। কাঠৰ গেটখন খুলি ফুলৰ চালিখনৰ তলেৰে গ'লে চিনাকি ঘৰটোৰ বাৰান্দাতে কাঠৰ চকীখনত বহি থাকে তেওঁ। পৰিৱৰ্তন বহু হৈছে। খোদ গুৱাহাটীত থাকিও সেই পৰিৱৰ্তনৰ বতাহ তেওঁৰ গাত লাগিবলৈ দিয়া নাছিল কোনো কালে। লোক সংস্কৃতিৰ নীৰৱ সাধক তেওঁ। তেওঁৰ কণ্ঠতো আছিল সুৰৰ যাদু।

তেওঁৰ কণ্ঠত সেই কালজয়ী গীতবোৰ শুনি আজিও বহু লোক আৱেগিক হৈ পৰে- 'মুখত দুডাল দুৱৰি বন, দুডাল খৰিকা, মোৰ চোতালত ওমলহি অ' ঘৰচিৰিকা'। কোনে পাহৰিব পাৰে এই গীত। কাৰ হৃদয় চুই নাযায় এই গীত আৰু কণ্ঠই। তেওঁ আজি গুৰুতৰভাৱে অসুস্থ হৈ শয্যাগত। সীমিত হৈ পৰিছে তেওঁৰ বিচৰণ ক্ষেত্ৰ। অথচ এদিন বগা সাজযোৰ পিন্ধি, কান্ধত এটা মোনা ওলমাই, মুখত সেই পৰিচিত হাঁহি লৈ তেওঁ ঘূৰি ফুৰিছিল অতি সাধাৰণভাৱে। বীৰেন দত্ত, এইগৰাকী মহীৰূহো আজি চাৰিবেৰৰ মাজতেই আৱদ্ধ।

ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখনত জিলিকি উঠা, বিজ্ঞান মনস্কতাৰে সাহিত্য চৰ্চা কৰি সমাজৰ প্ৰতি দায়ৱদ্ধতাৰে কলম হাতত তুলি লোৱা শশী শৰ্মা, শিৱনাথ বৰ্মন আদি নমস্য সাহিত্যিকসকলৰ সৃষ্টিৰ প্ৰৱণতা লাহে লাহে কমি আহিছে। ইয়াৰো কাৰণ বয়স, দেহাৰ টনা-আজোৰা। অথচ সেইসকলৰ পৰা আমি বহু পাইছো আৰু পোৱাৰ হাবিয়াস সদায় থাকি যায়। ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য নাম বংশী হাজৰিকা। স্বীকৃতি তেওঁ কোনো কালেই নাপালে। একেদৰেই তেজপুৰৰ লক্ষী গোস্বামী এতিয়া শয্যাশায়ী। অথচ এদিন এইসকল লোক দপদপাই আছিল।

খনিন্দ্ৰ দাস, অসমৰ সমাজ আন্দোলনৰ অন্যতম সক্ৰিয় প্ৰবক্তা। তেওঁৰ খবৰো আমি আজি ৰখা নাই। ৰাজনীতিতো একেই কথা। সততাৰে ৰাজনীতি কৰি জীৱনৰ পৰা একো নিবিচৰা হেমেন দাস, বেদব্ৰত বৰা আদিৰ খবৰো আমি ৰাখিছো কেইজনে। একেদৰে গুৰুতৰভাৱে অসুস্থ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আৱাসগৃহত পূৰবী বৰমুদৈয়ে এতিয়া হুইল চেয়াৰত বহিয়েই সাহিত্য চৰ্চা কৰিছে। স্বামী তথা সমালোচক আনন্দ বৰমুদৈয়ে আলপৈচান ধৰে।

হোমেন বৰগোঁহাই, হীৰেণ গোহাঁই, নগেন শইকীয়া, লক্ষ্মীনন্দন বৰা আদিয়ে কলম থমকি ৰ'ব দিয়া নাই। কিন্তু সময়ে হিচাপ কৰি গৈছে দিন। ভৱিষ্যতৰ সেই দিনবোৰৰ কথা কেতিয়াবা কল্পনা কৰেনে? ইয়াৰ পাছৰ পৰ্যায়ত বহুতে কলম ধৰি অসমীয়া সাহিত্যত শক্তিশালী ৰূপত খোপনি পুতিছিল। কিন্তু সেই ধাৰাবাহিকতা যেন ক'ৰবাত হেৰাই গ'ল। যিদৰে হেৰাই গ'ল 'এলুমিনিয়ামৰ আঙুলি'ৰ মাজতেই মনোজ গোস্বামী নামৰ গল্পকাৰজন।

দীপালি বৰঠাকুৰ, সুদক্ষণা শৰ্মাই অসমৰ সংগীত জগত সমৃদ্ধ কৰি ৰাখিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি সুদক্ষণা শৰ্মাই গীতৰ কৰ্মশালা পাতি নতুন প্ৰজন্মক গীত শিকাই ফুৰিছিল। বয়সে আজি তেওঁৰ গতিও ৰুদ্ধ কৰিছে। দীপালি বৰঠাকুৰৰ চিৰপৰিচিত সেই মিঠা মাত এতিয়া অতীত। কাণত লাগি থাকে তেওঁৰ গীতৰ গুণ গণ- 'সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই…।' অসুস্থ মানুহজনী থাকিলেও কণ্ঠ হেৰাই গ'ল।

কলা-সংস্কৃতিৰ ক্ষেত্ৰতো বেনুমিশ্ৰ, নীলপৱন বৰুৱা এক সত্তা। বয়সৰ আচোৰ আৰু সময়ৰ ভৰ তেওঁলোকৰ দেহতো পৰিছে। আগৰ দৰে সৃষ্টিৰ তাড়না, সময়ৰ গতিত হেৰাই যোৱা যেন বোধ হয়। এয়াইতো স্বাভাৱিক,এদিন সকলো অতীত হয়। থৈ যায় শূন্যতা। তেওঁলোকতো বাখৰ আছিল। তেওঁলোকৰ সৃষ্টিয়ে অসমীয়া জাতি, ভাষা-সংস্কৃতি উভৈনদী হৈছিল।

সৃষ্টিৰ প্ৰাণোচ্চল দিনত তেওঁলোকৰ সাধনাই আমাক সমৃদ্ধ কৰিছিল। এই গতি, এই ধাৰাবাহিকতা সদায় নাথাকে। সেয়া প্ৰকৃতিৰ নিয়ম। কিন্তু তাৰ পাছত কি হ'ব? নতুন প্ৰজন্মই সেই ধ্বজ্জা বহন কৰিব পাৰিবনে? তেওঁলোকৰ পৰা নতুন প্ৰজন্মলৈকে মাজত যথেষ্ট শূন্যতা। কোনোবাই স্বীকাৰ কৰকেই বা নকৰক, এই বৌদ্ধিক শূন্যতাৰ সন্মুখীন হ'ব লাগিব অসমীয়া জাতি, ভাষা-সংস্কৃতি।

অতি সাম্প্ৰতিক যিসকল লিখকে বা শিল্পীয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত আগবাঢ়ি গৈছে, তাত লক্ষণীয়ভাৱে পূৰ্বৰ সকলৰ দৰে নিজস্বতা ধৰি ৰাখিব পৰা নাই যেন বোধ হয়। চকুত লগাকৈ মানুহৰ হৃদয়ত স্থান লাভ কৰি এক জাতীয় চেতনাবোধৰ সন্ধান তেওঁলোকে দিব পাৰিছে বা ভৱিষ্যতে দিব পাৰিব বুলি বিশ্বাস কৰিব পৰাকৈ সৰ্বসাধাৰণক বিশ্বাস জন্মাব পৰা নাই। এই কথাবোৰ যদিও আপেক্ষিক, ইয়াৰ মাজত জাতি আৰু ভাষা-সংস্কৃতিৰ প্ৰশ্ন জড়িত হৈ আছে। সাহিত্য, ৰাজনীতি, সমাজ, বৌদ্ধিক ক্ষেত্ৰখনৰ এই অভাৱ আমি এদিন সন্মুখীন হ'বই লাগিব। ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই।

জনপ্ৰিয়তা আৰু দায়িত্ববোধেৰে নিজৰ সৃষ্টিৰাজিক সমাজৰ মাজত প্ৰতিষ্ঠা কৰাতো ইমান সহজ নহয়। দীৰ্ঘদিনৰ সাধনা, একাত্মবোধেৰে বিষয়-বস্তুৰ সৈতে নিজৰ সৃষ্টিক সমাজমুখী কৰাৰ ক্ষেত্ৰত আজি সস্তীয়া পথৰ সন্ধান কৰা লোকৰ সংখ্যাই অধিক। তাৰ মাজতো এই সৃষ্টিৰ পৃথিৱীত আশা সঞ্চাৰ কৰিব পৰা প্ৰতিভাৰ অভাৱ ঘটা নাই। তেওঁলোকৰ সেই সাধনাক সমাজমুখী তাড়নাৰে সৰ্ব গ্ৰহণযোগ্য কৰিব পৰাকৈ এক পৰিৱেশ ৰচনা কৰাৰ দায়িত্বও আমাৰ আছে।

কোনোবা নতুন কবিয়ে লিখা দুটা বাক্যৰ মাজতো তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ উমান পোৱা যায়- 'তেওঁ হেচুকি দিলেই সম্ভোগ/চকু টিপিয়ালেই চৰম সুখ।' এই দুই বাক্যৰ মাজতেই জীৱন আৰু যৌৱনৰ চৰম সত্যক প্ৰকাশ কৰিব পৰাকৈ তেওঁৰ কলম শক্তিশালী। কেৱল লাগে তেওঁক চৰ্চা আৰু সাধনা। কেতিয়াবা এটা বাক্যৰেও বহু কথা কয় যায়। যৌৱনৰ সেই সতেজতাক ধৰি ৰাখিব পৰা তেনে এটা বাক্য লিখিছিল এগৰাকী কবিয়ে। অসমীয়া কাব্য সাহিত্যৰ নবীন সকলৰ ভিতৰত এনে শক্তিশালী কাব্যশৈলীৰে নিজক প্ৰতিফলিত কৰা সেই বাক্যটো আছিল-'মোৰ পৃথিৱীত তেওঁৱেই সূৰ্য।'

আমি কিছুমান কথা নাভাবো। সময়ে সেই কথাবোৰ ভাবে আৰু সেইমতেই কৰে। এদিন নতুন পুৰণি হ'ব। পুৰণিবোৰ অতীত হ'ব আৰু নতুনবোৰ হ'ব পুৰণি। তেতিয়া নতুন আৰু পুৰণিৰ মাজত তুলনা হ'ব। সমাজ, অসমীয়া ভাষা-সাহিত্যত তাৰ মূল্যায়ন হ'ব। আচলতে নাভাবো বুলিলেও কিছু কথা ভাবি লগা হয়। শেষ হৈ যাব বুলি ভাবিলেই সকলো শেষ নহয়। সেই আশা-প্ৰত্যাশা জন্মাই আমি অসমীয়া ভাষা-সংস্কৃতিক ধৰি ৰাখিব লাগিব। এদিন সেই দায়িত্ব ল'ব লাগিব নতুনে। কিয়নো পুৰণি এদিন অতীত হ'বই।

আজি ভাল খবৰ আহিছে। চানমাৰীতে হ'ব উত্তৰ-পূব আৰু গুৱাহাটী  গ্ৰন্থমেলা। গ্ৰন্থমেলাস্থলীত হয়তো এইসকল প্ৰবীন লিখক-সাহিত্যকৰ সৰহ সংখ্যককেই আমি দেখিবলৈ নাপাম। অসুস্থতা, বয়সৰ বাবে তেওঁলোক যে গ্ৰন্থমেলাৰ বাকৰিত আহি পূৰ্বৰ দৰে লিখক-পাঠকৰ সৈতে মিলি যাব পাৰিব তাত সন্দেহ আছে। কিন্তু তেওঁলোকৰ অনুপস্থিতিয়ে সৃষ্টি কৰা শূন্যতাক কোনেও দূৰ কৰিব নোৱাৰে।