সংকটৰ গৰাহত গ্ৰাম্য অৰ্থনীতি...

তামোল, নাৰিকলে এইদৰেই অসমীয়া সমাজত যুগ যুগ ধৰি স্থান দখল কৰি অহাৰ সমান্তৰালকৈ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটিও টনকিয়াল কৰি আহিছে। কিন্তু সময়ৰ সোঁতত এতিয়া তামোল, নাৰিকল আদিয়ে টনকিয়াল কৰা সেই গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি থৰক-বৰক হ’বলৈ আৰম্ভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
new ap web 3 (29)

অসমৰ কৃষি অৰ্থনীতিত ধান,সৰিয়হ,মৰাপাট, শাক-পাচলিৰ সমান্তৰালভাৱে,নাৰিকল,তামোল-পাণ,কল আৰু নেমু টেঙাৰো আছে এক বৃহৎ বৰঙণি। এক কথাত ক'বলৈ গ'লে চাহপাতৰ অৰ্থনীতিয়ে ৰাজভঁৰাল চহকী কৰে। কিন্তু এই বাকী শষ্যখিনিয়ে অসমৰ গ্ৰাম্যাঞ্চলৰ ৮৯ শতাংশ লোকৰ দৈনন্দিন জীৱন-ধাৰণৰ মান সুনিশ্চিত কৰে। দুৰ্ভাগ্যজনক কথাতো হ'ল অসমত চাহ উপাদনৰ পৰিমাণ সাংঘাটিকভাৱে হ্ৰাস নহ'লেও ধান, মৰাপাট,তামোল-পান,নাৰিকল আৰু কলৰ উৎপাদন বিপদজনকভাৱে হ্ৰাস পাই আহিছে। জাতীয় জীৱনৰ কৃষ্টি-সংস্কৃতিৰ সৈতেও সম্পৰ্কীত এই শষ্যৰ উৎপাদন হ্ৰাসে অসমৰ সমাজ জীৱনকো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। অতি সম্প্ৰতি গাঁও সমূহত নাৰিকল,তামোল-পাণ এক প্ৰকাৰ নিঃশেষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কৃষি অৰ্থনীতি উন্নত প্ৰযুক্তি আৰু উন্নতমানৰ বীজৰ প্ৰচলনে সমগ্ৰ দেশৰ কৃষি ক্ষেত্ৰক চহকী কৰাৰ বিপৰীতে অসমত পাণ-তামোল, নাৰিকল আদিৰ উৎপাদন দ্ৰুত হাৰত হ্ৰাস পোৱা এই ঘটনাই সকলোকে উদ্বিগ্ন কৰি তোলাই নহয় গ্ৰাম্য সমাজ-সংস্কৃতিকো বিপন্ন কৰিছে। ইয়াৰ কাৰণ কি? সেই লৈও বিভিন্ন বিষয়ত চৰ্চা আৰু গৱেষণা চলিছে। ইয়াৰ ওপৰতে যুগুতোৱা আজিৰ এই বিশেষ পৰ্যালোচনা আগবঢ়াইছে নিশিগন্ধা দত্তই...

খন বাৰী। বাৰীৰ চাৰিওফালে তামোল আৰু নাৰিকলৰ গছ। তামোলত বগাই আছে পাণ অথবা জালুক। বাৰীখনৰ কাষত এটা সৰু পুখুৰী। বাৰীৰ চাৰিওফালে বাঁহৰ জেওৰা, আৰু ঘৰৰ সন্মুখত এখন জপনা বা নঙলা। 

কিছু বছৰৰ আগলৈকে এয়া আছিল অসমৰ যিকোনো গাঁৱৰ অসমীয়া মানুহৰ ঘৰৰ চিনাকী ছবি। এতিয়া সেই জেওৰা, জপনা আৰু নঙলা অতিত হ’ল। তাৰ স্থানত নিৰ্মাণ হ’ল কংক্ৰিট দেৱাল। কংক্ৰিটৰ দেৱালৰ সিপাৰে অৱশ্যে এতিয়াও থিয় হৈ থাকে তামোল, নাৰিকলৰ গছ। 

তামোল অসমীয়া জাতিৰ পৰিচয়, অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ। এই তামোল-পাণে অসমীয়া মানুহৰ ঘৰ-বাৰীৰ সৌন্দৰ্য চৰায়। কোৱা হয় ‘তামোল-পাণেহে বাৰী, পুত্ৰৱতীহে নাৰী|’ অসমীয়া সমাজত প্ৰচলিত এই ডাকৰ বচনৰ দৰেই তামোল,পাণ, নাৰিকল আদিক লৈ প্ৰচলিত হৈ আছে আন বহু কেইটা ডাক পুৰুষৰ বচন। যেনে-

‘সাতত সেৰেঙা পাঁচত ঘন,
ছয়ত তামোল নদন-বদন|’

অথবা,

‘নাৰিকল ৰুবা পাতে পাতে,
লাগে নালাগে, নালাগে লাগে|’

তামোল, নাৰিকলে এইদৰেই অসমীয়া সমাজত যুগ যুগ ধৰি স্থান দখল কৰি অহাৰ সমান্তৰালকৈ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটিও টনকিয়াল কৰি আহিছে। কিন্তু সময়ৰ সোঁতত এতিয়া তামোল, নাৰিকল আদিয়ে টনকিয়াল কৰা সেই গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি থৰক-বৰক হ’বলৈ আৰম্ভ কৰিছে। 

যথেষ্ট পৰিমাণে হ্ৰাস পাইছে তামোল, নাৰিকল আদিৰ উৎপাদন। ওখ ওখ গছবোৰত গুটি নলগাৰ বাবেই বহুতেই কাটিবলৈ আৰম্ভ কৰিছে তামোলৰ গছ। বজাৰত পূৰ্বতকৈ হ্ৰাস পাইছে তামোলৰ যোগান। ইয়াৰ বিপৰীতে অসমলৈ ভূটানৰ পৰা বৈধভাৱে তামোল আৰু ম্যানমাৰৰ পৰা অবৈধভাৱে চুপাৰীৰ যোগান বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। অথচ বিশ্ব বজাৰৰ বহু কেইখন দেশে এতিয়াও ভাৰতৰ পৰাই তামোল আৰু চুপাৰী আমদানি কৰে। 

অথচ ২০২৩-২৪ চনত ভাৰতে ১০,৬৩০ মেট্ৰিক টনতকৈ অধিক তামোল ৰপ্তানি কৰিছে।তামোল ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ বজাৰ মূলত UAE, ভিয়েটনাম, নেপাল, মালয়েচিয়া আদি। আনহাতে সৰ্বাধিত তামোল ৰপ্তানিকাৰক দেশৰ তালিকাত শ্ৰীলংকাৰ পিছতে আছে ভাৰত। তাৰ পিছতে আছে থাইলেণ্ড, ম্যানমাৰ, চীন, ছিংগাপুৰ। 

ভাৰতৰ ভিতৰত সৰ্বাধিক তামোল উৎপাদন কৰে কৰ্ণাটক আৰু কেৰালাই। দেশৰ তামোলৰ ঘৰুৱা চাহিদাৰ ৮০ শতাংশই পূৰণ কৰে এই দুখন ৰাজ্যই। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনতো যথেষ্ট পৰিমাণে তামোল উৎপাদন হয় যদিও এই ৰাজ্য কেইখনে নিজা ঘৰুৱা চাহিদাই পূৰণ কৰিবলৈ সক্ষম নহয়।

একেদৰেই অসমৰ বজাৰত হ্ৰাস পাইছে থলুৱা প্ৰজাতিৰ নাৰিকল।তাৰ স্থানত ভিৰ কৰিছে বহিঃ ৰাজ্যৰ সৰু সৰু শুকান নাৰিকলে। যাৰ থলুৱা নাৰিকলৰ সৈতে কোনো তুলনাই নহয়। কিন্তু প্ৰশ্ন হয় অসমত তামোল, নাৰিকলৰ উৎপাদন হ্ৰাস হোৱাৰ কাৰণ কি? এই সন্দৰ্ভত স্থানীয় কেইবাজনো কৃষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰা হৈছিল।

সেই সময়ত এই কৃষকসকলে বিশেষকৈ তামোলাৰ উৎপাদন হ্ৰাস হোৱাৰ কথা একমুখে স্বীকাৰ কৰিছে যদিও এই উৎপাদন কিয় হ্ৰাস পাইছে সেই বিষয়ে অৱশ্যে স্পষ্টভাৱে কোনো কথা ক’ব নোৱাৰিলে। নাৰিকল তেওঁলোকে ব্যৱসায়ীক ভাৱে উৎপাদন নকৰে বাবেই সেই সন্দৰ্ভত কোনো মতামত নিদিলে। কিন্তু স্বীকাৰ কৰিলে আগৰ দৰে এতিয়া নাৰিকলো গছত নালাগে।

এনে হোৱাৰ বাবে কোনোবাই যদি জলবায়ুৰ কথা ক’লে আন কোনোবাই আকৌ মাটিৰ উৰ্বৰা শক্তিৰ সন্দৰ্ভত প্ৰশ্ন তুলিলে। তাৰ মাজতেই বহু কেইজনে ক’লে মোবাইল টাৱাৰৰ কথাও। মোবাইল টাৱাৰৰ ৰেডিয়েচনে মানৱ শৰীৰ ওপৰত প্ৰভাৱ কিদৰে পেলাইছে সেই সন্দৰ্ভত ইতিমধ্যে বহু গৱেষণা হৈছে। কিন্তু কৃষি ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাইছে তাৰ বহু বেছি গৱেষণা হোৱা নাই। 

তথাপিও ইণ্টাৰনেটত এই সন্দৰ্ভত কিছু সন্ধান কৰাত দুটা মান গৱেষণা চকুত পৰিল। তাৰে এটা ২০১৬ চনত কলকাতা যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এক গৱেষণা। এই গৱেষণাত স্পষ্ট হৈছে মোবাইল টাৱাৰৰ ৰেডিয়চনে মানৱ শৰীৰত প্ৰভাৱ পেলোৱাৰ দৰেই বিভিন্ন উদ্ভিদৰ লগতে কৃষি শস্যৰ ওপৰতো প্ৰভাৱ পেলাইছে।  

২০১২ চনৰ পৰাই চলোৱা এই সম্পৰ্কীয় গৱেষণাত স্পষ্ট হৈছে মোবাইল টাৱাৰ আৰু মোবাইল ফোনৰ পৰা ওলোৱা বিকিৰণে আপেল, আঙুৰ, নাৰিকল, তামোল, ফুলৰ গছ, মৰিচাৰ দৰে উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলাইছে। গৱেষণাত মোবাইল ফোনৰ কাষত থকা উদ্ভিদৰ বীজ মাত্ৰ ৫০ শতাংশহে অংকুৰিত হৈছিল। তাৰ বাবেও মোবাইল ফোনৰ ৰেডিয়েচনৰ কাষত নথকা উদ্ভিদতকৈ প্ৰয়োজন হৈছিল অধিক সময়ৰ। 

সেই দৰেই ২০২৩ চনত প্ৰকাশিত Fragile Effects of Mobile Phone Emitted Radiations on Agricultural Growth and Ecological Systems নামৰ এখন গৱেষণা পত্ৰত উল্লেখ কৰা মতে মোবাইল ফোনৰ ৰেডিয়েচনৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছে। ই উদ্ভিদৰ অংকুৰণ আৰু বিকাশত প্ৰভাৱ পেলাইছে। 

দুঘণ্টাৰ পৰা চাৰি ঘণ্টা ধৰি মোবাইল ফোনৰ ৰেডিয়েচনৰ সংস্পৰ্শলৈ অহা বীজৰ অংকুৰণ ক্ৰমে ১৮ আৰু ৩০ শতাংশ হ্ৰাস পাই বুলি এই গৱেষণা পত্ৰত প্ৰকাশ পাইছে। এই দুই গৱেষণাৰ পৰা আমাৰ কৃষকে সন্দেহ কৰি অহাৰ দৰেই তামোল, নাৰিকল আদিৰ উৎপাদনত যে মোবাইল টাৱাৰ আৰু মোবাইল ফোনৰ ৰেডিয়েচনে প্ৰভাৱ পেলাই আহিছে সেয়া সত্য বুলি প্ৰমাণ হয়। 

কিন্তু আজিৰ তাৰিখত তামোল, নাৰিকলৰ উৎপাদন হ্ৰাস পোৱাত কেৱল মোবাইল টাৱাৰৰ ৰেডিয়েচনেই যে প্ৰভাৱ পেলাইছে সেয়াও সম্পূৰ্ণ শুদ্ধ বুলি ক’ব নোৱাৰি। পৰিৱৰ্তিত জলবায়ুও তামোল, নাৰিকল আদি উৎপাদন হ্ৰাস পোৱাৰ এক অন্যতম কাৰণ। 
 
তাৰোপৰি আজিৰ সময়ত যথেষ্ট বৃদ্ধি পাইছে তামোলৰ গছত ধৰা ‘গেনোডাৰমা’ বা ‘এনাবেৰোগা’ ৰোগৰ প্ৰাদুৰ্ভাৱ। এই ৰোগৰ বিষয়ে এতিয়াও কৃষক সচেতন নহয়।এই ৰোগৰ ফলতে তামোলৰ গছৰ পাতবোৰ শুকাই গৈ লাহে লাহে গছ জোপাৰো মৃত্যু হয়।এই সন্দৰ্ভত সজাগতাৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এন্দুৰৰ অত্যাধিক সংখ্যা বৃদ্ধিও এই ক্ষেত্ৰত এক চিন্তনীয় বিষয় হৈ পৰিছে। এন্দুৰে বিশেষকৈ তামোলৰ গছৰ কোমল গুৰিত গাঁত খান্দে ফলস্বৰূপে গছডাল মৰি আহে। তাৰোপৰি পাণৰ শিপা কটা আৰু তামোলৰ ঠোকসমূহ কটাৰ ফলত খেতিয়কসকলে যথেষ্ট লোকচান ভৰিবলগীয়া হৈছে। 

কেৱল তামোল-পাণে নহয়, এন্দুৰে নাৰিকল গছৰ ওপৰলৈ উঠি সদ্যজাত আৰু কোমল নাৰিকলবোৰ কাটি পেলায় বা কুটি কুটি তাৰ ভিতৰৰ পানী সেৱন কৰে। ফলত নাৰিকলবোৰে ডাঙৰ হ'বলৈ নাপায় আৰু খেতিয়কে আশা কৰা ফল পোৱাৰ পৰা বঞ্চিত হয়।

অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰি অহাৰ ক্ষেত্ৰত তামোল, নাৰিকল আদিৰ ভূমিকা আজিৰ পৰা কিছু বছৰৰ আগলৈকে আছিল অপৰিসীম। বাৰীৰ তামোল, পাণ, নাৰিকল, বাঁহ আদি আছিল বিপদৰ বন্ধু। প্ৰয়োজনত তাকেই বিক্ৰী কৰি পুৰাইছিল অভাৱ। আজিৰ তাৰিখতো এইসকলো সামগ্ৰীৰে চাহিদা আছে। সেয়ে কিদৰে তামোল, নাৰিকল আদিৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা আৰু পদ্ধতিগত ব্যৱস্থাৰ অতি জৰুৰী হৈ পৰিছে।

ধান খেতি খেতিপথাৰ সৰিয়হ খেতি