এই আস্তে… নামা আছে লেডিজ!

এই আস্তে… নামা আছে লেডিজ!

author-image
asomiyapratidin
New Update
এই আস্তে… নামা আছে লেডিজ!


 ধ্ৰুৱজ্যোতি ধনন্তৰি

নাৰী আৰু পুৰুষ। হাতত ধৰাধৰিকৈ আগবাঢ়ি গৈছে। নাৰী যদি এখোজ ৰৈ গৈছে পুৰুষেও এখোজ ৰৈ আকৌ খোজ আৰম্ভ কৰিছে। পুৰুষ যদি ৰৈ গৈছে, নাৰীয়েও ৰৈ পুনৰ একেলগে আগবাঢ়িছে। নাৰীৰ সংগী পুৰুষ। পৰুষৰ সংগী নাৰী।নাৰী অবিহনে পুৰুষ আৰু পুৰুষ অবিহনে নাৰী… এই কথা কল্পনা কৰিবলৈকো কঠিন।কিয়নো প্ৰাকৃতিকভাৱে পৃথক সত্বা হৈয়ো দুয়ো সত্বা হৈছে এটা আনটোৰ পৰিপূৰক। সেয়ে সুন্দৰ পৃথিৱীৰ সপোনত হাতত ধৰাধৰিকৈ আগবাঢ়ে পুৰুষ আৰু নাৰী।

পিছে সপোন জানো ইমান সহজতে বাস্তৱ হ'ব পাৰে? নোৱৰাটোৱেই স্বাভাৱিক। বিশেষকৈ আমাৰ দৰে দেশত। নাৰী আজি বহুত আগুৱাই গৈছে। আকাশ চুইছে নাৰীয়ে। পাৰ হৈছে সাগৰ-মহাসাগৰ। ভৰি থৈছে হিমালয় শিখৰত। পিছে কোনোবাখিনিত যেন এতিয়াও বিসংগতি ৰৈ গৈছে। কি সেই বিসংগতি? সমাজ ব্যৱস্থাৰ কেৰোণ নে আমাৰ পশ্চাদগামী মানসিকতা? বহুতে আকৌ এই বিসংগতিৰ সৈতে অতি আধুনিকতাৰ প্ৰসংগটোকো সজোৰেই উত্থাপন কৰে। কিন্তু প্ৰকৃত সত্য কি?

প্ৰকৃত সত্য এয়াই যে আমাৰ দেশত আজিও দৈনিক ১০৬ গৰাকীকৈ নাৰী ধৰ্ষণৰ বলি হয়। দিনে সন্ধানহীন হয় ৬শতাধিক। বিদ্যালয়, মহাবিদ্যালয়, খেলপথাৰ, ৰেল, বাছ ক'তোৱেই সুৰক্ষিত নহয় ভাৰতীয় নাৰী। ৫ বছৰীয়া কন্যাক বিদ্যালয়লৈ পঠিয়াবলৈ লওতেও কঁপি উঠে মাতৃৰ বুকু। কঁপি নুঠিবই বা কিয়? য'ত মাতৃ নিজেই কঁপি থাকিবলগীয়া হয় ভয়ত।

এই দেশত সন্ধিয়া হ'লে গাঁও বাদেই নগৰতো মুক্ত মনে ঘূৰি ফুৰিব নোৱাৰে নাৰীয়ে। কোনো জৰুৰী কামত কেতিয়াবা বহু সাহস কৰি কোনো মহিলা ওলাই আহিলেও চিনাকি পুৰুষসকলৰ দুচকুৰ চাৱনিয়ে ভেদ কৰি যায় পোছাক। আকৌ সেই একেই প্ৰশ্ন? কিয় এনে হয় আমাৰ দেশত!

কিছুদিন আগতে ছ'চিয়েল মিডিয়াত একাংশ লোকে এটা পোষ্ট কৰিছিল। পোষ্টটো আছিল এনেধৰণৰঃ 'নগ্নতা যদি ফেশ্যন হয়, ধৰ্ষণ তেন্তে শাৰীৰিক ব্যায়াম।'এই পোষ্টটো প্ৰত্যক্ষ কৰি যিকোনো যুক্তিবাদী লোকেই হতচকিত হৈ পৰাতো নিশ্চিত। কেনে নীচ মানসিকতাৰ লোকৰ মনলৈ এনে চিন্তা আহিব পাৰে সেই কথা ভাবি মই বহু সময় ধৰি তভক মাৰি ৰৈছিলো। ভাবিছিলো এনে লোকে লিঅ'নাৰ্ডো দ্য ভিঞ্চিৰ সেই বিখ্যাত সৃষ্টি মনালিছাৰ হাঁহি লৈ চাই হয়তো কোনোকালেই বিস্মিত হ'ব নোৱাৰিব। উপলব্ধি কৰিব নোৱাৰিব সৌন্দৰ্য্যৰ আঁৰৰ সৌন্দৰ্য্য।

দুৰ্ভাগ্যৰ কথা এয়ে যে এতিয়া এনে চিন্তাৰ লোকেৰেই ভৰি পৰিছে আমাৰ দেশ। উদাহৰণ বিচাৰি অতীতলৈ উভতি যোৱাৰ প্ৰয়োজনেই বা ক'ত? আজিৰ দিনটোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেইটামান বাতৰি চালেই সেই কথা জলজল পটপট হৈ পৰে। ঘটনাটো বিহাৰৰ ভোজপুৰ জিলাৰ। যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হ'ল। কোনোৱে সেই ঘটনাৰ সৈতে এগৰাকী ২০ বছৰীয়া যুৱতী জড়িত থকা বুলি ক'বলৈহে পালে। হাজাৰ হাজাৰ লোকে যুৱতীগৰাকীক অমানুষিক অত্যাচাৰ চলাই সম্পূৰ্ণ উলংগ কৰি ৰাজপথত ঘূৰাই লৈ ফুৰিলে।

আহিছো অসমৰ কথালৈ। ৰাজ্য জোকাৰি যোৱা হোজাই জিলাৰ অৰ্ণমাই বৰা হত্যাকাণ্ড। আদালতে হত্যাকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। মৃত্যুদণ্ডৰ সেই ৰায়দানৰ কিছুদিন পিছতে হোজাই জিলাতেই সংঘটিত হ'ল কেবাটাও ধৰ্ষণকাণ্ড। এইবাৰো একেটাই প্ৰশ্ন। কিয় এনে হয়? উত্তৰ আমাৰ হাতত নাই।

আমি কেৱল বৰ্ণনা কৰিব পাৰো সমাজ ব্যৱস্থাৰ কেৰোণবোৰৰ কথা। আমি ব্যাখ্যা কৰিব পাৰো পুৰুষ প্ৰধান সমাজত কিদৰে নাৰীক পদে পদে তলত ৰাখিবলৈ চেষ্টা চলোৱা হয়। আমি দাবী কৰিব পাৰো চিটি বাছত মহিলাৰ বাবে আসন সংৰক্ষণ কৰিবলৈ। অথচ সংসদত বছৰৰ পিছত বছৰ ধৰি পৰি ৰয় মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়ক।

মহিলাৰ বাবে আসন সংৰক্ষণ কোনো বেংকৰ দিঘলীয়া শাৰীত 'লেডিজ ফাৰ্ষ্ট' অথবা চিটি বাছত 'এই ৰ'ব আস্তে নামা আছে লেডিজ'বুলি কৰা তাচ্ছিল্যসূচক উচ্চাৰণতেই সীমাৱদ্ধ হৈ ৰয়। ফলত সেই সংৰক্ষণ ব্যৱস্থাই নাৰীক সবল কৰাৰ পৰিৱৰ্তে কৰি তোলো অধিক দুৰ্বল। তেনে কাৰণতে কোনো যুক্তিবাদী মহিলাই সজোৰে কৈ উঠেঃ আমাক সংৰক্ষণ নালাগে, পুৰুষৰ দৰেকৈ আমিও শক্তিশালী।

তেনে শক্তিশালী মহিলাই জয় কৰে জগত। ৰাজনীতি, ক্ৰীড়া, বিজ্ঞান, সাহিত্য, কলা-সংস্কৃতি, অভিনয় সকলোতে আগবাঢ়ে এইসকল সাহসী মহিলা। আধুনিক যুগ বুলিয়েই নহয়। সেই তাহানিৰে পৰা সাহসী মহিলাই পুৰুষকো নিজৰ তলত ৰাখিবলৈ সমৰ্থ হৈ আহিছে। ভাৰতৰ ইতিহাসৰ পাতে পাতে জিলিকি আছে ৰেজিয়া চুলতানা, ৰাণী লক্ষ্মীবাঈৰ দৰে অলেখ উদাহৰণ।

পিছে সাধাৰণ নাৰীসকলৰ ক্ষেত্ৰত সেয়া হৈ নুঠে। পদে পদে লাঞ্ছিতা হয় তেওঁলোক। সেইবোৰ প্ৰত্যক্ষ কৰিয়েই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পুৰুষ প্ৰধান আমাৰ সমাজত প্ৰচলিত হৈ আহে 'অবলা নাৰী'ৰ দৰে শব্দবোৰ। এনে অবলা নাৰীয়েই নিজৰ ভৰিত থিয় দিবলৈ মন কৰিলেও সমাজ ব্যৱস্থাৰ বাধা অতিক্ৰম কৰিবলৈ সাহস নকৰে। বহুতেই আকৌ পুৰুষ নিৰ্ভৰ হৈ মনৰ মানুহজনৰ ওচৰত সঁপি দিয়ে সকলো।

এনে নাৰী গাঁও বাদেই, চহৰতো অজস্ৰগৰাকী আছে। দেশৰ ৰাজধানী মহানগৰী দিল্লীতো অভাৱ নাই এনে নাৰীৰ। সেয়ে ২০১৮ চনৰ আগষ্ট মাহতো আমি পঢ়িবলৈ পাও  প্ৰেমিকৰ সৈতে কোনো কথাক লৈ কাজিয়া লাগিলেই সকলো হেৰুওৱা বুলি ধৰি লৈ হোৱাটছএপত ভিডিঅ' কলিং কৰি থকা অৱস্থাতেই উচ্চশিক্ষিত যুৱতীয়ে আপোনঘাতী হোৱাৰ দৰে দুঃসম্বাদ। আমি শুনিবলৈ পাও কোনো অনাহুত পৰিস্থিতিত আপোনজনৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰিলে অপমানত জৰ্জৰিত হৈ নিজক শেষ কৰি পেলোৱাৰ বাতৰি।

এনেবোৰ কাৰণৰ বাবে সমাজ ব্যৱস্থাই বহু পৰিমাণে দায়ী। আমাৰ সমাজ ব্যৱস্থাই অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিয়ে উপহাৰ দিয়া অত্যাধুনিক গেজেটসমূহকহে বিনা প্ৰশ্নই আকোৱালি লৈছে। আকোৱালি লোৱা নাই আধুনিক বিজ্ঞানসন্মত চিন্তাধাৰা। সেয়ে আমাৰ দেশত আজিও ছোৱালীৰ শিক্ষাৰ বাবে চৰকাৰে দিবলগীয়া হয় 'বেটি বচাও বেটি পঢ়াও'ৰ দৰে বিজ্ঞাপন। ইস-আস কৰি উঠে ৩৫ বছৰীয়া অভিনেত্ৰী প্ৰিয়ংকাই তেওঁতকৈ বয়সত সৰু মাৰ্কিন গায়ক নিকক জীৱনসংগী কৰি লোৱাৰ বাতৰি পঢ়ি।

মুঠৰ ওপৰত নাৰী শিক্ষা, নাৰী সবলীকৰণ, নাৰীৰ অধিকাৰ, নাৰীৰ সুৰক্ষা সকলোবোৰতে কেৱল ধুৱলী-কুঁৱলী সদৃশ পৰিৱেশ। ভিতৰুৱা গাঁৱৰ কন্যা হিমা দাসে অশেষ কষ্টৰ মাজত লাভ কৰা সাফল্যৰ বাতৰি পঢ়ি হোৱা গৌৰৱবোধ অনুভৱ কৰিবলৈ নৌপাওতেই, আমেৰিকালৈ যোৱা সোণতলীৰ ছালমাৰ খবৰ পঢ়ি আনন্দিত হ'বলৈ নৌপাওতেই আমি লাভ কৰো ঘৰৰ কাষৰে ঠাইখনত সংঘটিত হোৱা বোৱাৰী নিৰ্যাতন অথবা ৫ বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ বাতৰি।

টিভি-পেপাৰ, ফেচবুক, হোৱাটছএপ সকলোতে এনেবোৰ লানি নিছিগা নাৰী নিৰ্যাতনৰ বাতৰি পঢ়ি চমকি উঠো তেতিয়াই যেতিয়া কোনো চিনাকি পুৰুষৰ বিৰুদ্ধেও উত্থাপিত হয় সেইধৰণৰ অভিযোগ। প্ৰশ্ন হয়, এনে মুহূৰ্তত নাৰীসকলে কাকনো বিশ্বাস কৰিব? তেতিয়াই নিশ্চিত হৈ পৰো যে নৈশ বাছত বা ৰেলত ভ্ৰমণ কৰাৰ সময়ত মোৰ কাষত বহা অচিনাকি মহিলা যাত্ৰীগৰাকীয়ে মোকো যে সহজাত সন্দেহৰ চকুৰে চাই এবাৰলৈ হ'লেও সম্ভাৱ্য ধৰ্ষণকাৰী বুলি ধৰি লৈছে সেয়া নিশ্চিত।

এইবোৰৰ মাজতো আমি আশাবাদী হৈ পৰো বিদেশৰ সেই বিশেষ খবৰবোৰ পঢ়ি। নিউজীলেণ্ডৰ এগৰাকী মন্ত্ৰী। মহিলা কল্যাণ বিভাগৰ দায়িত্বত আছে জুলি এনি জেণ্টাৰ। সন্তান জন্ম দিবলৈ বুলি নিজেই চাইকেল চলাই গৈ ভৰ্তি হৈছে হাস্পতালত। বাতৰিটো পঢ়ি বহুতৰ দৰেকৈ স্বগতোক্তি কৰোঃ হয়, এয়াইতো প্ৰকৃত মহিলা সবলীকৰণ। এয়াইতো মহিলাৰ শক্তি, সাহস।

অৱশ্যে সেই মুহূৰ্ততে মনলৈ আহে আন এটা প্ৰশ্নঃ আমাৰ দেশত মহিলা সবলীকৰণ বাস্তৱত হৈ উঠিবনে? প্ৰশ্নটোৰ ইতিবাচক উত্তৰ কেতিয়া পাম সেয়া সময়েহে ক'ব। তথাপি আমি সপোন দেখো হাতত ধৰাধৰিকৈ আগবাঢ়িও যাওক নাৰী আৰু পুৰুষ। এই পৃথিৱীত চলক নাৰী-পুৰুষৰ সমান ৰাজত্ব। এনেকৈয়ে আগবাঢ়ক সুন্দৰ সময়বোৰ।