/asomiyapratidin/media/media_files/2025/10/11/bikhekh-protibedon-1-2025-10-11-13-16-09.jpg)
যাতায়তৰ বাবে অতি দুৰ্গম বুলিয়েই পৰিচিত মিজোৰাম এতিয়া আৰু দুৰ্গম হৈ থকা নাই। ভাৰতীয় ৰে’ল নেটৱৰ্কে মিজোৰামক সংযোগ কৰাৰ পাছতেই সলনি হৈছে পৰিবেশ। আশা কৰাতকৈ, যাত্ৰী কঢ়িওৱা সক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই সগৌৰৱে চলি আছে দুখনকৈ ৰাজধানী এক্সপ্ৰেছ। অতি দুৰ্গম পাহাৰীয়া পথ আৰু উপত্যকা সামৰি লোৱা বৈৰৱী-ছাইৰাং ৰে’ল প্ৰকল্পৰ সন্দৰ্ভত আইজলৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
ৰেল যাত্ৰাৰ প্ৰতি এতিয়া আৰু শৈশৱৰ দৰে বহুত বেছি উৎসাহ নাই যদিও ৯ অক্টোবৰ, ২০২৫ বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত পল্টনবজাৰ ৰে’লৱে ষ্টেচনৰ পৰা ৰে’ল যাত্ৰা আৰম্ভ কৰিছিলো তেতিয়া কিন্তু মনত আছিল ভীষণ উৎসাহ। এই উৎসাহৰ কাৰণ নথকা নহয়।
কিয়নো এই যাত্ৰা আছিল এখন ৰাজ্যলৈ যাৰ যাতায়ত ব্যৱস্থা আজিৰ পৰা প্ৰায় এটা মাহৰ আগলৈকে অতি দুৰ্গম। এতিয়াও দেশৰ মূল ভূ-খণ্ডৰ পৰা প্ৰায় একাষৰীয়া যেন হৈ থকা ৰাজ্যখন শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে এটা ৰে’ল লাইনৰ বাবে। বহুতৰ বাবে এয়া এক সাধাৰণ ৰে’ল লাইন হলেও মিজো জনতাৰ বাবে কিন্তু এয়া কোনো কাৰণতে সাধাৰণ নহয়।
দেশে স্বাধীনতা লাভ কৰাৰ ৯৪ বছৰ আগতে আৰু আজিৰ আজিৰ পৰা ১৭২ বছৰ পূৰ্বে ভাৰতত আৰম্ভ হৈছিল প্ৰথম ৰে’ল চলাচল। তেতিয়াৰ বম্বে আৰু থানেৰ মাজত প্ৰথমবাৰৰ বাবে ৩৪ কিলোমিটাৰ পথত চলিছিল ৰে’ল। ১৬ এপ্ৰিল, ১৮৫৩ চনত ৪০০ যাত্ৰীক লৈ এই লাইনত প্ৰথমবাৰৰ বাবে চলিছিল যাত্ৰীবাহী ৰে’ল।
অসমত প্ৰথমবাৰৰ বাবে ১৮৮২ চনত ডিব্ৰুগড়ত আছাম ৰে’লৱে এণ্ড ট্ৰেডিং কম্পেনীয়ে মিটাৰ-গজ ৰে’ল লাইন আৰম্ভ কৰিছিল আৰু ১৮৮৩ চনৰ পৰা এই লাইনত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ কৰিছিল।
এই সোণালী ইতিহাস বুকুত বান্ধীয়েই ভাৰতীয় ৰে’লৱেয়ে ঠায়ে ঠায়ে অতি দ্ৰুতবেগী বন্দে ভাৰত ৰে’ল নিৰ্মাণ কৰি ২০১৯ চনৰ পৰা যাত্ৰীৰ সেৱাত উৎসৰ্গা কৰিছে। চলি আছে বুলেট ট্ৰেইনৰ প্ৰকল্পও।
এইদৰেই ভাৰতীয় ৰে’ৱেয়ে দেশক ৰে’ল লাইনৰূপী এডাল সোণালী সূতাৰে বান্ধিছে যদিও এনে বহু ঠাই এতিয়াও আছে যাক ৰে’ল নেটৱৰ্কে স্পৰ্শ কৰিব পৰা নাই। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মিজোৰামো আছিল তেনে এখন ৰাজ্য।
পাহাৰীয়া এই ৰাজ্যখন আজিও দেশৰ আন প্ৰান্তৰ লোকৰ বাবে এখন দুৰ্গম ৰাজ্য। দেশৰ আন প্ৰান্তৰ সৈতে সংযোগ কৰিবলৈ মিজোৰামৰ সৈতে আছিল মাত্ৰ দুটা মাধ্যম। পথ আৰু আকাশ।
ইয়াৰে পথ যোগাযোগৰ ব্যৱস্থাতো এতিয়াও সূচল নহয়। অতি পাহাৰীয়া অঞ্চল হোৱাৰ বাবেই বাৰিষা আৰু অন্যান্য সময়তো বৰষুণ তথা প্ৰতকূল বতৰত ভূমিস্খলনৰ বাবে পথ বন্ধ হৈ পৰাতো তেনেই সাধাৰণ কথা। বিমান সেৱাও অতি ব্যয়বহুল।
দেশে স্বাধীনতা অৰ্জনৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এইদৰেই দুৰ্গম হৈ থকা এই ৰাজ্যখনক শেহতীয়াকৈ ভাৰতীয় ৰে’ল নেটৱৰ্কে দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰিলে। এতিয়া এই ৰাজ্যখনৰ সৈতে যোগাযোগৰ অন্যতম উৎস হৈ পৰিল ভাৰতীয় ৰে’ল।
যোৱা ১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে মিজোৰামক ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা বৈৰৱী-ছাইৰাং ৰে’ল লাইন। মিজোৰামৰ ৰাজধানী আইজলৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত আছে এই ছাইৰাং ৰে’ল ষ্টেচন।
এই ৰে’ল লাইন মিজোৰামৰ বাবে কিমান গুৰুত্বপুৰ্ণ অথবা এই ৰে’ল লাইনে সাধাৰণ জনতাক কিমান বেছি উপকৃত কৰিছে সেয়া ৰে’ল চলাচল আৰম্ভ হোৱাৰ পাছত জনসাধাৰণে ৰে’লসমূহত যিদৰে ভিৰ কৰিছে সেই দৃশ্যই প্ৰমাণ কৰিছে।
সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষস্থানৰ মিজোৰামক ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাত ইয়াৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে। মিজোৰামক দেশৰ আন প্ৰান্তৰ সৈতে ৰে’লৰ জৰিয়তে সংযোগ কৰিবলৈ ভাৰতীয় ৰে’লৱেয়ে বৈৰৱীৰ পৰা ছাইৰাঙলৈ নিৰ্মাণ কৰিবলগীয়া হৈছে ৫১.৩৮ কিলমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল লাইন।
মিজোৰামৰ ঠেক পাহাৰৰ মাজেৰে, অৰণ্য ভেদি, গভীৰ উপত্যকাৰে এই ৰে’ল লাইন আগবাঢ়ি গৈছে। এই ৫১.৩৮ কিলোমিটাৰৰ ৰে’ল লাইনতে আছে ৪৫ টা সুৰংগ, ৫৫ খন মূল দলং যাৰ ভিতৰত আছে ১৪৪ মিটাৰ উচ্চতাৰ দেশৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ ঘাট দলং, যি কুটুব মিনাৰতকৈ ওখ।
ৰাজ্যখনৰ ছাইৰাংক আনন্দ বিহাৰ টাৰ্মিনেল (দিল্লী)ৰ সৈতে সংযোগ কৰিছে ৰাজধানী এক্সপ্ৰেছে। ৰাজধানী এক্সপ্ৰেছ এই ৰে’ল লাইনৰ সৈতে সংযোগ হোৱাৰ লগে লগে ইতিমধ্যে চাহিদা, সংযোগ, আৰু ভৱিষ্যতৰ প্ৰতি আশাবাদৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে।
যোৱা ১৯ ছেপ্তেম্বৰত ২০৫০৭ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছে ছাইৰাঙৰ পৰা আৰু ২১ ছেপ্তেম্বৰত ২০৫০৮ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখনে দিল্লীৰ পৰা ছাইৰাঙলৈ যাত্ৰী লৈ বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিছিল। আৰম্ভণিতেই জনসাধাৰণে দেখুওৱা সঁহাৰি আছিল আশা কৰাতকৈ অধিক।
ভাৰতীয় ৰেল মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি ১৫৫ শতাংশতকৈ অধিক লোকৰ সৈতে এই ৰে’ল চলাচল আৰম্ভ হৈছিল। তথ্য অনুসৰি ২০৫০৭ নম্বৰ ছাইৰাং –আনন্দবিহাৰ ৰে’লখনে ১৬২.৫ শতাংশ আৰু ২০৫০৮ নম্বৰৰ আনন্দ বিহাৰ- ছাইৰাং সংযোগী ৰে’লখনে ১৫৮.৩ শতাংশ যাত্ৰীৰে যাত্ৰা কৰিছে।
ইয়াৰ পৰা এই কথা নিশ্চিত হৈছে যে, ছাইৰাঙক ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ লগে লগে মিজোৰামৰ পৰা অন্য প্ৰান্তলৈ আৰু দেশৰ অন্যপ্ৰান্তৰ পৰা মিজোৰামলৈ এই দুয়োটা দিশতে চাহিদা যথেষ্ট শক্তিশালী হৈছে। ইয়েই প্ৰমাণ কৰে মিজোৰামৰ জনতাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য লোকসকলে কিমান আশাৰে এই ৰে’ল লাইনৰ বাবে অপেক্ষা কৰি আছিল।
ভাৰতীয় ৰে’লৱেয়ে দেশৰ অন্য প্ৰান্তত ক্ষমতাৰ সমান বা তাতকৈ অধিক যাত্ৰী কঢ়িয়াই সেৱা আগবঢ়াই থকাতো স্বাভাৱিক যদিও মিজোৰামক সংযোগ কৰি ৰে’ল চলাচলৰ প্ৰথম এটা সপ্তাহতে এইদৰে ১৫৫ শতাংশতকৈ অধিক যাত্ৰীৰে সেৱা আগবঢ়োৱাৰ বিষয়টো অসাধাৰণ।
নতুন ৰাজধানী এক্সপ্ৰেছখ ছাইৰাং আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজৰ ১৮টা মূল ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে। সেইসমূহৰ ভিতৰত আছে বৈৰৱী, হাইলাকান্দি, বদৰপুৰ, নিউ হাফলং, হোজাই, গুৱাহাটী, ৰঙিয়া, বৰপেটা ৰোড, নিউ বঙাইগাঁও, নিউ কুচ বিহাৰ, নিউ জলপাইগুৰি, মালদা টাউন, চাহিবগঞ্জ, ভাগলপুৰ, জামালপুৰ, পাটনা, পণ্ট. ডি ডি উপাধ্যায় জংচন, আৰু কানপুৰ চেণ্ট্ৰেল।
এই পথটোৱে অসমৰ মাজেৰে মিজোৰামক প্ৰত্যক্ষভাৱে সংযোগ কৰিছে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীক। ৰাজধানী এক্সপ্ৰেছৰ উপৰিও ছৈৰাঙৰ পৰা আন কেইবাখনো ৰে’ল চলাচল আৰম্ভ হৈছে। ইয়াৰ ভিতৰত ১৫৬০৯ নম্বৰৰ গুৱাহাটী-ছৈৰাং এক্সপ্ৰেছ, ১৫৬৭০ নম্বৰৰ ছৈৰাং-গুৱাহাটী এক্সপ্ৰেছ।
মিজোৰামক ৰে’ল নেটৱৰ্কৰ দ্বাৰা সংযোগ কৰা বিষয়টো কেৱল এক যাতায়তৰে মাধ্যম হৈ থকা নাই। ই মিজোৰামৰ উন্নয়ন, ব্যৱসায়, বাণিজ্য, পৰ্যটন আদি ক্ষেত্ৰলৈয়ো নতুন দিগন্ত কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।
মিজোৰামৰ সেউজীয়া সুউচ্চ পাহাৰ, ইয়াৰ উপত্যকা, ভূ-প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি আদিয়ে পৰ্যটকসকলক এক নতুন গন্তব্যস্থলী প্ৰদান কৰিছে। ৰে’ল নেটৱৰ্কে পৰ্যটকসকলক সেই সুযোগ প্ৰদান কৰিব।
মন কৰিবলগীয়া যে, ২০১৪ চনৰ ২৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ বৈৰৱীৰ পৰা ছৈৰাঙলৈ নতুন ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৬ চনৰ ২১ মাৰ্চত অসমৰ পৰা বৈৰৱীলৈ ৰে’লপথক ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছিল আৰু প্ৰথমখন মালবাহী ৰে’ল আহি বৈৰৱীত উপস্থিত হৈছিল।
তাৰ পাছত বৈৰৱীৰ পৰা ছৈৰাঙক সংযোগ কৰা ৮০৭১ কোটি টকীয়া প্ৰকল্পৰ ৫১.৩৮ কিলোমিটাৰৰ ৰে’ল লাইন প্ৰধানমন্ত্ৰীয়ে যোৱা ১৩ ছেপ্তেম্বৰত উদ্বোধন কৰি নতুন দিগন্তৰ সূচনা কৰিলে।