সতী ৰাধিকাই উজলাইছে মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰ...

পৰ্যটকক আদৰিবলৈ উদ্যানখনত থকা ৭ খনকৈ প্ৰৱেশ দুৱাৰত ৰংঘৰ, সত্ৰীয় নৃত্য, বড়ো, মিচিং, তিৱা, কাৰ্বিকে সামৰি অসমৰ সংস্কৃতি প্ৰতিফলিত হৈছে ....

author-image
Asomiya Pratidin
New Update
bikhekh protibedon

ঐতিহাসিক উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যান। আহমেদাবাদৰ বিখ্যাত সবৰমতী ৰিভাৰফ্ৰণ্টৰ দৰেই অত্যাধুনিকভাৱে নিৰ্মাণ কৰি উলিওৱা এই উদ্যানখনে কিদৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে সেই সন্দৰ্ভত ইমন দাসৰ এক প্ৰতিবেদন... 


কংক্রিটৰ মহানগৰীৰ পৰা আঁতৰি এটা মনোমোহা পৰিৱেশত সময় পাৰ কৰিবলৈ সকলোৱে বিচাৰে । দৈনন্দিন কাম-কাজৰ পৰা কিছু সময় উলিয়াই পৰিয়ালৰ লগত সময় অতিবাহিত কৰাৰ মন সকলোৰে থাকে। মহানগৰবাসীক সেই সুবিধা প্ৰদানৰ উদ্দেশ্যে সাজি উলিওৱা হৈছে উজান বজাৰস্থিত ‘ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট’ সতী ৰাধিকা শান্তি উদ্যান। WhatsApp Image 2025-11-25 at 6.38.47 PM

উল্লেখ্য যে ৩২৭ কোটি টকা ব্যয় সাপেক্ষে ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিভাৰফ্ৰণ্টত ৭খন প্ৰৱেশ দ্বাৰৰ ব্যৱস্থা আছে।  য’ত অসমৰ সংস্কৃতি সুন্দৰভাৱে প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে। পৰ্যটকক আদৰিবলৈ উদ্যানখনত থকা ৭ খনকৈ প্ৰৱেশ দুৱাৰত ৰংঘৰ, সত্ৰীয় নৃত্য, বড়ো, মিচিং, তিৱা, কাৰ্বিকে সামৰি অসমৰ সংস্কৃতি প্ৰতিফলিত হৈছে।

WhatsApp Image 2025-11-25 at 6.31.46 PM

তাৰোপৰি উদ্যানখনত নিৰ্মাণ কৰা হৈছে বহু কেইটা বিশেষ সা-সামগ্ৰী। এই উদ্যানখনে গুৱাহাটীৰ নদী-ভিত্তিক পৰিবহন আৰু মনোৰঞ্জনৰ আন্তঃগাঁথনি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । ২০২২ চনৰ ১৭ মাৰ্চত আৰম্ভ হোৱা প্ৰকল্পটো গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অধীনত নির্মাণ কৰা হৈছে । 

WhatsApp Image 2025-11-25 at 6.32.02 PM

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা উদ্যানখন ইতিমধ্যে মৰ্নিং ৱাক হটস্পটলৈ ৰূপান্তৰিত হৈছে। মহানগৰবাসীয়ে ব্ৰহ্মপুত্ৰৰ নৈসর্গিক সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও উদ্যানখনত খোজকঢ়া, চাইকেল ট্রেক, মুকলি জিম, শিশুৰ বাবে খেলাৰ ব্যৱস্থা, মিউজিকেল গাৰ্ডেন, ফুড ক'ৰ্ট, সুগন্ধি উদ্যানকে ধৰি পার্কিঙৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে।

image (25)

উল্লেখ্য যে, এপ্ৰিল মাহলৈকে বিনামূলীয়াকৈ প্ৰৱেশৰ ব্যৱস্থা কৰাৰ বাবে উজান বজাৰৰ আশে-পাশে থকা পথসমূহত তীব্ৰ যান-জঁট সৃষ্টি হ'বলৈ ধৰিছে। অত্যাধুনিক সুবিধা থকা এই ৰিভাৰফ্ৰণ্ট প্ৰকল্পটো উদ্বোধনৰ পিছত ব্যৱস্থাপনা আৰু পৰিচালনাৰ দায়িত্ব আন বিভাগলৈ হস্তান্তৰ কৰা হৈছে। 

WhatsApp Image 2025-11-25 at 6.32.13 PM

লক্ষ্যণীয় যে, প্ৰায় ২২ হাজাৰ গছপুলি ৰোপণ কৰা হৈছে এই উদ্যোনখনত। তাৰোপৰি উদ্যানখনত ২০০ বিধতকৈ অধিক বিভিন্ন ৰঙীন ফুল আৰু ফল তদুপৰি ঔষধি গছ ৰোপণ কৰিছে।  উদ্যানখনত শাৰী পাতি সোমাবলগীয়া দৃশ্যই এতিয়া আকৰ্ষিত কৰিছে সকলোকে।

WhatsApp Image 2025-11-25 at 6.32.02 PM

প্ৰাণিধানযোগ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'সতী' উপাধিৰে বিভূষিত কৰা কৈৱৰ্ত সম্প্ৰদায়ৰ জয়ন্তী (সতী ৰাধিকা)-ৰ পৱিত্ৰ আদৰ্শ আৰু ত্যাগৰ সুবাস বিয়পোৱা এই উদ্যানখনে পৰম্পৰা আৰু আধুনিকতাৰ এক সুন্দৰ সংমিশ্ৰণ দাঙি ধৰিছে। বিশেষকৈ সূৰ্যাস্তৰ সময়ত, এই  উদ্যানখনৰ সৌন্দৰ্য্যই সকলোকে মোহিত কৰিছে। 

download

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,‘ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট’ সতী ৰাধিকা শান্তি উদ্যানৰ সমান্তৰালকৈ  ১ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ প্ৰতিখন ৰাজহুৱা উদ্যানত বিনামূলীয়াকৈ প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলি শনিবাৰে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ঘোষণা কৰে।

WhatsApp Image 2025-11-25 at 6.32.02 PM

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে দৰ্শনাৰ্থীয়েএন্ট্রি পাছ সংগ্ৰহ কৰিব লাগিব, তেওঁলোকে ইয়াৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে । লোক সকলক  উদ্যানত প্ৰৱেশৰ পূৰ্বে নাম আৰু ফোন নম্বৰহে দিবলৈ কোৱা হ'ব বুলি কোৱাৰ লগতে সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিবলৈ গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক উদ্যানসমূহৰ ভিতৰত আৱৰ্জনা আৰু অন্যান্য অসামাজিক আচৰণ ৰোধ কৰাৰ লক্ষ্যৰে নিৰ্দেশনা দিয়া হৈছে বুলিও উল্লেখ কৰিছে।

ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যান