/asomiyapratidin/media/media_files/2026/02/13/222ombirr-2026-02-13-18-42-06.jpeg)
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপন কৰে অনাস্থা প্ৰস্তাৱ। এই প্ৰস্তাৱৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ পৰা সাময়িক অব্যাহতি লয় ওম বিৰলাই। কিন্তু কিয় বিৰোধীয়ে উত্থাপন কৰিলে এই প্ৰস্তাৱ? এই বিষয়ত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
আপোনালোকে প্ৰথমে কল্পনা কৰক যে- ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্বকাপৰ ফাইনেল মেচ চলি আছে। কিন্তু মেচখনত আম্পায়াৰগৰাকীয়ে যদি পাকিস্তানৰ পক্ষত আৰু ভাৰতৰ বিৰুদ্ধে জানি-বুজি কিছুমান সিদ্ধান্ত লয়, তেন্তে সেইখন মেচ সুকলমে পৰিচালিত হোৱাটো অসম্ভৱ হৈ পৰিব। কিয়নো এগৰাকী আম্পায়াৰে কেতিয়াও মেচখন খেলি থকা কোনো এটা দলৰ হৈ পক্ষপাতিত্ব কৰিব নোৱাৰে।
ঠিক এনেকুৱাই যেন পৰিস্থিতিৰ সৃষ্টি হৈছে সদনৰ মজিয়াতো। কিয়নো মঙলবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে।
উল্লেখ্য যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এসময়ত কৈছিল যে- ‘লোকসভাৰ অধ্যক্ষগৰাকীয়ে সদনক প্ৰতিনিধিত্ব কৰে। তেওঁ সদনৰ গৰিমা আৰু সদনৰ স্বতন্ত্ৰতাক প্ৰতিনিধিত্ব কৰে। আৰু এক বিশেষ দিশত এখন দেশকো যিহেতু সদনে প্ৰতিনিধিত্ব কৰে, সেয়েহে অধ্যক্ষগৰাকী হৈ পৰে ৰাষ্ট্ৰৰো স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ প্ৰতীকস্বৰূপ।’
কিয় ওম বিৰলাৰ বিৰুদ্ধে উত্থাপন অনাস্থা প্ৰস্তাৱঃ
সংবিধানৰ ৯৪ (গ) অনুচ্ছেদৰ অধীনত লোকসভাত কংগ্ৰেছৰ উপ দলপতি গৌৰৱ গগৈ, মুখ্য হুইপ কে সুৰেশ আৰু হুইপ মহম্মদ জাভেদে কংগ্ৰেছ, ডিএমকে, সমাজবাদী পাৰ্টীকে ধৰি কেইবাটাও বিৰোধী দলৰ হৈ লোকসভাৰ সচিব প্ৰধান উৎপল কুমাৰ সিঙৰ হাতত দাখিল কৰে এই জাননী।
বিৰোধীৰ অভিযোগ অনুসৰি, লোকসভাৰ অধ্যক্ষগৰাকীয়ে কোনো এটা বিষয়ত বিৰোধী দলৰ সাংসদসকলক নিজৰ দৃষ্টিভংগী বা কথা ক’বলৈ সুযোগ নিদিয়ে। বিশেষকৈ স্পৰ্শকাতৰ বিষয় যেনে- ভাৰত-চীনৰ সীমান্ত সমস্যা।
লগতে বিৰোধীৰ অভিযোগ যে, লোকসভাৰ অধ্যক্ষগৰাকী নিৰপেক্ষ নহয়। অধ্যক্ষ ওম বিৰলাই কিছুমান পদক্ষেপ কেৱল বিৰোধী সাংসদসকলৰ বিৰুদ্ধেহে লয়।
অধ্যক্ষ পদৰ পৰা সাময়িক অব্যাহতি ওম বিৰলাৰঃ
সাময়িকভাৱে লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা। বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ। উল্লেখ্য যে, বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ জাননী জাৰিৰ পাছতে অধ্যক্ষগৰাকীয়ে লয় এই সিদ্ধান্ত। অনাস্থা প্ৰস্তাৱৰ সিদ্ধান্ত নহা পৰ্যন্ত অধ্যক্ষৰ আসনত নবহে ওম বিৰলাই।
পূৰ্বে ৩বাৰকৈ লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে আনিছিল অনাস্থা প্ৰস্তাৱঃ
লোকসভাৰ অধ্যক্ষ আৰু বিৰোধীৰ মাজত সৃষ্টি হোৱা এনে পৰিস্থিতি কোনো নতুন কথা নহয়। ওম বিৰলাৰ উপৰি স্বাধীনতাৰ পৰা বৰ্তমানলৈকে পূৰ্বেও ৩বাৰকৈ লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে।
১৯৫৪চনত লোকসভাৰ অধ্যক্ষ জি ভি মাভালংকা, ১৯৬৬চনত অধ্যক্ষ চৰ্দাৰ হুকাম সিং আৰু ১৯৮৭চনত অধ্যক্ষ বলৰাম জাখাৰৰ বিৰুদ্ধেও এনেদৰেই বিৰোধীয়ে উত্থাপন কৰিছিল অনাস্থা প্ৰস্তাৱ। কিন্তু বৰ্তমানলৈ ভাৰতৰ ইতিহাসত কোনো এগৰাকী লোকসভাৰ অধ্যক্ষক অপসাৰণ হোৱা নাই। ইয়াৰ কাৰণ হ’ল- অনুচ্ছেদ ৯৪ (গ) অনুসৰি লোকসভাৰ অধ্যক্ষক অপসাৰণ কৰিব হ’লে লোকসভাৰ সংখ্যাগৰিষ্ঠতাৰ সন্মতিৰ প্ৰয়োজন। কিন্তু মন কৰিবলগীয়া যে, লোকসভাৰ অধ্যক্ষগৰাকী হয় শাসকীয় পক্ষৰ। আৰু লোকসভাত শাসকীয় পক্ষৰ হাতত সংখ্যাগৰিষ্ঠতা থকাৰ বাবে অধ্যক্ষগৰাকী অপসাৰণ কৰিব নোৱাৰে।
ইয়াৰ পাছতো বিৰোধী অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। কিয়নো দেশবাসীক বিৰোধীয়ে এক প্ৰকাৰে কয় যে- লোকসভাৰ অধ্যক্ষৰ ওপৰত আমাৰ আস্থা হেৰুৱাইছে আৰু ইয়াৰ দ্বাৰা এক প্ৰকাৰে নৈতিক হেঁচাও পেলায় বিৰোধীয়ে। তদুপৰি ইতিহাসত এই ঘটনা চিৰদিনৰ বাবে খোদিত হৈ ৰয়।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৯ মাৰ্চত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে। সংবিধানৰ ৯৪ (গ) অনুচ্ছেদত লোকসভাৰ অধ্যক্ষ বা উপাধ্যক্ষক অপসাৰণৰ বিধানৰ বিষয়ে উল্লেখ কৰা হৈছে। সংবিধানৰ ৯৬ নং অনুচ্ছেদত অধ্যক্ষক সদনত নিজৰ পক্ষ সুৰক্ষা কৰাৰ সুযোগ দিয়া হৈছে। তেওঁক অপসাৰণৰ প্ৰস্তাৱ সদনত উত্থাপন হ’লে অধ্যক্ষই দিব পাৰিব ভোট। কিন্তু যদি এই ভোট প্ৰক্ৰিয়া টাই হয় তেন্তে দিব নোৱাৰিব ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us