/asomiyapratidin/media/media_files/2026/02/25/bisespratibedanteranbodo-2026-02-25-15-38-42.jpeg)
সাহিত্যৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়াৰ বাবে কাম কৰি যোৱা বিশিষ্ট সাহিত্যিক তৰেন বড়োৰ আজি আদ্যশ্ৰাদ্ধ। এই শ্ৰদ্ধানুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰ লগতে উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থ। উপস্থিত থাকে বৌদ্ধিক-সাহিত্যৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
বিশিষ্ট সাহিত্যিক, সংগঠক, লেখক, গৱেষক তৰেন বড়োৰ আজি আদ্যশ্ৰাদ্ধ। গুৱাহাটী মহানগৰীৰ খাৰঘূলি ৰাজহুৱা খেলপথাৰত তেখেতৰ এই আদ্যশ্ৰাদ্ধ সম্পন্ন। উক্ত শ্ৰদ্ধানুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাৰ লগতে উন্মোচন কৰা হয় বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লিখাৰে সমৃদ্ধ 'সাহিত্য-সংস্কৃতি আৰু সমন্বয়ৰ কাণ্ডাৰী তৰেন বড়ো' শীৰ্ষক স্মৃতিগ্ৰন্থ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/snrtrtr-2026-02-25-15-27-21.jpeg)
এই অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, UPPLৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাকে ধৰি বৌদ্ধিক আৰু সাহিত্য জগতৰ বহু গৰাকী বিশিষ্ট ব্যক্তি। এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত সকলোৱে বিশিষ্ট সাহিত্যকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/gtgyyy-2026-02-25-15-27-41.jpeg)
অনুষ্ঠানটিত প্ৰয়াত সাহিত্যিকগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে বিশ্বজিৎ দৈমাৰীয়ে। সেই সময়তে প্ৰয়াত তৰেন বড়োৰ পৰিয়ালৰ লোক আৱেগিক হৈ পৰে। ইফালে, স্মৃতিচাৰণ সভাখনত সাহিত্য জগতকে ধৰি বিভিন্ন ক্ষেত্ৰত তৰেণ বড়োৰ অৱদানৰ সন্দৰ্ভত কয় উপস্থিত ব্যক্তিসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/kjkjkjkj-2026-02-25-15-28-03.jpg)
স্মৃতিচাৰণ সভাতেই প্ৰয়াত সাহিত্যিকগৰাকীৰ আদ্যশ্ৰাদ্ধত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী লোকক, অনুষ্ঠান-প্ৰতিষ্ঠানক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। আনহাতে, উক্ত সভাত প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে- ‘তৰেন বড়োক আজি এগৰাকী উদাৰ মনৰ, স্পষ্টবাদী, ভাল মানুহ হিচাপে স্মৰণ কৰিছো। তেওঁ মোক কৈছিল যে বহু সময়ত দোষীক ক্ষমা কৰি দিব পৰাতো মহানতা। তেনেকুৱা এগৰাকী মানুহ আমাৰ মাজৰ পৰা আঁতৰি গ’ল। তেখেত মোৰ নিজৰ জ্যেষ্ঠ ভাতৃ সদৃশ আছিল।’
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/lklkgggglklkkkk-2026-02-25-15-29-28.jpg)
তাৰপাছত স্মৃতিচাৰণ সভাত UPPLৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বিশিষ্ট সাহিত্যিকগৰাকীৰ বৌদ্ধিক আৰু সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ লগতে বড়ো লোকসকলৰ বাবে কৰি যোৱা কাম-কাজৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে উক্ত অনুষ্ঠানটিত উপস্থিত হৈ তৰেন বড়োক স্মৰণ কৰাৰ বাবে জনাই ধন্যবাদ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/sdfsdfdfdfsdff-2026-02-25-15-29-49.jpg)
ইফালে, এই সভাত ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ শোকানুভূতি পাঠ কৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। শোকানুভূতি উল্লেখ আছে যে- ‘‘অসমীয়া আৰু বড়ো ভাষা-সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ অনাকাংক্ষিত বিয়োগত অসমবাসীৰ লগতে 'সাদিন প্রতিদিন' পৰিয়ালো অতিকৈ মর্মাহত। মৃত্যুৰ সময়লৈকে সাহিত্য অকাডেমীৰ বড়ো ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপেও কার্যনির্বাহ কৰি থকা এইগৰাকী উচ্চ মতাদর্শ আৰু সমাজ চেতনাৰে পৰিপূর্ণ ব্যক্তি 'হেমকোষ প্রকাশন' তথা 'সাদিন' 'প্রতিদিন' পৰিয়ালৰ সদস্যৰ দৰেই আমাৰ অতি আপোন আছিল। তেখেতৰ বিয়োগত অসমৰ বৌদ্ধিক-বিদ্যায়তনিক ক্ষেত্রই নহয়, নাট্য আৰু চিনেমা জগতৰ লগতে সমাজ ক্ষেত্ৰখনৰো বৃহৎ ক্ষতি হ'ল।
বিগত কিছুদিন ধৰি সময়ে সময়ে তেওঁ অসুস্থ হ'লেও জাতীয় জীৱনৰ প্রতি থকা দায়বদ্ধতাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অপৰিসীম মনোবলেৰে তেখেতে দুদিন আগলৈকে সক্রিয় হৈ আছিল। 'হেমকোষ' প্রকাশনৰ শেহতীয়া এক প্রকল্পৰ সৈতে তেখেত সংযুক্ত হৈ বিভিন্ন দিহা-পৰামৰ্শৰে আমাক সাহস যোগাইছিল। তেনে এগৰাকী ব্যক্তিৰ বিয়োগে তাৎক্ষণিকভাৱে আমাকো ক্ষতিগ্রস্ত কৰিছে। কিন্তু তেখেতৰ সমাজ চিন্তা আৰু কৰ্মস্পৃহাৰ প্ৰেৰণাই আমাক উৎসাহিত কৰি যাব।
শেষত ইয়াক নিয়তিৰ বিধান বুলিয়ে স্বীকাৰ কৰি সান্ত্বনা লভিবলৈ তেখেতৰ পৰিয়াল আৰু আত্মীয়ক পৰামৰ্শ দিয়াৰ ভাষা আমাৰ নাই। মাথোঁ ক'ব পাৰো তেখেতৰ জীবনাদর্শই সকলোকে আগুৱাই যোৱাৰ সাহস দিব।’’
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/sdfsdff-2026-02-25-15-36-10.jpg)
আনহাতে, বিশিষ্ট ভাষাবিদ উপেন ৰাভা হাকাচামে সাংবাদিকৰ আগত কয় যে- ‘আজি এই আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানলৈ আহি বিশিষ্ট সাহিত্যিক তৰেন বড়োক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেখেতৰ বিয়োগে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে।’ এই অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে তৰেন বড়োক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্যৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়াৰ বাবে কাম কৰি যোৱা বিশিষ্ট সাহিত্যিকগৰাকীক অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰাও জনাইছো শ্ৰদ্ধাঞ্জলি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/kgkgkgkgkgg-2026-02-25-15-37-09.jpg)
উল্লেখযোগ্য যে, ১৪ ফেব্ৰুৱাৰীত বিশিষ্ট সাহিত্যিক তৰেণ বড়োই মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। শনিবাৰে হঠাতে তেওঁ অসুস্থ হৈ পৰাৰ পাছত তেওঁক দিনৰ ২ বজাত ভৰ্তি কৰা হৈছিল উইন্ট্ৰ'ৱ হাস্পতালত। কিন্তু বিয়লি ২ বাজিত ৫৪ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেওঁ আক্ৰান্ত হৈ আছিল ক্ৰণিক, নিউমনিয়া ৰোগত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/zzzllzlzllz-2026-02-25-15-37-39.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us