Gen-Zৰ মূলমন্ত্ৰঃ সুৰামুক্ত জীৱনেই 'স্মাৰ্ট জীৱন'

জেনেৰেশ্যন জেড অৰ্থাৎ Gen-Zৰ কথা ক’বলৈ ওলাইছো।  Gen Z বুলিলে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰজন্মক বুজোৱা হয়। পূৰ্বৰ প্ৰজন্মৰ তুলনাত কম সেৱন কৰে সুৰা।

author-image
Asomiya Pratidin
New Update
WhatsApp KJKJKKJKJ

ৰাজৰ্ষি চহৰীয়া

সময়ৰ সৈতে প্ৰতিটো প্ৰজন্মই সমগ্ৰ বিশ্বত কিছুমান পৰিৱৰ্তন লৈ আহে, নাইবা লিখি থৈ যায় নতুন ইতিহাস। এয়া কেৱল আজিৰ প্ৰজন্ম বুলিয়েই নহয়। অতীতৰে পৰা প্ৰতিটো প্ৰজন্মই সময়ে সময়ে ৰাজনীতি, অৰ্থনীতিকে ধৰি বিভিন্ন দিশত নিজৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰি যোৱা পৰিলক্ষিত হৈ আহিছে। 

পিছে আজি জেনেৰেশ্যন জেড অৰ্থাৎ Gen-Zৰ কথা ক’বলৈ ওলাইছো।  Gen Z বুলিলে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰজন্মক বুজোৱা হয়। এই প্ৰজন্মটো ইণ্টাৰনেট, স্মাৰ্টফোন, ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰযুক্তিৰ মাজত ডাঙৰ-দীঘল হৈছে বাবে তেওঁলোকক প্ৰায়ে কোৱা হয় “ডিজিটেল-নেটিভ প্ৰজন্ম” বুলিও।

এই প্ৰজন্ম হৈছে আজিৰ সমাজৰ আটাইতকৈ প্ৰভাৱশালী আৰু আলোচিত প্ৰজন্ম। Gen-Zয়ে সমগ্ৰ বিশ্বৰ সামাজিক আচৰণ, উপভোগৰ ধৰণ, শিক্ষাৰ দিশ আৰু অৰ্থনৈতিক পছন্দত এক মৌলিক পৰিবৰ্তন আনিছে। উল্লেখ কৰাৰ প্ৰয়োজন যে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, অনলাইন নিউজ প’ৰ্টেল এইবোৰেই হৈছে তেওঁলোকৰ তথ্য আহৰণৰ মুখ্য উৎস। সেয়েহে হয়তো পৰম্পৰাগত সংবাদপত্ৰ, টিভি বা ৰেডিঅ’ৰ প্ৰভাৱ এই প্ৰজন্মত তুলনামূলকভাৱে কম।

মন কৰিবলগীয়া যে, Gen Z  পূৰ্বৰ প্ৰজন্মৰ তুলনাত বহু বেছি স্বাস্থ্য সচেতন। সেয়ে এই প্ৰজন্মৰ যুৱক-যুৱতীয়ে মদ্যপান, ধূমপান আদিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে। শৰীৰচৰ্চা কৰা, যোগা, স্বাস্থ্যকৰ খাদ্য খোৱা, লাইট ডায়েটৰ প্ৰতি অধিক আগ্ৰহী তেওঁলোক। যাৰ ফলত সুৰা উদ্যোগত প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে পূৰ্বৰ প্ৰজন্মৰ তুলনাত Gen Z-য়ে বহু কম সুৰাপান কৰে। Gen Z-ৰ প্ৰায় ৩৫–৪০ শতাংশই এতিয়ালৈকে সুৰাপান একেবাৰেই কৰা নাই। কিয়নো এই প্ৰজন্মৰ বহুতে সুৰাপান কৰাতো শাৰীৰিক-মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰে।

আন্তঃৰাষ্ট্ৰীয় সুৰাৰ কোম্পানীৰ শ্বেয়াৰ মূল্যও বিগত চাৰি বছৰত হ্ৰাস পাইছে। বিশ্লেষকসকলে সুৰাৰ প্ৰচলন নকৰাৰ বাবে সমগ্ৰ সুৰা উদ্যোগৰ বজাৰমূল্য প্ৰায় ৮০০–৮৫০ মিলিয়ন আমেৰিকান ডলাৰলৈ হ্ৰাস পাইছে বুলি কয়।

ৱেলনেছ কালছাৰ অৰ্থাৎ স্বাস্থ্যবান হ’ব এই প্ৰজন্মই আৰম্ভ কৰা কালছাৰৰ মাজত সুৰাপান কৰাতো যেন এতিয়া একপ্ৰকাৰে হৈ পৰিছে আউটডেটেড। NIQ 2025ৰ সমীক্ষা অনুসৰি Gen Zয়ে পূৰ্বৰ প্ৰজন্ম অৰ্থাৎ মিলেনিয়েল প্ৰজন্মৰ তুলনাত ২০ শতাংশ কমকৈ সুৰাপান কৰে। 

ইয়াৰ উপৰি Gen Zৰ যিসকল যুৱক-যুৱতীয়ে সুৰাপান কৰে, তেওঁলোকেও সেৱন কৰা সুৰা কম মূল্যৰ নহয়। তেওঁলোকে অধিক গুণমান বা অধিক মূল্যৰ সুৰাহে সেৱন কৰে। যাতে তেওঁলোকৰ দেহত কম মূল্যৰ সুৰাৰ সমানবেয়া প্ৰভাৱ নপৰে। 

এই প্ৰজন্মৰ পচন্দৰ প্ৰতি লক্ষ্য ৰাখি সুৰা উদ্যোগে নিজকে খাপ খুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। বহু কোম্পানীয়ে বৰ্তমান non-alcoholic beer, zero-proof spirits, low-alcohol drinks আদিত বিনিয়োগ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। এই খণ্ডত বিক্ৰী ১০ৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে, যদিও ই পৰম্পৰাগত সুৰা বিক্ৰীৰ ক্ষেত্ৰত হোৱা লোকচান সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই।

ইফালে, আমাৰ দেশত সুৰাৰ উদ্যোগৰ ক্ষেত্ৰত এতিয়াই সম্পূৰ্ণৰূপে সংকটত পৰা নাই। ইয়াৰ কাৰণ হ’ল  ভাৰতত মধ্যবিত্ত আৰু নগৰীয়া ভোক্তা সংখ্যা বৃদ্ধি পাইছে। কিন্তু বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় Gen Z-ৰ মাজতো স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে আগন্তুক সময়ত দেশৰ সুৰাৰ বজাৰখনত পৰিব। 

এই প্ৰজন্মই এতিয়া নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক প্ৰাধান্য দিয়ে।  সুৰাপানৰ দৰে বেয়া অভ্যাসৰ পৰিৱৰ্তে নিজকে স্বাস্থ্যবান কৰি ৰখাৰ দৰে ভাল অভ্যাস দেখিবলৈ পোৱা যায় Gen Z-ৰ যুৱক-যুৱতীৰ মাজত। 

যুৱ প্ৰজন্ম সুৰা