/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2026-02-03-11-41-24.jpeg)
মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰা। মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা চিএম ভিজিলেন্সে দুৰ্নীতিৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে ভূমি জালিয়তি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা। মাত্ৰ ৬ বছৰীয়া চাকৰি কালত দুৰ্নীতিৰে পাহাৰ গঢ়া নূপুৰ বৰাৰ বিৰুদ্ধে থকা সকলো অভিযোগ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ বিশেষ প্ৰতিবেদন...
এচিএছ বিষয়া নূপুৰ বৰাৰ দুৰ্নীতি আৰু অনিয়মৰ কাহিনী ইতিমধ্যে পোহৰলৈ আহিছে। ২০১৯ বৰ্ষত অসম অসামৰিক সেৱাত যোগ দিয়া নূপুৰ বৰাই মাত্ৰ ৬টা বছৰতে নিজকে দুৰ্নীতিৰ ৰাণী ৰূপে প্ৰতিষ্ঠা কৰিলে। নূপুৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ এখন দীঘল তালিকা আছে।
চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ইয়াৰ পূৰ্বে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিল।
গৰৈমাৰীত ২০২৪ৰ নৱেম্বৰত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা নূপুৰে ইয়াৰ পূৰ্বে কৰ্মৰত বৰপেটা ৰাজহ চক্ৰত সংঘটিত কৰিছিল ব্যপক অনিয়ম আৰু দুৰ্নীতি। সেই অনিয়মৰ অন্যতম সংগী আছিল লাটমণ্ডল সুৰজিৎ ডেকা।
অভিযোগ অনুসৰি, বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়তে নূপুৰ বৰাই চৰকাৰী নিয়ম ভংগ কৰি ইণ্টাৰ ৰিলিজিয়াছ লোকৰ মাজত মাটি ক্ৰয়- বিক্ৰয়ত অনুমতি প্ৰদান কৰাই নহয়, এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। চৰকাৰে বিশেষ নিৰ্দেশনাযোগে বৰপেটা সত্ৰৰ পৰা ৫ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত বেলেগ বেলেগ ধৰ্মৰ মাজত মাটি ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰিব বুলি কেবিনেটত লৈছিল সিদ্ধান্ত।
এই নিয়ম ভংগ কৰি কেৱল টকাৰ বাবে নূপুৰ বৰাই দিপীকা নাথ নামৰ মহিলাগৰাকীৰ মালিকনাধীন পট্টা নম্বৰ ৫১২, দাগ নং ৬২৩ৰ ৩ বিঘা, ৩কঠা, ১৫ লেচা মাটি নামজাৰি কৰাইছিল হায়াত খান নামৰ লোকজনৰ নামত। ২০২৪ৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত এই মাটি নামজাৰি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।
ইয়াত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈছিল আৰু সেই প্ৰক্ৰিয়াটোত মাটিৰ দালাল, লাটমণ্ডল, মণ্ডল আৰু অন্যান্য বহু চৰকাৰী বিষয়া- কৰ্মচাৰী জড়িত হৈ আছিল। পত্ৰখনত উল্লেখ থকা মতে নূপুৰ বৰাৰ বিৰুদ্ধে উৎকোচ দাবী আৰু উৎকোচ লোৱাৰ বহু অভিযোগ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই লাভ কৰিছিল আৰু তাৰ সত্যতাৰ সন্দৰ্ভত অনুসন্ধান চলাইছিল।
মাটিৰ পঞ্জীয়ন, লেন মিউটেচন, ডিমাৰ্কেচন, সীমা নিৰ্ধাৰণ আৰু মাটি সংক্ৰান্তিয় তথ্য সংগ্ৰহ বা কাম- কাজৰ বাবে ধন দাবী কৰিছিল নূপুৰ বৰাই। এয়া কোনো লোকৰ অভিযোগ নহয়, মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা প্ৰেৰণ কৰা পত্ৰত থকা কথাহে।
তদন্তৰ কালত নূপুৰ বৰাৰ যথেষ্ট সংখ্যক সা- সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছিল। তাৰ ভিতৰত নূপুৰ বৰাৰ সম্পত্তিৰ মূল্য তদন্তকাৰী বিষয়াই সংগ্ৰহ কৰা তথ্য অনুসৰি ১,৭৯, ৯২, ৮৫৬. ৩৬ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ আয়ৰ উৎসতকৈ আহৰণ কৰা সম্পত্তিৰ পৰিমাণ ৪১৬.২৬ শতাংশ বেছি।
যিটো দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি ইয়াক এটা অপৰাধ হিচাপে গন্য কৰা হয়। লগতে তদন্তকাৰী বিষয়াই বাঘবৰ ৰাজহ চক্ৰত কৰ্মৰত নূপুৰ বৰাৰ ঘনিষ্ঠ সহযোগী লাটমণ্ডল সুৰজিৎ ডেকাৰ আৰু অন্যান্য বিষয়াসকলৰ সন্দৰ্ভতো এই তদন্ত চলাইছিল।
নূপুৰ বৰাৰ আছে দুটা বেংক একাউণ্ট। তাৰে এটা বেংক একাউণ্ট আছে আই চি আই চি আই বেংকত। যিটো একাউণ্টৰ নম্বৰ ২১৭৩০১৫০১৯৩৭। এই একাউণ্টটোত নূপুৰ বৰাৰ আছে ৯,৪১,৩০০ টকা। এই ধন তেওঁৰ একাউণ্টত জমা থৈছে ২০২০ৰ পৰা ২০২৪ৰ ভিতৰত।
আনহাতে নূপুৰ বৰাই এই একাউণ্টটোত ২০২৪ৰ পৰা ২৫ৰ ভিতৰত নগদ জমা থোৱা ধনৰ পৰিমাণ ১,৯৬,০০০ টকা। নূপুৰ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে ফাইলত অনুমোদন জনোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত ১৪ আগষ্টত গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ নম্বৰ ২৫/২০২৫।
এই গোচৰ ৰুজু হোৱাৰ পাছত পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰাৰ শেষত চি এম ভিজিলেঞ্চে নূপুৰ বৰাৰ মালিগাঁৱৰ গোটানগৰত থকা শ্বাইন শান্তি গ্ৰীণোত অভিযান চলাইছিল। ৩দিন কাৰ্যালয় বন্ধ থকাৰ সূত্ৰে সুৰজিৎ ডেকাৰ সৈতে অৰুণাচলত ফুৰিবলৈ গৈ ঘূৰি আহিছিল নূপুৰ।
চি এম ভিজিলেঞ্চলৰ আৰক্ষী অধীক্ষকগৰাকীৰ পত্ৰত উল্লেখ থকা মতে মালিগাঁৱৰ এই ঘৰটোৰ পৰা মুঠ নগদ ৮১,৮৩,২০০ টকা উদ্ধাৰ হৈছিল। ইয়াৰ লগতে বহু পৰিমাণৰ হীৰা, সোণৰ অলংকাৰ, বেংকৰ পাচবুক, জীৱন বীমাৰ পলিচি আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে, বৰপেটাত থাকোতে নূপুৰ বৰা আছিল ভগৱান দাসৰ ভাড়াঘৰত। ২০২৪ৰ নৱেম্বৰতে গৰৈমাৰী ৰাজহ চক্ৰলৈ বদলি হৈ আহিল যদিও বৰপেটাৰ কালিয়াহাটীত থকা এই ভাড়াঘৰটো তেওঁ এৰা নাছিল। তাতো একেলগতে চলোৱা অভিযানত অভিযানকাৰী দলে ১০,৬৭,২০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে কেইবাটাও বহু মূল্যৱান ঘড়ী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে।
এই অভিযানত নূপুৰ বৰাৰ পৰা উদ্ধাৰ কৰা নগদ ধনৰ পৰিমাণ আছিল ৯২, ৫০,৪০০ টকা। নূপুৰ বৰাৰ মালিগাঁৱৰ গোটানগৰৰ ঘৰৰ যিটো বেগৰ পৰা টকা উদ্ধাৰ হৈছিল, সেই বেগত টকাৰ লগতে এখন শ্লিপ দেখা পোৱা গৈছিল। যিখনত লিখা আছে এষ্ট্ৰ’লজাৰ। হয়তো নূপুৰে সেই ধনৰ সুৰক্ষাৰ বাবে কোনোবা জ্যোতিষীৰ পৰা আনি সেই কাগজৰ টুকুৰাটো টকাৰ সৈতে থৈ দিছিল।
এয়া নূপুৰ বৰা নামৰ ৰাজহ বিষয়াগৰাকীৰহে কাহিনী। সুৰজিৎ আৰু তেওঁৰ অন্যান্য সংগীসকলৰ কাহিনী আৰু আছে। সুৰা আৰু নৃত্য নূপুৰৰ বৰ প্ৰিয়। ইমান দায়িত্বশীল বিষয়া হৈও সুৰজিৎ ডেকাৰ সৈতে নূপুৰে ডান্স বাৰত গৈ কৰা ফুৰ্তিৰ দৃশ্য ইতিমধ্যে ৰাইজে দেখিছে।
গৰৈমাৰীত নূপুৰে কামৰ বাবে মূল্য নিৰ্ধাৰণ কৰি লৈছিল। সেই অধ্যায়ৰ তদন্ত কৰিলে তেওঁৰ দ্বাৰা সংঘটিত আৰু অজস্ৰ ঘটনা পোহৰলৈ আহিব। নূপুৰৰ আছে গুৱাহাটীৰ আজাৰা, পাঞ্জাবাৰী, ৰঙিয়া আদিত ক্ৰয় কৰা মাটি। গোটানগৰৰ ফ্লেটটোৰ উপৰিও নূপুৰে কেইবামাহৰ পূৰ্বে মহানগৰীৰ ৰেডিশ্বন ব্লু’ৰ সমীপত ৪টা কোঠাযুক্ত এটা ফ্লেট ক্ৰয় কৰিছিল।
নূপুৰ বৰাৰ দুটাকৈ লকাৰ থকাৰ কথা পোহৰলৈ আহিছিল। সেই লকাৰ দুটা আছে বৰপেটাৰোডৰ ষ্টেট বেংক আৰু গোলাঘাটৰ বেংকত। তাতো নূপুৰে নিশ্চয় ধনে- সোণেৰে ভৰাই থৈছিল। অৱশেষত দুৰ্নীতিৰে পাহাৰ গঢ়া এই বিতৰ্কিত বিষয়াগৰাকীক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হল। গ্রেপ্তাৰ কৰি CM ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হৈছে নূপুৰক। পৰৱৰ্তী তদন্তৰ অন্তত নূপুৰৰ ন ন অধ্যায় পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us