/asomiyapratidin/media/media_files/2025/10/25/ap-for-web-new-bikhekh-lekha-new-2025-2025-10-25-12-47-44.jpg)
মৃদুল কুমাৰ সন্দিকৈ
শ্যামকানুক টকা,মন্ত্ৰীক পি এইছ ডিঃ
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিবোৰ ঘটনা প্ৰসংগক্ৰমে পোহৰলৈ আহিছে সেইবোৰ অতি দুৰ্ভাগ্যজনক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰতিষ্ঠানে জুবিন গাৰ্গৰ অৱদান তেওঁৰ জীৱিত কালত মূল্যায়ন নকৰিলে।
সেইজন জুবিন গাৰ্গক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে ইউ এছ টি এম নামৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে। ২০২৪ ৰ ২৭ আগষ্টত জুবিন গাৰ্গে বিশ্ববিদ্যালয়খন আয়োজন কৰা সমাৱৰ্তনত সেই সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিলে।
গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৫ বৰ্ষত প্ৰদান কৰিছিল কেবাজনো ব্যক্তিক সন্মানীয় পি এইছ ডি ডিগ্ৰী। সেই সকলৰ ভিতৰত আছিল অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাউনা মীন (Chowna Mein)। কিহৰ যোগ্যতাৰ ভিত্তিত অৰুণাচলৰ এই ৰাজনীতিবিদ গৰাকীক সন্মানীয় পি এইছ ডি ডিগ্ৰী প্ৰদান কৰা হৈছিল সেই কথা তেতিয়া কোনেও ভৱা নাছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যামকানুৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে চৰ্চা লাভ কৰিছিল। সেই সূত্ৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় পি এইছ ডি ডিগ্ৰী আৰু অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী গৰাকীক পি এইছ ডি প্ৰদানৰ আঁৰৰ এক যোগসূত্ৰ লাভ কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত আছিল ননীগোপাল মহন্ত। শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ননীগোপাল। অভিযোগ মতে শ্যামকানুৰ ফৰমাইছ অনুসৰিয়ে ননীগোপাল মহন্তই অৰুণাচলৰ মুখ্যমন্ত্ৰী চাউনা মীনক সন্মানীয় পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছিল।
কিয়নো অৰুণাচলৰ এই ক্ষমতাশালী মন্ত্ৰী গৰাকীয়ে শ্যামকানুক অৰুণাচলৰ চৰকাৰী পুঁজি যোগান ধৰিছিল বিভিন্ন অনুষ্ঠান পাতিবলৈ। তাৰ পুৰস্কাৰস্বৰূপে তেওঁক এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হৈছিল। এক অৰ্থত শ্যামকানুৱে উপাচাৰ্য ভাতৃ ননীগোপালৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালৰ মৰ্যদাপূৰ্ণ সন্মানীয় পি এইছ ডি ডিগ্ৰী বিক্ৰী কৰিছিল।
অৰুণাচলৰ ৰাজনীতিত ১৯৯৮ চনৰ পৰা জড়িত উপ মুখ্যমন্ত্ৰী মীন। বৰ্তমান তেওঁ অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা উপৰিও বিত্ত,শক্তি,অপৰম্পৰাগত শক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে।
২০২৫ ৰ ২৫ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তনত অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে সন্মানীয় পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল। শ্যামকানু মহন্তৰ লগত তেওঁ ইমানেই ঘনিষ্ঠ আছিল যে ২০২৫ বৰ্ষৰ ছিংগাপুৰত আয়োজিত চতুৰ্থ সংস্কৰণৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বাবেও অৰুণাচল চৰকাৰৰ পৰা বৃহত পৰিমাণৰ ধন আৰু অৰুণাচলৰ সহযোগিতা আগবঢ়োৱা কথা সামাজিক মাধ্যমৰ জড়িয়তে ৰাজহুৱা কৰিছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা পৰিৱেশৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত সেই পোষ্ট ডিলিট কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শ্যামকানু মহন্তৰ অতি ঘনিষ্ট অৰুণাচলৰ এই গৰকী উপ মুখ্যমন্ত্ৰী।
২০২২ চনত তেওঁ শ্যামকানুৱে বেংককত আয়োজন কৰা দ্বিতীয় সংস্কৰণৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ লৈছিল। সেয়েহে এই সন্দেহ ঘনিভূত হয় যে, ভাতৃ শ্যামকানুৰ লাভৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ননীগোপাল মহন্তই অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী গৰাকীক সন্মানীয় পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছিল।
জুবিনৰ মৃত্যুৰ পাছত বিশ্ববিদ্যালয়খনে তেওঁৰ নামত কি কৰিব সেই তালিকা প্ৰকাশ কৰা উপাচাৰ্য ননীগোপাল মহন্ত কিন্তু জুবিনৰ ক্ষেত্ৰত তেওঁ জীৱিত কালত উদাসীন আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সন্মানীয় পি এইছ ডি ডিগ্ৰী প্ৰদানৰ এই প্ৰক্ৰিয়াটোক অনুসন্ধানৰ মাজলৈ অনাৰ প্ৰয়োজন আহি পৰিছে।
বহুতৰ বাবে কাইট জুবিনঃ
জীৱিত কালতে কাকো খাতিৰ নকৰা জুবিন গাৰ্গ এতিয়া বহুতৰ বাবে কাইট হৈ পৰিছে। অন্যায়-অনিয়মৰ জৰিয়তে মুখা পিন্ধা ভদ্ৰ লোক হৈ থকা সকলক এতিয়া বিন্ধিছে জুবিন নাম এই কাইটে। তেওঁৰ কথা-বতৰা, আদৰ্শ আৰু দৰ্শন হৈ পৰিছে ৰাজনৈতিক প্ৰত্যাহ্বান।
সাম্প্ৰদায়িক ৰাজনীতিৰ দোকান মেলি ক্ষমতাৰ সোৱাদ লৈ থকা সকলৰ বাবে জুবিনৰ এষাৰ কথাই মূৰ কামোৰণি হৈ পৰিছে। জুবিনে কৈছিল- "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই 'কাঞ্চনজংঘা"।
মূলতঃ এয়া জুবিনৰ কাঞ্চনজংঘা নামৰ চিনেমাখনৰ সংলাপ হ'লেও জুবিনৰ বাবে সেয়া আছিল জীৱনৰো আদৰ্শ। বিভিন্ন সময়ত জুবিনে সেই সংলাপ আওৰাই তেওঁ কোনো জাত-পাত,ধৰ্ম-সম্প্ৰদায়ত যে বিশ্বাসী নাছিল এই কথা কৈ গৈছিল।
যি সংলাপ মানুহৰ মুখে মুখে জুবিনৰ মৃত্যুৰ পাছত বিয়পি পৰিছিল। এই সংলাপক চিনেমাৰ সংলাপ বুলি জুবিনৰ আদৰ্শ আৰু দৰ্শনক নুই কৰিবলৈ এতিয়া এচাম উঠি-পৰি লাগিছে। কিয়নো এনে সাম্প্ৰদায়িকতাহীন পৰিৱেশ সৃষ্টি হ'লে সাম্প্ৰদায়িকতাত বিশ্বাসী বহুতৰে ৰাজনৈতিক দোকান নচ'লে।
প্ৰথমে এজন সাংবাদিকে জুবিনৰ এই বাৰ্তা চিনেমাৰ ডায়লগ হে বুলি উৰুৱাই দিব খুজিছিল। সেই সকলে জুবিন গাৰ্গ আৰু খগেন গগৈয়ে এক অনুষ্ঠানত ৰাজহুৱাকৈ পতা সেই বাৰ্তালাপৰ দৃশ্য এবাৰ চাই লোৱা ভাল।
যি বাৰ্তালাপত খগেন গগৈয়ে জুবিন গাৰ্গক লগুণ নথকা বামুন বুলি কৈছিল। জুবিনে তেওঁ বামুন নহয়, কোনো ধৰ্মীয়-সম্প্ৰদায়ৰ পৰিচয়ৰে নিজক আৱদ্ধ কৰি ৰাখিব নোখোজে বুলি উল্লেখ কৰি তেওঁৰ পৰিচয় কেৱল মানুহ বুলি কৈ গৈছিল।
এয়াতো চিনেমাৰ সংলাপ নাছিল। নিজ মুখে জুবিনে কৈ যোৱা নিজৰ দৰ্শন আছিল। তেনে ক্ষেত্ৰত জুবিনক ধৰ্মীয় পৰিচয়ৰে আৱদ্ধ কৰি ৰখাৰ যি অপচেষ্টা সেয়া স্বাৰ্থ আৰু ৰাজনৈতিক মুনাফাৰ লুটাৰ এক প্ৰক্ৰিয়াহে।
শিৱ আৰু জুবিনঃ
জুবিনৰ প্ৰিয় আছিল শিৱ। বহু সাক্ষাতকাৰত জুবিনে নিৰ্দিষ্ট ধৰ্মত বিশ্বাস নাৰাখে বুলি উল্লেখ কৰি গৈছিল। জুবিনৰ কথাবোৰত ঈশ্বৰৰ প্ৰতি বিদ্বেষ নাছিল। তেনে এটা সাক্ষাতকাৰ আছিল ২০২০ চনৰ ৩ নৱেম্বৰত। সেইদিনা জুবিনে ইণ্ডিয়া টুডে এন ইক দিয়া সাক্ষাতকাৰটোত কৈছিল- শিৱৰ প্ৰতি মই আকৰ্ষিত। শিৱৰ মই ভক্ত বা উপাসক নহয়।
জুবিনৰ এই সাক্ষাতকাৰটোত শিৱক কেৱল এজন দেৱতা হিচাপে বিশ্লেষণ কৰাতো ভূল হ'ব। কোনোবাই জুবিনক শিৱ ভক্ত বুলি আখ্যা দিলে সেয়া জুবিনৰ ধ্যান-ধাৰণাৰ লগত নিমিলে। জুবিনৰ বাবে শিৱ বিৱৰ্তনৰ মাজেৰে উজ্বলি উঠা এক আধুনিক ৰূপহে।
এই শিৱৰ মাজত কেৱল আধ্যাত্মিকতাই নাই। ইয়াত আছে বাস্তৱৰ স্বৰূপ আৰু প্ৰকৃতিৰ সৈতে সহৱস্থান কৰা এক আহ্বান। সেইবাবে আধুনিক দৃষ্টিৰে শিৱৰ দৃষ্টিকোণ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ হৈছে। তেওঁৰ দেহত শিৱৰ টেটু আছিল। সেই কথা জুবিনক সুধিলে জুবিনে কৈছিল- মই ৰিলিজিয়াচ নহয় বাৰু। শিৱৰ কেৰেক্টাৰটো ভাল লাগে মোৰ। এছ এ কেৰেক্টাৰ মই চিনেমেটিক পাওঁ। বেলেগ ধৰণৰ...
এই কথা জুবিনে কৈ যোৱাৰ পাছত যিসকলে জুবিনক শিৱ ভক্ত সজাব খুজিছে তেওঁলোকে জুবিনে মৃত্যু পূৰ্বে ৰীতা চৌধৰীক দিয়া সাক্ষাতকাৰটো শুনি চাব পাৰে। শিৱৰ সন্দৰ্ভত তেওঁৰ ধ্যান-ধাৰণাৰ বিশালতা ধৰ্মীয় গণ্ডিৰ মাজত সামৰি থ'ব নোৱাৰি।
জুবিনে কৈ গৈছে- ভগৱানক মই কেৰেক্টাৰ হিচাপে চাওঁ, চিনেমাৰ কেৰেক্টাৰৰ দৰে। শিৱ মোৰ বাবে আটাইতকৈ ইন্টাৰেষ্টিং কেৰেক্টাৰ। মই প্ৰকৃতিক বিশ্বাস কৰো, মোৰ মতে প্ৰকৃতি হৈছে আচল ভগৱান। কাৰণ প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে। মই গছক পূজা কৰো, গছ ভাল পাওঁ।
ইয়াৰ পাছত জানো জুবিন-শিৱ ভক্ত, জুবিনৰ ধৰ্ম, জুবিন আৰু সাম্প্ৰদায়িকতা,জুবিনৰ ভগৱান আদি কথাবোৰ প্ৰাসংগিক হৈ থাকে? যিসকলে ইয়াক প্ৰাসংগিক কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ দৰে জুবিনে এইবোৰ কথা নাভাৱিছিল, তেওঁলোকেহে তেওঁলোকে ভৱাৰ দৰে এক নেৰেটিভ জুবিনক লৈ জোৰ-জবৰদস্তি সৃষ্টি কৰাৰ অপচেষ্টা কৰি আছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us