মৃত্যুৰ উপত্যকাত পৰিণত মেঘালয়ৰ অবৈধ কয়লা খনি...

২০১৪ চনতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত চলি থকা ‘ৰেট হোল’ কয়লা খনন অবৈধ ঘোষণা কৰিছিল। তৎসত্ত্বেও এক দশকৰো অধিক সময় ধৰি কেনেদৰে এই খনন চলি আছে, তাক লৈ পুনৰ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে।

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2026-02-06 at 12.38.31 PM

আকৌ এবাৰ অবৈধ ‘ৰেট হোল’ মাইনিঙে প্ৰাণ ল'লে শ্ৰমিকৰ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ নিৰ্দেশনাৰ পাছতো মেঘালয়ত চলি থকা এই অবৈধ খননে উত্থাপন কৰিছে বহু প্ৰশ্নচিহ্নৰ। মেঘালয়ৰ ট্ৰেজেডিৰ সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন-

এক হৃদয়বিদাৰক ঘটনা। বৃহস্পতিবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত অবৈধ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। জিলাখনৰ উমলেং আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গম থাংস্কু–মাইনছিংগা অঞ্চলত সংঘটিত এই ভয়াবহ বিস্ফোৰণ মৃত্যু হৈছে কেইবাজনো শ্ৰমিকৰ। জানিব পৰা মতে, অবৈধ ‘ৰেট হোল’ কয়লা খননৰ সময়ত ডিনামাইট বিস্ফোৰণৰ ফলত খনিৰ ভিতৰত ভয়ংকৰ ভূমিস্খলন, অগ্নিকাণ্ড আৰু ধোঁৱাৰ সৃষ্টি হয়। এই ভয়াবহ ঘটনাত এতিয়ালৈকে কমেও ১৮ জন শ্ৰমিকৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতসকলৰ ভিতৰত ১০ জন অসমৰ বুলি নিশ্চিত কৰা হৈছে। আনহাতে এতিয়াও আবদ্ধ হৈ আছে বহু কেইজন শ্ৰমিক। এই ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশক। 

images (13)

ঘটনাৰ সময়ত খনিত ৯০ জনৰো অধিক শ্ৰমিক প্ৰৱেশ কৰিছিল বুলি অনুমান কৰা হৈছে যদিও সঠিক সংখ্যা এতিয়াও নিশ্চিত নহয়। প্ৰশাসনৰ আশংকা অনুসৰি, খনিৰ ভিতৰত প্ৰৱেশ কৰা ১০ জনতকৈ অধিক শ্ৰমিক এতিয়াও আবদ্ধ হৈ থাকিব পাৰে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা গভীৰ হৈ পৰিছে।

কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা

প্ৰতিদিনৰ দৰে বৃহস্পতিবাৰৰ পুৱতি নিশা প্ৰায় ৪ বজাৰ সময়ত অসম, পশ্চিমবংগ আৰু নেপালৰ বৃহৎসংখ্যক শ্ৰমিক থাংস্কু অঞ্চলৰ অবৈধ কয়লা খনিসমূহত প্ৰৱেশ কৰিছিল। এই খনিসমূহত ‘ৰেট হোল’ মাইনিঙৰ জৰিয়তে সংকীৰ্ণ আৰু গভীৰ সুৰংগত শ্ৰমিকসকলে নিজৰ জীৱনৰ সৈতে হেতালি খেলি লৈ এমুঠি ভাতৰ বাবে কয়লা খনন কৰি আহিছে। নিয়ম অনুসৰি, শ্ৰমিকসকল খনিৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত ডিনামাইট বিস্ফোৰণেৰে কয়লা ভাঙি খনন কৰা হয়।

পিছে বৃহস্পতিবাৰে এই ডিনামাইট বিস্ফোৰণে ধাৰণ কৰিলে ভয়াবহ ৰূপ। এই বিস্ফোৰণৰ তীব্ৰতাত খনিৰ ভিতৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। মুহূৰ্ততে জুই আৰু ঘন ধোঁৱাই খনিৰ ভিতৰভাগ আগুৰি ধৰে। যাৰবাবে খনিৰ ভিতৰত অক্সিজেনৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পায়। ওলাই অহাৰ পথ ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

মুহূৰ্ততে শ্ৰমিকসকলৰ মাজত হুৱাদুৱা লাগে। বহু শ্ৰমিক জুইত জীৱন্তে অগ্নিদগ্ধ হয়। আন একাংশ শ্ৰমিক ঘন ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয়। জানিব পৰা মতে, এই বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াবহ আছিল যে, সমীপৱৰ্তী আন দুটা খনিলৈও জুই আৰু ধোঁৱা বিয়পি পৰিছিল। খনিৰ ‘ৰেট হোল’ মুখেদি ভয়ংকৰভাৱে জুই আৰু ধোঁৱা বাহিৰলৈ ওলাই আহিছিল। 

এক অবৰ্ণনীয় আতংকময় পৰিস্থিতি

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতে খনিৰ বাহিৰত অপেক্ষাৰত শ্ৰমিকসকলৰ আত্মীয়-স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে। মুহূৰ্ততে সৃষ্টি হয় এক অবৰ্ণনীয় আতংকময় পৰিস্থিতি। বহু লোকে নিজৰ প্ৰিয়জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ আশাত খনিৰ মুখত আহি ভিৰ কৰে। কিন্তু ভিতৰৰ জুই আৰু ধোঁৱাই উদ্ধাৰ কাৰ্য অসম্ভৱ কৰি তোলে।

ইফালে, খনিৰ মালিক পক্ষই আৰম্ভণিতে নিজাববীয়াকৈ উদ্ধাৰ চেষ্টা চলালেও সেয়া সম্পূৰ্ণ ব্যৰ্থ হয়। ঘণ্টাৰ পিচত ঘণ্টা ধৰি শ্ৰমিকসকল খনিৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা অধিক গভীৰ হৈ পৰে।

প্ৰশাসনৰ উদ্ধাৰ অভিযান

এই ঘটনাৰ পাছত বৃহস্পতিবাৰে পুৱাৰ ভাগতেই স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয়। পৰৱৰ্তী সময়ত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানক উদ্ধাৰ অভিযানত নিয়োগ কৰা হয়। সন্ধিয়ালৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱা হয়।

আনহাতে, পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে এক বিবৃতিত প্ৰকাশ কৰে যে, এতিয়ালৈকে ১৮টা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ মতে, এজন লোকক গুৰুতৰ আহত অৱস্থাত জীৱন্তে উদ্ধাৰ কৰা হৈছে। আহতজনক প্ৰথমে ছুটংগা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে শ্বিলঙলৈ প্ৰেৰণ কৰা হৈছে।

তথাপি, কয়লা খনিটোত সঠিকভাৱে কিমান শ্ৰমিক প্ৰৱেশ কৰিছিল, তাৰ নিশ্চিত তথ্য এতিয়াও প্ৰশাসনে লাভ কৰা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

কয়লা খনিটোত আছিল অসমৰ শ্ৰমিক

এই ভয়াবহ ঘটনাত নিহত শ্ৰমিকসকলৰ ভিতৰত অসমৰ ১০ জন বুলি নিশ্চিত কৰা হৈছে। ইয়াৰে বৰাক উপত্যকাৰ তিনিজন শ্ৰমিকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ বিহাৰা গাঁৱৰ ফাৰুক আহমেদ, চৰিছা কুৰি গাঁৱৰ দিলদাৰ হুছেইন আৰু আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। বৰাকৰ মুঠ ৫ জন শ্ৰমিক নিহত হোৱাৰ খবৰ আহিলেও বাকী দুজন এতিয়াও চিনাক্ত হোৱা নাই।

এই ঘটনাই বৰাক উপত্যকাত গভীৰ শোকৰ ছাঁ পেলাইছে। নিহতসকলৰ পৰিয়ালত কান্দোন আৰু হাহাকাৰ বিৰাজ কৰিছে।

অসম চৰকাৰৰ প্ৰতিক্ৰিয়া আৰু সাহায্য

মেঘালয় কয়লা খনি দুৰ্ঘটনাত অসমৰ শ্ৰমিক নিহত হোৱাৰ ঘটনাত অসম চৰকাৰেও উদ্বিগ্নতা প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ মুখ্য সচিবে মেঘালয় চৰকাৰৰ সৈতে অবিৰত যোগাযোগ ৰাখিছে। অসমৰ কাটিগড়া সমষ্টিৰ তিনিজন শ্ৰমিক নিহত হোৱাৰ ঘটনাত প্ৰতিজন নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। লগতে বিধায়ক কমলাক্ষ পুৰকায়স্থক নিহত শ্ৰমিকসকলৰ বাসগৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ তদন্ত ঘোষণা

ঘটনাৰ পাছতেই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে। তেওঁ সামাজিক মাধ্যমযোগে মন্তব্য কৰি কয় যে, অবৈধ কয়লা খনিত সংঘটিত এই বিস্ফোৰণৰ তদন্ত সামগ্ৰিকভাৱে কৰা হ’ব। ঘটনাৰ সৈতে যিসকল জড়িত, তেওঁলোকৰ বিৰুদ্ধে কোনো আপোচ নকৰাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, আৰ্থিক সাহায্য ঘোষণা

সমগ্ৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেক নিহত শ্ৰমিকৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। তদুপৰি আহতসকললৈ ৫০ হাজাৰ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰা হৈছে। আহত সকলৰ আশু আৰোগ্যৰ কামনা কৰিছে প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতিয়ে।

দুজন খনি স্বত্বাধিকাৰী গ্ৰেপ্তাৰ

ঘটনাৰ পিছতেই মেঘালয় উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ ফলত অবৈধ কয়লা খনিটোৰ দুজন স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ন্যায়ালয়ে খননৰ সৈতে জড়িত সকলো সামগ্ৰী জব্দ কৰিবলৈ নিৰ্দেশ দিছে। ৯ ফেব্ৰুৱাৰীত দুয়োজন অভিযুক্তক ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

কেনেকৈ চলি আছে ‘ৰেট হোল’ মাইনিং

উল্লেখযোগ্য যে, ২০১৪ চনতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত চলি থকা ‘ৰেট হোল’ কয়লা খনন অবৈধ ঘোষণা কৰিছিল। তৎসত্ত্বেও এক দশকৰো অধিক সময় ধৰি কেনেদৰে এই খনন চলি আছে, তাক লৈ পুনৰ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে, ১৪ জানুৱাৰীতো এটা অবৈধ কয়লা খনিত সংঘটিত বিস্ফোৰণত অসমৰ হোজাই জিলাৰ মোছাইড আলী (৪৮) নামৰ এজন শ্ৰমিকৰ মৃত্যু হৈছিল। সেই ঘটনাত মেঘালয় মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰিছিল।

coal-640x375

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ এই ভয়াবহ কয়লা খনি দুৰ্ঘটনাই পুনৰ এবাৰ অবৈধ ‘ৰেট হোল’ মাইনিঙৰ ভয়ংকৰ বাস্তৱতা উদঙাই দিলে। শ্ৰমিকসকলৰ সুৰক্ষা, চৰকাৰৰ দায়বদ্ধতা আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰশ্ন পুনৰ জনসমুখলৈ আহিছে। এই মাইনিঙৰ সৈতে জড়িত বৰমূৰীয়া সকল কেতিয়া গ্ৰেপ্তাৰ হব তাকলৈও উত্থাপন হৈছে প্ৰশ্নচিহ্নৰ।

মেঘালয়