/asomiyapratidin/media/media_files/2026/02/02/bisespratidingoldlithium-2026-02-02-16-32-37.jpeg)
ভাৰতত সোণ আৰু লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ হোৱাৰ পাছত ‘আত্মনিৰ্ভৰ ভাৰত’ হিচাপে গঢ়াত অধিক দ্ৰুতগতিত আগবাঢ়িছে আমাৰ দেশ। বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে ভাৰততে লাভ কৰাৰ হৈছে সোণ-লিথিয়াম। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো পৰিছে ইয়াৰ প্ৰভাৱ। সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
পৃথিৱীত উপলব্ধ হোৱা মূল্যবান ধাতুৰ ভিতৰত অন্যতম হৈছে সোণ। এসময়ত সোণৰ ব্যৱহাৰ কেৱল আ-অলংকাৰ ব্যৱহাৰৰ বাবে কৰা হৈছিল যদিও সময়ৰ গতিত সোণৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো ব্যৱহাৰ হৈ আহিছে।
সোণৰ ভাণ্ডাৰ কোনো এখন দেশৰ বাবে এক গোপন ধন। এই ধন যুদ্ধৰ সময়ত, দেশৰ আৰ্থিক অনাটন, মুদ্ৰাৰ সংকটৰ সময়ত ব্যৱহাৰ কৰা হয়। তাৰমাজতে ২০২৫ত ৰাজস্থানত আৱিষ্কাৰ হৈছিল সোণৰ নতুন ভাণ্ডাৰ। ৰাজ্যখনৰ বাঁচাৱাৰা জিলাত আৱিষ্কাৰ হৈছিল এই নতুন স্বৰ্ণ ভাণ্ডাৰটো। এই ভাণ্ডাৰত ২২২টনৰো অধিক সোণ থকাৰ অনুমান কৰা হৈছে। বাঁচৱাৰা জিলাৰ কাকৰীয়া গাঁৱৰ দাঁতিত প্ৰায় ৩ কিলোমিটাৰ বিস্তৃত এলেকাত এই ভাণ্ডাৰটো থকা বুলি জানিব পৰা গৈছিল। এই স্বৰ্ণ ভাণ্ডাৰৰ পৰা লাভ কৰা সোণৰ দ্বাৰাই দেশৰ মুঠ স্বৰ্ণৰ চাহিদাৰ ২৫ শতাংশ পূৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
২ ফেব্ৰুৱাৰী, ২০২৬ত ভাৰতত ২৪ কেৰেটৰ সোণৰ দাম (১০গ্ৰাম) ১ লাখ ৪৩ হাজাৰ ২৭০ টকা আৰু ২২ কেৰেট সোণৰ দাম (১০ গ্ৰাম) ১ লাখ ৩০ হাজাৰ ৩২০ টকা। পূৰ্বৰ তুলনাত ৩ শতাংশ হ্ৰাস পাইছে সোণৰ দাম।
পিছে সমগ্ৰ বিশ্বতেই কোনখন ৰাষ্ট্ৰত কিমান আছে এই মূল্যবান ধাতুবিধ জানেনে। দৰাচলতে, সোণৰ ক্ষেত্ৰত ভাৰত একেবাৰেই পিছ পৰা থকা নাই। আটাইতকৈ বেছি সোণ থকা শীৰ্ষ ১০খন দেশৰ তালিকাত ভাৰতৰ নামো অন্তৰ্ভুক্ত হৈ আছে। সেই তালিকা অনুসৰি সৰ্বাধিক সোণ জমা থকা দেশ কেইখন ক্ৰমে-
আমেৰিকাত ৮,১৩৩.৫ টন
জাৰ্মানীত ৩,৩৫০.২ টন
ইটালীত ২,৪৫১.৮ টন
ফ্ৰান্সত ২,৪৩৭ টন
ৰাছিয়াত ২,৩৩২.৭ টন
চীনত ২,৩০৪ টন
ছুইজাৰলেণ্ডত ১,০৪০ টন
ভাৰতত ৮৮০.২ টন
জাপানত ৮৪৫.৯ টন
তুৰ্কীত ৬৪১ টন
ইফালে, ৰাছিয়া আৰু চীনে ড’লাৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি আছে। বিগত কিছু বছৰৰ পৰা ৰাছিয়া আৰু চীনে সৰ্বাধিক হাৰত সোণ ক্ৰয় কৰিছে। এই দুয়োখন দেশৰ ৰাজনৈতিক স্থিতিৰ ওপৰত নজৰ দিলে বুজিব পাৰি যে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বাধ্য-বাধকতাৰ পৰা ৰক্ষা পৰিবলৈ ৰাছিয়াই নিজৰ অৰ্থনৈতিক নিৰ্ভৰশীলতা সোণৰ ওপৰত অধিক বৃদ্ধি কৰি দিছে। আনহাতে, চীনে আমেৰিকাৰ ওপৰত বিনিয়োগ হ্ৰাস কৰি সোণ ক্ৰয় কৰা বা জমা কৰাৰ ওপৰত অধিক জোৰ দি আহিছে। কিয়নো এই সোণৰ ব্যৱহাৰ দেশখনৰ আৰ্থিক সংকট, যুদ্ধ সদৃশ পৰিৱেশত কৰিব পাৰিব।
এয়া আছিল সোণৰ বিষয়ে। এতিয়া উল্লেখ কৰিছো লিথিয়ামৰ বিষয়ে। দৰাচলতে, লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল। ই কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত ই হৈছে আটাইতকৈ পাতল ধাতু। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল। লিথিয়ামৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে ইয়াক বেটাৰীত ব্যৱহাৰ কৰা হয়।
যিকোনো ইলেক্ট্ৰনীক যন্ত্ৰৰ বেটাৰীত মূলত লিথিয়াম ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বতেই গোলকীয় উষ্ণতা Global Warming বৃদ্ধি পাইছে। আৰু এই গোলকীয় উষ্ণতা হ্ৰাস বা নিয়ন্ত্ৰণ কৰাৰ এটা মূল সমাধান হৈছে পেট্ৰ’ল-ডিজেলৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ অধিক বৃদ্ধি কৰা।
পূৰ্বে ভাৰতত বহিঃৰাষ্ট্ৰৰ পৰা লিথিয়াম আমদানি কৰিবলগীয়া হৈছিল। সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক লিথিয়াম ভাণ্ডাৰ আছে দক্ষিণ আফ্ৰিকাৰ চিলী, আৰ্জেন্টিনা আৰু বোলিভিয়াত। সমগ্ৰ বিশ্বৰ ৫০ শতাংশ লিথিয়াম আছে ইয়াত। ২০১৮-১৯ বৰ্ষত ভাৰতে ১.২ বিলিয়ন ডলাৰ মূল্যৰ লিথিয়াম আমদানি কৰা হৈছিল। ভাৰত চৰকাৰে পৰিকল্পনা কৰা অনুসৰি ২০৩০চনলৈ সমগ্ৰ দেশত চলাচল কৰা বাহনৰ ভিতৰত ৩০ শতাংশ ইলেক্ট্ৰিক বাহন কৰাৰ।
কিন্তু ইলেক্ট্ৰিক বাহনৰ মূল্য বহু বেছি হোৱাৰ অন্য এটা কাৰণ হ’ল বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰা লিথিয়াম। যিহেতু লিথিয়াম বেটাৰীত ব্যৱহাৰ কৰা হয় আৰু বেটাৰী ব্যৱহাৰ কৰা হয় ইলেক্ট্ৰিক বাহনত। সেয়েহে এনে বাহনৰ দাম বৃদ্ধি পায়।
তাৰমাজতে ভাৰতবাসীৰ বাবে আহে এক সুখবৰ। জিঅ’লজিকেল ছাৰ্ভে’ অৱ ইণ্ডিয়াৰ দ্বাৰা জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আৱিষ্কাৰ কৰা হয় লিথিয়ামৰ ভাণ্ডাৰ। প্ৰথমবাৰৰ বাবে বৃহৎ আকাৰৰ লিথিয়ামৰ ভাণ্ডাৰ ২০২৩চনত ভাৰতত পোৱা যায়। এই আৱিষ্কাৰে ভাৰতক ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন পূৰণ হোৱাৰ দিশত দ্ৰুতগতিত আগবঢ়ায়। এই ভাণ্ডাৰত আছে প্ৰায় ৫.৯ মিলিয়ন টন লিথিয়াম।
উল্লেখ্য যে, সমগ্ৰ বিশ্ব এতিয়া ইলেক্ট্ৰিক সামগ্ৰীৰ দিশত আগবাঢ়িছে। এই কথা সত্য যে- ভৱিষ্যতে ইলেক্ট্ৰিক সামগ্ৰীৰ ক্ষেত্ৰত যিবোৰ দেশ আগবাঢ়িব পাৰিব, সেইসমূহ দেশেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো শক্তিশালী স্থিতি গ্ৰহণ কৰিব। আৰু এনে সময়ত ভাৰতত লিথিয়ামৰ ইমান বৃহৎ লিথিয়ামৰ ভাণ্ডাৰ লাভ কৰাতো ভাৰতক অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো গুৰুতৰ ভূমিকা প্ৰদান কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us