/asomiyapratidin/media/media_files/2025/08/25/whatsapp-image-2025-08-25-18-33-20.jpeg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ অমূল্য স্মৃতি বিজড়িত মধুপুৰ সত্ৰ আজিও সমগ্ৰ অসমীয়া সমাজৰ বাবে আধ্যাত্মিকতা আৰু ঐতিহ্যৰ প্ৰতীক। মধুপুৰ সত্ৰ কেৱল ধৰ্মীয় আস্থাৰ স্থানেই নহয়, ই অসমৰ সামাজিক-সাংস্কৃতিক পৰম্পৰাৰ এক জীৱন্ত নিদৰ্শন। শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে মধুপুৰ সত্ৰক লৈ ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন...
অসমীয়া জাতিৰ চিৰস্মৰণীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামৰ সৈতে জড়িত স্থানসমূহৰ ভিতৰত মধুপুৰ সত্ৰৰ স্থান সদায়ে বিশেষ। বৰ্তমান পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰ কেৱল এক ধৰ্মীয় অনুষ্ঠান নহয়, ই অসমীয়া জাতি আৰু বৈষ্ণৱ ধৰ্ম-সংস্কৃতিৰ ইতিহাসৰ কেন্দ্ৰবিন্দু। মহাপুৰুষ শংকৰদেৱে তেওঁৰ জীৱনৰ অন্তিম সময়খিনি ইয়াতেই অতিবাহিত কৰিছিল। ১৫৬৮ খ্ৰীষ্টাব্দত মধুপুৰতে বৈকুণ্ঠগামী হৈছিল শ্ৰীমন্ত শংকৰদেৱ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/whatsapp-imag-2025-08-25-18-20-32.jpeg)
ঐতিহাসিক পটভূমি আৰু মধুপুৰ নামকৰণ
প্ৰাচীনকালত মধুপুৰৰ নাম আছিল চন্দনচৌৰা। শংকৰদেৱে প্ৰায় ৯৭ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে পুৰীলৈ তীৰ্থযাত্ৰা কৰাৰ সময়ত মাধৱদেৱ আৰু বহু শিষ্যৰ সৈতে এই অঞ্চলত উপস্থিত হৈছিল। আনুমানিক ১৫৫০ চনত পুৰীৰ পৰা উভতি আহি বৰ্তমান কোচবিহাৰ চহৰৰ পশ্চিমফালে সাত কিলোমিটাৰ আঁতৰত এজোপা ‘পাৰলি বৃক্ষ’ (জৰিগছ)ত ভকতসকলৰ সৈতে শংকৰদেৱে বৃন্দাবনত শ্ৰীকৃষ্ণৰ লীলাৰ কাহিনী বৰ্ণনা কৰিছিল। জনশ্ৰুতি অনুসৰি সেই সময়ছোৱাত গছজোপাত থকা মৌচাকৰ পৰা মৌমাখিৰ মৌৰস পৰি পৰিৱেশ সুবাসিত হৈ পৰিছিল। এই গম্ভীৰ আৰু আনন্দময় পৰিৱেশত শিষ্য মাধৱদেৱে —“কি মধুময় পৰিৱেশ!” বুলি উল্লেখ কৰিছিল। এই কথাৰ পৰা গুৰুজনাই ঠাইখনৰ নাম ‘মধুপুৰ’ ৰাখে বুলি জনবিশ্বাস আছে।
শংকৰদেৱ আৰু নৰনাৰায়ণ
সেই সময়ত কোচৰাজ্যত ৰজা আছিল নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়। তেতিয়া সমাজত শংকৰদেৱৰ সংস্কাৰমূলক ধৰ্মীয় প্ৰচাৰক লৈ ব্ৰাহ্মণ পণ্ডিতসকলে ৰজাৰ ওচৰত অপপ্ৰচাৰ আৰম্ভ কৰিছিল। ৰজাই শংকৰদেৱক দণ্ড বিহিবলৈ সৈন্য পঠিয়াইছিল। এই বিপদৰ কথা জানি সেনাপতি চিলাৰায়ে গুৰুজনাক গোপনে আশ্ৰয় দিয়ে আৰু সংকটৰ পৰা উদ্ধাৰ কৰে।
পিছত গুৰুজনাক ৰাজসভালৈ লৈ যোৱা হয়। সিংহদ্বাৰত হাজিৰ হোৱাত শংকৰদেৱে তেওঁৰ সৃষ্ট “মধু দানৱ দাৰণ দেৱ বৰং…” গাই উপস্থিত সকলোকে মোহিত কৰে। ৰজা নৰনাৰায়ণ শংকৰদেৱৰ জ্ঞান আৰু আধ্যাত্মিক দীপ্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ সৈতে বৈষ্ণৱ ধৰ্মৰ তত্ত্বৰ আলোচনা কৰে। পণ্ডিতসকলৰ সৈতে তৰ্কত শংকৰদেৱ জয়ী হয় আৰু বৈষ্ণৱ ধৰ্মৰ সত্যতা প্ৰতিষ্ঠা কৰে। এই সাক্ষাতক “দেখিতে সুন্দৰ গৌড়বৰ্ণ কলেবৰ। কৰন্ত প্ৰকাশ আতি সূৰ্য সমসৰ॥”বুলি দৈত্যাৰি ঠাকুৰে বৰ্ণনা কৰিছে।
গুণমালা আৰু বৃন্দাৱনী বস্ত্ৰ
মধুপুৰতে ৰজাৰ অনুৰোধত শংকৰদেৱে এক ৰাতিৰ ভিতৰত ‘গুণমালা’ ৰচনা কৰি ভাগৱতৰ মূল সাৰাংশ প্ৰকাশ কৰিছিল। ইয়াৰ উপৰি মধুপুৰতে শংকৰদেৱে বিখ্যাত ‘বৃন্দাৱনী বস্ত্ৰ’ নিৰ্মাণ কৰি ৰজাক অৰ্পণ কৰিছিল। ৰজাৰ ৰাজসভাত তেওঁ অংকীয়া নাট আৰু ভক্তি সংগীতৰ জৰিয়তে আধ্যাত্মিকতা আৰু শিল্পৰ সমাহাৰ প্ৰদৰ্শন কৰি অসমীয়া সংস্কৃতিক নতুন দিশ প্ৰদান কৰিছিল। এই কালছোৱাতে শেষ বয়সত গুৰুজনাই ৰাজভাতৃ চিলাৰায়ৰ অনুৰোধক্ৰমে ‘ৰাম বিজয়’ নাট ৰচনা কৰিছিল।
মধুপুৰ সত্ৰৰ প্ৰতিষ্ঠা
কোচৰাজ্যত প্ৰায় আঢ়ৈ বছৰ অতিবাহিত কৰাৰ পিছত গুৰুজনে মধুপুৰত বাস কৰিবলৈ আৰম্ভ কৰে। চিলাৰায়ে গুৰুজনৰ বাবে গৃহ আৰু নামঘৰ নিৰ্মাণ কৰিছিল। শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত ৰজা নৰনাৰায়ণে মধুপুৰ সত্ৰক দুশ বিঘা মাটি প্ৰদান কৰিছিল। শংকৰদেৱৰ পাছত মাধৱদেৱে গুৰুভাৰ গ্ৰহণ কৰে আৰু ভেলা সত্ৰত ধৰ্ম প্ৰচাৰ কৰি থাকে। পিছত ভেলা সত্ৰ নদী গৰাখহনীয়াত পৰাত সত্ৰৰ সামগ্ৰী মধুপুৰলৈ স্থানান্তৰ হয় আৰু দুয়োখন সত্ৰ একত্ৰিত হৈ ভেলা মধুপুৰ সত্ৰ ৰূপে পৰিচিত হয়। সত্ৰৰ চৌহদত আজিও আছে মাধৱদেৱে প্ৰসাদ ধোৱা পুখুৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/whatsapp-image-2025-08-25-18-17-45.jpeg)
১৫৬৮ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ ২১ তাৰিখে শংকৰদেৱে মধুপুৰতেই বৈকুণ্ঠগমন কৰিছিল। মধুপুৰ সত্ৰত আজিও শংকৰদেৱৰ স্মৃতি বিজৰিত বস্তু সংৰক্ষিত হৈ আছে। যেনে তেওঁৰ খৰম, জাপ্যমালা, গুণমালাৰ মূল পুথি, বৃন্দাৱনী বস্ত্ৰৰ অংশবিশেষ আৰু মাধৱদেৱ লিখিত ঘোষা পুথি ইত্যাদি। এই সত্ৰৰ ভিতৰত কীৰ্ত্তনঘৰ, মণিকূট, আতাগৃহ আৰু যাত্ৰীগৃহ আছে। এই সত্ৰত প্ৰতিদিনে নাম-প্ৰসঙ্গ, ভাগৱত পাঠ আৰু ভক্তি অনুষ্ঠান হয়।
পিছলৈ সত্ৰ সমিতি গঠন কৰি পুনঃনিৰ্মাণ, সমাধি স্তম্ভ, নামঘৰ, প্ৰাচীৰ নিৰ্মাণ কৰা হয়। বৰ্তমান সত্ৰত প্ৰায় ১৯ বিঘা মাটি আৰু বাহিৰত ৪১ বিঘা কৃষি মাটি আছে।
তিৰোভাৱ তিথি পালন
প্ৰতিবছৰৰ দৰে এইবছৰো কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰত গুৰুজনাৰ ৪৫৭তম তিৰোভাৱতিথি দিনজোৰা বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/whatsapp-image-2025-08-25-18-19-25.jpeg)
আজি পুৱা প্ৰভাত ফেৰীৰে তিথিৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্য্যসূচীৰ পিছত ৰাতিপুৱা ১১ বজাৰ পৰা ভাগৱত পাঠ আৰু আয়তিসকলৰ দ্বাৰা নাম পৰিৱেশন, আবেলি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত মহাপুৰুষগৰাকীৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত আলোকপাত কৰে। আবেলি ৩ বজাত থিয়নাম পৰিৱেশনৰ দ্বাৰা তিথিৰ কাৰ্য্যসূচীৰ সামৰণি পৰে।
মধুপুৰ সত্ৰৰ বৰ্তমানৰ অৱস্থা
মধুপুৰ সত্ৰ অসমীয়া জাতিৰ আত্মিক, আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পদ। কিন্তু সময়ৰ গতিত সঠিক সংৰক্ষণ নোহোৱাত বহু ঐতিহাসিক বস্তু ক্ষয়িষ্ণু অৱস্থাত আছে। সত্ৰখনক আধুনিক ডিজিটেল আৰ্কাইভত সংৰক্ষণ, বৈজ্ঞানিক প্ৰক্ৰিয়াৰে প্ৰাচীন পুথি আৰু বস্তু সংৰক্ষিত কৰাৰ পদক্ষেপ অত্যাৱশ্যক। লগতে সত্ৰখনকো সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে বিকাশ কৰি গৱেষণা কেন্দ্ৰ গঢ়ি তোলা উচিত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/whatsapp-ima-2025-08-25-18-10-03.jpeg)
অসম চৰকাৰে ইতিমধ্যে সত্ৰখনৰ উন্নয়ন বাবে ৫০ কোটি টকাৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে। কিন্তু এই আঁচনিৰ সঠিক বাস্তবায়ন আৰু ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নোহোৱালৈকে ঐতিহ্য সংৰক্ষণৰ লক্ষ্য সিদ্ধ হ’ব নোৱাৰে। গুৰুজনাৰ স্মৃতি বিজড়িত এই মহাতীৰ্থভূমি আজি চৰম সংকটৰ গৰাহত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/capture-2025-08-25-18-16-27.jpg)
আনহাতে, সত্ৰৰ চৌহদত নিৰ্মাণ কৰা শংকৰদেৱৰ মূৰ্তিক লৈও সৃষ্টি হৈছে বিতৰ্কৰ। সত্ৰৰ চৌহদত থকা মূৰ্তিৰ সৈতে শংকৰদেৱৰ অৱয়বৰ মিল নথকাৰ অভিযোগ ৰাইজৰ।
মধুপুৰ সত্ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা
মধুপুৰ সত্ৰৰ সংৰক্ষণ কেৱল এক ঐতিহ্য ৰক্ষা নহয়; ই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ক অটুট ৰাখি আগলৈ নিয়াৰ আহ্বান। পূৰ্বতে ৰজাই দান কৰা মাটিৰ বহুখিনিত বেদখল হৈ আৰু বহু মাটি পশ্চিমবংগ চৰকাৰে অধিগ্ৰহণ কৰাৰ ফলত বৰ্তমান সত্ৰৰ নামত কেইবিঘামান মাটিহে আছেগৈ। অসম চৰকাৰে অনতিপলমে ব্যৱস্থা নললে এদিন সময়ৰ বুকুত হেৰাই যাব সকলো। মধুপুৰ সত্ৰক সঠিকভাবে সংৰক্ষণ কৰাটো সময়ৰ দাবী।