'সোণাপুৰত মোক অলপ মাটি দিয়া'- নীলপৱন বৰুৱা...

NEELPAWAN BARUAH
NEELPAWAN BARUAH
নীলপৱন বৰুৱা গুছি গ'ল। ৰৈ গ'ল তেওঁৰ সৃষ্টি। এই বিশিষ্ট চিত্ৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন।

এই জীৱন আছিল ৰঙৰ। এই জীৱন আছিল প্ৰেমৰ। এই জীৱনৰ নাম আছিল নীলপৱন। এই জীৱনৰ প্ৰাণ আছিল ছবি। বিশাল ব্যক্তিত্ব আৰু উদাস পৃথিৱীত, যাযাবৰী জীৱনৰ প্ৰতি টান থাকিলেও সংগী কৰি লৈছিল দীপালীক !

দীপালীৰ বাবেই যেন বন্দী হৈ আছিল 'বসুন্ধৰা'ত। বিষাদ নাছিল তেওঁৰ কোনো কালেই, আছিল তেওঁ ভাবুক। প্ৰত্যাশাৰে জীৱন সজাই লৈছিল। বহু ধুমুহা তেওঁৰ সন্মুখত তছ-নছ হৈ পৰিছিল।

ডাঠ চশমা জোৰৰ ফাকেৰে সৰকি আহে তেওঁৰ উদাস দৃষ্টি । তেওঁৰ মুখত সেই পৰিচিত হাঁহি। উঁঠত লাগি আছিল প্ৰিয় চাৰমিনাৰ চিগাৰেটটো। বগা চুলিকোচা, ফ্ৰেঞ্চ কাট ডাড়িৰে তেওঁ সদায় পৰিচিত মানুহজনেই হৈ আছিল সকলোৰে বাবে।

প্ৰেমৰ আছিল এই জীৱন। হেঁপাহৰ আছিল এই সংসাৰ। দুয়ো শিল্পী। এজনৰ গান আনজনৰ ছবি। মৰুময় বালিত বিয়পিছিল সংবেদনৰ সত্বা। সৃষ্টিৰ উন্মাদনাই অস্থিৰ কৰি ৰাখিছিল তেওঁক।

নীলপৱন বৰুৱা বুলি ক'লেই মনলৈ আহিছিল দীপালী বৰঠাকুৰৰো ছবি। দীপালী বৰঠাকুৰ গুছি যোৱাৰ পাছত তেওঁ হৈ পৰিছিল অকলশৰীয়া। উদাসীনতা আৰু নিসংগতাই তেওঁক চুই গৈছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। চলি আছিল চিকিৎসা। মৰতকে তেওঁ বাচি ল'লে শেষ ঠিকনা। খালী হৈ ৰ'ল বেলতলাৰ সেই ঘৰটো। ঘৰটোৰ আগত এখন চোতাল। তাতেই বহি তেওঁ হেনো গণিছিল ৰাতিৰ আকাশৰ তৰা।

পদুলিৰ সন্মুখতেই এজোপা ডাঙৰ ফুল গছ। গেটখন খুলি ঘৰটোলৈ সোমাই গ'লেই সেই পৰিৱেশটো এনে লাগিছিল, এয়া চিত্ৰকৰে নিজৰ বাবে আঁকি লোৱা এখন ঘৰৰ ছবি। তেওঁৰ সৃষ্টিত বিশ্বৰ প্ৰতীক উদ্ভাসিত হৈছিল।

শিল্পৰ টানে তেওঁক সদায় সজীৱ কৰি ৰাখিছিল। বেলতলাত সৌৰভ নগৰত থকা বসুন্ধৰা কলা নিকেতনেই আছিল তেওঁৰ ঠিকনা। এদিন জৰ্জ খেলপথাৰৰ এচুকত তেওঁ আৰম্ভ কৰিছিল এটা ষ্টুডিঅ'।

বহুতক আকৰ্ষণ কৰিছিল সেই সময়ত তেওঁৰ চিত্ৰ শিল্পই। ছবিৰ মাজতেই নিমগ্ন হৈ তেওঁ জীৱনৰো ৰং সানিছিল তেওঁ। তেওঁৰ দৃষ্টি আছিল অন্ততলৈ। ১৯৩৬ চনত জাজিৰ তামুলীচিঙাত তেওঁৰ জন্ম।

পিতৃ, মাতৃৰ সৈতে নীলপৱন বৰুৱা
পিতৃ, মাতৃৰ সৈতে নীলপৱন বৰুৱা

ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ বৰপুত্ৰ আছিল তেওঁ। ৫৪ নং দুলিয়াগাঁও প্ৰথামিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি যোৰহাট পলিটেকনিক স্কুল আৰু শেষত শান্তি নিকেতনৰ পৰা চাৰু কলা শিল্পৰ বিষয়ত স্নাতক ডিগ্ৰী লৈছিল।

তেওঁ আছিল স্বাভিমানী, তেওঁ আছিল অভিমানী। ১৯৭১ চনত অসম চাৰুকলা পৰিষদ স্থাপন কৰিছিল। তেওঁৰ সৃষ্টিৰ সীমা নাছিল। ছবিয়েই তেওঁৰ ভাষা আছিল। তেওঁৰ ছবিতেই পঢ়িব পাৰি কবিতা।

চাৰমিনাৰ চিগাৰেট তেওঁৰ প্ৰিয় আছিল। পিছলৈ চিগাৰেট এৰি দিলেও চিগাৰেট খাই থকাৰ সময়ত চিগাৰেটৰ দৰেই প্ৰিয় আছিল চাৰমিনাৰ চিগাৰেটৰ পেকেটবোৰ। পেকেটবোৰৰ ওপৰতেই তেওঁ ৰং সানিছিল। সেই চিগাৰেটৰ বকলাবোৰো হৈ পৰিছিল একো একোখন ছবি।

তেওঁ জেদী। এজনৰ লগত এবাৰ জেদ ধৰি গুছি গৈছিল মাজুলী, লখিমপুৰলৈ খোজকাঢ়ি। প্ৰকৃতিয়ে তেওঁক হাট বাউল দি মাতিছিল। শান্তি নিকেতনত থকাৰ সময়খিনিত হেনো তেওঁক আত্ম মৰ্যাদাৰ কথা শিকাইছিল।

কথা পাতিলে তেওঁৰ সৈতে কথা পাতি থাকিব পাৰি। তেওঁ মানুহক বিনম্ৰতা আৰু চেনেহেৰে উপচাই দিব পাৰে। কাৰো প্ৰতি তেওঁৰ নাছিল বিদ্বেষ। গৰ্ব, অহংকাৰ শব্দ তেওঁ চিনিয়েই নাপাইছিল।

শান্তি নিকেতনত পঢ়োতে অধ্যক্ষ ৰূপে পাইছিল বিশ্বৰ ৰূপ বসুক। প্ৰথমে তেওঁ সাধাৰণ চিয়াঁহিৰেই ড্ৰয়িং কৰিছিল। তাৰ পাছত তেল, ৰং আদিলৈ আহিল। ভাস্কৰ্যৰ প্ৰতিও আকৰ্ষিত হ'ল। ছবিৰ লগতে দীপালী বৰঠাকুৰ জীয়াই থকাৰ সময়ত অধিক সময় দীপালী বৰঠাকুৰকে দিছিল।

জীৱনৰ কেনভাছ উকা কৰি তেওঁ গুছি গ'ল। দীৰ্ঘদিন ধৰি সেই ঘৰখনত আছিল জোনালী নামৰ ছোৱালীজনী। শুশ্ৰষা কৰিবৰ বাবে আছিল তেওঁ। ৮/৯ বছৰ থকা জোনালীক নাতিনীয়েকৰ দৰে মৰম কৰিছিল।

তেওঁ কেতিয়াও আবদাৰ নাছিল। যি কয়, সেয়াই হয়। ঘৰৰ চৌহদতে এখন আৰ্ট স্কুল খুলিছিল, সৰু সৰু ল'ৰা-ছোৱালীবোৰক ছবি শিকাইছিল। মৰমেৰে তেওঁক আকোৱালি ৰাখিছিল। কলাৰসিক সকলক আছন্ন কৰি ৰাখিছিল।

আগফালৰ চৌহদৰ চাংঘৰটোৰ তলতেই বহু ছবি থৈ দিয়া আছিল। সেইবোৰ সংৰক্ষণৰ ব্যৱস্থা হয়তো কৰা হ'ল। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে কেইখনমান ছবি মডাৰ্ণ আৰ্ট অৱ নীলপৱন নামেৰে সংগ্ৰহালয়ত ৰখাইছিল।

মুঠ ৫৬ খন ছবি এইদৰে সংগ্ৰহ কৰা হৈছিল। ২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত চুক্তি কৰিছিল। ২০২১ চনত অসম চৰকাৰে তেওঁক 'অসম সৌৰভ বঁটা' প্ৰদান কৰিছিল।

তেওঁৰ মাতৃৰ নাম আছিল লাৱণ্য প্ৰভা বৰুৱা। মেট্ৰিক পৰীক্ষা কেইবাবাৰো দি উত্তীৰ্ণ হ'ব পৰা নাছিল। শেষত কোনো মতে উত্তীৰ্ণ হৈছিল। এই কথা তেওঁ নিজেই কৈছিল। প্ৰমথ নাথ বসুৰ এখন কিতাপ পঢ়াৰ পিছত তেওঁ শান্তি নিকেতনলৈ যোৱাৰ মানস কৰিছিল।

প্ৰথমে তেওঁ কৃষি বিষয়ক পাঠ্যক্ৰম পঢ়িবহে বিচাৰিছিল। শান্তি নিকেতনলৈ গৈ তাত প্ৰদৰ্শিত হৈ থকা চিত্ৰ দেখি চিত্ৰকলা বিষয়ত নাম লগাইছিল। ১৯৬৪ চনত তেওঁ কলিকতাৰ পৰা ঘূৰি আহি গুৱাহাটী আৰ্ট কলেজত শিক্ষক হিচাপে কাম কৰিছিল।

নীলপৱন বৰুৱাৰ ছবি বিৰলা একাডেমী অফ আৰ্ট এণ্ড কালছাৰ, কলিকতা, লক্ষ্ণৌৰ ললিত কলা একাডেমী, ভূৱনেশ্বৰ আদিত প্ৰদৰ্শিত হৈছিল। ১৯৭৪ চনত তেওঁ দীপালী বৰঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

বিয়াত বহাৰ পূৰ্বেই দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ আছিল। সেই সময়ত দীপালী বৰঠাকুৰক বিয়া পাতি নিজৰ কাষত ৰাখিব বিচাৰিছিল। সেই প্ৰেম তেওঁৰ আজীৱন একেই হৈ আছিল।

কাপোৰ পিন্ধাই দিয়াৰ পৰা, খোৱাই দিয়া, আনকি কপালত ৰঙা সেন্দুৰৰ ফোঁটটো আঁকি দিয়ালৈকে সকলো কাম নিজেই কৰিছিল। পৰালৈকে তেওঁ এই কাম কৰি সন্তুষ্টি লভিছিল।

সেই জনেই আজীৱন চিত্ৰ শিল্পী নীলপৱন বৰুৱা। অতীত হ'ল। ২৮ অক্টোবৰ, ২০২২ৰ শুকুৰবাৰৰ বিয়লি ৩-১৫ বজাত জি এম চি এইছত শেষ বিদায় ল'লে। তেওঁৰ বৰ্ণিল চিত্ৰ কৰ্মই তেওঁৰ অস্তিত্ব আমাৰ মাজত থৈ গ'ল।

তেতিয়া তেওঁৰ গাত বল, বিক্ৰম আছিল। তেওঁৰ মনৰ সপোন এটা পূৰণ কৰাৰ কথা ভাবিছিল। এদিন সেয়ে তেওঁ কৈছিল- 'সোণাপুৰত মোক অলপ মাটি দিয়া, তাৰেই এটা টিলাত মই ছবি আৰ্কাইভ বনাম।' কোনো শুনে তেওঁৰ কথা?

তেওঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত একাত্ম হৈ কাম কৰাৰ ইচ্ছা আছিল। কিন্তু এনে নিৰ্জু জীৱনমুখী মানুহৰ কথা কোনে গুৰুত্ব দিয়ে? সেই কথা আগনাবাঢ়িল, সপোন বুকুত লৈয়ে তেওঁ গুছি গ'ল।

তেওঁ সাজিব খুজিছিল ছবিৰ এটা আৰ্কাইভ। তেওঁৰ অবৰ্তমানত আশা কৰো চৰকাৰ, শুভাকাংক্ষীয়ে কথাটো মন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in