যি কথা ক’বলৈ সাহস কৰিছিল কেৱল জুবিনে...

বিষ্ণু প্ৰসাদ ৰাভাক তেওঁ প্ৰাণ ভৰি ভাল পাইছিল। চে গুৱেভাৰাক আদৰ্শ বুলি কৈছিল। প্ৰকৃত ছ’চিয়েলিষ্ট আছিল নে নাই সেয়া এক পৃথক বিষয়, কিন্তু তেওঁ ছ’চিয়েলিষ্ট বুলি দাবী কৰিছিল। 

author-image
Tushar Pratim
New Update
যি কথা ক’বলৈ সাহস কৰিছিল কেৱল জুবিনে...

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে স্তব্ধ হৈ পৰিছে অসম। চৰ্চা হৈছে জুবিনৰ গীত, কবিতা আৰু অকথিত বহু কাহিনী। কোনাবাই তেওঁৰ গান, চিনেমাৰ আঁৰৰ কথা কৈছে আন কোনোবাই আন কোনো স্মৃতি ৰোমন্থন কৰিছে। তাৰ মাজতেই বাৰে বাৰে মনলৈ আহিছে জুবিনৰ সেই দৃশ্য, য’ত হাতত মাইক্ৰ’ফোনটো তুলি লৈ তেওঁ হৈ পৰে অপ্ৰতিৰোধ্য। তেওঁ এফালৰ পৰা কৈ যায় কোনেও ক’বলৈ সাহস নকৰা সেই কথাবোৰ। যি কথাৰ বাবেই জুবিন- ‘জুবিন’ হৈ আছিল। তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

জুবিনৰ মৃত্যুত স্তব্ধ অসম। এটা বিনিদ্ৰ ৰাতি পাৰ কৰিলে অসমে। উৰে ৰাতি বাজি থাকিল জুবিনৰ গান। বাজি আছে এতিয়াও। কাকত, টিলেভিছনৰ চেনেলত কেৱল জুবিনৰ খবৰ। অসমৰে নহয়, দেশ, বিদেশৰো সংবাদ মাধ্যমত বাজিছে জুবিনৰ খবৰ। চৰ্চা হৈছে জুবিনৰ কাহিনী। 

মুম্বাইৰ বলিউডখনকে সকলো বুলি ভবাসকলে জুবিনৰ অবৰ্তমানত যিদৰে খবৰবোৰ প্ৰচাৰ হৈছে সেই খবৰ দেখি, শুনি উপলব্ধি কৰিছে জুবিন আচলতে কি? প্ৰতিষ্ঠিত হোৱাৰ পিছতো জীৱনৰ আধা বয়স ট্ৰেফিকতে যাব বুলি মুম্বাইৰ পৰা অসমলৈ ঘূৰি অহা জুবিনে নিজৰ ভাষা, সংস্কৃতিৰ বাবে গুৱাহাটীৰ দৰে এখন চহৰৰ পৰাই যি কৰিলে সেয়া আন কোনে কৰিব পাৰিছে?

জুবিনক লৈ কিয় ব্যস্ত হৈ পৰিছে সকলো? কিয় জুবিনৰ উশাহ বন্ধ হোৱাৰ লগে লগে স্তব্ধ হৈ পৰিছে অসমৰ আকাশ, বতাহ? কেৱল গান গোৱাৰ বাবে? চিনেমা কৰাৰ বাবে? গান গোৱা গায়ক হাজাৰ জন আছে। চিনেমাৰ মহা তাৰকাও আছে। কিন্তু থুনুক থানাককৈ খোজ দিয়া দেৱ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিটো প্ৰজন্মৰ মাজত জনপ্ৰিয় হ’ব পৰা তাৰকা এজনেই আছিল- জুবিন। 

গান, চিনেমা, কবিতাৰ উৰ্ধত আছিল জুবিন। ব্যক্তিৰ পৰা কোন কাহানিবাই উৰ্ধলৈ গতি কৰি তেওঁ হৈ পৰিছিল এক অনুষ্ঠান। যি অনুষ্ঠানৰ ছাঁত থিয় হৈ বহুতেই নিজকে বৰগছ বুলি ভাবিবলৈ ধৰিছিল। জুবিনৰ অবৰ্তমানত যে সেইসকল ৰঘুমলাহে সেয়া এতিয়া তেওঁলোকে নিজেই উপলব্ধি কৰিছে।  

জুবিন মানুহৰ শিল্পী আছিল। মানুহৰ মাজত থাকিছিল। হাতত মাইক্ৰ’ফোনটো লৈ জুবিন যিদৰে সুৰৰ মূৰ্চ্ছনাত বিভোৰ হৈছিল, মায়াময় ৰাতি একটো উপহাৰ দিছিল সেইদৰেই বহুতৰ বাবে জুবিনৰ হাতৰ মাইক্ৰ’ফোনটো হৈ পৰিছিল সন্ত্ৰাসৰ আন এক নাম।

কেতিয়া, কাৰ বিৰুদ্ধে, কি অপ্ৰিয় কথা কৈ দিয়ে কানো জানে? ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে জুবিনে মুকলিকৈ বিদ্ৰোহ কৰিছিল। সেই কাম কোনে কৰিব পাৰিছিল? ধৰ্মৰ নামত, জাত-পাতৰ নামত সমাজক ভাগ ভাগ কৰাৰ সময়ত জুবিনৰ বাহিৰে কোনে ক’ব পাৰিছিল ‘মোৰ কোনো জাতি নাই, মোৰো কোনো ধৰ্ম নাই, মই মুক্ত’।

মন্ত্ৰী, এম এল এক ‘পাপৰ’ আখ্যা দিছিল জুবিনে। ক্ষমতাবান ৰাজনৈতিক নেতাক বুঢ়া আঙুলি দেখুৱাবলৈ সাহস কৰা একমাত্ৰ শিল্পীজন আছিল জুবিন। জুবিনৰ সেই বুঢ়া আঙুলি দেখি উভতি ধৰিবলৈ সাহস কৰা নাছিল সেই মহা শক্তিশালী নেতাই। মন্ত্ৰীয়ে তেওঁৰ সৈতে সম্পৰ্কৰ কথা কৈ জনপ্ৰিয়তা বুটলিবলৈ চেষ্টা কৰিছিল। তেওঁৰ সৈতে এখন ফটো উঠি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ক্ষমতাশালী মন্ত্ৰী, বিধায়কেও নিজকে ধন্য কৰিছিল।নিষিদ্ধ ঘোষিত সংগঠনক তেওঁ প্ৰত্যাহ্বান জনাব পাৰিছিল। 

বিষ্ণু প্ৰসাদ ৰাভাক তেওঁ প্ৰাণ ভৰি ভাল পাইছিল। বিভিন্ন প্ৰান্তত পাতিছিল কলাগুৰু ফেষ্টিভেল। চে গুৱেভাৰাক তেওঁ আদৰ্শ বুলি কৈছিল। তেওঁ প্ৰকৃত ছ’চিয়েলিষ্ট আছিল নে নাই সেয়া এক পৃথক বিষয় যদিও তেওঁ নিজকে ছ’চিয়েলিষ্ট বুলি দাবী কৰিছিল। 

বিজ্ঞানৰ ছাত্ৰ আছিল যদিও তেওঁ কাৰ্ল মাৰ্ক্স পঢ়িছিল। মাৰ্ক্সবাদক তেওঁ কিদৰে বুজিছিল সেয়া তেওঁহে জানিছিল। দৰিদ্ৰ, অসহায় জনৰ কাষত তেওঁ থিয় দিছিল। পকেটত যি পাইছিল সেয়াই বিলাই দিছিল। হয়তো সেয়াই আছিল তেওঁৰ মাৰ্ক্সীয় চিন্তাৰ বৰ্হি প্ৰকাশ।

বান পানীৰ সময়ত তেওঁৱেই সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছিল। জাতিৰ বিপদৰ সময়ত সন্মুখত থিয় দিছিল। তেওঁৰ এটা, মাত্ৰ এটা ফেচবুক পোষ্টৰ পাছত গোটেই গুৱাহাটীখন লতাশিললৈ ৰাওনা হৈছিল। তেওঁৰ এটা আহ্বানত কেইবাটাও প্ৰজন্ম ওলাই আহিছিল ৰাজপথলৈ। সেই শক্তি তেওঁৰ আছিল।

ৰাজনৈতিক, সামাজিক দৃষ্টি কোণেৰে তেওঁৰ কথা আৰু আচৰণক লৈ প্ৰশ্ন উঠিছিল। সেই প্ৰশ্ন উঠিব পাৰে। কিন্তু তেওঁ যি কৈছিল সেই কথাক আওকান কৰিব পৰা বিধৰ নাছিল। তেওঁৰ প্ৰতিটো কথা আৰু কামত আছিল নতুন চিন্তাৰ উন্মেষ। তেওঁ যি কৈছিল, সেয়া আন কোনেও ক’ব পৰা নাছিল, কৰিব পৰা নাছিল। সেয়ে তেওঁ ‘জুবিন’ আছিল।

জুবিন গাৰ্গ