/asomiyapratidin/media/media_files/2026/01/17/bikhekh-lekha-20-2026-01-17-14-00-15.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বহু মানুহ থাকে নীৰৱে কাম কৰে। তেওঁলোকৰ জীৱনলৈ স্বীকৃতি কোনোদিনেই নাহে। তেওঁলোকে কৰা মূল্যবান কামবোৰৰো মূল্যায়ন নহয়। তেনে উদাহৰণ আমাৰ সমাজৰ চৌদিশে বহু আছে। তেনে এজন ব্যক্তিৰ কথাকেই আমি মনত পেলাব বিচাৰিছো।
সদা চৌধুৰী নামৰ এজন বিশেষ ব্যক্তি আছিল। অসমীয়া ছবিৰ বাবে তেওঁ কৰা ত্যাগ আৰু পৰিশ্ৰমৰ বিষয়ে আজিও চৰ্চা নহ’ল। এইগৰাকী ব্যক্তি আছিল প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰৰ বিতৰক। তেওঁৰ হাতত বহু জনপ্ৰিয় পুৰণি অসমীয়া ছবিৰ প্ৰিণ্ট জমা আছিল।
এই ছবিৰ প্ৰিন্টবোৰ উপযুক্ত, বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ এদিন তেওঁ চৰকাৰৰ পদূলি পদূলিয়ে দৌৰি ফুৰিছিল। সেয়া অৱশ্যে ২৫-৩০ বছৰ আগৰ কথা। অবিবাহিত মানুহজনে এইবোৰকে সমল কৰি লৈ মহানগৰীৰ সমীপৱৰ্তী পানীখাইতিত অকলশৰীয়া জীৱন অতিবাহিত কৰিছিল।
সদা ফিল্মছ আৰু শিৱশক্তি চিনে আৰ্ট বেনাৰত তেওঁ অসমীয়া ছবি বিতৰণৰ কাম কৰিছিল। প্ৰায় ২০খনতকৈ অধিক পুৰণি ছবি, বহু গুৰুত্বপূৰ্ণ তথ্যচিত্ৰৰ তেখেতে বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি তাৰ নিগেটিভৰ পৰা নতুন প্ৰিন্ট তৈয়াৰ কৰি নিজৰ লগত ৰাখিছিল।
শেষৰফালে তেওঁ যথেষ্ট আৰ্থিক সংকটত ভূগিছিল। তথাপিও তেওঁ অসমীয়া ছবিৰ ইতিহাস ধৰি ৰখাৰ এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। সেই ছবিৰ প্ৰিন্টবোৰ চৰকাৰীভাৱে সংৰক্ষণ কৰিবলৈ নিজেই অনুৰোধ জনাই বিফল হৈ তেওঁ ড০ ভূপেন হাজৰিকা, ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে লোকৰ জৰিয়তে চৰকাৰৰ ওচৰত আৱেদন জনাইছিল।
১৯৪৩চনত জন্ম হৈছিল সদা চৌধুৰীৰ। উজানবজাৰৰ ভাস্কৰ নাট্য মন্দিৰৰ সমীপতে আছিল তেওঁলোকৰ পুৰণি ঘৰ। নাটকৰ প্ৰতি তীব্ৰ টান থকা সদা চৌধুৰীয়ে নিজেও অভিনয় কৰিছিল এটা সময়ত। নাটকৰ আখৰা কৰিবলৈ ভাস্কৰ নাট্য মন্দিৰলৈ যাওতে লগ পাইছিল বিষ্ণুৰাভা, ফণী শৰ্মা, লক্ষ্যধৰ চৌধুৰীৰ দৰে ব্যক্তিসকলক।
সেই টানেই তেওঁক সংস্কৃতিৰ ক্ষেত্ৰখনৰ ফালে টানি নিছিল। এটা সময়ত বিভিন্ন সংগীতানুষ্ঠানত মাইক ভাড়া দি তেওঁ জীৱন অতিবাহিত কৰিছিল। সেয়া আছিল ১৯৬৩চনৰ কথা। গুৱাহাটীত ষ্টান্ট ইণ্ডিয়া মোচন পিকছাৰ্ছ এছচিয়েশ্যনৰ তেতিয়াৰ অসম শাখাৰ সম্পাদক পৰিমল কুমাৰৰ সৈতে তেওঁ চিনাকি হৈছিল।
সেই সূত্ৰেই তেওঁ চলচ্চিত্ৰৰ পৰিৱেশন কৰা কামত নিয়োজিত হৈ পৰে। তেওঁ পৰিৱেশন কৰা প্ৰথমখন অসমীয়া ছবি আছিল ‘পূবেৰুণ’। এই ছবিখনৰ দ্বিতীয়টো প্ৰিন্ট কৰি তেওঁ ছবিগৃহত মুক্তি দিছিল। এইখনেই আছিল ১৯৬১চনত বাৰ্লিণ ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া ছবি।
তেওঁ পৰিৱেশন কৰা আৰু তেওঁৰ হাতত থকা উল্লেখযোগ্য পুৰণি অসমীয়া ছবিসমূহৰ প্ৰিন্টৰ ভিতৰত মণিৰাম দেৱান, পিয়লী ফুকন, বিপ্লৱী, কেঁচা সোণ, এৰাবাটৰ সুৰ, স্মৃতিপৰশ, সকুন্তলা, মাক আৰু মৰম, ৰঙা পুলিচ, ভক্ত প্ৰহ্লাদ, নৰকাসুৰ, পূবেৰুণ, লখিমী, ধুমুহা, পুৱতি নিশাৰ সপোন, সতী, বেউলা, ইটো সিটো বহুতো আদি অন্যতম।
অসমীয়া ছবিৰ লগতে আন ছবিৰো তেওঁ বিতৰণ কৰিছিল অসমৰ ছবি গৃহত। নতুন প্ৰজন্মই যাতে সেই মূল ছবিসমূহৰ প্ৰিন্ট চাব পাৰে তাৰ বাবে তেওঁ এই সংগ্ৰহ কৰিছিল। আৰ্থিক অনাটন , সংৰক্ষণৰ উপযুক্ত ব্যৱস্থাৰ অভাৱৰ বাবে তেওঁ ঘৰত থকা সেই ছবিসমূহৰ প্ৰিন্টবোৰ সংৰক্ষণ কৰিবলৈ ৰাজ্যৰ সাংস্কৃতিক বিভাগকো অনুৰোধ জনাইছিল।
প্ৰফুল্ল মহন্তকো তেওঁ এই কথাবোৰ কৈছিল। কিন্তু ৰহস্যজনক কাৰণত তেতিয়া সেই কথাবোৰলৈ চৰকাৰে গুৰুত্ব দিয়া নাছিল। পিছলৈ কিছু ছবি জ্যোতিচিত্ৰবনত তেওঁ দিছিল যদিও ভালে কেইখন ছবিৰ প্ৰিন্ট নষ্ট হয়। ১০ বছৰ মানৰ পূৰ্বে এইগৰাকী অসমীয়া ছবিৰ প্ৰথম পৰিৱেশকৰ মৃত্যু হয়।
ৰোগাক্ৰান্ত আৰু আন সমস্যাৰ বাবে তেওঁ আত্মহননৰ পথ বাচি লৈছিল। তাৰপিছত অতীত হৈ গ’ল সদা চৌধুৰী। জীৱিত কালত তেওঁ কেইবাবাৰো শিল্পী পেন্সৰ বাবে আৱেদন জনাইছিল। কিন্তু সেই পেন্সন লাভ নকৰাকৈয়ে ইহঃসংসাৰ এৰিছিল অসমীয়া চিনেমাৰ প্ৰচাৰ-প্ৰসাৰত বিশেষ ভূমিকা পালন কৰা এইগৰাকী ব্যক্তিয়ে।
তেওঁ হেৰাই যোৱাৰ লগে লগেই হেৰাই গ’ল অসমীয়া ছবিৰ বহু ইতিহাস সমৃদ্ধ তথ্যৰ লগতে এই ছবিসমূহৰ প্ৰিন্টো। শিল্পী দিৱসৰ দিনা এইগৰাকী সদা চৌধুৰীক তেওঁ কৰি যোৱা কামৰ বাবে স্মৰণ কৰাৰ বাদে আৰুনো কৰিব পাৰো কি!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us