ডা০ গিৰীয়ে নেৰে চাকৰি...

তই বোলে চাকৰি এৰিবি? নাই তোক আমি যাব নিদিও...। মানুহ গৰাকীৰ কথা শুনি তেওঁ আৱেগিক হৈ পৰিছিল। ইমান মৰম,ইমান আবদাৰ কোনে কাক কৰে আজি? মনটো কুমলিছিল তেওঁৰ। 

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (19)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আকৌ প্ৰমাণ হ'ল- ৰাইজেই ৰজা। ৰাইজৰ আগত নিজকে অতি ক্ষমতাশালী বুলি লোকজনো হৈ পৰে অসাৰ। ৰাইজে যাক প্ৰাণ উজাৰি ভাল পায়,তেওঁক কোনেও একো কৰিব নোৱাৰে। যাৰ কাষত সকলো স্তৰৰ লোক থিয় হৈ থাকে তেওঁক অন্যায় কৰাতো ইমান সহজ নহয়।

এটা খবৰে জোকাৰি গৈছিল চৌদিশ। তাৰ পাছত মানুহৰ তীব্ৰ প্ৰতিক্ৰিয়া আছিল- এয়া হ'ব নোৱাৰে। সকলো থিয় হৈছিল তেওঁৰ সৈতে। কিয়নো তেওঁ বহুতৰ বাবে আছিল সঁচা অৰ্থত মানুহক প্ৰাণ দিয়া এজন ভগৱান সদৃশ চিকিৎসক।

আৱেলি ২ মান বজাত এগৰাকী মানুহ আহিছিল তেওঁৰ কাষলৈ নাম ৰূপা ঘাছি। খবৰটো তেওঁও পাইছিল। তেওঁ ৩ মহীয়া সন্তান সম্ভৱা হৈ থাকোতে এটা বিসাক্ত সাপে খুটিছিল। ২০২৪ ৰ আগষ্টৰ কথা আছিল এয়া। ঘৰৰ মানুহেও আশা এৰিছিল। 

ডা০ সুৰজিত গিৰীয়ে তেওঁৰ উদ্ভাৱণী চিকিৎসা শক্তিৰে ডিমৌ আদৰ্শ চিকিৎসালয়ত এই মানুহ গৰাকীক সুস্থ কৰি তুলিছিল। ক'লা শংখচূড় সাপৰ বিষে মানুহ গৰাকীৰ লগতে গৰ্ভত থকা সন্তানকো ক্ষতি কৰিব নোৱাৰিলে।

পৰৱৰ্তী সময়ত ৰূপা ঘাছিয়ে সুস্থ সন্তান প্ৰসৱ কৰিছিল। এতিয়া সেই সন্তানৰ বয়স ৩ মাহ পাৰ হৈছে। মৃত্যুক জয় কৰা এই সাধাৰণ মহিলাগৰাকীক ডা০ গিৰীয়ে নাম দিছিল মৃত্যুঞ্জয়ী। সেই মৃত্যুঞ্জয়ীয়ে আহিছিল ১৬ জুলাই ২০২৫ গিৰীৰ কাষলৈ।

আহিয়ে তেওঁক কৈছিল- তই বোলে চাকৰি এৰিবি? নাই তোক আমি যাব নিদিও...। মানুহ গৰাকীৰ কথা শুনি তেওঁ আৱেগিক হৈ পৰিছিল। ইমান মৰম,ইমান আবদাৰ কোনে কাক কৰে আজি? মনটো কুমলিছিল তেওঁৰ। 

দুদিনমানৰ পূৰ্বে পোৱা মানসিক কষ্টৰ কথা পাহৰি গৈছিল। সামাজিক মাধ্যমত দেখিছিল মানুহে কেনেকে মাত মাতিছে তেওঁৰ পক্ষত। তাৰ পাছত আহিছিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ফোন। বুজাইছিল ডা০ গিৰীক এনে সিদ্ধান্ত নল'বলৈ।

এন এইচ এমৰ শীৰ্ষ উচ্চ পদস্থ বিষয়াজনেও তেওঁলৈ ফোন কৰিছিল। তেওঁৰ দৰে লোক সৰ্ব সাধাৰনৰ স্বাৰ্থত কিমান প্ৰয়োজন সেই কথা উপলব্ধি কৰাৰ অৱকাশ দিছিল। ডিমৌ উপ জিলাৰ আয়ুক্ত গৰাকীয়ে মাতি নিছিল তেওঁক।

তেওঁৰ ওচৰত ইতিমধ্যে ৰাইজৰ ৰোষত পৰা দণ্ডাধীশ গৰাকীয়ে ক্ষমা বিচৰাৰ এক পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু ডা০ গিৰীয়ে সেয়া একোৱে নিবিচাৰিলে, ক'লে- কৰ্তব্যৰ খাতিৰত তেওঁ যদি কিবা কৰিছেও সেই কথা মই ধৰি থকা নাই। ৰাইজে যি বিচাৰিছে তাকেই কৰিবলৈ মই সাজু। মোৰ ওচৰত কোনোবাই ক্ষমা খুজিব নালাগে। লঘু হ'ব নালাগে কোনেও।

প্ৰশাসন,চিকিৎসক সকলোৱে মিলি আমি আগবাঢ়িব লাগিব। মানুহ মাত্ৰেই ভুল হয়। ক্ষমা খুজিলেই কোনো ডাঙৰ বা সৰু নহয়। তাৰ পাছতে তেওঁ সলনি কৰিলে সিদ্ধান্ত। উঠাই ল'ব তেওঁ দিয়া পদত্যাগ পত্ৰ। ডা০ গিৰীয়ে একে উদ্যমেৰে কৰি যাব খোজে জনসেৱা।

তেওঁৰ লক্ষ্য সৰ্প দংশনত যাতে এজনো লোকৰ মৃত্যু নহয়। ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ অহা এজনো সাপে খোটা লোকৰ মৃত্যু হোৱা নাই। ২০২৫ তো এতিয়ালৈকে কোনো ৰোগীৰ সৰ্প দংশনত মৃত্যু ঘটা নাই।

সেই ধাৰাবাহিকতা তেওঁ ৰক্ষা কৰিব খোজে। অৱশ্যে ইয়াৰ কৃতিত্ব তেওঁ অকলে ল'ব নিবিচাৰে। ডা০ গিৰীৰ মতে এয়া এক দলবদ্ধ প্ৰচেষ্টা। তেওঁ সকলো পাহৰি আকৌ এই ক্ষেত্ৰ খনেৰে একাত্মভাৱে জড়িত হ'ব খোজে। কাৰো প্ৰতি কোনো আক্ষেপ নাই তেওঁৰ। ধন্যবাদ আৰু কৃতজ্ঞতা হে যাচিব খোজে সকলো লোকক।

ৰাজনীতিৰ উৰ্ধলৈ গৈ সকলোৱে তেওঁক এই সময়ত দিয়া সমৰ্থন আৰু শুভ ইচ্ছাই তেওঁক হেনো অধিক দায়বদ্ধশীল কৰি তুলিলে। কথাবোৰ তেওঁ খুলি ক'লে। এদিনৰ আগত কথা পাতোতে তেওঁৰ মাতত থকা ক্ষোভ আৰু দুখ নাই আজি। 

সাধাৰণভাৱে থকা এজন অসাধাৰণ চিকিৎসক তেওঁ। তেওঁ অৱশ্যে বিচাৰিছে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এক তদন্ত হোৱাতো। দুই-এদিনতে তেওঁ জমা দিয়া পদত্যাগ পত্ৰ ঘূৰাই আনিব। সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছে। কথা দিছে ৰাইজক, ৰাইজৰ বাবেই কৰি যাব এই সেৱা।

এন এইচ এম ৰ ঠিকাভিত্তিক নিযুক্তি পোৱা চিকিৎসক তেওঁ। চৰকাৰে এই সুযোগতে তেওঁৰ কথাও ভাৱক। প্ৰয়োজনত সৰ্প দৰ্শনৰ চিকিৎসাৰ পৰা এই বিশেষজ্ঞ চিকিৎসকজনৰ বাবে এক স্থায়ী পদবী সৃষ্টি কৰি মকৰলৰ দিহা কৰক। ডা০ গিৰী বহু মানুহৰ বাবে ইতিমধ্যে হৈ পৰিছে ভগৱান।

 

সুৰজিত গিৰী