যুদ্ধঃ বিপদত ডোনাল্ড ট্ৰাম্প!

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ অব্যাহত আছে। যোৱা ২৫ টা বছৰত আমেৰিকা সেনাৰ ওপৰত যিমান আক্ৰমণ কৰা হৈছে অন্য দেশৰ পৰা, তাতকৈও অধিক মাত্ৰ বিগত ৪৮ ঘন্টাত কৰিছে ইৰাণে।

New Update
LJKDLFKLDJKF

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ অব্যাহত । এই যুদ্ধ দীৰ্ঘসময়ৰ বাবে চলাৰ দিশত আগবঢ়াৰ পাছতে যেন চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। কিন্তু কিয়? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ অব্যাহত আছে। যোৱা ২৫ টা বছৰত আমেৰিকা সেনাৰ ওপৰত যিমান আক্ৰমণ কৰা হৈছে অন্য দেশৰ পৰা, তাতকৈও অধিক মাত্ৰ বিগত ৪৮ ঘন্টাত কৰিছে ইৰাণে। আমেৰিকাৰ ৯টা মিলিটেৰী বেছ ধ্বংস কৰাৰ উপৰি ৬গৰাকী সেনা জোৱানক ধৰাশায়ী, কেইবাজনো জোৱানক আহত, ৪খন যুঁজাৰু বিমান নষ্ট কৰাৰ লগতে গাল্ফ দেশসমূহত থকা আমেৰিকাৰ তিনিটাকৈ দূতাবাস ধ্বংস কৰিছে ইৰাণে। 

ইৰাণে এইদৰে আক্ৰমণ চলোৱাৰ ফলত আমেৰিকাৰ সদনত বিৰোধী পক্ষ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক জবাবদিহি কৰিছে। ইফালে, ট্ৰাম্পৰ ৰাজনৈতিক দল ৰিপাব্লিকেন পাৰ্টীৰ সমৰ্থকসকলেও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইৰাণৰ ছুপ্ৰীম লিডাৰ আলী খামেনেইক হত্যা কৰাৰ পাছত এইবাৰ দেশখনৰ পৰৱৰ্তী সময়ত যিগৰাকী ছুপ্ৰীম লিডাৰ হ’ব তেওঁকো হত্যা কৰিব বুলি কয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে। ইফালে, ২০২৫ত ইৰাণত অৰ্থনৈতিক দুৰাৱস্থাৰ সমুখীন হোৱাৰ পাছত দেশখনৰ নাগৰিকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোলান্ড ট্ৰাম্পে সপোন দেখিছিল ইৰাণৰ শাসন প্ৰণালী সম্পূৰ্ণৰূপে বদলি কৰাৰ। 

ডোনাল্ড ট্ৰাম্পৰ বাবে কেৱল যুদ্ধৰ চিন্তাই নহয়, চলিত বৰ্ষৰ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনক লৈও। সেইকাৰণে ট্ৰাম্পে যিকোনো প্ৰকাৰে যুদ্ধবিৰতি হোৱাৰ আশা কৰিছে। ইটালীৰ জৰিয়তে ডোনাল্ড ট্ৰাম্পে ইৰাণক যুদ্ধবিৰতিৰ বাবে মান্তি কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

ইফালে, ইৰাণৰ যুৱপ্ৰজন্ম অৰ্থাৎ ইছলামিক ৰেভলিউশ্যন গাৰ্ড ক’ৰৰ নেতাসকলে হুংকাৰ কৰি দিছে যে খামেনেইৰ হত্যাৰ পাছত এতিয়া কোনো বুজাবুজি কৰা নহ’ব। মন কৰিবলগীয়া যে, বৰ্তমানলৈ ইৰাণে নিজৰ হাইপাৰ ছোনিক মিছাইলসমূহৰ ব্যৱহাৰেই কৰা নাই। ধ্বংসলীলা চলাব পৰা এই মিছাইলসমূহৰ ব্যৱহাৰ নকৰাকৈয়ে যিধৰণে ইৰাণে প্ৰতিআক্ৰমণ কৰিছে, সেই অৱস্থাতেই যেন ভৰি কঁপিবলৈ আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ। 

কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে- ইয়াৰ পাছত কি হ’ব? ইৰাণ, ইজৰাইল-আমেৰিকাৰ মাজত চলি থকা এই যুদ্ধত এতিয়া নামি পৰিব NATO দেশসমূহো। আৰু যদি সঁচাকৈ তেনে হয়, তেন্তে এই যুদ্ধখন অতি দীঘলীয়া চলাৰ উপৰি তৃতীয় বিশ্বযুদ্ধৰ দিশেহে আগবাঢ়িব। ইতিহাসৰ পৰা আমি শিকি আহিছো যে- বিশ্বযুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ওপৰত কুপ্ৰভাৱ পৰে আৰু যাৰ ফলত ভয়াৱহৰূপত বৃদ্ধি পাই সা-সামগ্ৰীসমূহৰ। 

ইফালে, গাল্ফ নিউজৰ প্ৰাক্তন সম্পাদক ববী নাকবীৰ মতে- ইৰাণৰ আক্ৰমণৰ পাছত এতিয়া গাল্ফ দেশসমূহত থকা আমেৰিকাৰ এয়াৰবেছসমূহ আঁতৰাবলৈ চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হৈ পৰিছে বাহৰেইণ, কুৱেইট, ওমান, কাটাৰ, ছৌদী আৰৱ আৰু ইউএই-ৰ ৰাষ্ট্ৰ প্ৰধানসকল। তদুপৰি এই গাল্ফ দেশসমূহৰ যদি ইৰাণৰ সৈতে কোনো ধৰণৰ মতবিৰোধ বা শত্ৰুতা আছে তেন্তে সেয়া নিজৰ মাজতেই আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগে কিন্তু বহিঃৰাষ্ট্ৰক নিজৰ ভিতৰুৱা সংঘাতৰ মাজত মাতি আনিব যে নালাগে তাকেই বুজাবলৈ যেন চেষ্টা কৰিছে ইৰাণে। 

এতিয়া এনেদৰেই যদি ২ বা ৩খন দেশৰ মাজৰ যুদ্ধ গৈ বিশ্বযুদ্ধলৈ ৰূপান্তৰিত হয় তেন্তে ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বৰ ওপৰত। যাৰ ফলত সমগ্ৰ বিশ্ববাসী ভয়াৱহৰূপত মূল্যবৃদ্ধিৰ সমুখীন হোৱাৰ লগতে আনবোৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পৰিব। 

আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণ ইৰাণ ইজৰাইল যুদ্ধ ডোনাল্ড ট্ৰাম্প