/asomiyapratidin/media/media_files/2025/09/08/whatsapp-imag-2025-09-08-00-02-06.jpeg)
শ্বিগেৰু ইছিবাৰ পদত্যাগ জাপানৰ ৰাজনীতিৰ এক যুগান্তকাৰী মুহূৰ্ত। দেশখনৰ বৃহৎ অৰ্থনীতি আৰু আঞ্চলিক প্ৰভাৱৰ বাবে জাপানত হোৱা যিকোনো নেতৃত্বৰ পৰিৱৰ্তনে আন্তঃৰাষ্ট্ৰীয় মহলত গুৰুত্ব বহন কৰে। নতুন প্ৰধানমন্ত্ৰী এলডিপিৰ পৰা হব নে বিৰোধীৰ পৰা— সেয়া এতিয়ালৈকে স্পষ্ট নহয়। জাপানৰ ৰাজনীতিৰ সকলো দিশ সামৰি ৰিম্পী গগৈৰ বিশেষ প্ৰতিবেদন-
জাপানত ইতিমধ্যে এক গভীৰ ৰাজনৈতিক সংকটৰ সূচনা হৈছে। দেশখনৰ শাসক দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এলডিপি)ৰ নেতা তথা প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই দেওবাৰে পদত্যাগৰ ঘোষণা কৰাৰ পাছত এই সংকট অধিক তীব্ৰ ৰূপ লৈছে। ইছিবাই সদৰি কৰা অনুসৰি, দলৰ অভ্যন্তৰীণ বিভাজন ৰোধ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰি দিয়াৰ সিদ্ধান্ত লৈছে।
উল্লেখযোগ্য যে, এলডিপি দলটো বিগত কেইবছৰমান ধৰি আভ্যন্তৰীণ সংকটৰ সন্মুখীন হৈ আহিছে। সংসদৰ নিম্ন সদন তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ ২০২৪ চনৰ নিৰ্বাচনত এলডিপিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাই পেলাইছিল। ৪৬৫খন আসনৰ সংসদত দলটোৱে ২৩৩খন আসন লাভ কৰিবলৈও ব্যৰ্থ হৈছিল। মাত্ৰ ১৯১খন আসনতে সীমাবদ্ধ হৈছিল দলটো। দলৰ মিত্ৰ কোমেইটোৱেও পৰ্যাপ্ত আসন পোৱা নাছিল। ফলত প্ৰথমবাৰৰ বাবে ১৯৫৫ চনৰ পিছত এলডিপি ২০০ আসনৰ তললৈ নামি আহিছিল।
ইয়াৰ পিছতো ইছিবাই আস্থা ভোটত ২২১টা ভোট লাভ কৰিছিল, যি সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ ১২টা ভোট কম আছিল। এই প্ৰক্ৰিয়াত তেওঁ সংখ্যালঘু চৰকাৰৰ প্ৰধানমন্ত্ৰী হৈ বহুত দিন কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু দুৰ্নীতিৰ অভিযোগ, ট্ৰাম্পৰ শুল্কনীতি, অভ্যন্তৰীণ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক অস্থিৰতাৰ বাবে দলটোৰ ভিতৰত তেওঁৰ নেতৃত্বক লৈ সন্দেহ বৃদ্ধি পাইছিল।
আনহাতে, ২০২৫ চনৰ জুলাই মাহত অনুষ্ঠিত হাউছ অৱ কাউন্সিলাৰছ (উচ্চ সদন)ৰ নিৰ্বাচনত এলডিপিৰ পৰিস্থিতি অধিক জটিল হয়। সংখ্যাগৰিষ্ঠতা পাবলৈ দলটোক ৫০খন আসন লাভৰ প্ৰয়োজন আছিল। কিন্তু এলডিপি আৰু কোমেইটোৰ মিত্ৰতা মিলি ৪৭খন আসনতে সীমাবদ্ধ হয়। ফলত সংসদৰ দুয়োটা সদনত দলটো সংখ্যালঘুতলৈ পৰিণত হয়। এই ফলাফলে ইছিবাৰ নেতৃত্বত আস্থা হ্ৰাস হয় আৰু দলৰ ভিতৰৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী জোৰদাৰ হয়।
জাপানত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া
জাপানত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া বহু জটিল। প্ৰথমতে এলডিপিয়ে দলৰ নেতা নিৰ্বাচন কৰে। প্ৰতিজন সাংসদৰ হাতত এটা ভোট থাকে। যদি কোনো প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা নাপায়, তেন্তে প্ৰথম ৰাউণ্ডত সৰ্বাধিক ভোট পোৱা দুজনৰ মাজত দ্বিতীয় ৰাউণ্ড হয়। দ্বিতীয় ৰাউণ্ডত ৪৭খন প্ৰদেশৰ প্ৰতিটোত সমান ভোটাধিকাৰ থাকে।
দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত সংসদত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। নিম্ন সদন আৰু উচ্চ সদন উভয়ে ভোট দিয়ে। যদি দুয়োতে ভিন্ন প্ৰাৰ্থীক নিৰ্বাচন কৰে, তেন্তে নিম্ন সদনৰ সিদ্ধান্ত অগ্ৰাধিকাৰ পায়।
সম্ভাৱ্য প্ৰধানমন্ত্ৰী প্ৰাৰ্থী
ইছিবাৰ পদত্যাগৰ পিছত শাসক আৰু বিৰোধী উভয়ৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম আলোচনালৈ আহিছে।
১) ছানাই তাকাইচি (এলডিপি)
ছানাই তাকাইচি যদি প্ৰধানমন্ত্ৰী হয়, তেন্তে জাপানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ’ব। ইয়াৰ পূৰ্বে তাকাইচিয়ে অৰ্থনৈতিক নিৰাপত্তা আৰু গৃহ মন্ত্ৰালয়ৰ কাম চম্ভালিছিল।
২) শ্বিনজিৰো কইজুমি (এলডিপি)
প্ৰাক্তন প্ৰধানমন্ত্ৰী জুনিচিৰো কইজুমিৰ পুত্ৰ শ্বিনজিৰো কইজুমি আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হ’ব পাৰে। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছে আৰু ইতিমধ্যে পৰিৱেশ আৰু কৃষি মন্ত্ৰী হিচাপে কাম কৰিছে। কইজুমি দলৰ সংস্কাৰৰ প্ৰতিশ্ৰুতি দিছে, যদিও পাৰমাণৱিক শক্তিৰ বিপক্ষে তেওঁৰ মতে বিতৰ্কৰ জন্ম দিছে।
৩) যোছিমাছা হায়াছি (এলডিপি)
অভিজ্ঞতা আৰু বৈদেশিক নীতিৰ দক্ষতাই হায়াছিক শক্তিশালী প্ৰাৰ্থী কৰি তুলিছে। প্ৰতিৰক্ষা, বৈদেশিক বিষয়ক, কৃষি আদি বিভাগত দীৰ্ঘ অভিজ্ঞতা থকা হায়াছিয়ে ইংৰাজীৰ ওপৰত দখলৰ বাবে আন্তঃৰাষ্ট্ৰীয় কূটনীতিত লাভবান হ’ব পাৰে।
৪) যোছিহিকো নোডা (সংবিধানিক ডেম’ক্ৰেটিক পাৰ্টি)
প্ৰাক্তন প্ৰধানমন্ত্ৰী নোডা বিৰোধীৰ প্ৰধান প্ৰাৰ্থী। ২০১১-১২ চনত তেওঁ স্বল্প সময়ৰ বাবে প্ৰধানমন্ত্ৰী আছিল। ৰাজহুৱা ঋণ হ্ৰাস কৰিবলৈ গ্ৰাহক কৰ বৃদ্ধি কৰাৰ বাবে জনাজাত নোডাক অর্থনৈতিক চিন্তাধাৰাৰ বাবে দ্ৰষ্টব্য কৰা হয়।
৫) ইউইচিৰো তামাকি (ডেম’ক্ৰেটিক পাৰ্টি অৱ পিপল)
তামাকি শেহতীয়াকৈ ৰাজনীতিত উদীয়মান শক্তি। জনসাধাৰণৰ হিতত কৰ হ্ৰাস, প্ৰতিৰক্ষা শক্তি বৃদ্ধি আৰু পাৰমাণৱিক শক্তি ব্যৱহাৰ বৃদ্ধিৰ সমৰ্থক। বিদেশী নাগৰিকৰ ভূমি অধিগ্ৰহণত কঠোৰ নিয়মৰ দাবীত তেওঁ জনপ্ৰিয়তা লাভ কৰিছে।
এলডিপি সংখ্যালঘু অৱস্থাত থকাৰ বাবে কেৱল দলীয় সমৰ্থনে নতুন প্ৰধানমন্ত্ৰীক সংসদত নিৰাপদ কৰি তুলিব নোৱাৰে। সেয়া কৰিবৰ বাবে অন্য দলৰ সৈতে মিত্ৰতাৰ প্ৰয়োজন হব পাৰে। ১৯৯৪ চনত এলডিপিয়ে জাপান ছ’চিয়েলিষ্ট পাৰ্টি আৰু অন্য দলৰ সৈতে জোট গঠন কৰিছিল আৰু প্ৰধানমন্ত্ৰী পদ তেতিয়া প্ৰতিদ্বন্দ্বী দলে দখল কৰিছিল। এইবাৰো তেনে পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰোপৰি, যদি সংসদত নতুন প্ৰধানমন্ত্ৰীৰ ওপৰত আস্থা জন্মাব নোৱাৰে, তেন্তে দেশত মধ্যকালীন নিৰ্বাচনৰ সম্ভাৱনা প্ৰবল। অৰ্থনৈতিক অনিশ্চয়তা, মুদ্ৰাস্ফীতি আৰু বৈদেশিক নীতিৰ প্ৰশ্নই পৰিস্থিতি অধিক জটিল কৰি তুলিছে।