/asomiyapratidin/media/media_files/2026/02/20/new-bikhekh-protibedon-2026-02-20-15-15-59.jpeg)
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলচৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত উদ্বোধন কৰিলে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২’ৰ। ইয়াৰ জৰিয়তে বাংলাদেশ সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জীৱনৰ মান উন্নিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। পিছে এই ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ মানে কি? ইয়াৰ জৰিয়তে কি কি লাভ হ'ব অসমৰ ? এই সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন-
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সীমান্তৱৰ্তী গাঁওসমূহৰ সামগ্ৰিক উন্নয়নৰ দিশত নতুন অধ্যায়ৰ সূচনা কৰে। এই পদক্ষেপ ‘বিকশিত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত দুৰ্গম আৰু উন্নয়নৰ পৰা বঞ্চিত গাঁওসমূহক আন্তঃগাঁথনি, জীৱিকা আৰু সামাজিক সুবিধাৰে শক্তিশালী কৰা।
এই প্ৰকল্পৰ জৰিয়তে পূৰ্বে পাকিস্তান আৰু চীনৰ গাতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তি গাঁৱত কাম চলিছিল। প্ৰথম পৰ্যায়ত মূলতঃ অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিক্কিম আৰু লাডাখ ইয়াৰ অন্তৰ্ভুক্ত আছিল। চৰকাৰে এই আঁচনিৰ বাবে প্ৰথম পৰ্যায়ত প্ৰায় ২,৯৬৭খন গাঁওক চিহ্নিত কৰিছিল।
কিন্তু শেহতীয়াকৈ, ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ পর্যালোচনা কৰি বাংলাদেশৰ সীমান্ততো এই প্ৰকল্পৰ প্রয়োজনীয়তা অনুভৱ কৰে কেন্দ্রীয় চৰকাৰে। যাৰবাবে চৰকাৰে প্রথমবাৰৰ বাবে কাছাৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত 'ভাইব্ৰেণ্ট ভিলেজ’ কার্যসূচী আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
এই ভিভিপি-২ৰ অধীনত ১,৯৫৪ খন সীমান্তৱৰ্তী গাওঁ আছে। ১৫খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি আছে এই প্ৰকল্পৰ ভৌগলিক বিস্তাৰ। ইয়াৰ ভিতৰত আছে অসমৰ বাংলাদেশ আৰু ভূটান সীমান্তৰ ১৪০ খন গাওঁ।
উল্লেখযোগ্য যে, ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈ (পৰ্যায়-১) আৰু পৰৱৰ্তী পৰ্যায়ত ২০২৮-২৯ চনলৈকে এই কাৰ্যসূচীৰ বাবে ৬,৮৩৯ কোটি টকা আবণ্টন দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন ৰোধ কৰা, পৰ্যটন আৰু স্থানীয় জীৱিকাৰ সৃষ্টি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে মোডী চৰকাৰে।
অসমৰ সাম্ভাব্য লাভালাভঃ এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ ১৪০ খন গাওঁ অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ভাৰত-বাংলাদেশ সীমান্তত আছে ৬৫ খন গাওঁ। আনহাতে, ভাৰত-ভূটান সীমান্তত আছে ৭৫ খন গাওঁ। ৰাজ্যৰ ৯খন সীমান্তৱৰ্তী জিলাক এই প্ৰকল্পৰ উদ্যোগত অন্তৰ্ভুক্ত কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমৰ সাম্ভাব্য লাভা-লাভ সমূহ হৈছে-
১) সীমান্তৱৰ্তী গাঁওসমূহত উন্নত ৰাস্তা-ঘাট, সেতু, বিদ্যুৎ, বিশুদ্ধ পানী আৰু বাসস্থানৰ সুবিধা বৃদ্ধি পাব। ইয়াৰ ফলত দুৰ্গম অঞ্চলসমূহ সহজে সংযুক্ত হ’ব আৰু যাতায়াত ব্যৱস্থা উন্নত হ’ব।
২) মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা শক্তিশালী হ’লে অনলাইন শিক্ষা, ডিজিটেল লেনদেন সহজ হ’ব।
৩) কৃষি, পশুপালন, মৎস্যপালন, হস্তশিল্প আৰু ক্ষুদ্ৰ উদ্যোগসমূহক উৎসাহিত কৰা হ’ব। চৰকাৰী সহায়ত স্থানীয় উৎপাদন বজাৰত প্ৰৱেশৰ সুযোগ পাব, যাৰ ফলত গাঁওবাসীৰ আয় বৃদ্ধি হ’ব।
৪) অসমৰ সীমান্ত অঞ্চলসমূহত প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য আছে। এই আঁচনিৰ জৰিয়তে পৰ্যটনৰ পৰিকাঠামো উন্নত হ’লে স্থানীয় যুৱক-যুৱতীৰ বাবে নতুন কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব।
৫) বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আৰু উপ-স্বাস্থ্যকেন্দ্ৰ উন্নত হ’লে গাঁওবাসীয়ে উন্নত শিক্ষা আৰু চিকিৎসা লাভ কৰিব। মাতৃ-শিশু স্বাস্থ্য আৰু টিকাকৰণ ব্যৱস্থা অধিক সুসংহত হ’ব।
৬) এই আঁচনিৰ জৰিয়তে সীমান্তবাসীৰ গাঁও এৰি যোৱাৰ প্ৰৱণতা হ্ৰাস পাব বুলি আশা কৰা হৈছে।
অমিত শ্বাহৰ প্ৰতিশ্ৰুতিঃ
আজি দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অমিত শ্বাহে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, পূৰ্বে সীমান্তৱৰ্তী গাঁওসমূহ বহু দিশত অবহেলিত হৈ আছিল। কিন্তু এতিয়া সেই গাঁওসমূহক “দেশৰ শেষ গাঁও” নহয়, “দেশৰ প্ৰথম গাঁও” হিচাপে বিবেচনা কৰা হৈছে। পথ-ঘাট, বিদ্যুৎ, পানী, মোবাইল আৰু ইণ্টাৰনেট সংযোগকে ধৰি সকলো আধুনিক সুবিধাৰে গাঁওসমূহ উন্নত কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ১৪০খন সীমান্ত গাঁও উন্নয়নমূলক সুবিধা লাভ কৰিব। লগতে পাকিস্তান আৰু বাংলাদেশ সীমান্তসংলগ্ন প্ৰায় ২ হাজাৰ গাঁৱত এই প্ৰকল্প আৰম্ভ কৰা হৈছে। আঁচনিখন ভাৰত চৰকাৰৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে আৰু ই দেশজুৰি একাধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাস্তৱায়ন কৰা হ’ব।
একেদৰে, ভাষণ প্ৰসংগত তেওঁ লগতে উল্লেখ কৰে যে, অসম দীৰ্ঘদিন ধৰি অনুপ্ৰৱেশ সমস্যাৰে জৰ্জৰিত আছিল। পূৰ্বৰ চৰকাৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা নাছিল বুলিও অমিত শ্বাহে অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ চৰকাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি অনুপ্ৰৱেশ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ দাবী কৰে। লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আইন অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।
আনহাতে এই বিশাল জনসভাতে অমিত শ্বাহে সদৰী কৰে যে ‘‘আজি অসমৰ কথা ক’বলৈ আহিছোঁ। আমাৰ অসম দুটা সমস্যাৰে জৰ্জৰিত আছিল। অসমৰ এটা সমস্যা আছিল অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰীয়ে অসমীয়াৰ অধিকাৰ কাঢ়ি লৈছিল। কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বাবে সীমান্ত উন্মুক্ত কৰি ৰাখিছিল। ১৫লাখ কোটি টকা অসমৰ উন্নয়নৰ বাবে দিছে মোদী চৰকাৰে।’’
সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক ৰাষ্ট্ৰৰ মূলসুঁতিৰ সৈতে একত্ৰিত কৰা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগী ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পৰ গুৰুত্ব অপৰিসীম বুলি একাংশ বিশ্লেষকে মত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us