বিকাশৰ কুপ্ৰভাৱ! বিলুপ্ত হোৱাৰ পথত আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়...

জয়ঢোল বজোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকালতে বিলুপ্ত হোৱাৰ দিশত ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূর্ণ বিভাগ হৈছে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। 

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1.jpg (2)

অসমৰ এটা চৰকাৰী বিভাগ বিলুপ্ত হোৱাৰ পথত তীব্ৰগতিত আগবাঢ়িছে। ইয়াৰ কাৰণ হৈ পৰিছে উন্নয়ন। কিয়নো উন্নয়নৰ দিশত আগবাঢ়ি যেন চৰকাৰী বিভাগ এটাৰ সেৱা সংকুচিত কৰি বিলুপ্ত কৰাৰ দিশত আগবাঢ়িছে চৰকাৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন। 

এখন দেশ, এখন ৰাজ্যৰ উন্নয়ন তীব্ৰগতিত যদি হয় তেতিয়া সকলোৱে ভাল পায়। ভাল পাই চৰকাৰৰ কাম-কাজক। কিন্তু সমস্যা তেতিয়াহে আহি পৰে, যেতিয়া উন্নয়নৰ বাবে আগবাঢ়ি যাওঁতেই সমস্যাত পৰে এটা চৰকাৰী বিভাগ, কাৰ্যালয় বা চৰকাৰী কৰ্মচাৰী। 

উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক উন্নত ৫ ৰাজ্যৰ ভিতৰত এখন অসম হ'ব বুলি সপোন দেখি থকাৰ কথা প্ৰায়ে কোৱা পৰিলক্ষিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক। কিন্তু বিকাশৰ জয়ঢোল বজোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকালতে বিলুপ্ত হোৱাৰ দিশত ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূর্ণ বিভাগ হৈছে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। 

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণৰ পাচত ৰাজ্য চৰকাৰে উদ্দেশ্য প্রণোদিতভাৱে জল পৰিবহণ সঞ্চালকালয়ৰ সেৱাৰ ক্ষেত্ৰ সংকুচিত কৰি অৱশেষত আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোকে বিলুপ্ত কৰিবলৈ আগবাঢ়িছে। মন কৰিবলগীয়া যে, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ পৰিৱৰ্তে চৰকাৰে ইতিপূর্বে গঠন কৰা দুটা কোম্পানীক বিভাগটোৰ সমগ্ৰ সেৱা আৰু আন্তঃগাঁথনি গতাবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। 

চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ৰাজ্য চৰকাৰে এই সন্দর্ভত মুঠ ৫খন জাননী জাৰি কৰি আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ সেৱা 'অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড'লৈ হস্তান্তৰ কৰিছে। পিচে কোম্পানী গঠন কৰি আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ সকলো সা-সম্পত্তি, জাহাজ, ঘাট আদি AIWCLক হস্তান্তৰ কৰাৰ বাবে চৰকাৰে জাৰি কৰা জাননী কেইখন অতি বিসংগতিপূর্ণ বুলি মত পোষণ কৰিছে খোদ কৰ্মচাৰীসকলে। 

WhatsApp Image 2026-02-10 at 11.01.04 PM (1)

২০২২তেই জল পৰিবহণ সঞ্চালকালয়ক বিলুপ্ত কৰাৰ উদ্দেশ্যে গঠন কৰিছিল অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড চমুকৈ AIWCL আৰু অসম আভ্যন্তৰীণ জল পৰিবহণ নিয়ামক প্ৰাধিকৰণ চমুকৈ AIWTRA। 

ইতিমধ্যে চৰ্চা হৈছে যে বিজেপি চৰকাৰে এই কোম্পানী গঠন কৰি দৰাচলতে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটো ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে। এই ব্যক্তিগতকৰণৰ দিশত প্ৰথম পদক্ষেপ হিচাপে AIWCL-য়ে গেটুৱে অৱ গুৱাহাটী টার্মিনেল ইতিমধ্যে গুৱাহাটীৰ উলুবাৰীস্থিত অসম কমিউনিকেশ্যন আৰু কেবল প্রাইভেট লিমিটেড নামৰ কোম্পানী এটাক গতাই দিছে। 

WhatsApp Image 2026-02-10 at 11.01.06 PM (1)

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, গেটৱে অৱ গুৱাহাটী টাৰ্মিনেল নিৰ্মাণৰ ক্ষেত্ৰত বিশ্ববেংকৰ পৰা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন ছ'চাইটিয়ে ২০০ কোটি টকাৰ ঋণ লৈছে। কিন্তু বিশ্ববেংকৰ ঋণ লৈ নিৰ্মাণ কৰা এই টার্মিনেলটো মুকলি কৰাৰ পাচতে AIWCL-য়ে ব্যক্তিগত প্রতিষ্ঠানক গতোৱাক লৈও সৃষ্টি হৈছে প্রতিক্রিয়াৰ। 

AIWCL-য়ে মাত্র ২৪.১১ শতাংশ ৰাজহৰ বিনিময়ত গতাইছে এই সুদৃশ্য টার্মিনেলটো। কেৱল সেয়ে নহয়, বিভাগটোৰ কৰ্মচাৰীসকলো হৈ পৰিছে শংকিত। তেওঁলোকৰ শংকা যে- IAS বিষয়া আদিত্য বিক্রম যাদৱক পৰিচালন সঞ্চালক হিচাপে লৈ গঠন কৰা AIWCL-য়ে এইদৰে এঢাপ এঢাপকৈ চৰকাৰী জল পৰিবহণ ব্যৱস্থাটোক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিব।

WhatsApp Image 2026-02-10 at 11.01.06 PM

AIWCLক আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ সকলো কাম-কাজ গতাবলৈ চৰকাৰে পূৰ্বৰে পৰা চেষ্টা চলাই আছিল যদিও জল পৰিবহণৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ আৰু ন্যায়িক যুঁজৰ বাবে এই কাম সম্ভৱ হোৱা নাছিল। কিন্তু শেহতীয়াকৈ অসমৰ বিজেপি চৰকাৰে কেবিনেট সিদ্ধান্তৰ দোহাই দি আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ সকলো কাম-কাজ AIWCL-য়ে গতাই দিছে। 

ইয়াৰ লগে লগেই ১৯৫৯ চনত গঠিত আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় বিলুপ্ত হোৱাৰ পথ প্রশস্ত হৈছে। সমান্তৰালভাৱে আভ্যন্তৰীণ জল পৰিবহণৰ ৩হাজাৰ কৰ্মচাৰীৰ ভৱিষ্যতক লৈও প্রশ্নৰ উদয় হৈছে। AIWCL-য়ে তিনি বছৰৰ অধিক সময়ৰ বাবে চাকৰি থকা কর্মচাৰীসকলক কোম্পানীটোত সংলগ্ন কৰিব বুলি কৈছে। পিচে তিনি বছৰৰ কম চাকৰি থকা কৰ্মচাৰীসকলৰ ভৱিষ্যতক লৈ কোনো স্পষ্ট নীতিৰ কথা সদৰী কৰা নাই। 

WhatsApp Image 2026-02-10 at 11.01.05 PM (1)

তদুপৰি AIWCL-য়ে ৰাজ্য চৰকাৰৰ পৰা ৫ বছৰৰ বাবে সাহায্য লৈ চলাব কোম্পানীটো। ইয়াৰ অৰ্থ হ’ল- চৰকাৰী সাহায্যৰ টকাৰে কৰ্মচাৰীসকলক দিব দৰমহা। মন কৰিবলগীয়া যে, ৫ বছৰ পাচত নিজৰ মুনাফাৰে বিভাগীয় কর্মচাৰীসকলক দৰমহা দিব বুলি কোৱা হৈছে যদিও সেই সময়ত যদি কোম্পানীটো মুনাফাত নচলে,  তেনেহ'লে কৰ্মচাৰীসকলৰ কি হ'ব বুলিও উত্থাপন হৈছে প্রশ্ন। 

আশ্চর্যৰ বিষয় এয়ে যে AIWCL-য়ে আভ্যন্তৰীণ জল পৰিবহণৰ বৰ্তমানৰ কর্মচাৰী সকলক লৈ ব্রহ্মপুত্র আৰু ইয়াৰ অন্যান্য উপনৈত চৰকাৰী জাহাজ চলোৱাৰ বিকল্প নাই। এনে পৰিস্থিতিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো বিলুপ্ত কৰাৰ অৰ্থ বিচাৰি পোৱা নাই বিভাগটোৰ ক্ষুন্ন কর্মচাৰীসকলে। 

WhatsApp Image 2026-02-10 at 11.01.05 PM

বর্তমান ১৭০ খনতকৈ বেছি জাহাজ আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। অৱশ্যে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় বিলুপ্তকৰণৰ চৰকাৰী সিদ্ধান্তক নীৰৱে মানি লোৱা নাই কর্মচাৰীসকলে। সদৌ অসম আভ্যন্তৰীণ জল পৰিবহণ শ্রমিক সংঘই ইতিমধ্যে বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থও হৈছে। 

জল পৰিবহণ শ্রমিক সংঘৰ সাধাৰণ সম্পাদক অম্বিকাচৰণ বৈশ্যই এই সন্দর্ভত এটা বিবৃতিত কয় যে- ২০১৫ চনত ৰাজ্য চৰকাৰে এই বিভাগটো নিগমৰ অধীনলৈ নিয়াৰ বাবে পদক্ষেপ লৈছিল। কিন্তু শ্রমিক সংঘৰ বাধা আৰু গোচৰৰ বাবে চৰকাৰ এইক্ষেত্রত ব্যর্থ হয়। 

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ বিভাগটো কোম্পানীৰ অধীনলৈ নিয়া কার্যক মানি নলয় সংঘই, লগতে এই জাননী বাতিল কৰাৰ দাবীও জনাইছে। তদুপৰি বিষয়টো সন্দর্ভত সংঘই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি কৰিছে স্পষ্ট। 

WhatsApp Image 2026-02-10 at 11.01.04 PM

আভ্যন্তৰীণ জল পৰিবহণ বিভাগ