ৰংচঙীয়া বিদেশৰ চাকৰি, ভিতৰখন নাযাবা পাহৰি…

ৰংচঙীয়া বিদেশৰ চাকৰি, ভিতৰখন নাযাবা পাহৰি…

author-image
asomiyapratidin
New Update
ৰংচঙীয়া বিদেশৰ চাকৰি, ভিতৰখন নাযাবা পাহৰি…

বিদেশৰ চাকৰি বুলি ক'লেই সকলোৰে মনলৈ আহে ভাল দৰমহা, বিলাসী জীৱন…। পিছে সকলো সময়তে সেয়া সত্য নহয়। বিদেশৰ চাকৰিৰ প্ৰতি থকা সৰ্বসাধাৰণৰ এনে ধাৰণাক লৈয়ে একাংশ লোকে পাতি থৈছে প্ৰবঞ্চনাৰ জাল। এই জালত ভৰি থৈ বহুতেই বহু সময়ত দিক-বিদিক হেৰুৱালগীয়াত পৰিছে। কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰিলে আমাৰ দেশ বা ৰাজ্যৰ যুৱক-যুৱতীসকলেও কোনো জটিলতাত সোমাই নপৰাকৈ বিদেশত চাকৰি কৰি সুন্দৰ জীৱন কটাবলৈ সমৰ্থ হ'ব। পিছে সেই সাৱধানতাসমূহনো কি? বিদেশত চাকৰি কৰিব বিচৰা অসমীয়া যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে সবিশেষ বৰ্ণনা কৰিছে কাটাৰৰ এগৰাকী প্ৰতিষ্ঠিত প্ৰবাসী অসমীয়াই।

Advertisment

 ডা০ ভূপেন শইকীয়া

প্ৰবাসত চাকৰিৰ মৰীচিকা খেদি বহুজন সুবিধাবাদী প্ৰবঞ্চকৰ চিকাৰ হয়৷ অলপতে তেনে এজন লোকক 'কাটাৰ অসম সমাজে' উদ্ধাৰ কৰি মাতৃ ভূমিলৈ ঘূৰাই পঠালে৷ কোনো কাৰিকৰী শিক্ষাৰ ডিপ্লমা বা ডিগ্ৰী নথকাসকলে বিদেশত কেৱল বনোৱাৰ চাকৰিহে পাব৷ বিনিময়ত কৰিব লাগিব হাঁড়ভঙা পৰিশ্ৰম৷ নাপাই থকা-খোৱাৰ ভাল সুবিধা৷ এনে লোকক নিয়োগকৰ্তাসমূহে সামান্য অভাৰ টাইম ব'নাচ দিয়াৰ নামত বন্ধৰ দিনকেইটাতো কামত খটুৱায়৷

অৱশ্যে এওঁলোকক 'লেবাৰ' নোবুলে৷ পদটোক এটা মোহনীয় নাম (যেনে Assistant) দি লয়৷ মাহিলী দৰমহা ৭০০ বা ৮০০ ৰিয়াল, অভাৰটাইম মিলালে ১০০০বা সামান্য বেচি পায়৷ এক ৰিয়াল ভাৰতীয় ১৯ টকা, নেপালী ৩০ টকা আৰু বাংলাদেশী ২৩ টকাৰ সমান৷ এনে চাকৰিকে পাবলৈ ভাৰত, নেপাল, বাংলাদেশ আদি দেশৰ বহু যুৱকে মাটিবাৰী বিক্ৰী কৰি গোটোৱা ২-৩ লাখ টকা দালালৰ হাতত তুলি দিয়ে৷

এনে দালালসকলৰ একোটা আকৰ্ষণীয় পৰিচয় থাকে যেনে- প্লেচমেন্ট এজেঞ্চী, মেনপাৱাৰ কনচালটেন্সি৷ থাকে একোটা সুদৃশ্য অফিচ যাৰ বেৰসমূহ বিভিন্ন দেশৰ ৰঙীন ফটোৰে শুৱনি কৰা৷ এওঁলোকে কাষ চপা লোকসকলক ৰঙীণ সপোন দেখুৱায়৷ ৩-৪গুণ উচ্চ দৰমহাৰ কথা কয়। বাতানুকুলিত বাসভৱন, গাড়ী, কৰ্মস্থলৰ কথা কয়। লগতে বিনামূলীয়া আমিষ উন্নত খাদ্য আৰু বিনামূলীয়া চিকিৎসাৰ কথা কয়৷ ঘৰলৈ আহিবলৈ বিনামূলীয়া বিমানৰ টিকট দিয়াৰ কথাও কয়৷

থোৰতে কবলৈ হ'লে ধাৰণা দিয়া হয় চাকৰি কৰোতাই সমুদায় দৰমহা সঞ্চয় কৰিব পাৰিব৷ এতিয়া অসমৰ ঢেকীয়াজুলিৰ এজন অসমীয়া যুৱকৰ বিড়ম্বনাৰ কাহিনীলৈ ঘূৰি আহো৷ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা যুৱকজন মাক আৰু ভনীয়েকৰ সৈতে সৰু পৰিয়ালত থাকে৷ ঘৰৰ আৰ্থিক দৈন্যতা তৎকালে আতৰ কৰাৰ সপোন দেখা যুৱকজনে মুম্বাইৰ এটা এজেঞ্চীৰ সৈতে যোগাযোগ কৰিলে৷ ৮৫ হাজাৰ টকাৰ বিনিময়ত পালে কাটাৰৰ 'ৱৰ্ক ভিছা' আৰু ডোহালৈ যোৱাৰ টিকট৷ উল্লেখযোগ্য যে, গাল্ফ দেশত চাকৰি কৰিবলৈ প্ৰতিজন লোকৰ হাতত এনে ভিছা থাকিবই লাগিব৷ কাটাৰী 'ৱৰ্ক ভিছা'ৰ চৰকাৰী মাচুল ৩২০ ৰিয়াল৷ নিয়মটো হ'ল 'ৱৰ্ক ভিছা'লৈ দেশখনত প্ৰবেশ কৰাৰ পিছত চাকৰিৰ চুক্তিপত্ৰত নিয়োগকৰ্তা আৰু প্ৰাৰ্থীজনে স্বাক্ষৰ কৰাৰ পিছত তাত চৰকাৰৰ সন্মতিৰ মোহৰ লগোৱা হয়৷

সামন্তৰালভাবে 'ৰেছিডেন্ট ভিছা' পাবলৈ যাৱতীয় ব্যৱস্থাৱলী গ্ৰহণ কৰা হয়৷ স্বাস্থ্য পৰীক্ষা, আইৰিচ স্কেন, ফিংগাৰ প্ৰিন্ট সংৰক্ষণ আদিৰ পিছত সকলো ঠিক ওলালে ৰেছিডেন্ট ভিছা বা কাটাৰী আই ডি চাকৰিয়ালজনক দিয়া হয়৷ এই সকলো খৰচ নিয়োগকৰ্তাই বহন কৰে৷ এই বছৰৰ জুলাই মাহত জাৰি হোৱা ৱৰ্ক পাৰমিটত উল্লিখিত যুৱকজনৰ প্ৰফেচন উল্লেখ কৰা হৈছিল 'ইলেকট্ৰিচিয়ান' বুলি৷ ২ আগষ্টত তেওঁ আহি ডোহাৰ 'অল মোবাৰক চাৰ্ভিচেজ' কোম্পানীত উপস্থিত হ'লহি৷ শ্ৰীলংকান নিয়োগকৰ্তাই তেওঁক কাম দিলে 'অল মোকম্মল চাৰ্ভিচেজ' কোম্পানীত ৰিচেপশ্যন এডমিন হিচাবে৷ থাকিবলৈ কলে অফিচ ৰুমৰ এটা কোণত৷ পাকঘৰৰ কোনো ব্যৱস্থা নাই৷ দুসপ্তাহ কষ্টৰে দিন অতিবাহিত কৰিলে৷

ইতিমধ্যে তেওঁ এই কোম্পানীৰ দুই নম্বৰী সকলো কাণ্ড কাৰখানা বুজি উঠিছিল৷ পুলিচৰ পৰিদৰ্শনৰ আগতীয়া অনুমান পালেই অফিচৰ চাইনব'ৰ্ড ততালিকে বদলাই দিয়ে৷ কোম্পানীৰ ঘাই কাম হ'ল বাংলাদেশী লোক বিচাৰি আনি ইয়াত বিভিন্ন ঠাইত নিয়োগৰ ব্যৱস্থা কৰা৷ বাংলাদেশত (আৰু ভাৰততো) থকা এনে এজেঞ্চীৰ পৰা বুজন কমিচন সংগ্ৰহ কৰে৷ নিজৰ কোনো কৰ্মচাৰীক সময়মতে উচিত দৰমহা কেতিয়াও নিদিয়ে৷ চাকৰিৰ চুক্তিপত্ৰ আৰু ৰেচিডেন্ট ভিছা বনোৱাৰ একো উম ঘামেই নাই৷

ইয়াৰ বিপৰীতে সৎ নিয়োগকৰ্তাই নিজৰ কৰ্মচাৰীক কামত যোগদান কৰাৰ লগে লগে কিছু অগ্ৰিম ধন হাতত তুলি দিয়ে৷ এই সকলো জানি বুজি মন টেঙাই যোৱা এই অসমীয়া যুৱকজনে ঘৰলৈ ঘূৰি যাবলৈ মন মেলিলে আৰু ডোহা-মুম্বাই-গুৱাহাটীৰ বিমানৰ টিকটো কাটিলে৷ তাৰ পিছত শ্ৰীলংকান স্পনচৰক জনালে- মই কাইলৈ ঘৰলৈ যাম৷ মোৰ বৃদ্ধা মাৰ অসুখৰ খবৰ পাইছোঁ৷ এনে পৰিস্থিতিত অভ্যস্ত স্পনচৰে গহীনাই কলে- তুমি ৩হেজাৰ ৰিয়াল জমা কৰিলেহে কাইলৈ যাবলৈ অনুমতি পাবা৷ উল্লেখযোগ্য গাল্ফ দেশত যি কোনো কৰ্মচাৰীয়ে দেশৰ বাহিৰলৈ যাবলৈ হ'লে স্পনচৰৰ পৰা এক্সিট ভিছা ল'ব লাগিব৷ ইয়াৰ মাচুল হ'ল ১০ৰিয়াল৷

এনে সমস্যাত পৰাত যুৱকজনৰ হঠাৎ মনত পৰিল 'কাটাৰ অসম সমাজ'লৈ৷ ফেচবুকত জৰুৰী বাৰ্তা প'ষ্ট কৰিলে – মোৰ কাইলৈ নিশাৰ বিমানৰ অসমলৈ ঘূৰি যোৱাৰ টিকট লোৱা আছে৷ তিনি হাজাৰ ৰিয়াল মই দিলেহে মোক স্পনচৰে যাবলৈ অনুমতি দিব৷ গতিকে জৰুৰী সহায় লাগে৷ মোৰ ম'বাইল নম্বৰ হ'ল…৷ এই এছ অ' এছ বাৰ্তাটো নিমিষতে ভাইৰেল হ'ল৷ ডা০ প্ৰেমানন্দ গোস্বামীয়ে জনালে সভাপতি ৰজত গগৈক৷ গগৈয়ে জনালে মোক৷

মই ভুক্তভোগী যুৱকৰ লগত ম'বাইলত কথাখিনি আলোচনা কৰি ভালদৰে পৰিস্থিতিটো বুজি ল'লোঁ৷ এই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰে কাটাৰী লেবাৰ ক'ৰ্ট, ভাৰতীয় দূতাবাস আৰু পুলিচ প্ৰশাসনে৷ কিন্তু হাতত সময় মাত্ৰ নিশাটো আৰু এটা দিন৷ সন্মুখত ঈদৰ সপ্তাহযোৰা চৰকাৰী বন্ধ৷ গতিকে আইনৰ সহায়ত ইমান ততালিকে বিষয়টো নিষ্পত্তি নহ'ব৷ সভাপতি গগৈয়ে নিশা এঘাৰটা বজাতেই ম'বাইলত কাটাৰ অসম সমাজৰ সক্ৰিয় সদস্য জগন্নাথ মহন্ত, শুভ্ৰ বৰা, হিফজুৰ ৰহমান, আব্দুল্লা চৌধুৰী আদিৰ লগত আলোচনা কৰি এটি সিদ্ধান্ত ল'লে৷ সেইটো হ'ল – যি কোনো প্ৰকাৰেই নহওঁক কিয় এই বিপদত পৰা অসমীয়া যুৱকজনক উদ্ধাৰ কৰিবই লাগিব৷ দৰকাৰ হলে ৩হেজাৰ ৰিয়াল কাটাৰ অসম সমাজেই ভৰিব৷

সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ পিছদিনা আগবেলা ১১বজাত এটি তিনিজনীয়া দল গৈ যুৱকজনৰ অফিচত উপস্থিত হ'ল৷ কোম্পানীৰ মেনেজাৰ ওৰফে পি আৰ অ'ই অহাৰ উদ্দেশ্য সুধিলে৷ আমাৰ সদস্য এজনে তেওঁক জনালে- কোম্পানীয়ে এক্সিত ভিছা নিদিলে আমি ভাৰতীয় দূতাবাস আৰু পুলিচৰ কাষলৈ যাম৷ ফোনযোগে শ্ৰীলংকান স্পনচৰে বিয়লি ৪বজাত সাক্ষাতৰ বাবে সময় দিলে৷ তেওঁ তেতিয়ালৈকে নিজৰ দাবীত অটলহৈ গুজৰিয়ে আছিল৷

এনেদৰে ধন দাবী কৰাতো কেবল অনৈতিকেই নহয় আইন বিৰুদ্ধ কথা৷ কিন্তু বহুতো দূৰ্ভগীয়াই আইনৰ কাষ চপাতকৈ যি পাৰি ধন দি ওলাই যাব পাৰিলেই ৰক্ষা বুলি ভাবে৷ অফিচলৈ আহিয়েই আমাৰ দলটোক দেখি স্পনচৰজন কিছু সচকিত হ'ল৷ তথাপিও ৰাজা বসুমতাৰী আৰু মেনেজাৰক নিজৰ কেবিনলৈ মাতি পঠালে৷ ৰাজাৰ ওপৰত খঙো জাৰিলে৷ মেনেজাৰে তেওঁক জনালে ৰাজাৰ অসম ছ'চাইটিৰ মানুহ আহিছে ওজৰ আপত্তিলৈ৷ কথাষাৰে মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে ক্ৰিয়া কৰিলে৷ শ্ৰীলংকান স্পনচৰজনৰ মুখমণ্ডল একেবাৰে লেৰেলা বেঙেনাৰ দৰে জয় পৰিল৷ মেলেৰিয়া জ্বৰত কুইনাইনে কামৰ কৰাৰ দৰে সেই এপালি দৰবেই কাম দিলে৷

ততালিকে অনলাইন পেমেন্ট জমা কৰি অফিচৰ প্ৰিন্টাৰৰ পৰাই এক্সিত ভিছা প্ৰিন্ট কৰি যুৱকজনৰ হাতত হাতত তুলি দিলে৷ তেতিয়াহে যুৱক ৰাজা বসুমতাৰীৰ মুখলৈ পানী আহিল৷ আমাৰ দলটোৱে গাড়ীৰে বিয়লি ৬বজাত হামাড ইন্টাৰনেশ্যনেল এয়াৰপ'ৰ্টত নমাই থৈ নিজ নিজ কৰ্মস্থলীলৈ ঘূৰি গ'ল৷ ৰাজাই পিছদিনা দুপৰীয়া সুকলমে ঢেকীয়াজুলিৰ ঘৰ পালেগৈ বুলি আমালৈ বাৰ্তা পঠাইছে৷

কাটাৰত আহিয়েই ৰাজা বসুমতাৰীয়ে সহায়ৰ বাবে আমাক আবেদন জনোৱা হ'লে হয়তো তেওঁ আজি চাকৰি এৰি যাবলগীয়া নহ'লহেতেন৷ উল্লেখযোগ্য যে বিগত বছৰতো কাটাৰ অসম সমাজে এজন অসমীয়া যুৱকক আইনী মেৰপেছৰ পৰা উদ্ধাৰ কৰি মাতৃভূমিলৈ ঘূৰাই পঠাইছিল৷ আহক, আমি প্ৰবাসতো সকলো অসমীয়াই একেলগে সুখী হৈ থাকো৷