খবৰেই নাই তৰংগ-হিমন্ত-নন্দিতাহঁতৰ...

এদিনৰ পূৰ্বে খোদ প্ৰধানমন্ত্ৰীয়ে মাতি নিছিল ভাৰতীয় দলটোক। প্ৰতিগৰাকী মহিলা ক্ৰিকেটাৰৰ সৈতে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। নিজ হাতে যাচিছিল মিঠাই। উমা ছেত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বহু কথা পাতিছিল।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (7)

মৃদুল কুমাৰ সন্দিকৈ

কান্দুলীমাৰি উমাই ইতিহাস ৰচিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ক্ৰিকেটৰ বিশ্বকাপ খেলা প্ৰথমগৰাকী খেলুৱৈ আছিল উমা। শক্তিশালী প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপ জিনা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য আছিল আমাৰ উমা।

সমগ্ৰ দেশবাসীয়ে মহিলা বিশ্বকাপ ক্ৰিকেট দখল কৰা বীৰংগণা খেলুৱৈ সকলক শুভেচ্ছা-সম্ভাষণেৰে ভৰাই পেলালে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আই চি চি বিশ্বকাপ বিজয়ী দলটোক দনালে উষ্ম অভিনন্দন আৰু অভ্যাৰ্থনা।

"এয়া দেশৰ গৌৰৱ। তোমালোক এতিয়া আনৰ আদৰ্শ। নৱ প্ৰজন্ম অনুপ্ৰাণিত হ'ব তোমালোকক দেখি"-এয়া আছিল ৰাষ্ট্ৰপতিৰ ভাষ্য। মহিলা ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন হৰমনপ্ৰীত কৌৰকে ধৰি দলটোৰ আন সদস্য সকলৰ সৈতে সেই ক্ষণত উপস্থিত থাকি গৌৰাম্বিত হৈছিল।

তাৰ এদিনৰ পূৰ্বে খোদ প্ৰধানমন্ত্ৰীয়ে মাতি নিছিল ভাৰতীয় দলটোক। প্ৰতিগৰাকী মহিলা ক্ৰিকেটাৰৰ সৈতে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। নিজ হাতে যাচিছিল মিঠাই। উমা ছেত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বহু কথা পাতিছিল।

কৈছিল বিশ্বকাপ ক্ৰিকেট খেলাতো তেওঁৰ বাবে কেনে এক অনন্য অভিজ্ঞতা। বৰষুণে দিছিল বাধা। সেয়ে কিপিঙতে সন্তুষ্ট হ'ব লগা হৈছিল তেওঁ। ২৬ অক্টোবৰ ২০২৫ ত বাংলাদেশৰ বিৰুদ্ধে মুম্বাইত বিশ্বকাপ ক্ৰিকেটত অভিষেক ঘটিছিল উমা ছেত্ৰীৰ।

প্ৰধানমন্ত্ৰীৰ সন্মুখত উমাই কথা কৈ থাকোতে কোনোবা এজনে প্ৰধানমন্ত্ৰীক মনত পেলাই দিছিল উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশ্বকাপ জিকা প্ৰথমগৰাকী খেলুৱৈ উমা। এয়া কম স্বীকৃতি নাছিল আমাৰ বাবেও। গৌৰৱৰ বিষয় আছিল অসমৰ বাবে।

সকলোবোৰ ঠিকে-ঠাকে হৈ গৈছিল। বিচিচিআইয়ে মহিলা ভাৰতীয় ক্ৰিকেট দলটোক ৫১ কোটি টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল। টাটা মটৰে ঘোষণা কৰিছিল প্ৰতিগৰাকী মহিলা ক্ৰিকেটাৰকে দিব একোখনকৈ SIERRA গাড়ী।

ঘৰলৈ উভতিছিল উমা। ৬ নৱেম্বৰ ২০২৫,বৃহস্পতিবাৰ। নিশা ১০ বজাত উপস্থিত হৈছিল বৰঝাৰ বিমান বন্দৰত উমা ছেত্ৰী। দিল্লীৰ পৰা বিমানেৰে আহিছিল বিশ্বকাপ জয় কৰি। সেই সফলতাৰ বাবে উমাই স্বাভাৱিকতে পাব লাগিছিল উষ্ম আদৰণি।

বিমান বন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনালে উমাক। যদিও বিশ্ব জয় কৰি উভতি অহা উমা ছেত্ৰীক আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰে । আনকি অসম ক্ৰিকেট সন্থাৰ মাত্ৰ দুজন লোক উপস্থিত হৈ ডিঙিত গামোচা দিয়েই সামৰিলে দায়িত্ব।

নিমাওমাও পৰিৱেশৰ মাজেৰেই বিমান বন্দৰৰ পৰা নিশাই গোলাঘাটৰ বাসগৃহলৈ ৰাওনা হ'ল উমা ছেত্ৰী। এয়া উমাৰ দৰে এগৰাকী খেলুৱৈৰ প্ৰতি চৰম অপমান বুলি আখ্যা দিলে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল কুমাৰ ছেত্ৰীয়ে । কান্দি উঠিল কেমেৰাৰ সন্মুখত।

খেলুৱৈ সুলভ আচৰণ কৰি উমাই এইবোৰ একো ধৰি নাথাকিল যদিও প্ৰশ্ন উঠিছে এতিয়া অসম ক্ৰিকেট সন্থাৰ প্ৰতি। এয়াই নেকি তেওঁলোকৰ দায়িত্বৰ নমুনা।

কিয় উমাক আদৰিবলৈ যাব নোৱাৰিলে এ চি এৰ সভাপতি-সম্পাদক। সভাপতি তৰংগ গগৈৰ সেইকণো কাণ্ড-জ্ঞান আৰু শুভবুদ্ধি উদয় নহ'ল নে? সততে যিকোনো বিষয়তে সৰৱ হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কিয় নল'লে পদক্ষেপ। 

অসমৰ মানুহে বেয়া পাইছে। গোৰ্খা সমাজে মনত আঘাত পাইছে। এইবোৰে আমাৰ আচল সম্পদ। উমাকে যদি আদৰিবলৈ আজৰি নাই কাৰোৰে আন মূল্যহীন কথাবোৰত কিয় ইমান ব্যস্ত হৈ থাকে তেওঁলোক? প্ৰধানমন্ত্ৰীয়ে বুজি পালে,ৰাষ্ট্ৰপতিয়ে বুজি পালে উমাহতৰ প্ৰাপ্তিৰ মূল্য। কিন্তু বুজি নাপালে তৰংগ,হিমন্ত আৰু ক্ৰীড়া বিভাগৰ দায়িত্বত থকা মন্ত্ৰী নন্দিতা গাৰ্লোচাহতে।

উমা ছেত্ৰী