এজন সাহসী অধ্যক্ষ...

শিক্ষয়িত্ৰী দুগৰাকীয়ে যোগাৰ কৰি দিয়া ভিত্তিহীন অভিযোগক লৈ পুনৰ ষড়যন্ত্ৰৰ নতুন জাল মেলি দিয়া হ'ল। ব্যৱহাৰ কৰা হ'ল সংবাদ মাধ্যমক। অধ্যক্ষগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ দিয়া হৈছিল খেদ-খেদ-খেদ- অধ্যক্ষক খেদৰ দৰে শ্ল'গান।

author-image
Asomiya Pratidin
New Update
lakha 1

মৃদুল কুমাৰ সন্দিকৈ

কথাবোৰ তেওঁ ইতিমধ্যে নিজেই ৰাজহুৱা কৰি দিছে। মহানগৰীৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ এই কথাবোৰ ইতিমধ্যে ৰাইজে শুনিছে। এজন ছাত্ৰনেতাৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত তেওঁৰ কি মানসিক অৱস্থা হ'ব পাৰে সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। 

Advertisment

তথাপিও তেওঁ নিজৰ স্থিতিত অটুট থাকি এই যুঁজখন দি যাবলগা হৈছে। কলেজখনৰ স্বাৰ্থত, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত দৃঢ়তাৰে এই কলেজৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উপযুক্ত তদন্ত বিচাৰি মুকলিকৈ এটা কথাই কৈছে - ক্ষমতাশালী দলৰ কোনো ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হ'লেও কলেজৰ ভিতৰত উৰ্ধবাহু দি নাচিবলৈ দিয়া নহ'ব।

গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য কলেজ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়। এই মহাবিদ্যালয়খনত ২০২২ ৰ ফেব্ৰুৱাৰীত অধ্যক্ষ হিচাপে যোগদান কৰিছিল অমৰেন্দ্ৰ কলিতাই। এজন কঠোৰ প্ৰশাসক হিচাপে কলজেখন গঢ়ি তোলাৰ সপোন আছিল তেওঁৰ।

যোগদানৰ কিছু মাহৰ পাছতে এটা ছাত্ৰ সংগঠনৰ এজন নেতৃস্থানীয় লোকে তেওঁক সাক্ষাত কৰি কলেজখনক সেই ছাত্ৰ সংগঠনটোৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ স্পষ্ট উত্তৰ আছিল সেইদিনা- সংগঠনটোৱে কলেজত তেওঁলোকৰ একটিভিটি চলাব পাৰিব কিন্তু তেওঁ পৃষ্ঠপোষক হ'ব নোৱাৰে।

এনেবোৰ কঠোৰ সিদ্ধান্তৰ বাবেই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ আৰম্ভণি ঘটিছিল। এখন কলেজ পৰিচালনা কৰোতে লোৱা সিদ্ধান্তবোৰে ছাত্ৰ ৰাজনীতিৰে জড়িত এচামক ক্ষোভিত কৰি তুলিছিল। কলেজত শিক্ষাদান কৰা সলনি নিজৰ স্বাৰ্থত কলেজলৈ আহিয়েই গৱেষণাৰ কামত গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব বিচৰা শিক্ষক সকলক তেওঁ ৰঙা চকু দেখুৱাইছিল।

এনেবোৰ বহু প্ৰশাসনিক সিদ্ধান্তই তেওঁৰ বাবে কাল হৈছিল। সেই সকল ক্ষোভিত শিক্ষক আৰু ছাত্ৰ একাংশ এক হৈ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ তুলি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ ব্যৱস্থা গ্ৰহনৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল। উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা তদন্তৰ বাবে মানুহো আহিছিল। কিন্তু সেই তদন্তবোৰত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে কোনো তথ্য পোৱা নাছিল।

কলেজখনৰ গভৰ্নিং কমিটীৰ এজন সদস্য আছিল অধ্যক্ষজনৰ বিৰুদ্ধে। সেই ষড়যন্ত্ৰত তেওঁ সাৰ-পানী যোগাইছিল। ৩-৪ টাকৈ তদন্ত হৈ যোৱাৰ পাছতো অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ নথকাত শেহতীয়াকৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজনৰ পদত্যাগক কেন্দ্ৰ কৰি আকৌ এখন নাটকৰ সূচনা কৰা হয়।

পদত্যাগী ছাত্ৰনেতাজনক পঢ়া-শুনাত মন দিবলৈ অধ্যক্ষগৰাকীয়ে সোঁৱৰাই দিছিল। শ্ৰেণীত উপস্থিত নাথাকি নেতাগিৰি কৰি থকা বাবে কেবাটাও বিষয়ত তেওঁৰ বেক লাগিছিল। তাতেই ভুল হৈ গৈছিল হেনো অধ্যক্ষৰ।

শিক্ষয়িত্ৰী দুগৰাকীয়ে যোগাৰ কৰি দিয়া ভিত্তিহীন অভিযোগক লৈ পুনৰ ষড়যন্ত্ৰৰ নতুন জাল মেলি দিয়া হ'ল। ব্যৱহাৰ কৰা হ'ল সংবাদ মাধ্যমক। অধ্যক্ষগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ দিয়া হৈছিল খেদ-খেদ-খেদ- অধ্যক্ষক খেদৰ দৰে শ্ল'গান।

এখন কলেজত কি নিকৃষ্ট ষড়যন্ত্ৰ এয়া। সৰু কলেজখনত কাৰ যে কিমান নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন। পূৰ্বতে পৰীক্ষাত বেক থকা বাবে নমিনেচন কেনচেল হোৱা এজন প্ৰাক্তন ছাত্ৰৰো সহযোগ অব্যাহত আছে অধ্যক্ষৰ বিৰুদ্ধে।

চৰকাৰে পৰিচালনা সমিতিক অধ্যক্ষৰ বিৰুদ্ধে তদন্ত কৰি তদন্তৰ প্ৰতিবেদন জমা দিবলৈ কৈছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিছিল এনে নিৰ্দেশ। কিন্তু এই তদন্তত অধ্যক্ষৰ বিৰুদ্ধে এটা শব্দও লিখাৰ অৱকাশ নাপালে তদন্ত কমিটীয়ে।

কি জালা পদবীত থকা? বিশ্ববিদ্যালয়ৰ অধ্যাপকে যেতিয়া অভিযোগকাৰীক সহযোগ কৰে অজ্ঞাত স্বাৰ্থত তেন্তে কি পৰিৱেশ বিৰাজ কৰিব পাৰে এখন মহাবিদ্যালয়ত? ব্যৱহাৰিক পদাৰ্থ বিজ্ঞানৰ পাঠদানৰ পৰা আঁতৰি এইবোৰ ষড়যন্ত্ৰৰ ৰাজনীতি উপদেষ্টা হোৱা সকলে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা সলনি ধ্বংস কৰাত অনুঘটকৰ ভূমিকা লোৱাত ওস্তাদ হৈ পৰিছে।

২০২৪ ৰ মে'ত তেনে অভিযোগৰ ভিত্তিতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে শুনানি হৈছিল। উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকে তেওঁৰ চেম্বাৰত এই শুনানি  লৈছিল। প্ৰশাসনীয় আৰু বিত্তীয় দিশ সামৰি তদন্ত কৰিবলৈ দুগৰাকী মহিলা বিষয়া আহিছিল। 

সকলো পুংখানুপুংখভাৱে চাই তেওঁলোক উভতি গৈছিল। লৈ গৈছিল মহাবিদ্যালয়ৰ প্ৰ'চিদিং বুক। ১৫ দিনৰ পাছত সেইখন উভতাই দি কৈছিল ইয়াত কোনো অনিয়ম হোৱা নাই। বিত্তীয় দিশবোৰো তদন্ত কৰিছিল। অধ্যক্ষ গৰাকী নিশ্চিত আছিল বিত্তীয় ক্ষেত্ৰতো কোনো অনিয়ম উলিয়াব নোৱাৰে তেওঁৰ বিৰুদ্ধে।

এবছৰ ধৰি সেইবোৰ তল পৰিছিল। আকৌ যেতিয়া ষড়যন্ত্ৰত নমা সকলে দিশপুৰৰ আশীৰ্বাদ লৈ তেওঁৰ বিৰুদ্ধে একেখিনি অভিযোগেৰে পুনৰ তদন্তৰ নাটক আৰম্ভ কৰিছিল তেতিয়া অধ্যক্ষ গৰাকীয়ে বিচাৰিছিল কি তথ্য আৰু অভিযোগ আছে সেয়া তেওঁক প্ৰথমে দিব লাগিব।

অহিছিল ২৩ জুলাই ২০২৫ ত। ১৩৭ পৃষ্ঠাজোৰা সেই অভিযোগৰ পাণ্ডুলিপি। অতি চতুৰভাৱে সেই অভিযোগৰ দস্বাৱেজ প্ৰস্তুত কৰা হৈছিল। য'ত আছিল ছাত্ৰ-ছাত্ৰীৰ পৰা লোৱা হস্তাক্ষৰ। যিবোৰ হস্তাক্ষৰ ছাত্ৰ-ছাত্ৰীয়ে এনেবোৰ কামৰ বাবে দিয়া নাছিল।

অধ্যক্ষ গৰাকীয়ে তেনে তদন্তক আদৰণি জনাইছে। অধ্যক্ষ গৰাকীয়ে স্বেচ্ছাই পদৰ পৰা অব্যাহতি ল'ব লাগে বুলি দাবী তুলিছিল। অধ্যক্ষ অমৰেন্দ্ৰ কলিতাৰ উত্তৰ- যদি ভুল কৰিছে তেন্তে সেই সিদ্ধান্ত পৰিচালনা সমিতি আৰু চৰকাৰৰ উচ্চ পদস্ত কৰ্তৃপক্ষই  ল'ব।

এতিয়া কলেজত স্বাভাৱিক পৰিৱেশ। ১৮ আগষ্টত এই সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ সিক্ষা সঞ্চালিকা পমি বৰুৱাই এক প্ৰতিবেদন বিচাৰিছিল তেওঁৰ  পৰা। ২০ আগষ্ট ২০২৫ মেইলযোগে তেওঁ সবিশেষ জনাই এক চমু মেইল প্ৰেৰণ কৰিছিল। ২২ আগষ্ট ২০২৫ ত অধ্যক্ষগৰাকীয়ে আন এক প্ৰতিবেদন উচ্চসিক্ষা সঞ্চালিকালৈ প্ৰেৰণ কৰিছে। 

আমি প্ৰায়েই ছাত্ৰ-ছাত্ৰীৰ সৈতে থাকো। কলেজৰ অধ্যক্ষ সকলৰ প্ৰতি আমাৰ সন্দেহৰ দৃষ্টি সচৰাচৰ ৰৈ যায়। কিন্তু তাৰ মাজতো ব্যতিক্ৰম থাকে বহু অধ্যক্ষ। যি সকলে আপোচ কৰিব নোখোজে কোনো ক্ষেত্ৰতে কলেজখনক নিজৰ ঘৰতকৈ আপোন বুলি ভাৱে। ছাত্ৰ-ছাত্ৰীসকলক নিজ পুত্ৰ-কন্যাৰ দৰে জ্ঞান কৰে।

কোনো ক্ষমতাশালী সংগঠন বা এবিভিপিৰ নেতা হ'ল বুলিয়েই কোনো ছাত্ৰ নেতাক নিজে গঢ়া কলেজ খনক যি ইচ্ছা তাকেই কৰিব পৰা বিচৰণভূমি ৰূপত ব্যৱহাৰ কৰিবলৈ এৰি দিব নিবিচাৰে। ভুল হ'লে কঠোৰ পদক্ষেপ লয় শিক্ষকৰ বিৰুদ্ধে। এইবোৰে ভুল আৰু কাল হ'ল ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতাৰ।

কলেজ শিক্ষক