যুদ্ধৰ বাবেই ভাৰতত বৃদ্ধি পাব মূল্য!

বিশ্বৰ গুৰুত্বপূৰ্ণ দুখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হ’লে তাৰ প্ৰভাৱ আনবোৰ ৰাষ্ট্ৰৰ ওপৰতো পৰে। আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত যুদ্ধৰো প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ ওপৰত।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 2026.jpg

দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হলেই তাৰ প্ৰভাৱ বিশ্বৰ আনবোৰ দেশৰ ওপৰতো পৰে। ঠিক একেদৰে ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ প্ৰভাৱ ভাৰতৰ ওপৰতো পৰিব। কিন্তু কেনেকৈ আৰু কি কি ক্ষেত্ৰত পৰিব প্ৰভাৱ। এই সকলো সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

বিশ্বৰ গুৰুত্বপূৰ্ণ দুখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হলে তাৰ প্ৰভাৱ আনবোৰ ৰাষ্ট্ৰৰ ওপৰতো পৰে। আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত যুদ্ধৰো প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ ওপৰত। আৰু ইয়াৰ প্ৰভাৱ বিশেষকৈ ভাৰতৰ ওপৰতে পৰিব বুলি চিন্তা প্ৰকাশ কৰা হৈছে।

আমেৰিকা-ইজৰাইলে কৰা আক্ৰমণত ইৰাণৰ ৰাষ্ট্ৰপতি আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে। এতিয়াও দুয়ো পক্ষৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অব্যাহত আছে। কিন্তু তাৰমাজতে ইৰাণে খাৰুৱা তেলৰ বেপাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

আৰৱৰ লগতে ভাৰতৰ বাবেও খাৰুৱা তেল-গেছৰ ব্যৱসায়ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই পথটো। ইয়াৰ পৰাই সমগ্ৰ বিশ্বৰ খাৰুৱা তেলৰ ২০ শতাংশ লাভ কৰা হয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভাৰতত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, গেছ জমা আছে আৰু এই তেল আগন্তুক ২৫ দিনলৈ ব্যৱহাৰ কৰিব পৰা যাব।

কিন্তু চিন্তাৰ কৰা তেতিয়াহে হৈ পৰিব যেতিয়া ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ দীৰ্ঘ সময়লৈ অব্যাহত থাকিব। কিয়নো এসময়ত এই জমা থকা খাৰুৱা তেল-গেছ শেষ হোৱাৰ পাছত ভাৰতক প্ৰয়োজন হব অধিক তেল-গেছৰ।

ভাৰতত আছে তেলৰ ভাণ্ডাৰঃ 

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত বিশেষজ্ঞসকলৰ উদ্ধৃতি দি কোৱা হৈছে যে, ভাৰতে যিকোনো যুদ্ধ বা বিশ্ব সংকটৰ সৈতে মোকাবিলাকৰিবলৈ তেল জমা কৰি ৰখা হৈছে। ইয়াৰ উপৰি আমাৰ দেশৰেই সংৰক্ষিত বনাঞ্চলসমূহ, মূলতঃ বিশাখাপট্টনম, মাংগালুৰু আৰু পাদুৰত ভূগৰ্ভস্থত তেল জমা কৰি ৰখা হৈছে। ইয়াত তেল মজুত ৰখাৰ ক্ষমতা প্ৰায় ৫৩.৩ লাখ মেট্ৰিক টন খাৰুৱা তেল। আৰু এই তেলৰ দ্বাৰা দেশত ১০ দিনৰ তেলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত। 

৭৪ দিনৰ বাবে তেল জমাঃ

ইফালে আকৌ পেট্ৰলিয়ামমন্ত্ৰী হৰদীপ সিং পুৰীয়ে ফেব্ৰুৱাৰীত কৈছিল যে- আমি যদি ৰণনৈতিক ভাণ্ডাৰ, ৰিফাইনেৰী ষ্ট্ৰক আৰু বন্দৰসমূহত মজুত থকা খাৰুৱা তেল একলগ কৰি দিও তেন্তে ভাৰতে আগন্তুক ৭৪ দিন এই তেলেৰেই চলিব পাৰিব। যাতে যুদ্ধ সদৃশ পৰিৱেশৰ সৈতে ভাৰতে মোকাবিলা কৰিব পাৰে।

প্ৰতিদিনাই ১.৫ কোটি বেৰল খাৰুৱা তেল স্থানান্তৰ কৰা হয়ঃ 

বিশেষজ্ঞৰ মতে, হৰমুজ জলদ্বীপৰ এই পথটোৰেই প্ৰতিদিনাই প্ৰায় ১.৫ কোটি বেৰল খাৰুৱা তেল স্থানান্তৰ কৰা হয়। কিন্তু এই জলদ্বীপটো বন্ধ কৰাৰ লগে লগে প্ৰতিদিনাই এই খাৰুৱা তেল কঢ়িওৱা বাহনৰ আহ-যাহ বন্ধ হৈ পৰিব।

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিঃ

খাৰুৱা তেলৰ দাম প্ৰতি বেৰলত ৮৩ ডলাৰ হৈছেগৈ। সেয়েহে পেট্ৰল-ডিজেলৰ মূল্য অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোতেই অৰ্থাৎ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৯৮.১৯ টকা আৰু ডিজেলৰ মূল্য ৮৯.৪২ টকা। কিন্তু ভাৰতৰ প্ৰতিখন ৰাজ্যতেই ইন্ধনৰ মূল্য অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

HCcoGQQa0AACVRl
ষ্ট্ৰেইট অৱ হৰমুজ

ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ ষ্ট্ৰেইট অৱ হৰমুজঃ

ভাৰতৰ বাবে প্ৰয়োজন হোৱা খাৰুৱা তেলৰ প্ৰায় ৫০ শতাংশই অৰ্থাৎ ২৫-২৭ লাখ বেৰল প্ৰতিদিনাই ষ্ট্ৰেইট অৱ হৰমুজৰে আমদানি কৰা হয়। ইৰাক, ছৌদী আৰৱ, ইউ এ ই আৰু কুৱেইটৰ পৰা আহে এই খাৰুৱা তেল। তদুপৰি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বা এলপিজি, এলএনজি এই পথটোৰেই অনা হয়। সেয়েহে এই ষ্ট্ৰেইট অৱ হৰমুজ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। 

যদি কোনো কাৰণত এই পথটো বন্ধ হৈ পৰে দীৰ্ঘসময়ৰ বাবে তেন্তে ভাৰতে লাভ কৰা খাৰুৱা তেল, গেছ আদিত ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰিব। যাৰ ফলত ইয়াৰ যোগান ধৰাত অসুবিধাৰ সমুখীন হোৱাৰ লগতে মূল্যবৃদ্ধি হোৱাতোও স্বাভাৱিক। 

ইফালে, কেপলাৰৰ বিশেষজ্ঞৰ ৰিপৰ্ট অনুসৰি, ভাৰতৰ বাবে খাৰুৱা তেলৰ তুলনাত প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰাতো অধিক সংকটজনক হোৱাৰ সম্ভাৱনা আছে। কিয়নো ভাৰতত প্ৰয়োজনীয় এলপিজিৰ ৮০-৮৫ শতাংশই আমদানি কৰা হয়। ইয়াৰ আকৌ অধিকাংশই হৰমুজ জলদ্বীপ পথৰেই আমদানি কৰা হয়। আনহাতে, প্ৰয়োজনীয় এল এন জি অৰ্থাৎ লিকুইফাইড নেচাৰেল গেছৰ ৬০ শতাংশই ভাৰতে আমদানি কৰে। গতিকে হৰমুজ জলদ্বীপৰ পথটো বন্ধ কৰাৰ কুপ্ৰভাৱ নিশ্চিতভাৱে ভাৰতত পৰিব।

ইৰাণ ইজৰাইল যুদ্ধ ইৰাণ ভাৰত