/asomiyapratidin/media/media_files/2025/09/16/new-bikhekh-protibedon-1-2-2025-09-16-12-17-47.jpg)
পুনৰ উত্তপ্ত হৈ পৰিছে নেপাল। বালুৱাটাৰত অৱস্থিত নেপালৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমুখত দেওবাৰে উত্তেজনা সৃষ্টি হোৱাৰ ঘটনাই দেশখনৰ ৰাজনীতিত নতুন মোৰ লৈছে। নেপালৰ ৰাজনীতিৰ শেহতীয়া দিশ সামৰি ৰিম্পী গগৈৰ এই বিশেষ প্ৰতিবেদন...
দেওবাৰে চুডান গুৰুং আৰু তেওঁৰ সংগঠন ‘হামি নেপালে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পদত্যাগৰ দাবীত প্ৰদৰ্শন কৰে বিক্ষোভ। নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শেহতীয়াকৈ Genz আন্দোলনত নিহতসকলৰ পৰিয়ালকে ধৰি প্ৰতিবাদকাৰীসকলে “মৃতকক লৈ ৰাজনীতি নকৰিব” আৰু “প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰক” আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে মাত্ৰ দুদিন আগত শপত গ্ৰহণ কৰা সুশীলা কাৰ্কীৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদে ব্যাপক চৰ্চা লাভ কৰিছে।
শেহতীয়াকৈ Genz প্ৰতিবাদৰ নেতৃত্ব দিয়া গোট হামি নেপালৰ পৰামৰ্শ নোলোৱাকৈ কাৰ্কিয়ে তিনিজন গুৰুত্বপূৰ্ণ মন্ত্ৰী নিযুক্তি দিয়াৰ পিছত জনসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি। নতুন মন্ত্ৰীসকলৰ ভিতৰত আছে: গৃহমন্ত্ৰী হিচাপে কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহৰ আইনী উপদেষ্টা ওম প্ৰকাশ আৰিয়াল, বিত্তমন্ত্ৰী হিচাপে প্ৰাক্তন বিত্ত সচিব ৰমেশ্বৰ খানাল আৰু শক্তি মন্ত্ৰী হিচাপে বিদ্যুৎ কৰ্তৃপক্ষৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া কুলমান ঘিছিং।
৮ ছেপ্টেম্বৰৰ পৰা কাঠমাণ্ডুত আৰম্ভ হোৱা আৰু পিছৰ সপ্তাহত দেশজুৰি বিয়পি পৰা প্ৰতিবাদৰ অন্তত ক্ষমতাৰ শূন্যতাৰ মাজতে নেপালৰ জনতা অনিশ্চয়তাত ডুব গৈছিল। হামি নেপালৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰতিবাদে ব্যাপক ৰাজনৈতিক সংস্কাৰৰ দাবীত জাতীয়চেতনা, দেশপ্ৰেম জগাই তুলিছিল। হামি নেপালৰ নেতা চুডান গুৰুং আৰু তেওঁৰ সমৰ্থকসকলে নেপাল চৰকাৰ তৎকালীনভাৱে ভংগ কৰি দেশখনৰ Genz জনগাঁথনিৰ প্ৰতিফলন ঘটোৱা অন্তৱৰ্তীকালীন প্ৰশাসন স্থাপনৰ আহ্বান জনাই আহিছিল। আৰু তাৰপাছতে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে সুশীলা কাৰ্কীয়ে কৰিছিল শপত গ্ৰহণ।
অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হলেও সুশীলা কাৰ্কীক লৈ প্ৰতিবাদকাৰীৰ আছিল যথেষ্ট আশা। পিছে মন্ত্ৰীপদৰ নিযুক্তিৰ পিছতে সলনি হল সকলো দৃশ্যপট। যাৰবাবে যুৱ মিত্ৰজোঁটক বাইপাছ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে হামি নেপালে। ওম প্ৰকাশ আৰিয়ালক লক্ষ্য কৰি সংগঠনটোৰ নেতা চুডান গুৰুঙে কয় যে, “অম প্ৰকাশৰ এই অধিবক্তাই ভিতৰত বহি নিজকে গৃহমন্ত্ৰী কৰি তুলিছে।” ।
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত ভাষণ দি গুৰুঙে ঘোষণা কৰে যে, "নেপালৰ আটাইতকৈ শক্তিশালী লোকসকল হৈছে জনসাধাৰণ। আমাক কোনেও বাধা দিব নোৱাৰে। আমি তেওঁলোকক স্থাপন কৰা ঠাইৰ পৰা নমাই আনিম।'
হামি নেপালৰ মুখ্য দাবীসমূহ হৈছে—
- বৰ্তমানৰ সংসদৰ পদত্যাগ
- Genzৰ আকাঙ্ক্ষা প্ৰতিফলিত কৰা এখন অন্তৱৰ্তীকালীন চৰকাৰৰ গঠন,
- নতুন, সক্ষম নেতৃত্বৰ উদ্ভৱ
গুৰুঙে স্পষ্ট কৰি দিয়ে যে, Genz আন্দোলনে নেপালৰ সংবিধান বাতিল কৰিব বিচৰা নাই, কিন্তু সংশোধন কৰিবলৈ দাবী জনাইছে। কাৰ্কিক আগতীয়াকৈ সমৰ্থন জনোৱাৰ পিছতো, আনকি ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে শপত গ্ৰহণ কৰাৰ পিছতো গুৰুঙে সমালোচনাত্মক স্থিতি গ্ৰহণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘আমি প্ৰধানমন্ত্ৰী বিচৰা নাই। আমাক চৰকাৰৰ প্ৰয়োজন নাই। লোৱা হ’লে মই নিজেই পদটো ল’লোহেঁতেন। আমি পৰিৱৰ্তন বিচাৰো। চকীত উপনীত হোৱাৰ পিছত কোনো অহংকাৰ হ’ব নালাগে।এতিয়া প্ৰতিজন নেপালীৰ মাত শুনাব লাগিব।”
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে কাঠমাণ্ডুৰ ৰিপ’ৰ্টাৰছ ক্লাবত চুডান গুৰুঙে আয়োজন কৰা সংবাদমেলত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। এই সংবাদমেলতে গুৰুঙে সতৰ্কবাণী জাৰি কৰি উল্লেখ কৰিছিল যে, “আমাৰ দাবী পূৰণ নহ’লে এই চৰকাৰখনো উফৰাই দিয়া হ’ব।”
অনুষ্ঠানৰ সময়ত যেতিয়া সাংবাদিকসকলে গুৰুঙক প্ৰত্যাহ্বান জনায় তেতিয়া কথাৰ কটা-কটি হৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। খবৰ অনুসৰি, নেতাগৰাকীয়ে সাংবাদিকক ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰিছিল, যাৰ ফলত তেওঁৰ সমৰ্থক আৰু সংবাদ মাধ্যমৰ সদস্যৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। সংবাদমেলত দুয়োপক্ষই সভাস্থলীৰ ভিতৰত ঠেলি ঠেলি পৰ্যন্ত কৰিছিল বুলি জানিব পৰা গৈছে।