/asomiyapratidin/media/media_files/2025/07/09/eviction-2025-07-09-20-57-57.jpeg)
তুষাৰ প্ৰতিম
বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। ৩৫০০ বিঘা ভূমিত চলা এই উচ্ছেদ অভিযানক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান বুলি আখ্যা দিয়া হৈছে। সাধাৰণ দৃষ্টিত উচ্ছেদৰ পিছৰ দৃশ্য যে অতি কৰুণ সেয়া হৃদয়ৱান প্ৰতিজন লোকেই স্বীকাৰ কৰিব।
কেৱল বিলাসীপাৰাৰ উচ্ছেদ অভিযানেই নহয়, শিলসাঁকোৰ জনজাতীয় খিলঞ্জীয়া লোকৰ ওপৰত চলা উচ্ছেদ, উচ্ছেদৰ নামত লখিমপুৰৰ সেই সেউজীয়া কঠিয়া ডৰাৰ ওপৰত চলা বুলডোজাৰ এই সকলো দৃশ্যই কৰুণ। কিন্তু এই কথাও সত্য যে এই প্ৰতিটো উচ্ছেদৰে আঁৰৰ কাৰণ কিন্তু পৃথক।
সেই কাৰণ যিয়েই নহওঁক কিয়, তাৰ পৰা সেই উচ্ছেদিত যিদৰে মুহূৰ্ততে গৃহহীন হয় ঠিক সেইদৰেই ৰাজনৈতিক দল, নেতাৰ নতুন ৰাজনীতিৰ অংক আৰম্ভ হয়। তাৰ মাজতে কিছুমান উচ্ছেদৰ আঁৰত থাকে শাসকক বিপদত পেলাব পৰা কোনো চৰ্চিত বিষয়ৰ পৰা জনসাধাৰণৰ দৃষ্টি দূৰ কৰাৰ কৌশল।
শিলসাঁকোৰ উচ্ছেদৰ কাৰণ হিচাপে শাসক পক্ষই দাবী কৰিছিল গুৱাহাটীক বানমুক্ত কৰা। গুৱাহাটীৰ জলাশয় বিল আদিক বেদখলমুক্ত কৰাৰ এই প্ৰচেষ্টা যদিও আদৰণীয় আছিল তাত নাছিল পিছে শাসক পক্ষৰ আন্তৰিকতা !
যদি সঁচাই গুৱাহাটীক বানমুক্ত কৰাৰ বাবে শাসক পক্ষৰ আন্তৰিকতা থাকিল হয় তেন্তে শিলসাঁকোৰ দৰেই বুন্দাজানতো চলিল হয় উচ্ছেদ। ভাঙি পৰিল হয় কোনোবা বহুবল্কী মন্ত্ৰীৰ পিতৃৰ নামেৰে বুন্দাজান বেদখলেৰে নিৰ্মাণ কৰা বুলি অভিযোগ উঠা পথ।
উচ্ছেদ হ'ল হয় দীপৰ বিলত হোৱা বেদখল, জলাশয়সমূহৰ লগতে ভৰলুক ঠেক কৰি নিৰ্মাণ কৰা অট্টালিকাতো। শিলসাঁকোত পুঁজিপতিৰ হোৱাৰ বাবেই জিঞ্জাৰ হোটেলৰ দৰে প্ৰতিষ্ঠানক যিদৰে হোটেল স্থানান্তৰৰ সুযোগ, সুবিধা শাসক পক্ষই দিলে সেইদৰে খিলঞ্জীয়া লোকসকলে কিন্তু নাপালে।
লখিমপুৰত গ্ৰেজিং ভূমিতো সৌ সিদিনা প্ৰশাসনে উচ্ছেদ চলালে। থলুৱা অসমীয়া কৃষকক কঠিয়া ডৰাও তুলি নিবৰ বাবে পৰ্যাপ্ত সুবিধা নিদিলে। জানিব পৰা মতে চৰ্চিত গুণগুণ নামৰ যুৱতীগৰাকীৰ কঠিয়া ডৰাত আছিল থলুৱা জহা, বৰা, ক'লা ধানৰ কঠিয়া। এনেবোৰ ধানৰ খেতি আজিৰ তাৰিখত কিমান অসমীয়াই কৰে সেয়াও ডাঙৰ প্ৰশ্ন।
লখিমপুৰৰ সেই গ্ৰেজিং ভূমিত এই উচ্ছেদ অভিযান এনে এক সময়ত চলিল যিসময়ত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালৰ প্ৰতিষ্ঠান জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ৰঙিয়াত অতি কমেও ৮৫ বিঘা গ্ৰেজিং বা জলাহ ভূমি বেদখল কৰি ৰখাৰ মুকলি অভিযোগ উত্থাপন হৈছে।
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অধীনৰ পাণ্ডুৰি মৌজাৰ কুমতিবাৰী ৰাজহ গাঁৱত মন্ত্রী মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা মালিকানাধীন প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাতি প্রায় ৪০ বিঘা ম্যাদী মাটি ক্ৰয় কৰাৰ লগতে ৮৫ বিঘা জলাহ ভূমি বেদখল কৰি মুঠ ১২৫ বিঘা মাটিত বিশাল ফার্ম নির্মাণ কৰাৰ অভিযোগ উত্থাপনেৰে অসমৰ ৰাজনীতি গৰম হৈ আছিল। তাৰোপৰি আছিল বৰুৱাৰ বিৰুদ্ধে গীৰ গাই কেলেংকাৰীকে ধৰি একাধিক অভিযোগ।
লখিমপুৰত প্ৰশাসনে যিদৰে গ্ৰেজিং ভূমি বেদখল কৰাৰ অভিযোগেৰে উচ্ছেদ চলালে সেই একেদৰেই কিন্তু মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা এই পৰ্যন্ত প্ৰত্যক্ষ হোৱা নাই। সমান্তৰালকৈ বি টি এ ডিৰ পৰ্বতঝোৰাতো উচ্ছেদক লৈ উত্তেজনা অব্যাহত আছে।
পৰ্বতঝোৰাৰা খিলঞ্জীয়া বড়ো, ৰাভাৰ উপৰিও আদিবাসী জনগোষ্ঠীৰ ভূমি চৰকাৰে আদানী গ্ৰুপক গতাই দিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছে। ডিমা হাচাও জিলাতো আদানীক ভূমি দিয়াৰ নামত মাজে মধ্যে প্ৰতিবাদ অব্যাহত আছে।
বিলাসীপাৰাৰ উচ্ছেদৰো মূল কাৰণ বেদখল নহয়। এই উচ্ছেদৰ যে মূল কাৰণ আদনী গ্ৰুপৰ তাপ বিদ্যুৎ প্ৰকল্প সেয়া স্পষ্ট হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত ৩৫০০০ বিঘা ভূমিত আদানী গ্ৰুপে নিৰ্মাণ কৰিব তাপ বিদ্যুৎ প্ৰকল্প।
ইয়াৰ ১৩০০ পৰিয়ালৰ ১২০০০ তকৈ অধিক লোকক উচ্ছেদ কৰা হৈছে। এফালৰ পৰা প্ৰশাসনে ভাঙি পেলালে ঘৰ, মছজিদ, ঈদগাহ, মাদ্ৰাছা।
উচ্ছেদ চলা এই ভূমিত ৪০,০০০ কোটি টকা ব্যয় সাপেক্ষে আদানী গ্ৰুপে নিৰ্মাণ কৰিব তাপ বিদ্যুৎ প্ৰকল্প। যোৱা ২২ এপ্ৰিলতে এই ভূমি পৰ্যবেক্ষণ কৰি গৈছে গৌতম আদানীৰ পুত্ৰ জিৎ আদানীৰ নেতৃত্বত এটা ১৩ জনীয়া দলে।
উচ্ছেদৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো দুবাৰকৈ এই স্থান ভ্ৰমণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কোৱা মতে চৰকাৰী ভাৱে এই লোকসকলক উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল।
কিন্তু উচ্ছেদিতই অভিযোগ কৰা মতে তেওঁলোকক কোনো জাননী দিয়া হোৱা নাছিল। কেৱল ৪ জুলাইত প্ৰশাসনে মাইক যোগে তেওঁলোকক চৰকাৰী মাটি এৰি দিবলৈ ঘোষণা কৰিছিল।
এই ভূমিত লোকসকলে অবৈধভাৱে দখল কৰি বসতিস্থাপন কৰি আহিছিল। অভিযোগ অনুসৰি ইয়াৰে ৩০০ বিঘা ম্যাদী পট্টাৰ ভূমি আৰু ১০০ বিঘা জিলা প্ৰশাসনে আৱণ্টন দিয়া ভূমি।
এই উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদিতই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থও হৈছিল। ন্যায়ালয়ে ৩ বাৰকৈ এই উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছিল। কিন্তু চৰকাৰী যন্ত্ৰই চলোৱা আতংকৰ বাবেই এই ভূমিত বাস কৰি থকা অধিকাংশ লোকেই উচ্ছেদৰ পূৰ্বে ঘৰ-দুৱাৰ ভাঙি লৈ যোৱা বুলি অভিযোগ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
সেয়া যিয়েই নহওঁক এইযে উচ্ছেদবোৰ চলিছে ইয়াৰ আঁৰতো কিন্তু আছে বহু অংক। চাপৰৰ এই মানুহখিনিক সন্দেহজনক বাংলাদেশী আখ্যা দিয়া হৈছে। কিন্তু প্ৰশ্ন হ'ল সন্দেহযুক্ত এই শব্দটো প্ৰয়োগ কৰিয়েই আৰু কিমান উচ্ছেদ চলাব চৰকাৰ প্ৰশাসনে?
কাজিৰঙা বেদখল কৰা সন্দেহজনক বাংলাদেশীসকলক পিছত কিয় ক্ষতিপূৰণৰ সৈতে ভূমি আবণ্টন দিবলগীয়া হৈছিল চৰকাৰে? গৰুখুঁটিত যি উচ্ছেদ চলিছিল সেই উচ্ছেদৰ পিছতো সেই সন্দেহজনক লোকসকলক কিয় সংস্থাপিত কৰা হ'ল চৰকাৰী ভাৱে?
কিয় তেওঁলোকক ক্ষতিপূৰণৰ সৈতে ভূমিৰ আৱণ্টন দিয়া হ'ল? সেই ক্ষতিপূৰণ সাধাৰণ জনতাই আদাই দিয়া কৰ-কাতলৰ পৰা দিয়া নাছিল নে? যদি তেওঁলোক বাংলাদেশী নাছিল তেন্তে সেই বেদখলকৃত ভূমিৰ পৰা শান্তিপূৰ্ণেভাৱে উচ্ছেদ কৰাৰ পূৰ্ণ সুযোগ আছিল।
তেনে কৰা হ'লে নিশ্চয়কৈ দুজন লোকৰ প্ৰাণ নগ'ল হেতেন গৰুখুঁটিত! সংখ্যালঘুৰ পিছফালে সন্দেহযুক্ত শব্দ প্ৰয়োগ কৰি আৰু কিমান দিনলৈ চলিব ৰাজনীতি? বিলাসীপাৰাৰ বেদখলকৃত ভূমি উচ্ছেদ হৈছে ঠিকেই আছে। কিন্তু তাৰ নামত চলা ৰাজনীতি কিমান গ্ৰহণযোগ্য?
এফালে শাসকীয় গেৰুৱা চৰকাৰে এই উচ্ছেদৰ জৰিয়তে ২০২৬ ৰ ৰাজনীতিৰ অংকত লিপ্ত হোৱাৰ দৰেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও এই সুযোগক ৰাজনৈতিক স্বাৰ্থতেই ব্যৱহাৰ কৰা নাইনে? কংগ্ৰেছ, এ আই ইউ ডি এফৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা সংখ্যালঘুৰ মাজত হ্ৰাস পোৱাত তেওঁলোকৰ বিকল্প হিচাপে অখিল গগৈয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা নাই নে?
পূৰ্বে সংখ্যালঘু এলেকাত উচ্ছেদ হ'লে কংগ্ৰেছ দল যিদৰে সৰৱ হয়, এইবাৰ চাপৰৰ উচ্ছেদৰ সময়ত সেইদৰে সৰৱ হোৱা নাই। এয়াও কংগ্ৰেছৰ এক ৰাজনৈতিক অংক।
২০২৬ চনৰ পূৰ্বে এই উচ্ছেদক লৈ সৰৱ হ'লে কংগ্ৰেছ যে হিন্দু বসতি প্ৰধান অঞ্চলত বিপদত পৰিব সেই কথা ভালকৈয়ে বুজি পাই সভাপতি গৌৰৱ গগৈয়ে। সংখ্যালঘু এলেকাত যে কংগ্ৰেঠৰ পূৰ্বৰ জনপ্ৰিয়তা নাই সেয়াও সহজেই বুজি পাইছে তেওঁ।
সংখ্যালঘুক লৈ চলি থকা এই ৰাজনীতি ইমান সহজেই যে বন্ধ নহয় সেয়া নিশ্চিত। সংখ্যালঘুক লৈ চলি অহা ৰাজনীতি আজিৰ নতুন কথা নহয়। এই লেতেৰা ৰাজনীতি আগন্তুক সময়তো যে অব্যাহত থাকিব সেয়া অসমৰ ভৌগলিক অৱস্থান, জনগাঁথনি আদিয়েই নিশ্চিত কৰে।
কিন্তু অবৈধ সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ চলাবৰ বাবেই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে খিলঞ্জীয়া লোকেও কিছু ত্যাগ কৰিব লাগিব- সেই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ এই চৰকাৰেই অন্যতম প্ৰতিশ্ৰুতি আছিল।
ভূমিৰ অধিকাৰ দিয়াৰ পৰিবৰ্তে ঠায়ে ঠায়ে পুঁজিপতিক ভূমি গতাই দিয়াৰ নামত যিদৰে খিলঞ্জীয়াৰ ওপৰত বুলডোজাৰ চলিছে সেয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। বেদখলকৃত চৰকাৰী ভূমি উচ্ছেদ কৰক। যদি গুণগুণে গ্ৰেজিং ভূমিত পৰা কঠিয়া দৰাত বুলডোজাৰ চলে তেন্তে অভিযোগ উঠাৰ দৰেই মন্ত্ৰীয়ে গ্ৰেজিং ভূমি দখল কৰি নিৰ্মাণ কৰা ফাৰ্মতো উচ্ছেদ চলক।
সংখ্যালঘু অঞ্চলৰ বেদখল ভূমিতো উচ্ছেদ কৰক। কিন্তু সেই উচ্ছেদিতসকল কলৈ যাব সেয়াও নিশ্চিত কৰক। আন ক'ৰবাত আকৌ বেদখল কৰিব নে চৰকাৰে সংস্থাপিত কৰিব? যদি চৰকাৰে সংস্থাপিত কৰে তেন্তে সন্দেহজনক বাংলাদেশী শব্দ প্ৰয়োগেৰে ৰাজনৈতিক মুনাফা আদায়ৰ অংক বন্ধ কৰক।