দৌলযাত্ৰা উপলক্ষে বটদ্ৰৱা থানত বিশেষ নিয়মাৱলীঃ জিলা আয়ুক্তৰ গুৰুত্বপূর্ণ জাননী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অনুসৰি মহা আড়ম্বৰপূৰ্ণভাৱে অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ দৌলযাত্ৰা মহোৎসৱ অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
grtgrrtrfdfdfdf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অনুসৰি মহা আড়ম্বৰপূৰ্ণভাৱে অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ দৌলযাত্ৰা মহোৎসৱ অনুষ্ঠিত হ'ব। এই দৌলযাত্ৰা মহোৎসৱ উপলক্ষে শ্রীশ্রী বটদ্রৱা থান এলেকাত পালন কৰিবলগীয়া নিয়মাবলী সন্দৰ্ভত আজি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক জাননী জাৰি কৰে।

সেই মৰ্মে  দৌল উৎসৱ উপলক্ষে বটদ্রৱা থান এলেকাত স্থাপিত স্থায়ী-অস্থায়ী হোটেল, ৰেষ্টুৰেন্ট সমূহত কেৱল নিৰামিষ আহাৰহে ব্যৱস্থা কৰিব পাৰিব। এই প্রসঙ্গত স্থাপিত দোকান-বজাৰসমূহ (ব্যক্তিগত ভূমিৰ) মূলপথৰ পৰা ৫ ফুট আঁতৰতহে স্থাপন কৰিব পাৰিব।

একেদৰে, বটদ্রৱা থান এলেকাত কোনো ব্যৱসায়ী প্রতিষ্ঠানে অতি উচ্চস্বৰৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। জৰুৰীকালীন, অত্যাৱশ্যকীয় আৰু প্রশাসনিক সেৱাৰ লগত জড়িত যান-বাহনসমূহৰ বাহিৰে আন কোনো বাহন দৌল উৎসৱ উদযাপন সমিতিয়ে নির্ধাৰিত কৰি দিয়া স্থান পাৰ হৈ থান প্রাঙ্গণত প্রৱেশ কৰিব নোৱাৰিব।

লগতে, স্থায়ী/অস্থায়ী হোটেল, ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ ব্যৱসায়িকস্থানৰ চৌহদত স্বচ্ছতা বজাই ৰখাৰ লগতে পর্যাপ্ত পৰিমাণৰ শৌচালয়ৰ ব্যৱস্থা কৰিব লাগিব। স্থায়ী/অস্থায়ী ব্যৱসায়ী প্রতিষ্ঠানসমূহে তেওঁলোকৰ আবৰ্জনাসমূহ পেলাবৰ বাবে নিজাকৈ ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগিব। দৌলযাত্রা উপলক্ষে বটদ্রৱা শ্ৰীমন্ত শংকৰদেৱ আবির্ভাৱ ক্ষেত্ৰৰ ওচৰত কোনোধৰণৰ স্থায়ী বা অস্থায়ী দোকান-পোহাৰ স্থাপন কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে, দৌল উৎসৱৰ কালচোৱাত বটদ্ৰৱা থানৰ এক কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ কোনো স্থানতে মাদক দ্রব্য আদি বিক্রী তথা ব্যৱহাৰ কৰিব নোৱাৰিব। বটদ্রৱা থান, দৌল মন্দিৰ, আকাশীগঙ্গা প্রমুখ্যে বটদ্রৱা অঞ্চলৰ সকলোস্থানত নিচাযুক্ত সামগ্রী সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। জুৱাও সম্পূর্ণভাবে নিষিদ্ধ থাকিব।

WhatsApp Image 2026-02-26 at 7.14.28 PM

আনহাতে, ব্যৱসায়িক প্রতিষ্ঠানসমূহত পর্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা থকাটো বাধ্যতামূলক। সকলো ব্যৱসায়ীয়ে বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত বিভাগীয় নীতি অনুসৰি যাৱতীয় সাবধানতা তথা সতর্কতা গ্রহণ কৰিব লাগিব। জনসমাগম এলেকাত গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ উপৰিও জুই ধৰাৰ ক্ষেত্ৰত সতর্কতামূলক ব্যৱস্থা সংশ্লিষ্ট পক্ষই গ্রহণ কৰাটো বাঞ্চনীয়। সকলো ব্যৱসায়ী প্রতিষ্ঠানে অগ্নি নির্বাপনৰ আহিলা সাজু কৰি ৰাখিব লাগিব। দৌল উৎসৱ এলেকাত স্থাপিত স্থায়ী/অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰীসকলে তেওঁলোকৰ ব্যৱসায়ৰ সবিশেষ, পৰিচয় পত্র, ফটো, ফোন নম্বৰ আদি থান পৰিচালনা সমিতি জনাব লাগিব।

বটদ্ৰৱা