/asomiyapratidin/media/media_files/2026/02/14/tarrern-2026-02-14-20-13-38.jpeg)
বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষক তৰেণ বড়োৰ দেহাৱসান। সাহিত্য জগতত এয়া এক অপূৰণীয় ক্ষতি। বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ তেওঁ কৰি গৈছিল প্ৰয়াস। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। এই বিশিষ্ট সাহিত্যিকগৰাকীৰ বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
হঠাৎ অসমবাসীৰ বাবে আহিল এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক তৰেণ বড়োই মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।
মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স আছিল ৭০ বছৰ। উল্লেখ্য যে, শনিবাৰে হঠাতে তেওঁ অসুস্থ হৈ পৰাৰ পাছত তেওঁক দিনৰ ২ বজাত ভৰ্তি কৰা হৈছিল উইন্ট্ৰ'ৱ হাস্পতালত। কিন্তু বিয়লি ২ বাজিত ৫৪ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেওঁ আক্ৰান্ত হৈ আছিল ক্ৰণিক, নিউমনিয়া ৰোগত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/ksdjfjdf-2026-02-14-19-36-40.jpeg)
তৰেণ বড়োৰ মৃত্যুৰ পাছতে হাস্পতাল চৌহদত বৌদ্ধিক, সাহিত্য জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আত্মীয় লোকসকলে প্ৰাৰম্ভিকভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন ব্ৰত অৱলম্বন কৰে। তাৰপাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় খাৰঘূলিৰ ওপৰ লুইতপুৰস্থিত বাসগৃহলৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/ieufkodjfkdfj-2026-02-14-19-40-57.jpeg)
প্ৰয়াত বিশিষ্ট সাহিত্যিকগৰাকীৰ পৰিয়ালৰ মাজত হোৱা আলোচনা অনুসৰি, দেওবাৰে পুৱাৰ ভাগত তৰেণ বড়োৰ নশ্বৰ দেহ লৈ যোৱা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়লৈ। তাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত বিয়লি ভাগত নৱগ্ৰহ শ্মশানত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ শেষকৃত সম্পন্ন কৰা হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/liriokgkfkgkfkg-2026-02-14-19-37-03.jpeg)
উল্লেখযোগ্য যে, ছাত্ৰ অৱস্থাৰে পৰা তৰেণ বড়ো স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ চিন্তাত নিমগ্ন থাকি জাতীয়তাবাদী দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈছিল। সামাজিক কৰ্মত জড়িত হৈ পৰা আৰু বড়ো জনগোষ্ঠীৰ সামাজিক উৎকৰ্ষ সাধনত ব্যক্তিগত প্ৰচেষ্টাৰে আৰু কেতিয়াবা সাংগঠনিক প্ৰচেষ্টাৰে আগবঢ়া অন্যতম সমাজ হিতৈষী ব্যক্তি আছিল তৰেণ বড়ো।
২০২৩ৰ পৰা সাহিত্য অকাডেমীৰ বড়ো এডভাইজৰী ব’ৰ্ডৰ সমন্বয়ক হিচাপে কৰ্মৰত হৈ থকা তৰেণ বড়োৱে ১৯৫৫চনৰ ১ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বেচৰ নামৰ এখন অতি ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় এনন চন্দ্ৰ বড়ো আৰু মাতৃৰ নাম স্বৰ্গীয়া বাৰ্কেশ্বৰী বড়ো। এই ভিতৰুৱা গাঁওখনতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল তেওঁ। এল পি স্কুলত বৃত্তী পৰীক্ষাত উত্তীৰ্ণ হৈ ১২ টকা লাভ কৰিছিল। সেই সময়ত বিদ্যালয় ঘৰৰ পৰা দূৰৈত অৱস্থিত হোৱাৰ বাবে প্ৰায় ৪ কিলোমিটাৰ খোজকাঢ়ি এম ই স্কুললৈ গৈছিল শিক্ষাগ্ৰহণ কৰিবৰ বাবে। ১৯৭২ত মেট্ৰিক পাছ কৰিছিল তেওঁ।
উল্লেখ্য যে, গাঁওখনৰ ভিতৰতে প্ৰথমগৰাকী মেট্ৰিক পাছ কৰা ব্যক্তি আছিল তৰেণ বড়ো। এক সাক্ষাৎকাৰত তৰেণ বড়োৱে কয় যে- ধনৰ অভাৱত উচ্চ শিক্ষাৰ বাবে শিক্ষানুষ্ঠানত পিতৃয়ে নামভৰ্তি কৰিব নোৱাৰো বুলি কোৱাত মই কৈছিল- মই কাৰোবাৰ ঘৰত ভাত ৰান্ধি বা টিউচন কৰি হ'লেও পঢ়িম।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/lolollll-2026-02-14-19-37-42.jpeg)
তাৰপাছত তেওঁ নামভৰ্তি কৰিছিল কোকৰাঝাৰ মহাবিদ্যালয়ত। ১৯৭৪চনত কোকৰাঝাৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত বড়ো ভাষাৰ ৰোমান লিপিৰ দাবী আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল তেওঁ। নিখিল বড়ো ছাত্ৰ সন্থাত জড়িত হৈ আন্দোলনত ভাগ লৈছিল। ১৮গৰাকী লোক এই আন্দোলনত শ্বহীদ হৈছিল। ১৯৭৪ আৰু ১৯৭৫চনত তীব্ৰ আন্দোলন কৰা তৰেণ বড়োৱা ৰাজনীতি বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
স্নাতকৰ পাছত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ ইচ্ছা থকা তৰেণ বড়োৱে পুনৰ ধনৰ অভাৱৰ সমুখীন হৈছিল। কিন্তু প্ৰাক্তন বিধায়ক হেমেন ব্ৰহ্মই তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। তেতিয়াই অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পায়। তৰেণ বড়োৱে বুজিছিল যে- ভাষাৰ বাধাৰ বাবে বহু লোক পিচুৱাই যাবলগীয়া হয় তথা বহু সমস্যাৰ সমুখীন হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/ljkfkjksjf-2026-02-14-19-38-09.webp)
গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত বড়ো ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। গুৱাহাটী জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি, পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় ছাত্ৰ সমিতিৰ সভাপতি পদত নিৰ্বাচিত হৈ তৰেণ বড়োৱে জনজাতীয় ছাত্ৰ সমাজৰ উন্নতিৰ হকে নিয়োজিত হৈ পৰিছিল।
১৯৭৮ত এম এ পাছ কৰি লোকনিৰ্মাণ বিভাগৰ চাকৰিত নিযুক্তি লাভ কৰিছিল তৰেণ বড়োৱে। এম এ পঢ়ি থকা সময়ত বহু বাতৰি কাকত পঢ়িছিল আৰু ৰেডিঅ শুনিছিল। তেতিয়াই তেওঁৰ সাংবাদিকতাৰ প্ৰতি বাঢ়িছিল আগ্ৰহ। সেয়েহে ১৯৭৬ৰ পৰা ১৯৭৮চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষক হিচাপে নিয়োজি হৈ আছিল তৰেণ বড়ো। লগতে বড়ো ষ্টেজ ড্ৰামাও কৰিছিল অল ইণ্ডিয়া ৰেডিঅ’ত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/lolol-2026-02-14-19-38-29.jpeg)
ইফালে, চাকৰিত নিয়োজিত হৈ থকা সময়ত তৰেণ বড়োৱে অসমীয়া আৰু বড়ো ভাষাৰ সংস্কৃতিৰ সাধনত নিমগ্ন হৈছিল। বড়ো জনগোষ্ঠীয় ভাষা ইতিহাস, সমাজৰ বিষয়ে গৱেষণা আৰু অধ্যয়নৰ পথ প্ৰসস্থ কৰি তুলিছিল বড়োৱে। বড়ো ভাষাত প্ৰায় ৫০ খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰি বড়ো তথা অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিছিল।
আনহাতে, এম এৰ পাছত তৃতীয় বৰ্গৰ চৰকাৰী চাকৰি লাভ কৰাৰ পাছত বিভিন্ন কাৰণত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত চাকৰি কৰাৰ বাবে মন মেলিছিল তেওঁ। ১৯৭৯ৰ ৮ মে’ত ৰিজাৰ্ভ বেংকত যোগদান কৰি ২০১৫চনত অৱসৰ গ্ৰহণ কৰে।
উল্লেখ্য যে, ১৯৮৪ চনতে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ তৰেণ বড়োৱে বিগত ৪০ বছৰ কাল এই সভাৰ সৈতে জড়িত হৈ আছিল। এই সময়চোৱাত তেওঁ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্যৰ লগতে মুখপাত্ৰ ‘দ্য বড়োৰ’ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি বড়ো সাহিত্য সভাৰ কোষাধ্যক্ষ, যুটীয়া সম্পাদক, উপ-সভাপতিৰ পৰা ২০১৭চনৰ পৰা ২০২৩চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/kljfkosdjfdsjffkj-2026-02-14-19-38-51.jpeg)
ধেমাজি জিলাৰ চিমেনচাপৰিত বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল তৰেণ বড়ো। সেই সময়ত বড়ো মাধ্যমৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰিছিল তেওঁ। অসমৰ থলুৱা ভাষাৰ জনগোষ্ঠীসমূহৰ সমস্যা দূৰ কৰাৰ বাবে পদক্ষেপ লৈছিল বড়োৱে। তেওঁৰ সভাপতিত্বত সন্মিলিত ভাষা মঞ্চ আৰু সাহিত্য সন্মিলিত মঞ্চ গঠন কৰা হৈছিল, লগতে সমন্বয় সৃষ্টি কৰাৰ বাবে চেষ্টা কৰিছিল। তামুলপুৰৰ অধিবেশনৰ সময়ত তেতিয়াৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত হৈছিল অধিবেশনত। তেতিয়া গুগ’ল এপ মুকলি কৰি ভাষাটোৰ উন্নতি সাধনৰ বাবে চেষ্টা চলাইছিল। তদুপৰি বহুভাষিক অভিধান প্ৰস্তুতকৰণৰ সৈতে জড়িত হৈ পৰিছিল তেখেত।
তেওঁ প্ৰায়ে কৈছিল- ‘সাহিত্য সংস্কৃতিৰ দ্বাৰাহে এটা জাতিৰ বিকাশ কৰিব পাৰি। সেয়েহে সকলোৱে সাহিত্য সংস্কৃতিত মনোনিবেশ কৰিব লাগে। আৰু ইয়াৰ লগতে জৰুৰী কৰ্ম সংস্কৃতি।’
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/yrurtutut-2026-02-14-19-39-25.webp)
অসমীয়া ভাষাৰ পৰা বড়ো ভাষাত তিনিখন গ্ৰন্থ অনুবাদ কৰাৰ উপৰি অসমীয়া আৰু বড়ো দুয়োটা ভাষাতেই চুটিগল্প, কবিতা, নাটক সৃষ্টি কৰিছিল তেওঁ। মৱদ্বী, বিহাৰিণী জিংগা, গ্বৰবৱনী ওৰ, মুগানী মন্দৰ বিবাৰ, বিহাৰিণী জিংগা ২ শীৰ্ষক বড়ো নাটক, ইজী মানী আৰু মালো ড্ৰাইভাৰ শীৰ্ষক দুখন চুটিগল্প, ৪খন অসমীয়া গদ্য, ৪খন গ্ৰন্থ অনুবাদ কৰি প্ৰকাশ কৰাৰ উপৰি ৰাষ্ট্ৰীয়-আঞ্চলিক সংবাদমাধ্যমত লেখা, ১২খন বড়ো ছবি, ৩খন অসমীয়া ছবিত অভিনয় কৰিছিল তেওঁ। তেওঁ লিখা নাটক আকাশবাণী গুৱাহাটীত সম্প্ৰচাৰিত হৈছিল।
উল্লেখ্য যে, ২০১৯ বৰ্ষৰ জননেতা ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক। ২০২৪ৰ ২ অক্টোবৰত বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় বঁটা। ভাষা- সাহিত্য তথা সমাজৰ অৱহেলিত শ্ৰেণীৰ বিকাশৰ ক্ষেত্ৰলৈ সাহিত্যৰ মাধ্যমেৰে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে তেঁওক এই সন্মানেৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাসখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদি প্ৰদান কৰা হৈছিল তৰেণ বড়োক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/lksadjflkadfksdjfkladfjkf-2026-02-14-19-40-02.webp)
বিশিষ্ট সাহিত্যিগৰাকীৰ মৃত্যুত অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, অসম প্ৰকাশন পৰিষদকে ধৰি বৌদ্ধিক আৰু সাহিত্য ক্ষেত্ৰখনৰ বহু বিশিষ্ট লোকৰ লগতে আত্মীয়-স্বজনে গভীৰ শোক প্ৰকাশ কৰিছে৷ তৰেণ বড়োৰ অসমৰ সাহিত্য জগতত বৃহৎ অৱদানৰ উপৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ কৰি যোৱা প্ৰয়াসৰ বাবে অসমবাসী চিৰকৃতজ্ঞ হৈ ৰ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us