জে'লে জে'লে চলে এই খেল...

মুলতঃ শদিয়া কাৰাগাৰৰ অধ্যক্ষৰ দায়িত্বত থকা পৰিণীতা বৰা বিগত ৪ বছৰ ধৰি গুৱাহাটীতে থাকে। বুধবাৰে সেই শদিয়া জেইলৰ পৰাই দিনৰ ভাগত পলায়ন কৰিছিল চাৰিজন কয়দীয়ে।

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2026-02-05 at 12.50.03 PM

জে'লৰ ভিতৰতো থাকে বেলেগ এখন অন্ধকাৰৰ পৃথিৱী। অপৰাধীৰ ঠিকনা কাৰাগাৰত চলি থাকে ভয়ংকৰ অপৰাধ। তেনে এক ঘটনাই পোহৰলৈ আহিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত। শেহতীয়াকৈ কাৰাগাৰত চলি থকা অপৰাধ সন্দৰ্ভত ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন...

টকা থকিলেই সকলো সম্ভৱ কাৰাগাৰত। কাৰাগাৰত চলি আছে অবাধ দুৰ্নীতি- অনিয়ম। অভিযোগ অনুসৰি, কাৰাধ্যক্ষই কয়দীক বিলাসিতাৰ বাবে যোগান ধৰে নাৰী। কেৱল ইমানেই নহয়, মোবাইল, সুৰাকে ধৰি আন নিচাজাতীয় সামগ্ৰীয়ো যোগান ধৰাৰ অভিযোগ থাকে কাৰাধ্যক্ষৰ বিৰুদ্ধে।

তেনে এক কাণ্ডৰ বাবে আজি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক।কাৰাগাৰৰ ভিতৰত চলা অনৈতিক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাৰাধ্যক্ষ গৰাকীক। ৭/২০২৬ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দেৱকমল বৰাক।

জে'ইলাৰ বৰাৰ বিৰুদ্ধে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিচাজাতীয় সামগ্ৰীৰ অবাধ সৰবৰাহ চলোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল। আনকি একাংশ কয়দীক ধনৰ বিনিময়ত ৰাজ আতিথ্য দিয়াৰো অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। সম্প্ৰতি বৰাক সোধ-পোছ চলাই আছে বশিষ্ঠ আৰক্ষীয়ে।

WhatsApp Image 2026-02-05 at 10.36.47 AM
দেৱকমল বৰা

পিছে, এইজন দেৱকমল বৰাৰ বিৰুদ্ধে অভিযোগৰ তালিকা অলপ দিঘলীয়া। মাত্ৰ এটা বছৰ পূৰ্বে দেৱকমল বৰাই কাৰাধ্যক্ষ হিচাপে যোগদান কৰিছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। ইয়াৰ পূৰ্বে তেওঁ আছিল লখিমপুৰ কাৰাগাৰত। কিন্তু যোগদানৰ এটা বছৰৰ ভিতৰতে মহানগৰীৰ কলাক্ষেত্ৰৰ সমীপত ৭০ লাখ টকাৰে তেওঁ ক্ৰয় কৰিলে ফ্লেট। 

উল্লেখযোগ্য যে, ২০২১ চনৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দায়িত্বত আছে পৰিণীতা বৰা নামৰ অধ্যক্ষা গৰাকী। পৰিণীতা বৰাৰ কান্ধত আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ লগতে শদিয়া জেইলৰো দায়িত্ব। প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত থকা দুখন জেইলৰ দায়িত্ব পৰিণীতা বৰাই কেনেকৈ লৈছে সেইয়া সহজেই অনুমেয়।

মুলতঃ শদিয়া কাৰাগাৰৰ অধ্যক্ষৰ দায়িত্বত থকা পৰিণীতা বৰা বিগত ৪ বছৰ ধৰি গুৱাহাটীতে থাকে। বুধবাৰে সেই শদিয়া জেইলৰ পৰাই দিনৰ ভাগত পলায়ন কৰিছিল চাৰিজন কয়দীয়ে। অৱশ্যে তাৰে তিনিজন কয়দীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী। এই ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে কাৰাগাৰ কৰ্তৃপক্ষ।

ইফালে, সমগ্ৰ ঘটনাৰ সৈতে বহু আৰক্ষীও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰৰ দিনটোত কয়দীক নিষিদ্ধ গাঞ্জা যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দুগৰাকী জোৱানক। কাৰাগাৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে। 4th APBNৰ কংকণ বৰা আৰু দেৱজিত দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। জেৰাত দুই জোৱানৰ চিকাৰোক্তিত পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য। 

এইয়া মাত্ৰ কেইটামান উদাহৰণহে। কাৰাগাৰৰ বন্ধ কোঠৰীৰ মাজত প্ৰতিদিনেই সংঘটিত হৈ আহিছে অপৰাধ। ৰাজ্যৰ কাৰাগাৰ সমূহত আছে বহুকেইজন দুধৰ্ষ অপৰাধী, কেইবাজনো সন্ত্ৰাসবাদী। পিছে বন্ধ দুৱাৰৰ আঁৰত সংঘটিত এই অপৰাধসমূহে কেৱল বন্দীসকলকেই নহয়, সমগ্ৰ ন্যায় ব্যৱস্থাকো প্ৰশ্নৰ মুখামুখি কৰিছে।

শেহতীয়াকৈ ৰাজ্যৰ কাৰাগাৰত বন্দীসকলৰ মাজত হিংসা, জোৰ-জবৰদস্তি, গেং গঠন, মবাইল ফোন আৰু ড্ৰাগছৰ অবৈধ ব্যৱহাৰ আদি তথ্যই উদ্বেগৰ সৃষ্টি কৰিছে। অধিক ভিৰ আৰু পৰ্যাপ্ত নিৰাপত্তা কৰ্মীৰ অভাৱে এই সমস্যা অধিক জটিল কৰি তুলিছে। 

কাৰাগাৰ মানে কেৱল শাস্তি ভোগৰ স্থান নহয়, ই অপৰাধীৰ শুদ্ধিকৰণ, উপলব্ধি আৰু সমাজলৈ পুনৰ উভতি আহিবলৈ দিয়া এক সুযোগ। কাৰাগাৰত হোৱা অপৰাধসমূহক কেৱল অভ্যন্তৰীণ সমস্যা হিচাপে উপেক্ষা কৰিব নোৱাৰি। এই ঘটনাসমূহে বন্দীসকলৰ সুৰক্ষা, মানৱ অধিকাৰ আৰু ন্যায় ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰাখে। সঠিক তদন্ত, কঠোৰ ব্যৱস্থা আৰু কাৰাগাৰ সংস্কাৰৰ জৰিয়তে এই সমস্যাৰ সমাধান নকৰালৈকে সমাজত আইন-শৃঙ্খলা দৃঢ় হ’ব নোৱাৰে। এই সন্দৰ্ভত চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্বশীল পদক্ষেপ অত্যন্ত প্ৰয়োজনীয়।

কাৰাগাৰ