/asomiyapratidin/media/media_files/2025/07/06/whatsapp-image-20-2025-07-06-17-16-20.jpeg)
ডিম্পুল বৰগোহাঁই
পুৱতি নিশাতে তেওঁ নোহোৱা হোৱাৰ খবৰটো বিয়পি পৰিছিল। পুৱাৰে পৰা এজন দুজনকৈ গুণমুগ্ধৰ সোঁত বৈছিল দক্ষিণ শৰণীয়াত থকা তেওঁৰ অসম আৰ্হি ঘৰটোলৈ। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় দিলে মৃত্যুৰ শীতল কোলাত শুই থকা সকলোৰে শ্ৰদ্ধাৰ উদয়াদিত্য ভৰালী ‘ছাৰ’ক ।
১৯৪৭চনৰ, ১ছেপ্টম্বৰত তেওঁৰ জন্ম হৈছিল মৰাণত। পিতৃৰ ঘৰ আছিল শিৱসাগৰত। উদয়াদিত্য ভৰালীৰ পিতৃ উমাকান্ত ভৰালী আছিল তেতিয়াৰ অসম আৰক্ষী বিভাগৰ উচ্চ খাপৰ বিষয়া। পিতৃ আৰক্ষী বিষয়া হোৱা হেতুকে তেওঁৰ স্কুলীয়া জীৱন ১০খন জিলাত পাৰ হৈছিল।
তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল মাজবাট, মঙলদৈ, ওদালগুৰি, ঢেকিয়াজুলি, গহপুৰ, শিৱসাগৰ,গুৱাহাটী বৰমা, নলবাৰী বৰপেটা জিলাত। ১৯৬২চনত বৰপেটা বিদ্যাপীঠৰ পৰা তেওঁ মেট্ৰ্ৰিক পাছ কৰিছিল।
১০ জিলাত নতুন নতুন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব লগা হোৱাৰ বাবেই তেওঁ নিজেই তেওঁৰ স্কুলীয়া জীৱনটো 'আধা কেঁচেলুৱা' বুলি কৈছিল। ১৯৬২চনত তেওঁ কটন কলেজত নামভৰ্তি কৰাৰ পিছতহে তেওঁৰ শৈক্ষিক জীৱনলৈ স্থিৰতা আহিছিল বুলি তেওঁ জীৱিত অৱস্থাত সকলোকে কৈছিল।
খেলৰ ভিতৰত তেওঁ সবাতোকৈ ভাল পোৱা খেলটো আছিল ভলীবল। বৰপেটা বিদ্যাপীঠৰ গণিতৰ শিক্ষক গিৰীশ দাস আছিল উদয়াদিত্য ভৰালীৰ ভলীবলৰ প্ৰশিক্ষক। অংকক সবাতোকৈ টান বিষয় বুলি গণ্য কৰা উদয়াদিত্য ভৰালীয়ে এই শিক্ষকগৰাকীৰ তদাৰকৰ বাবেই কটনত সৰ্বোচ্চ নম্বৰ পাইছিল প্ৰথম বৰ্ষটোত।
১৯৬৬ চনত কটনত শিক্ষা সাং কৰি ১৯৬৭ত স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত ভৰি থৈছিল তেওঁ। ইতিহাস বিষয়ত স্বৰ্ণপদক লাভেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত ইতিহাস বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল।
কটনত অধ্যাপক হিচাপে তেওঁ যোগদান কৰিছিল ১৯৬৮চনৰ ১৪ নৱেম্বৰত। ২০০২-২০০৩ লৈকে তেওঁ আছিল বিভাগীয় মুৰব্বীৰ আসনত। ১ছেপ্টেম্বৰ ২০০৩ত কটন কলেজৰ অধ্যক্ষৰ আসনত বহা ভৰালীয়ে ২০০৬ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিছিল।
চাকৰি জীৱনৰ সমান্তৰালভাৱে তেওঁ সমাজিক জীৱনৰ সকলো দায়িত্বও তেওঁ সুচাৰুৰূপে পালন কৰি গৈছিল। সাদিনত তেওঁ লিখা ‘সময়ৰ জলঙাৰে’ শীৰ্ষক নিয়মীয়া স্তম্ভৰ উপৰিও অসমীয়া প্ৰতিদিনত পৃষ্ঠভূমিৰ চিনাকি আৰু প্ৰাংসগিক পাণ্ডুলিপিৰ জৰিয়তে বৌদ্ধিক, সামাজিক চিন্তা-চেতনাৰ বাট কাটিছিল।
তেওঁৰ সামাজিক চেতনা আৰু ইতিহাসৰ জ্ঞানৰ সন্দৰ্ভত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অগাধ জ্ঞানৰ ভাণ্ডাৰ আছিল তেওঁ। শ্ৰেণীকোঠাত ভিয়েনা সন্ধিৰ পৰা তেওঁ পায়গৈ ফান্স। সেই ফান্সৰ পৰা ইউৰোপ আৰু ইউৰোপৰ পৰা আমেৰিকা হৈ তেওঁ ৰয়হি অসম আন্দোলনৰ কোনো এটা ঘটনাত।
কোনোদিনেই তেওঁ শ্ৰেণীকোঠালৈ অনা নাছিল ৰেজিষ্টাৰ। তথাপিও ইতিহাসৰ দৰে এটা বিষয়ৰ শ্ৰেণীত ভৰি আছিল শিক্ষাৰ্থীয়ে। ইতিহাসৰ বিষয়টো এনে মনোগ্ৰাহীভাৱে তেওঁ শিক্ষাদান কৰিছিল যে, শিক্ষাৰ্থীয়ে পাহৰি গৈছিল সময়ৰ দেওনা। অৱশেষত তেৱেই শিক্ষাৰ্থীক উদ্দেশ্যি কৈছিল- ঐ তহতি মোক কিতাপৰ বাহিৰলৈ গ'লে কৈ দিবি, এটা পাঠ আজি তিনি দিনে শেষ কৰিবই পৰা নাই।
অতি খাৰাংখাচকৈ কথা কৈছিল তেওঁ। সকলোৰে প্ৰতি আছিল আন্তৰিক সম্পৰ্ক। শ্ৰেণীকোঠাত যেনেদৰে অনুশাসন কৰিছিল, ঠিক তেনেকৈয়ে প্ৰতিষ্ঠিত-প্ৰখ্যাত হোৱাৰ পাছতো বহু ছাত্ৰক তেওঁ দেখুৱাই দিছিল আঁচল বাট। আন্দোলন-প্ৰতিবাদস্থলীত তেওঁৰ সেই নিৰ্ভীক, যুক্তিবাদী চিন্তাক কোনে নস্যাৎ কৰিব পাৰে?
গল্পকাৰ হিচাপেও তেওঁৰ আছিল বিশেষ চিনাকি। অৱশ্যে বহুতে ক'ব খোজে যে, গল্পকাৰ হিচাপে তেওঁৰ যিমান বিকাশ হ'ব লাগিছিল, কোনোবা খিনিত নহ’ল। ৯০দশকৰ তেওঁৰ বেইমানৰ ঠিকনা সন্ধান শীৰ্ষক সেই গল্প সংকলনৰ কথা কোনে পাহৰিব পাৰে। যি গল্প সংকলনৰ বাবে তেওঁ ১৯৯৬চনত লাভ কৰিছিল অসম সাহিত্য সভাৰ বিষ্ণু প্ৰসাদ ৰাভা বটাঁ।
ক্ৰীড়াক লৈ তেওঁৰ সাহিত্যচৰ্চাত আপাত দৃষ্টিত আছিল সামাজিক চেতনা। ক্ৰীড়া তেওঁৰ গল্পৰ আধাৰ হ’লেও সমাজৰ বাস্তৱতাৰ আঁৰত ক্ৰিয়াশীল শোষণ আৰু নিকৃষ্ট ৰাজনীতি আছিল তেওঁৰ গল্পৰ মূল বিষয়বস্তু।
তেওঁৰ বহু গল্পত মধ্যবিত্তীয় অৱস্থান আছিল স্পষ্ট। ৰাজনীতি আৰু সামাজিক শ্ৰেণীস্বাৰ্থ বঞ্চনা পঢ়ুৱৈৰ আগত তুলি ধৰাত তেওঁ কৃপনালি কৰা নাছিল। সমাজ আৰু মানুহৰ বাবে মৃত্যু পৰ্যন্ত মাত মাতি যোৱা এই মানুহজনে অৱশেষত বিদায় মাগিলে।
তেওঁৰ মৃত্যুয়ে সকলোকে দি গ’ল ৰাজহুৱা বোধৰ ধাৰণা। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ৰাইজে কিয় মাৰ বান্ধি যুজঁ দিব লাগে সেয়া সুন্দৰকৈ তেওঁ বুজাব পাৰিছিল। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে এই যুঁজ খন মানুহৰ জীৱিকাৰ যুঁজ, সমাজখন আগুৱাই নিয়াৰ যুঁজ এই কথা তেও সকলোকে সুন্দৰকৈ উপলদ্ধি কৰাব পাৰিছিল।
সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ সদায়েই আছিল এগৰাকী অগ্ৰণী সৈনিক। কেৱল ৰাস্তাৰ প্ৰতিবাদ নহয়, বৌদ্ধিক এখন যুজোঁ তেওঁ সমান্তৰালভাৱে চলাই গৈছিল আজীৱন। আজিৰ দিনটোত অসমে কেৱল প্ৰগতিশীল চিন্তাধাৰাৰ এজন ব্যক্তিক হেৰুওৱা নাই। হেৰুৱাইছে সঠিক সময়ত সঠিক প্ৰশ্ন সুধিব জনা এগৰাকী প্ৰচুৰ অধ্যয়নশীল যুক্তিবাদী মানুহক...