/asomiyapratidin/media/media_files/2026/02/13/riyannnn-2026-02-13-22-34-29.jpeg)
ৰিয়ান পৰাগ। ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগে এইবাৰ লাভ কৰিছে গুৰুত্বপূৰ্ণ দায়িত্ব। আজি ঘোষণা কৰা হয় যে- ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিব খেলুৱৈগৰাকীয়ে। ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে ২০২৬বৰ্ষৰ আইপিএলত ভাল খেল খেলিব বুলি আশাবাদী অনুৰাগীসকলো। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।
টেষ্ট মেচ, এদিনীয়া, টি-২০ ক্ৰিকেটৰ ফৰ্মেট বহু আছে। আটাইকেইটা ফৰ্মেটতে ক্ৰিকেট মেচ দৰ্শকে উপভোগ কৰে। তাৰমাজতেই ২০ অভাৰৰ এটি জনপ্ৰিয় লীগ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। প্ৰতিবছৰৰ দৰে এইবাৰো মাৰ্চত আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ।
এই লীগ আৰম্ভ হোৱাৰ পূৰ্বেই অসমবাসীৰ বাবে আহিল এক অতিকৈ ভাল খবৰ। ২০২৬ৰ আইপিএলত শক্তিশালী দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক পদত অসম সন্তান ৰিয়ান পৰাগ। ২০১৯চনত প্ৰথমবাৰৰ বাবে আইপিএলত খেলিছিল খেলুৱৈগৰাকীয়ে। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত খেলি আহিছে পৰাগে।
সমুখৰ পৰা এইবাৰ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিবলৈ ওলোৱা ৰিয়ান পৰাগে নিজৰ দলটোক ২০২৬ৰ IPLৰ চেম্পিয়ন ট্ৰফী হাতত দাঙি ধৰিব বুলি আশাবাদী ৰাজস্থান ৰয়েলছ আৰু খেলুৱৈগৰাকীৰ প্ৰতিগৰাকী অনুৰাগী। ইফালে, দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত ৰিয়ান পৰাগৰ পিতৃয়ে কয় যে- ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ খবৰ। আশা কৰো ৰিয়ানৰ নেতৃত্বত দলটোৱে ভাল খেলিব।’
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/images-14-2026-02-13-22-36-15.jpg)
২০২৬ৰ IPLত ইমান গধূৰ দায়িত্ব লাভ কৰা ৰিয়ানৰ জন্ম হৈছিল ২০০১চনৰ ১০ নৱেম্বৰত। সৰুৰে পৰা পিতৃৰ ক্ৰিকেটৰ সৈতে থকা সম্পৰ্ক প্ৰত্যক্ষ কৰি আহিছিল পিতৃ পৰাগ দাসক। তাৰপাছতে ৰিয়ানো আকৰ্ষিত হৈছিল ক্ৰিকেটৰ প্ৰতি।
উল্লেখ্য যে, ২০১৭ চনত ৰিয়ানে ২০১৬-১৭ বৰ্ষৰ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টত অসমৰ হৈ আত্মপ্ৰকাশ কৰে। উক্ত বৰ্ষৰ ২৯ অক্টোবৰত তেওঁক ২০১৭ চনৰ এচিচি অনূৰ্ধ-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়। তদুপৰি ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগে অসমৰ হৈ প্ৰথম শ্ৰেণীত কৰে আত্মপ্ৰকাশ।
ইফালে, ২০১৭ত ৰিয়ান ইংলেণ্ডত দুখন যুৱ টেষ্টৰ বাবে ভাৰতৰ ১৯-অনূৰ্ধ দলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ পৃথ্বী শ্ব'ৰ পাছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ইংলেণ্ডত দুখন যুৱ টেষ্ট সমাপ্ত কৰে। ৰিয়ান পৰাগক ২০১৭ বৰ্ষৰ ভাৰতৰ ১৯-অনূৰ্ধ চেলেঞ্জাৰ ট্ৰফীৰ বাবে ইণ্ডিয়া (এ) দলত কৰা হয় নিৰ্বাচিত। ৰিয়ান সেইখন প্ৰতিযোগিতাত সৰ্বাধিক ৰানসংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/gettyimages-2209966998-scaled-2026-02-13-22-36-33.webp)
২০১৮ত ১৯-অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে ৰিয়ানে ভাৰতীয় দলত স্থান লাভ কৰে। কিন্তু দুৰ্ভাগ্যবশত খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু প্ৰতিযোগিতাখনত অংশ লোৱা নাছিল। কেৱল জিম্বাবুৱেৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলৰ বাবেহে তেওঁ একাদশত স্থান লাভ কৰিছিল। তাৰপাছত ২০১৮–১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ তেওঁ ৭খন খেলত সংগ্ৰহ কৰিছিল ২৪৮ ৰান।
উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত ৰিয়ানে অসমৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল। ৰিয়ানে ৩টা শতক আৰু ১টা অৰ্ধশতকৰ কৰিছিল। কেৱল বেটাৰ হিচাপে নহয়, ৰিয়ানে লেগ-ব্ৰেক বলিঙৰ জৰিয়তে ছিজনত দখল কৰিছিল ১০টাকৈ উইকেতো। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ ৩৫১ ৰাণ অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ কৰিছিল।
ইফালে, ২০২৩ চনৰ দেওধৰ ট্ৰফীত ৰিয়ানে লাভ কৰে 'প্লেয়াৰ অৱ দ্য চিৰিজ' সন্মান। প্ৰতিযোগিতাখনৰ তেওঁ আছিল সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। প্ৰতিযোগিতাখনত ৰিয়ান পৰাগে ৮৮.৫০ৰ বেটিং গড়ত মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছিল আৰু ১৯.০৯ৰ বলিং গড়ত ১১টা উইকেট দখল কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/riyan-parag-bcci_20240706_194532_0000-2026-02-13-22-36-53.jpg)
তাৰপাছত তেওঁ ২০২৩-২৪ বৰ্ষৰ চয়দ মুস্তাক আলী ট্ৰফীত ৫১০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে ৰিয়ানে সৰ্বাধিক সংখ্যক ৪০টা ছিক্স কোবায়। তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত একেৰাহে দ্বিতীয়খন টুৰ্ণামেণ্টত ৰাণ-সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল।
আনহাতে, ২০২৩-২৪বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৬টা ইনিংছত মুঠ ৩৭৮ ৰাণ সংগ্ৰহ কৰে ৰিয়ানে। মাত্ৰ ৫৬টা বলতে ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকটো কোবায়। তদুপৰি ৰিয়ান পৰাগক ২০২৩ৰ এচিচি ইমাৰ্জিং টিমছ্ এছিয়া কাপত ভাৰত (এ) ক্ৰিকেট দলত কৰা হৈছিল অন্তৰ্ভুক্ত।
IPLত ৰিয়ান পৰাগঃ
২০১৯ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ৰিয়ান পৰাগক খেলুৱৈ নিলামত ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত ক্ৰয় কৰে। ২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অৰ্ধশতক অৰ্জনকাৰী সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ৰিয়ান। পাছলৈ এই অভিলেখৰ অধিকাৰী হৈছিল সঞ্জু চেমচন আৰু পৃথ্বী শ্ব'।
২০২৪ৰ IPLত ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ৰিয়ান। ৰান সংগ্ৰহৰ তালিকাত তৃতীয় সৰ্বাধিক আৰু ছয়জন হিটাৰৰ তালিকাত ক্ৰমে ৫৭৩ ৰান আৰু ৩৩টা ছয়ৰে পঞ্চম স্থান লাভ কৰিছিল। আই পি এল ২০২৫ ছিজনত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁক ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/2150_14_1_2024_15_13_48_1_riyanparag_14012024_01-1-2026-02-13-22-37-09.jpg)
ভাৰতীয় জ্যেষ্ঠ ক্ৰিকেট দলত ৰিয়ান পৰাগঃ
২০২৪ৰ ২৪ জুনত ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ১৫ জনীয়া তালিকাত স্থান লাভ কৰিছিল ৰিয়ান পৰাগে। উক্ত বৰ্ষৰ ৬ জুলাইৰ পৰা জিম্বাবুৱেত হ'বলগীয়া দ্বিপাক্ষিক T-20ৰ পাঁচখনীয়া ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিল ৰিয়ানে। তদুপৰি ২০২ৰ ২৭ জুলাইত শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় এদিনীয়া দলটোৰো অংশ আছিল ৰিয়ান। খেলুৱৈগৰাকীয়ে ছিৰিজৰ তৃতীয় আৰু অন্তিমখন মেচত অভিষেক ঘটায় আৰু এদিনীয়াত অভিষেক ঘটোৱাৰ সময়ত তিনিটা উইকেট লাভ কৰিছিল।
উল্লেখ কৰাৰ প্ৰয়োজন যে, ৰিয়ান পৰাগৰ বাবে এটা বিশেষ দিন আছিল লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা লাভ কৰা দিনটো। ২০২২-২৩ বৰ্ষৰ ঘৰুৱা ছিজনৰ বাবে BCCI-য়ে ৰিয়ান পৰাগক প্ৰদান কৰিছিল লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা। ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই তেওঁক প্ৰদান কৰিছিল এই বঁটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/image-1770985820900-2026-02-13-22-37-22.webp)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us