/asomiyapratidin/media/media_files/2026/02/09/blckshp-2026-02-09-20-39-13.jpeg)
পাকিস্তানী এজেন্ট। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগক লৈ কৰা তদন্তকাৰী গোটৰ প্ৰতিবেদন লগত লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে। আৰু মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছত প্ৰত্যুত্তৰ দিবলৈ সংবাদমেল সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। কিন্তু এই সংবাদমেলৰ পূৰ্বেই মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে সামাজিক মাধ্যমত পোষ্ট। এই পোষ্টত তেওঁ ৰাজহুৱাকৈ জনাই দিলে- গৌৰৱ গগৈয়ে সংবাদমেলত কি কি ক’ব আৰু এই এইবোৰ কথা মন্ত্ৰীগৰাকীক জনাইছে এগৰাকী কংগ্ৰেছ দলৰেই কৰ্মীয়ে। অৰ্থাৎ কংগ্ৰেছ দলত আছে বিজেপিৰ এজেন্ট। এই সকলো সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
পাকিস্তানী এজেন্ট। এইটো প্ৰায়ে আমি এসময়ত শুনিবলৈ পাইছিলো বলীউডৰ চিনেমাসমূহত। য’ত আমি দেখো যে, পাকিস্তানী এজেন্টৰ খবৰ লাভ কৰাৰ লগে লগেই ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে কৰায়ত্ত্ব কৰে। কিন্তু আঢ়ৈ ঘন্টীয়ে এখন চিনেমাত সময়ৰ অভাৱত পাকিস্তানী এজেন্টৰ খবৰ পোৱাৰ পাছতেই কৰায়ত্ত্ব কৰি দেখুওৱাই যদিও তাৰ বিপৰীতে হয়তো দিঠকত তেনে নহয়। পাকিস্তানী এজেন্টৰ খবৰ পালে হয়তো সেই এজেন্টক কৰায়ত্ব বা গ্ৰেপ্তাৰ কৰিবলৈ বহু দীঘলীয়া সময়ৰ প্ৰয়োজন হয় বুলিয়েই ভাবিবলৈ বাধ্য হৈছে অসমৰ ৰাইজে।
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক থকাৰ সন্দৰ্ভত SITৰ প্ৰতিবেদন লৈ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। আৰু তাৰপাছতেই দেওবাৰে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ প্ৰত্যুত্তৰ দিবলৈ সংবাদমেল সম্বোধন কৰিলে গৌৰৱ গগৈয়ে।
সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে- ‘মুখ্যমন্ত্ৰীৰ এই অভিযোগ ছুপাৰ ফ্লপ। ২০১২চনত এক আন্তঃৰাষ্ট্ৰীয় জলবায়ু প্ৰজেক্টৰ অধীনত কাম কৰিবলৈ পত্নী এবছৰ পাকিস্তানত আছিল। আন্তঃৰাষ্ট্ৰীয় সংস্থাত যিহেতু কাম কৰে গতিকে তেওঁ তালৈ যাব লগা হৈছিল। মই যিহেতু তেওঁৰ স্বামী, গতিকে মোৰ পত্নীয়ে তাত কেনেকৈ কাম কৰে, কেনেকৈ জীৱন নিৰ্বাহ কৰে সেয়া মই চোৱাতো কৰ্তব্য আৰু দায়িত্ব। গতিকে ময়ো তেতিয়া পাকিস্তানলৈ গৈছিলো। তাত অন্য কোনো কাৰণ নাই। ২০১২ত নতুনকৈ বিয়া হৈছিল। পত্নীয়ে কামৰ বাবে পাকিস্তানলৈ যাব লগা হৈছিল। মই কি তেওঁৰ লগত গৈ ভুল কৰিলো নেকি? প্ৰথমে লাহোৰলৈ গৈছিলো। তাৰ পাছত তক্ষশীলালৈ গৈছিলো। তাৰ পৰা আহি সাংসদ হ'লো। সেই পাৰ্ছপট মোডী চৰকাৰৰ হাতত জমাও দিলো। মই পাকিস্তানলৈ যোৱাক লৈ কেন্দ্ৰীয় চৰকাৰৰ আপত্তি নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আপত্তি আছে।’
সংবাদমেলখনত লগতে গৌৰৱ গগৈয়ে কয় যে- ‘মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেল সম্বোধন কৰি এনে কোনো তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে যাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে মই পাকিস্তানৰ এজেন্ট।’
শাসক-বিৰোধী পক্ষৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাৰ মাজত সংবাদমেল সম্বোধন কৰি অভিযোগ-প্ৰতিঅভিযোগৰ যুদ্ধখনৰ মাজতেই কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইটামান ফেচবুক পোষ্টে বিশেষ চৰ্চা লাভ কৰিছে। গৌৰৱ গগৈৰ সংবাদমেলৰ পূৰ্বেই মন্ত্ৰী হাজৰিকাই কৰা পোষ্টটোৰ আৰম্ভণিতে তেওঁ লিখিছে- ‘কেইদিনমান পূৰ্বে কংগ্ৰেছৰ এটা ৱেবছাইট হেক হৈছিল। ঠিক তেনেদৰে আজি গৌৰৱ গগৈয়ে সম্বোধন কৰিবলৈ যোৱা সংবাদমেলখনো হেক হৈ গ'ল। সংবাদমেলত তেওঁ মূল বিষয়ৰ পৰা ফালৰি কাটি কিছুমান ভূৱা তথ্য,সম্পাদিত ফটোৰে অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব বুলি কংগ্ৰেছ দলৰেই কৰ্মী এগৰাকীয়ে মোক জনালে।’
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰেই যেন সংবাদমেলখন আজি হাইজেক কৰি পেলালে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছৰ ভিতৰতেই যে বিজেপি এজেন্ট আত্মগোপন কৰি আছে সেই কথা আজি প্ৰমাণ হৈ পৰিল। গৌৰৱ গগৈয়ে সংবাদমেলত কি কি ক’ব, কি ফটো সাংবাদিকসকলক দেখুৱাব, মূল বিষয়ৰ পৰিৱৰ্তে আন কিবা কথাহে ক’ব নে নকয় এই সকলোবোৰ বিষয়েই গৌৰৱ গগৈৰ সংবাদমেলখনৰ পূৰ্বেই জানিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু তাৰ আঁৰত আছিল কংগ্ৰেছৰ বেশত থকা বিজেপিৰ এজেন্ট।
কেৱল সেয়াই নহয়, সংবাদমেলখনৰ পাছতেই সৃষ্টি হোৱা পৰিৱেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে ফেচবুকত লিখিছে- ‘সন্মানীয় সাংবাদিকসকলক আজি এনেধৰণে কৰা অপমানৰ বাবে মই জনসংযোগ মন্ত্ৰী হিচাপে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। নিজে আমন্ত্ৰণ কৰি সন্মানীয় সাংবাদিকসকলক এনেকৈ দুৰ্ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়।’
তদুপৰি সোমবাৰৰ এই সংবাদমেলত গৌৰৱ গগৈয়ে কোৱা কথাবোৰ মিছা বুলি উল্লেখ কৰি তেওঁ লিখিছে-
‘‘১) তক্ষশীলা ভ্ৰমণ~ পাকিস্তান ভ্ৰমণৰ পূৰ্বে নিৰ্দিষ্ট ভিছা লাগে। কিন্তু একেখন ভিছাতে তেওঁ ৰাৱালপিণ্ডি কেনেকৈ ভ্ৰমণ কৰিছিল? ভিছাত উল্লেখ নথকা চহৰ বা এলেকালৈ বিশেষ অনুমোদন নথকাকৈ যাত্ৰা কৰিব নোৱাৰি। ২) এলিজাবেথে পাকিস্তানৰ পৰা এমাহৰ দৰমহা লাভ কৰা বুলি কোৱা তথ্য সম্পূৰ্ণ মিছা। কাৰণ এলিজাবেথে পাকিস্তানৰ পৰাই সম্পূৰ্ণ দৰমহা লাভ কৰিছিল, যাৰ পৰিমাণ আছিল ৮০ লাখৰো অধিক।’’
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/kjdfksdjf-2026-02-09-20-40-16.jpg)
অভিযোগ-প্ৰতিঅভিযোগ, বাকযুদ্ধ ৰাজনৈতিক নেতাসকলৰ মাজত চলিয়েই থাকিব। নিৰ্বাচনৰ দিন যিমানেই চপু চাপিব সিমানেই বাঢ়িব এই নিৰ্বাচনী যুদ্ধ। কিন্তু পাকিস্তানৰ এজেন্ট বুলি কৰা অভিযোগ কেৱল মাত্ৰ নিৰ্বাচনৰ বাবে কৰা পাব্লিচিটী ষ্টান্ট হ’ব নোৱাৰে। কিয়নো এয়া হৈছে ভাৰতৰ নিৰাপত্তাৰ কথা। সেয়েহে বিভিন্ন জনে প্ৰশ্ন কৰিছে যে, সকলো তথ্য সমুখত ৰাখি যদি প্ৰমাণিত হয় তেন্তে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে।
ইয়াৰ লগতে কংগ্ৰেছৰ নেতৃত্বই এই কথাও চিন্তা কৰা উচিত যে, তেওঁলোকৰ দলটোত কোন আছে বিজেপিৰ এজেন্ট। যিয়ে কোনো দলীয় কাৰ্যসূচী গ্ৰহণ কৰা, বৈঠক অনুষ্ঠিত কৰা, বৈঠকত কি কি কথা পাতিলে বা ইমান গুৰুত্বপূৰ্ণ অভিযোগক লৈ দলীয় সভাপতিৰ সংবাদমেলৰ পূৰ্বেই সকলো কথাকে ধৰি আনবোৰ দলৰ খবৰ বিজেপিক প্ৰদান কৰি আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us