/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/spcl-earthqk.jpg)
► ডিম্পুল বৰগোহাঁই
ভূমিকম্প। কেতিয়া আহে কোনেও নাজানে। এক আতংকৰ নাম ভূমিকম্প। শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে সৰু-মৃদু কেবাটাও ভূমিকম্পই জোকাৰি গৈছে। অতি শেহতীয়াকৈ ২৫ ছেপ্টেম্বৰৰ পুৱা ৯.১৭বজাত অনুভূত হৈছিল জোকাৰণি। ৭ মিনিটৰ ব্যৱধানত তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছিল। এই তিনিওটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বৰপেটা। ৪.৩ প্ৰাবল্যৰ মৃদু ভূমিকম্পত অৱশ্যে একো ক্ষয়-ক্ষতি নহ'ল। তাৰ পূৰ্বেই ১২ ছেপ্টেম্বৰত এন এটা মৃদু ভূমিকম্পই জোকাৰিছিল ৰাজ্য।
এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৫। অতি কম দিনৰ ভিতৰত এনে সৰু আৰু মৃদু ভূমিকম্পই জোকাৰণি তোলাৰ পাছত ৰাজ্যবাসীৰ মনত শংকাৰ সৃষ্টি হৈছে। ভূ-বিজ্ঞানীসকলৰ মতে, ডাঙৰ ভূমিকম্প অহাৰ পূৰ্বে প্ৰকৃতিয়ে কিছু ব্যতিক্ৰম ৰেহ-ৰূপ দেখুৱাই, সৰু ভূমিকম্প আহে। এই অঞ্চলটো ভূমিকম্প প্ৰবণ অঞ্চল। সেয়েহে এনেদৰে ইটোৰ পাছত সিটো ভূমিকম্পই জোকাৰণি তোলাৰ পাছত স্বাভাৱিকতে সেই শংকাই দেখা দিছে ৰাজ্যবাসীৰ মনত। তাৰোপৰি এই সময়চোৱাত প্ৰকৃতিয়েও কিছু ভাৰসাম্যহীন আচৰণ কৰিছে। তাৰ প্ৰমাণ কিছুদিনৰ পূৰ্বে টাৱাঙত পাহাৰ খহি হঠাৎ ভূমিস্খলন হ'ল।
চিয়াং নদীত এক মিটাৰ পৰ্যন্ত ঢৌ উঠিল। কেতিয়াও পানী নোহোৱা অৰুণাচলত ধাৰাসাৰ বৰষুণত উটি ভাহি গ'ল ধন-জন। নগালেণ্ডতো একেই অৱস্থা। দৈয়াং নদীৰ ওপৰত থকা বান্ধৰ পানীয়ে বুৰাই পেলালে গোলাঘাট। পানীত নহয় যেন জলপ্ৰলয়হে।মুহূৰ্ততে উটি ভাহি গ'ল জীৱ-জন্তু। এই সৰু নদীবান্ধটোৱে কেতিয়াও এনে ৰূপ লোৱা নাছিল। দৈয়াঙৰ পানী ভূমিস্খলনৰ ফলত আৱদ্ধ হোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হ'ল। কেৰালাত কেতিয়াও নোহোৱা বানপানীৰ সাক্ষী হ'ল ৰাজ্যবাসী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/tihu-bridge-face-300x180.jpg)
হিমাচল প্ৰদেশতো বানৰ তাণ্ডৱ। ফেনে-ফুটুকাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে যমুনা নৈৰ জলপৃষ্ঠ। ডিব্ৰুগড়ত হঠাৎ খহি পৰিল মথাউৰি। পানী নোহোৱাকৈয়ে কিয় এইদৰে খহিল মথাউৰি? বহু স্থানত গৰাখহনীয়া বান নোহোৱাকৈয়ে হৈছে। বৰষুণৰ তাৰতম্য ঘটিছে। কিয় এনে অপ্ৰকৃতি আচৰণ কৰিছে প্ৰকৃতিয়ে? এইবোৰ কিহৰ আগজননী? এই সন্দৰ্ভত বিশিষ্ট ভূ-বিজ্ঞানী ভগৱত প্ৰাণ দুৱৰাক সোধা হৈছিল।
তেওঁ জনালে শেহতীয়া ভূমিকম্পৰ গতি-বিধিৰ সন্দৰ্ভত তেওঁ বিশেষ অধ্যয়ন কৰা নাই। কিন্তু এই অঞ্চলটো অতি ভূমিকম্প প্ৰবণ অঞ্চল। ভূমিকম্প ইয়াত প্ৰায়ে হয়। প্ৰকৃতিৰ এই আচৰণক লৈ অধ্যয়নৰ প্ৰয়োজন আছে। সাধাৰণতে বানপানী অহাৰ পাছতহে গৰাখহনীয়া হয়। কিন্তু এই ধৰণে হঠাৎ বান নোহোৱাকৈ হোৱা গৰাখহনীয়াৰ যথেষ্ট কাৰণ থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/itanagar-4-225x300.jpg)
ভূমিকম্পই অসমত ১৮৯৭ চনৰ ১২জুনত বিস্তৰ ক্ষতি-সাধন কৰিছিল। এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৮.১। প্ৰায় ৩৯০,০০০ বৰ্গ কিঃমিঃ অঞ্চলৰ ঘৰ-বাৰী ধ্বংস হৈছিল। অসমৰ উপৰিও ইয়াৰ কম্পন অনুভূত হৈছিল ম্যানমাৰ, নতুন দিল্লী আদিলৈকে। ভূটানতো বহু ক্ষতি হৈছিল এই ভূমিকম্পত। প্ৰায় ১৫০০ লোকৰ মৃত্যু ঘটিছিল। এই বৰ ভূমিকম্পৰ সৃষ্টি হৈছিল SSW-dipping reverse Oldham fault।
এই অংশটো হৈছে ইণ্ডিয়ান প্লেটৰ অন্তৰ্গত শ্বীলং প্লেটৰ উত্তৰ অংশ। তাৰ পাছত উল্লেখযোগ্য বৰ ভূমিকম্প আছিল ১৯৪৭চনৰ ২৯ জুলাইত। ৰিখটাৰ স্কেলত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল সন্ধিয়া ৭.১৩বজাত। দেশৰ লগতে যোৰহাট, ডিব্ৰুগড়, তেজপুৰ অঞ্চলত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছিল। ঘৰ-দুৱাৰ কিছু ভাগিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/siyang-new-23-300x169.jpg)
ভূমিকম্প হ'ল ভূগৰ্ভত কিবা কাৰণত হোৱা জোকাৰণি। ভূগৰ্ভত থকা শিলাবৃষ্ট সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সালসলনি ঘটে। নতুবা মধ্যাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীনতাৰ বাবেও এনে জোকাৰণিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত ভূগৰ্ভৰ পৃষ্ঠত গভীৰ ফাঁট মেলে। দ ঠাইৰ মাটি ওপৰলৈ উঠি আহে। আৰু বাম ঠাইৰ মাটি তললৈ বহি যায়। ১৯৫০চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ ভূপৃষ্ঠ ওপৰলৈ উঠি আহিছিল। ঠিক একেইদৰে ভূমিকম্পৰ ফলতেই সৃষ্টি হৈছিল চানডুবিৰ।
ভূমিকম্পৰ ফলত তিনিবিধ ঢৌৰ সৃষ্টি হয়। ইয়াৰ প্ৰথমবিধ হ'ল প্ৰাথমিক তৰংগ। ই চাৰিওফালে বিস্তৃত হৈ যায়।এই কম্পন ওপৰ, তল বা উলম্বভাৱে হয়। ইয়াক কোৱা হয় অনুদৈৰ্ঘিক তৰংগ। দ্বিতীয়বিধ হ'ল এছ তৰংগ বা অনুপ্ৰাস্থিক তৰংগ। এই তৰংগৰ গতি উলম্বিক হয়। আৰু তৃতীয়বিধ তৰংগ হ'ল এল তৰংগ বা পৃষ্ঠ তৰংগ। ই ভূত্বকৰ উপৰি ভাগেৰে গতি কৰে।
অসমত ১৯৫০ চনৰ ১৫ আগষ্টৰ সন্ধিয়া অহা বৰ ভূমিকম্পত মৃত্যু হৈছিল ৪ সহস্ৰাধিক লোকৰ। সন্ধিয়া ৭.৩৯ বজাত অহা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৬। ইয়াৰ অভিকেন্দ্ৰ আছিল মিছিমি হিলছ। সেইদিনা আছিল মঙলবাৰ। ১৯৫০চনৰ এই বৰ ভূমিকম্পৰ পূৰ্বেও প্ৰকৃতিয়ে অস্বাভাৱিক আচৰণ কৰিছিল।
ভূমিকম্প অহাৰ কাৰণ বিভিন্ন হ'ব পাৰে। পৃথিৱীৰ অন্তৰ ভাগত হোৱা বিবৰ্তনিক ঘৰ্ষণৰ বাবে ভূমিকম্প হ'ব পাৰে। প্ৰায়ভাগ ডাঙৰ ভূমিকম্প এই কাৰণতেই হয়। কিছু কিছু স্থানত আগ্নেয়গিৰি উদগীৰণ হ'লে ভূমিকম্প হয়। জাপানৰ বহু ভূমিকম্পৰ কাৰণ আগ্নেয়গিৰি।
হিমালয়ৰ আল্পাছ আদি ওখ পৰ্বতবোৰৰ পৰা হঠাৎ তুষাৰখণ্ড খহি পৰিলেও ভূমিকম্প হ'ব পাৰে। এইবোৰৰ উপৰিও ভূগৰ্ভত থকা খনি অঞ্চলসমূহৰ যেতিয়া এটা বৃহৎ অংশ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প অনুভূত হয়। অসমত শেহতীয়াকৈ প্ৰকৃতিৰ অস্বাভাৱিক আচৰণ, সৰু-মৃদু ভূমিকম্পক জোকাৰণিক সহজভাৱে লোৱা নাই ভূ-বিজ্ঞানীসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nepal-quake-despair-getty-300x168.jpg)
অতীতৰ পৰাই অসমত ভূমিকম্প হৈ আহিছে। আনকি ভূমিকম্পৰ কথা টুংখুঙিয়া বুৰঞ্জীত উল্লেখ আছে। ১৬৯৬চনত লিখা এই বুৰঞ্জী পাতত অঞ্চলটোৰ উল্লেখযোগ্য ভূমিকম্পৰ লগতে ক্ষয়ক্ষতিৰ বৰ্ণনা দিয়া হৈছে। ১৮৯৬চনত হোৱা ভূমিকম্পৰ ফলত বৰাক নদীৰ পানী ১৫ ফুট পৰ্যন্ত উচ্চতাৰে ঢৌ তুলি বাগৰি গৈছিল।
কিছুমান ভূতাত্বিক অৱস্থালৈ লক্ষ্য ৰাখি ভূমিকম্প প্ৰবণ অঞ্চলসমূহ চিনাক্ত কৰা হয়। যেনে প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল। এই অঞ্চলত পৃথিৱীৰ মুঠ ৬৮ শতাংশ ভূমিকম্প হয়। আন এক অঞ্চল হ'ল ভূমধ্যসাগৰীয় অঞ্চল। আল্পছ, কেকছাছ, হিমালয়ৰ ওচৰ চুবুৰীয়া অঞ্চল, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আদি ঠাইত পৃথিৱীৰ মুঠ ভূমিকম্পৰ ২১ শতাংশ ভূমিকম্প অনুভূত হয়। ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ লগতে উত্তৰ-পূব ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নগালেণ্ড, মিজোৰাম আদি অঞ্চল পৰে। সেয়েহে এই অঞ্চলসমূহ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল বুলি গণ্য কৰা হয়।
ভাৰতত ব্যাপক উৎকণ্ঠা সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ ঘোলাপানীৰ কাৰণ আজিও ৰহস্য হৈয়ে আছে। কিন্তু চীনে এই সন্দৰ্ভত এক তথ্য সদৰী কৰি কৈছিল যে- তিব্বতত হোৱা ৬.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ বাবেই এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/90ab328cf5b14744b8deedf00d528584_18-300x169.jpg)
সৰু-সৰু ভূমিকম্পৰ লগতে পাৰ্বত্যভূমিত হোৱা ভূমিস্খলন, ভূটানৰ বৈ অহা হঠাৎ পানী, চিয়াঙৰ ৰহস্য, এন এইচ পি চি গেৰুকামুখ প্ৰকল্পৰ বানপানী আদি ঘটনাই প্ৰকৃতিৰ অস্বাভাৱিক আচৰণ দাঙি ধৰিছে। বিশেষকৈ গেৰুকামুখত হঠাৎ জলপৃষ্ঠ বৃদ্ধি হৈ সোৱণশিৰি নৈৰ পানী নিৰ্মাণৰত প্ৰকল্পত প্ৰলয়ৰ সৃষ্টিৰ আগজাননী দিছিল।
জম্মু-কাশ্মীৰতো যিসময়ত নদীসমূহৰ পানী শুকাই থাকিব লাগে, সেই সময়ত পানীৰে ভৰি আছে। পশ্চিমবংগত তিনিখন দলং হঠাৎ ভাঙি গৈছে।তাৰে দুখন নিৰ্মাণৰত অৱস্থাত আছিল। হঠাৎ এই দলং দুখন ভঙাৰ কাৰণো ৰহস্যজনক। ভূকম্পনৰ ফলতেই এনেকুৱা হৈছে নেকি? সেইটোও ভাবি চাব লগা বিষয়। গোলাঘাটত কেতিয়াও এনে বান হোৱা নাছিল।
ধেমাজিত জীয়াঢলে ৰেলৰ দলং খহিয়াই নিয়া পৰিবেশ আদি প্ৰকৃতিৰ অস্বাভাৱিক আচৰণৰ পাছত আকৌ প্ৰকৃতিৰ ৰোষত পৰিব নেকি অসম সেই আশংকাই নিশ্চিতভাৱে অসমৰ ৰাইজক আগুৰি ধৰিছে। ভূমিকম্পৰ আগজাননী কোনো দিব নোৱাৰে। কিন্তু প্ৰকৃতিয়ে ভূমিকম্পৰ আগত কিছু অস্বাভাৱিক আচৰণ কৰে। সেয়া কোনেও নুই কৰিব নোৱাৰে।