/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Drupad-Borgohain-speciall.jpg)
মৃদুল কুমাৰ সন্দিকৈ
: কেনে আছে আপুনি? এতিয়া গাটো অলপ ভাল পাইছেনে?-তেখেতৰ খবৰ লৈছিলো এনেকৈয়ে। কোনেনো ৰাখিছে আজি তেওঁৰ খবৰ। ব্যস্ত মানুহ, চকুৰ আঁৰ হ'লেই মানুহে পাহৰি যায় গুণীজনক, মানুহক!
: এতিয়া ঠিকেই। কিছু সময়ৰ আগতে ডায়লেচিছ আৰু কেম' লৈ ঘৰ সোমাইছোহি।– তেখেতৰ কণ্ঠত নাছিল ভাড়তা। সেই চিনাকি কণ্ঠস্বৰ। স্বাস্থ্য ক্ৰমশঃ দুৰ্বল হৈছে। মাতটো একেই আছে। পূৰ্বৰ দৰেই গহীন আৰু স্পষ্ট উচ্চাৰণ।
: কেম' ল'ব লগাও হৈছে…
: হয়। কি ক'ব…
: এতিয়া চাগৈ আপুনি জিৰণি ল'ব। অসুবিধা নিদিও, আপুনি বিশ্ৰাম লওঁক।
: ল'ম।
: বাকী বেলেগ একো সমস্যা নাই নহয়? আৰ্থিক জটিলতাবোৰ দূৰ হৈছেনে?
: সেইবোৰ এতিয়া সমাধান হৈছে। এই পেঞ্চনৰ টকা কেইটা পাওঁ নহয়। শুভাকাংশী দুই এজনেও সহায় কৰিছে।
: সপ্তাহত দুবাৰকৈ চাগৈ ডায়ল'চিছ কৰিব লাগে?
: দুবাৰকৈ কৰো।
তেখেতক বিশ্ৰাম ল'বলৈ কৈ ফোনটো কাটি দিলো। খবৰ আমি তেখেতৰ পাইছিলো। কেইবাবাৰো খবৰ ল'বলৈ চেষ্টা কৰিছিলো। শুনিছিলো তেখেত গুৰুতৰভাৱে অসুস্থ। আৰ্থিক অনাটনৰ সন্মুখীন হৈছে চিকিৎসাৰ বাবে। মাটি বিক্ৰী কৰি চিকিৎসাৰ ধন গোটাইছে বুলিও শুনিছিলো। এইবোৰ কথা তেখেতক নুসুধিলো।
এক নিকা ভাবমূৰ্তি আৰু ব্যক্তিত্বৰ অধিকাৰী তেওঁ। ৰাজনীতি কেৱল ধুৰন্ধৰ আশ্ৰয়স্থল বুলি লৈ অহা ধাৰণা মিছা বুলি ভাবিবলৈ তেওঁৰ নামটোৱেই যথেষ্ট। প্ৰায় ৫ দশক জুৰি ৰাজনীতিত তেওঁ সক্ৰিয় হৈ আছিল। ক্ষমতাৰ পিছত কোনো দিনেই তেওঁ দৌৰা নাছিল। অসমৰ ৰাজনীতিত তেওঁ এক স্থিতপ্ৰজ্ঞ। ৰাজনৈতিক দৃষ্টিকোনেৰে তেওঁৰ ভৰ তথাকথিত বহু ৰাজনৈতিক নেতাতকৈ ওপৰত।
১৯৪৭চনৰ ৭ নবেম্বৰত জন্ম হৈছিল এইগৰাকী ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিবিদৰ। শিৱসাগৰৰ মাদুৰী গাঁৱত তেখেতৰ জন্ম। পিতৃৰ নাম আছিল মানিক বৰগোঁহাই। মাতৃৰ নাম ৰূপেশ্বৰী বৰগোঁহাই। নাজিৰা হাইস্কুল আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি তেখেতে যোগ দিছিল এখন বিদ্যালয়ত।
১৯৬০-৬১চনলৈ মাদুৰী বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিল। তাৰ পাছত চকীমুখ মধ্য ইংৰাজী বিদ্যালয়ত যোগ দিছিল তেওঁ। ১৯৬৩চনলৈ বাওঁপন্থী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ যোগ দিছিল এ আই ৱাই এফত। সেই বাওঁ ছাত্ৰ সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক হৈছিল।
১৯৮২চন। ৰাজ্যৰ ৰাজনীতি তেতিয়া গৰম। শিক্ষক পদৰ পৰা অব্যাহতি ল'লে। প্ৰত্যেক্ষ ৰাজনীতিত ভৰি থ'লে থুলন্ত যুৱকজনে। এখন চাইকেল লৈ তেওঁ ঘূৰি ফুৰে। মানুহে তেওঁক ভাল পায়। গৰ্ব-অহংকাৰ তেওঁৰ জীৱনৰ অভিধানত নাই। ৮৩'ৰ নিৰ্বাচনত তেওঁ নাজিৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই নিৰ্বাচনত তেওঁৰ প্ৰতিপক্ষ আছিল হিতেশ্বৰ শইকীয়া। ভোটৰ যুদ্ধ হাৰি দ্বিতীয় স্থানত আছিল।
এইগৰাকী ৰাজনীতিবিদৰে স্বাস্থ্য অৱস্থা এতিয়া বেয়া। ডায়বেটিছত আক্ৰান্ত হৈ দুয়োটা বৃক্ক বিকল হ'ল। ৭৮ বছৰীয়া প্ৰবীন ৰাজনীতিবিদ গৰাকীৰ এতিয়া নাই কোনো ৰাজহুৱা জীৱন। দেহাই নাটানে। সপ্তাহত দুদিন, মঙলবাৰ আৰু শুকুৰবাৰে পুৱাই ওলাই যায় ডিব্ৰুগড় আদিত্য নাৰ্ছিংহোমলৈ। দুদিনকৈ ডায়লেচিছ কৰিব লাগে এতিয়া…।
১৯৯৮চনত তেওঁ অসমৰ পৰা নিৰ্বাচিত হৈছিল ৰাজ্যসভালৈ। ৬ বছৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০৪চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১লাখ ৭১হাজাৰ ৩৩২টা ভোট পাইছিল। কিন্তু দ্বিতীয় স্থানতহে আছিল। জয়ী হ'ব নোৱাৰিলে।
জিকিবৰ বাবে তেওঁ ভিতৰুৱা ৰাজনীতি কৰিব নাজানে। ভোটাৰক আকৰ্ষিত কৰিবলৈ সূতা-কম্বল বা ধন বিলাবলৈ তেওঁৰ সাধ্য বা মনে নকয়। যি ভোট তেওঁ লাভ কৰে, সেয়া এজন সৎ ৰাজনৈতিক নেতাক মনে প্ৰাণে দিয়া ৰাইজৰ সমৰ্থন আছিল।
ৰাজনীতি তথা সামাজিক জীৱনত তেওঁৰ সততাই আছিল মূলধন। প্ৰাচুৰ্যতা তেওঁৰ জীৱনলৈ কেতিয়াও নাহিল। আজিৰ মন্ত্ৰী-বিধায়ক বা সাংসদৰ দৰে তেওঁৰ ধন ঘটাও লক্ষ্য নাছিল কোনো দিনে।
তেখেতৰ এতিয়া বিচনা খনেই শেষ আশ্ৰয়। বেছি দেৰি থিয় হৈ থাকিব নোৱাৰে। দুৰ্বল শৰীৰ। এদিন এই মানুহজনেই হৈ পৰিছিল দুৰ্দান্ত বিৰোধী। চৰকাৰৰ বৰ ঘৰ কঁপাই গৰ্জি উঠিছিল। তেওঁৰ মাত আৰু দৃষ্টিত আজিও আছে সেই দৃঢ়তা। অলসভাৱে তেওঁ বিচনাত পৰি চিন্তা কৰে। সক্ৰিয় জীৱনৰ ব্যস্ততাৰে ভৰা দিনবোৰৰ কথা মনত পেলায়। বয়স আৰু বেমাৰ একেলগে বাঢ়িছে। কেতিয়াবা ক'ৰবাত ধৰা পৰি যায় ধৰা দিব নিবিচৰা তেখেতৰ অসহয়তা। সততাইতো বেমাৰ ভাল নকৰে। নিকা ভাবমূৰ্তিৰে ঘৰ নচলে…।
সেইবোৰ চিন্তা ক্ষন্তেকৰ। পুনৰ সেই আগৰ খামীডাঠ মানুহজন হৈ পৰে। কাৰোৱে ওচৰত হাত নাপাতে। পৰিয়ালেহে জানে ক'ৰ পৰা টানি-আজুৰি চলাই আছে তেওঁৰ চিকিৎসা। ২০০৬চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত তেওঁ নাজিৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ তেওঁ পৰাস্ত নহ'ল। ৩৭,৬২৩টা ভোট লাভ কৰি প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পত্নী তথা মন্ত্ৰী হেমপ্ৰভা শইকীয়াক পৰাস্ত কৰিলে।
২০০৯চনৰ লোকসভা নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে। দলে বিচাৰিছিল তেওঁক। দলৰ নামত কেতিয়াবা ভোট নাহে। প্ৰাৰ্থীৰ ব্যক্তিত্বইও আকৰ্ষিত কৰে ভোটাৰক। সেইবাৰ ৭৪,১৮৫টা ভোট লাভেৰে তেওঁ আছিল তৃতীয় স্থানত। লোকসভালৈ তেওঁৰ যোৱা নহ'ল। সময়বোৰ পাৰ হ'ল। আনৰ খবৰ লৈ ফুৰা মানুহজনৰহে খবৰ ল'ব লগা হ'ল শুভাকাংশীয়ে।
তাৰ পাছত এদিন-দুদিনকৈ সময় বাগৰিল। মানুহৰ মাজত থকা মানুহজন চাৰিবেৰৰ মাজত ৰৈ গ'ল। নিষ্ঠা-সততাৰ ৰাজনীতিত এটা উদাহৰণ হৈ মানুহজন হেৰাই গ'ল। সমাজৰ কথা ভবা, ৰাইজৰ হৈ মাত মতা এই প্ৰবীন ৰাজনীতিবিদজনৰ যাত্ৰাপথ চিকিৎসালয় আৰু ঘৰহে হ'ল।
এদিন এইজন নেতাই সাংসদ হিচাপে জয়ী হোৱাৰ পাছতো লোৱা নাছিল নিৰাপত্তাৰক্ষী। সাংসদ পুঁজিৰ আটাইতকৈ বেছি ধন ব্যৱহাৰ কৰিছিল তেওঁৱেই। মতাদৰ্শৰ সৈতে কোনো দিনেই তেওঁ আপোচ কৰা নাছিল। দলীয় ৰাজনীতিৰে তেওঁৰ ব্যক্তিত্বক একাকাৰ কৰিব নোৱাৰি।
ৰুচিশীল আৰু সুস্থ গণতন্ত্ৰৰ তেওঁ অন্যতম প্ৰতিনিধি। সেয়ে আজি তেওঁৰ অসুস্থতাৰ খবৰক লৈ কাৰো উৎসুকতা নাই। আৰ্থিক দুৰাৱস্থাৰ কথা কৈ তেওঁ কাৰো পৰা অনুকম্পা নিবিচাৰে। তেওঁ বিচাৰে ৰাইজৰ আশীৰ্বাদ। সেই সৰলতা আৰু সাধাৰণ জীৱনবোধৰ মাজতে বহু প্ৰত্যাহ্বান নেওচি জীৱনৰে যুঁজিছে বিশিষ্ট বাওঁপন্থী নেতাগৰাকীয়ে।
এদিন চি পি আইৰ অসম ৰাজ্যিকৰ নেতৃত্বও বহন কৰা প্ৰবীন ৰাজনীতিবিদ দ্ৰুপদ বৰগোঁহাই যে গুৰুতৰভাৱে অসুস্থ সেই খবৰ ৰাখিছে বা কোনে? হয়তো খবৰ ৰখোৱা নাই একালৰ তেখেতৰ সহকৰ্মীয়ে। সাধাৰণ মানুহৰ সাধাৰণ জীৱন। তেওঁৰ অৰাজনৈতিক মূল্যবোধৰ প্ৰমূল্যত নাই প্ৰাচুৰ্যৰ মূল্য।
সংগ্ৰাম কৰিব, তথাপিও হাত নাপাতে কাৰোৱে ওচৰত। এই ৰাজনীতিৰ মূল্যবোধৰ জীৱন ধৰি ৰখা দ্ৰুপদ বৰগোহাঁইৰ কাষত বিপদৰ সময়ত থিয় দিবলৈ আছেনে কোনোবা? যি সকলে বুজি পায় চিকিৎসাৰ বাবেই এতিয়া তেখেতক লাগে ধন। এদিন তেওঁ পুৱাই ওলাই গৈছিল সভালৈ। এতিয়া তেওঁ কাৰোবাৰ সহায় লৈ ওলাই যাব লাগে চিকিৎসালয়লৈ। ৰাখিছে কোনে এতিয়া এসময়ৰ এই সক্ৰিয় ৰাজনীতিবিদগৰাকীৰ খবৰ?