/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-2026-01-19-16-35-34.jpeg)
শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৬ ফেব্ৰুৱাৰীৰ পৰা 'জ্যোতি-বিষ্ণুসমন্বয় ক্ষেত্র'ত অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক আয়োজন চলিছে ৷ এই জ্যোতি-বিষ্ণুসমন্বয় ক্ষেত্র পৰিণত হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীত। শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ বার্ষিক অধিৱেশন সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ইমন দাসৰ এক বিশেষ প্ৰতিবেদন।
জামুগুৰিহাটত অনুষ্ঠিত হ'ব শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশন। তিনিদিনীয়া বর্ণাঢ্য কাৰ্যক্ৰমণিকাৰে 'জ্যোতি-বিষ্ণুসমন্বয় ক্ষেত্র'ত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে ৷ লাখ-লাখ ভকত-বৈষ্ণৱৰ আগমণত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব এই জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র।
জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ। সংঘৰ সেৱা বাহিনীৰ সদস্য সকলেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকত বৈষ্ণৱক আদৰিবৰ বাবে প্ৰস্তুত হৈ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৷ ইতিমধ্যে সুবিশাল কীৰ্তন গৃহ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে দূৰ-দূৰণিৰ ভকত সকলৰ আশ্ৰয় বাবে দুইশ ফুট দীঘল আৰু ওঠৰ ফুট বহল আকাৰৰ ২০০ টাৰো অধিক আশ্ৰয় শিবিৰৰ নিৰ্মাণ কাৰ্য্যও চলিছে তীব্ৰ গতিত ৷ তদুপৰি অধিবেশন উদযাপনস্থলীত নিৰ্মাণ কৰি উলিওৱা হৈছে এক সুবিশাল কীৰ্তন গৃহ ৷ এশ (১০০) ফুট দীঘল আৰু পঞ্চাশ (৫০) ফুট বহল এই অস্থায়ী কীৰ্তন গৃহৰ ৯০ শতংশই নিৰ্মাণৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা ভকতবৃন্দ, আইমাতৃ সকলৰ থকা-শোৱা আৰু খোৱা-বোৱাৰ বাবেও সকলো ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে ৷ ইয়াৰ বাবে ২০০ ৰো অধিক আশ্ৰয় শিবিৰ আৰু মূলমণ্ডপ নিৰ্মাণ কাৰ্য্যত ব্যস্ত হৈ পৰিছে সংঘৰ সেৱকসকল। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মণ,কাৰ্য্যকৰী সভাপতি বিধায়ক পদ্ম হাজৰিকা আৰু সম্পাদক বিপুল বৰা প্ৰমুখ্যে মূল বিষয়ববীয়া সকলে নিৰ্মাণকাৰ্য্য তদাৰক কৰি থাকি সঘনাই অগ্ৰগতিৰ বুজ লৈ আছে।
এই অধিৱেশনৰ বিস্তৃত কাৰ্যক্ৰমণিকা অনুসৰি ৬ ফেব্ৰুৱাৰী অৰ্থ্যাৎ শুক্রবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা ৫ বজাত কৰা হ'ব পৰিৱেশ নিকাকৰণ । পুৱা ৫.৫০ বজাত প্ৰাতঃপ্ৰসংগৰ লগতে ৭ বজাত নাম প্ৰসংগ অনুষ্ঠিত হ'ব। ইয়াৰ পাছত ৮ বজাত গছপুলি ৰোপণ কাৰ্যসূচীত গছপুলি ৰোপন কৰিব শোণিতপুৰ জিলাৰ বন সংমণ্ডল বিষয়া বিশ্বজ্যোতি দাস, বিশ্বনাথ জিলাৰ বন সংমণ্ডল বিষয়া চম্পক ডেকা, দৰং মহাাবিদ্যালয়ৰ সহযোগী অধ্যাপক হৰেন্দ্ৰনাথ মৰাঙে। পুৱা ৮.৩০ বজাত কেন্দ্ৰীয় সেৱা-বাহিনীৰ শিবিৰৰ তোৰণ উন্মোচন কৰিব। এই অনুষ্ঠানত তোৰণ উন্মোচন কৰিব দ্বাদশ আসম আৰক্ষী বাহিনীৰ দেৱাশীষ শৰ্মাই। ইয়াৰ পাছতে পুৱা ৯ বজাৰ মূল তোৰণ উন্মোচন কৰিব জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে।
৯.১৫ বজাত নামঘৰৰ তোৰণ উন্মোচন কৰিব জামুগুৰি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ ভূঞাই। ৯.৩০ বজাত প্ৰতিনিধি সভা কক্ষ তোৰণ উন্মোচন তকিব নদুৱাৰ সম-জিলা আয়ুক্ত মানস কুমাৰ শইকীয়াই । ইপিনে ৯.৪০ বজাত শৰণ সমিতিৰ বৈঠক (প্রতিনিধি সভা কক্ষত) অনুষ্ঠিত হব। ৯.৪৫ বজাত মূল সমিতি, আদৰণী সমিতিৰ কাৰ্যালয় উন্মোচন কৰিব উন্মোচক উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী মহাপৰিদর্শকপ্রশান্ত সাগৰ চাংমাই। পুৱা ১০ বজাত আদৰণী সমিতিৰ উপ-সমিতিসমূহৰ কাৰ্যালয় উন্মোচন কৰিব জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা অধ্যক্ষ ধৰণীধৰ দাসে। ইফালে গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰিব শোণিতপুৰ জিলা আৰক্ষী অধিক্ষক বৰুণ পুৰকায়ষ্ঠই। ১০ .৩০ বজাত সাংস্কৃতিক প্ৰেক্ষাগৃহ উন্মোচন কৰিব বিশ্বনাছ ৰৌপসযভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে। বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰিব বিশিষ্ট সমাজসেৱক কমিচন মিলিয়ে। মূল মণ্ডপ আৰু মঞ্চন উনেমোচন কৰিব বিশ্বনাথ জিলা আযুক্ত লক্ষীনন্দন চহৰীয়াই।
পুৱা ১১ বজাত সাহিত্য শাখা সমিতিৰ মুকলি সভাত উপস্থিত থাকিব শ্রীমন্ত শঙ্কৰদেৱ সাহিত্য শাখা সমিতি সভাপতি মৃণাল কুমাৰ বৰুৱা, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড অশোক কুমাৰ বৰা, শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা,কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সর্বানন্দ সোণোৱাল, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জি. সিংহায়া, প্রফেছৰ বিজয় শঙ্কৰ শুক্লা, প্রাক্তন সঞ্চালক, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্র সাহিত্যাচার্য , বিশিষ্ট সাহিত্যিক, কৰবী ডেকা হাজৰিকাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° সুব্রতজ্যোতি নেওগ।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়া কুন্তলমণি শৰ্মা বৰদলৈ, কামৰূপ গ্রাম্য জিলা আযুক্ত দেৱ কুমাৰ মিশ্র, গোলাঘাট জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, কাৰাগাৰ মহাপৰিদৰ্শক পুলক মহন্ত, শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য গৱেষণা পৰিষদৰ সভাপতি ড° জগত চন্দ্র কলিতা, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা নিৰ্দেশক ড' অঞ্জন কুমাৰ ওজা,দুলিয়াজান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চিত্রজিৎ শইকীয়া । দিনৰ ২.৩০ বজাত সাংস্কৃতিক শাখা সমিতিৰ মকলি সভা অনুষ্ঠিত হব। অনুষ্ঠানত উপস্থিত থাকিব সংস্কৃতি শাখা সমিতিৰ সভাপতি অলিম মহন্ত,শঙ্কৰী সংস্কৃতি গবেষণা পৰিষদৰ সভাপতি পৰিত্ৰপ্রাণ বৰা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাৰ লগতে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক দীপান্তৰ বিশ্ব দত্ত, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়া, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয় অৰুণাচলৰ চেন্ট্রেল ইনষ্টিটিউট অব হিমালয়ান কালচাৰৰ সঞ্চালক ড°গুৰমেট দর্জী।
সন্ধিয়া ৬ বজাত সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছে. যত উপস্থিত থাকিব ন-দুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ৬.৩০ বজাত অনুষ্ঠিত কৰিব প্ৰতিনিধি সভা। শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উপ-পদাধিকাৰ চন্দ্র হাজৰিকা উপস্থিত থাকিব।
৭ ফেব্ৰুৱাৰী অৰ্থ্যাৎ দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা ৫ বজাত আছে পৰিৱেশ নিকাকৰণ । পুৱা ৫.৫০ বজাত প্ৰাতঃপ্ৰসংগৰ লগতে ৭ বজাত নাম প্ৰসংগ অনুষ্ঠিত হ'ব। ৯ বজাত জিলা শাখাৰ সভাপতি সম্পাদকৰ সন্মিলন অনুষ্ঠিত হ'ব। ১১ বজাত মূল কাৰ্যনিৰ্বাহক সভাৰ লগতে ১১.১৫ বজাত ভোজনালয় তোৰণ উন্মোচন কৰিব। পুৱা ১১.৩০ বজাত পতাকা বেদীৰ তোৰণ উন্মোচন, দিনৰ ১২ বজাত চিকিতসা সেৱা শিবিৰ উন্মোচন, দিনৰ ১২.৪৫ বজাত গ্ৰন্থ উন্মোচনী সভা, বিয়লি ১.৩০ বজাত প্ৰচাৰ সভা সমিতিৰ সভা (প্ৰতিনিধি সভাকক্ষত), বিয়লি ২.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো অপাৰেটিভ ছচাইটি লিমিটেডৰ সভা, বিয়লি ৩ বজাত শিক্ষা শাখা সমিতিৰ সভা, বিয়সি ৪ বজাত গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (১০ হাজাৰ ভকত বান্ধৰ নাম সমাৰোহ নামঘৰৰ সমুখত), বিয়লি ৫ বজাত কেন্দ্ৰীয় সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা, বিয়লি ৫.৪৫ বজাত নামঘৰ উন্মোচন, সন্ধিয়া ৬ বজাত অংকীয়া নাট প্ৰদৰ্শন, ৬.৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহ, ৭বজাত কেন্দ্ৰীয় শিশু, আই-মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ সভা।
৮ ফেব্ৰুৱাৰী অৰ্থ্যাৎ তৃতীয় দিনৰ কাৰ্যসূচীত পুৱা ৫ বজাত আছে পৰিৱেশ নিকাকৰণ । পুৱা ৫.৫০ বজাত প্ৰাতঃপ্ৰসংগৰ লগতে ৭ বজাত নাম প্ৰসংগ অনুষ্ঠিত হ'ব। পুৱা ৯ বজাত পতাকা উত্তোলন, পুৱা ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, ১১ বজাত মুকলি সভা (মুখ্য অতিথি হিচাপে থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে থাকিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বহু গণ্য-মান্য ব্যক্তি), সন্ধিয়া ৫.৩০ বজাত পতাকা অৱনমন, ৬ বজাত বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ।
বিশেষ পথ নিৰ্দেশনা-
১. উজনিৰ পৰা অহা যাত্ৰীসকলে কলিয়াবৰ হৈ চাৰিসীমা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি জামুগুৰি অভাৰ ব্ৰীজ নৌপাওঁতেই ছাৰ্ভিচ পথেৰে বাওফালে জামুগুৰি-বালিপাৰা পথেৰে ৫ কিলোমিটাৰ গলে অধিৱেশন স্থলী পাব।
২. নামনিৰ পৰা অহা যাত্ৰীসকলে মিছন চাৰিআলিৰ পৰা নগাওঁ দিশেৰে আহি দোলাবাৰীত বাওঁফালে ঘূৰি চাৰিসীমা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি জামুগুৰি অভাৰ ব্ৰীজ নৌপাওঁতেই ছাৰ্ভিচ পথেৰে বাওঁফালে জামুগুৰি-বালিপাৰা পথেৰে ৫ কিলোমিটাৰ গলে অধিবেশনস্থলী পাব।
৩. উজনি-নামনিৰ পৰা ৰে'লেৰে অহা যাত্ৰীসকলে ধলাই বিল ৰে'ল ষ্টেচনত নামি ১ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে দক্ষিণ-পূবে আহিলে অধিবেশনস্থলী পাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us