২০২৬ৰ নতুন এলায়েঞ্চ!

মাজত মাত্র কেইটামান মাহ বাকী আছে। তাৰ পূৰ্বে ৰাজনৈতিক লাভালাভৰ বাবে সম্পৰ্ক স্থাপনৰ বাবে মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। কাৰ্যতঃ বি পি এফ দলটো এন ডি এৰ অংশীদাৰ হৈ পৰিল ।

author-image
Asomiya Pratidin
New Update
bikhekh protibedon 2 (1)

অসমৰ ৰাজনৈতিক মঞ্চত পুনৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ কৌশলগত ভূমিকাৰ চৰ্চা। ২০২৬ চনৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু বিটিআৰ অঞ্চলত হাগ্ৰামা মহিলাৰীৰ স্থিতিয়ে ভাৰতীয় জনতা পাৰ্টিৰ ভাগ্য নিৰ্ধাৰণ কৰাত কি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

বড়ো ৰাজনীতিত নতুন মাত্রা প্রদান কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট অৰ্থাত বিপিএফৰ স্থিতিয়ে অসমৰ ৰাজনীতিত সমীকৰণ সলনি কৰি আহিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিপিএফে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে মিত্ৰতা কৰিছিল যদিও ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ ৰাজনৈতিক স্থিতি পুনৰ বিজেপিক সহায় কৰাৰ দিশে ঢাল খাইছে।

বিজেপিৰ নেতৃত্বই সময়ে সময়ে এই ইংগিত দি আহিছে যে বিপিএফৰ বাবে তেওঁলোকৰ দুৱাৰ মুকলি। আনহাতে বিপিএফৰ মুৰব্বীহাগ্ৰামা মহিলাৰীয়েও বহুবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নৰম মনোভাৱ প্ৰকাশ কৰি আহিছে।

ইউপিপিএল বৰ্তমান বিজেপিৰ এক শক্তিশালী সহযোগী হোৱা স্বত্বেও, বিটিআৰত নিৰ্বাচনী সমীকৰণ জটিল হোৱাৰ বাবে বিজেপিয়ে বিপিএফক পুনৰ নিজৰ পক্ষত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এয়ে ব্যাপক সংখ্যাগৰিষ্ঠতাৰে অসমত পুনৰ ক্ষমতালৈ ঘূৰি আহিব বুলি মুকলিকৈ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিপিএফৰ এই সমৰ্থনে আগন্তুক নিৰ্বাচনত কেইবাটাও কৌশলগতভাৱে বিজেপিক সহায় কৰিব। কোকৰাঝাৰৰ বেশোৰগাঁৱত নতুন চৰকাৰী নাৰ্চিং কলেজৰ প্ৰশাসনিক ভৱন আৰু হোষ্টেলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মহিলাৰীয়ে দাবী কৰে যে, বৰ্তমান নিম্ন অসমত কংগ্ৰেছৰ হাতত থকা কেইবাখনো আসন বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে।

মহিলাৰীয়ে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত ৰাজনৈতিক পৰিৱৰ্তন চলি থকা বুলিও ইংগিত দিয়ে। দৰাচলতে বিটিআৰ অঞ্চলত বড়ো ভোট বেংক এতিয়াও ইউপিপিএল আৰু বিপিএফৰ মাজত বিভক্ত হৈ আছে। যদিহে বিপিএফ এনডিএৰ অংশ হৈ পৰে, তেন্তে এই দুয়োটা দলৰ শক্তি একত্ৰিত হৈ পৰিব।

ইয়াৰ ফলত বিটিআৰৰ ১২খন বিধানসভা আসনত বিজেপি মিত্ৰজোঁটৰ বিজয় নিশ্চিত হৈ পৰিব। ২০২৬ চনত বিৰোধী মহাজোঁটৰ ভোট বিভাজন কৰাৰ পৰিৱৰ্তে, বিজেপিয়ে নিজৰ ভোটৰ ভেটি মজবুত কৰিবলৈ সক্ষম হ'ব।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্রীসভাত স্থান পালে বি পি এফৰ বিধায়কে। কিছুদিন পূৰ্বে বিপিএফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে নতুন মন্ত্রী হিচাপে ৰাজভৱনত শপত লৈছিল। এই সম্পৰ্কৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচন।

মাজত মাত্র কেইটামান মাহ বাকী আছে। তাৰ পূৰ্বে ৰাজনৈতিক লাভালাভৰ বাবে সম্পৰ্ক স্থাপনৰ বাবে মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। কাৰ্যতঃ বি পি এফ দলটো এন ডি এৰ অংশীদাৰ হৈ পৰিল ।

তাৰোপৰি, ইউপিপিএল আৰু বিপিএফৰ মাজৰ বিবাদৰ ফলত বিটিআৰৰ কিছুমান অঞ্চলত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে। বিপিএফক লগত ল'লে বিজেপিয়ে 'একত্ৰিত বড়ো শক্তি'ৰ বাৰ্তা দিব পাৰিব, যিটোৱে চৰকাৰৰ বিৰুদ্ধে থকা সকলো প্ৰকাৰৰ বিৰোধিতা মষিমূৰ কৰিব।

বডোলেণ্ড টেৰিট'ৰিয়েল ৰিজিঅ'নৰ বাহিৰত বড়ো ভোটাৰ বেছি থকা বা ৰাজনৈতিকভাৱে প্ৰভাৱশালী কেইটামান বিধানসভা সমষ্টি হৈছে ঢেকিয়াজুলি,চতিয়া,গহপুৰ,বিশ্বনাথ,বিহালী। এই সমষ্টিসমূহ শোণিতপুৰ জিলাত অন্তৰ্গত। এসময়ত বিটিআৰৰ বাহিৰত এই সমষ্টিসমূহত বড়ো জনসংখ্যাৰ আটাইতকৈ উল্লেখযোগ্য উপস্থিতি আছিল।

সমান্তৰালকৈ দৰঙৰ অন্তৰ্গত কলাইগাঁও,ছিপাঝাৰ অঞ্চলসমূহতো বড়ো জনগোষ্ঠীৰ লোকসকলৰ বসতি আছে। যদি বিপিএফে ইয়াত প্ৰাৰ্থী দিয়ে বা মহাজোঁটৰ ভোট কাটে, তেন্তে ইয়াৰ ফলত বিজেপিৰ প্ৰাৰ্থীসকলে সহজে জয়ী হোৱাৰ সুবিধা পাব।

বিটিআৰৰ বাহিৰত বিপিএফৰ লক্ষ্য ক্ষমতা দখল কৰা নহয়, বৰঞ্চ নিজৰ ভেটি বজাই ৰখা। যদি বিপিএফে এই আসনসমূহত মহাজোঁটৰ অংশ হৈয়ো নিৰ্বাচনত থিয় দিয়ে, তেন্তে তেওঁলোকে কংগ্ৰেছ বা আন বিৰোধী দলৰ বড়ো আৰু জনজাতীয় ভোট হ্ৰাস কৰিব। ইয়াৰ ফলত বিজেপিৰ প্ৰাৰ্থীজনে বিৰোধী দলতকৈ কম ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে।

 প্ৰণিধানযোগ্য যে, হাগ্ৰামাই যদিহে আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে মিত্ৰতা কৰে, তেন্তে বিটিআৰৰ বাহিৰত থকা বিপিএফৰ সমৰ্থক বড়ো ভোটাৰসকলে পোনপটীয়াকৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ উৎসাহিত হ'ব।

বিপিএফৰ নেতা-কৰ্মীসকলে গ্ৰাউণ্ড লেভেলত বিজেপিক সহায় কৰিলে এই ভোটসমূহ সহজে বিজেপিলৈ স্থানান্তৰ হ'ব। ২০২৬ চনৰ পূৰ্বে বিপিএফৰ ৰাজনৈতিক পদক্ষেপ অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এক ডাঙৰ 'গেম চেঞ্জাৰ' হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষক সকলেও প্ৰকাশ কৰিছে।

হাগ্ৰামা মহিলাৰী